Search This Blog

Saturday, April 30, 2022

Class (ix) Assamese Medium Lesson : 2 নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (কাছাৰৰ জনগোষ্ঠীসকল) পাঠ : ২ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।

Class (ix) Assamese Medium Lesson : 2 নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (কাছাৰ জনগোষ্ঠীসকল) পাঠ : ২ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।

                       ✅প্ৰশ্নাৱলী : 🥰

💕 (১) নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে ? (২০)
উত্তৰ👉👉 বেলেগ বেলেগ ভাষা আৰু সংস্কৃতিৰ মানুহৰ সহবস্থানৰ কাৰণে নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক Anthropological garden অৰ্থাৎ 'নৃত্বত্তৰ বাগিছা' বুলি অভিহিত কৰিছে ।


💕 (২) বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ কি কি ? (২০-২১)
উত্তৰ👉👉 বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ নাম  হ'ল - বঙ্গীয় সমাজ, মণিপুৰী, মণিপুৰী বিষ্ণুপ্ৰিয়া, ভোজপুৰী, অসমীয়া, ৰাজবংশী, ৰাজস্থানী, বৰ্মন(ডিমাছা), ৰংমাই নাগা, মাৰ, কাৰ্বি, ৰিয়াং, খাচিয়া, ভেইকেই, কুকি, পৈতে, মিজো, সিমতে, গাংতে, চাকমা, চিৰু, চৰৈ,ৰাংখল, শাকচেপ নেপালি আদি ।

💕 (৩) বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি ? (২১)
উত্তৰ👉👉 বৰাক উপত্যকাৰ মানুহে সাধাৰণতে তিনি ধৰণেৰে জীৱিকা নিৰ্বাহ কৰে - খেতি-বাতি, ব্যৱসায় আৰু চাকৰি ।

💕 (৪) 'The background of Assamese Culture' গ্ৰন্থখন কোনে ৰচনা কৰিছিল ? (২২)
উত্তৰ👉👉 'The background of Assamese Culture' গ্ৰন্থখন ৰাজমোহন নাথে ৰচনা কৰিছিল।

💕 (৫) হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ কোন আছিল ? (২১)
উত্তৰ👉👉 হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ সুনীল মোহন আছে।


             ✅(৬) চমুটোকা লিখা :💕
💕 (ক) ৰাজমোহন নাথ (২২)
উত্তৰ👉👉 প্ৰসিদ্ধ অভিযন্তা, সাহিত্যিক , গৱেষক পণ্ডিত ৰাজমোহন নাথৰ সাহিত্য ক্ষেত্ৰত অমূল্য অৱদান আছে । এইগৰাকী ব্যক্তিয়ে বৰাকৰ বিভিন্ন গোষ্ঠীসমূহৰ মাজত বহুতো জনহিতকৰ কামত অগ্ৰসৰ হৈছিল । তেওঁ ৰচনা কৰা উল্লেখযোগ্য গ্ৰন্থখনৰ নাম হ'ল 'The background of Assamese Culture'. এই গ্ৰন্থখন প্ৰকাশিত হৈছিল ১৯৪৮ চনত । শ্রীমন্ত শংকৰদেৱৰ সাহিত্য আৰু দৰ্শনৰ বিষয়েও ৰাজমোহন নাথে চৰ্চা কৰিছিল । তিনিচুকীয়া চহৰত ১৯৫৮ চনত অনুষ্ঠিত 'অসম সাহিত্য সভা'ৰ ত্ৰয়োদশ অধিবেশনত তেওঁ বুৰঞ্জী শাখাৰ সভাপতি আছিল । 


💕 (খ) কমালুদ্দীন আহমদ (২২)
উত্তৰ👉 বুৰঞ্জীবিদ কামালুদ্দীন আহমদ আছিল কৰিমগঞ্জ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যপক । পৰৱৰ্তী সময়ত তেওঁ অধ্যক্ষ হৈছিল । কামালুদ্দীন আহমদে সাহিত্য চৰ্চাও কৰিছিল ।কামালুদ্দীন আহমদে সম্পাদিত কৰা সাহিত্য পত্ৰখনৰ নাম 'দিগ্বলয়'। ১৯৯৪ চনত কামালুদ্দীন আহমদ অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা গন্থ খনৰ নাম 'the art and architecture of Assam'।  
কামালুদ্দীন আহমদ শতাধিক গৱেষণা- নিৱন্ধৰ লগতে উপন্যাস আৰু সৃজনশীল সাহিত্যও ৰচনা কৰিছিল।


💕 (গ) নন্দলাল বৰ্মণ (২২)
উত্তৰ👉👉 সমাজসেৱক আৰু প্ৰতিপত্তিশালী ব্যৱসায়ী নন্দলাল বৰ্মন আছিল এজন শিক্ষানুৰাগী ব্যক্তি । বৰ্মণ সমাজৰ মানুহে তেওঁক 'মিলাউ' আৰু   আন সমাজৰ মানুহে 'মহাজন' বুলি সম্বোধন কৰিছিল। শিক্ষানুৰাগী নন্দলাল বৰ্মণে গঞা ল'ৰা-ছোৱালীৰ শিক্ষাৰ কাৰণে ১৯০১ চনত কাছাৰ জিলাৰ বৰখলাত এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বৰ্তমানৰ নাম 'ৰাজা গোবিন্দ চন্দ্ৰ মেমোৰিয়েল স্কুল'।

     💕 (ঘ) নলিনীন্দ্ৰ কুমাৰ বৰ্মণ (২২)
উত্তৰ👉👉 নলিনীন্দ্ৰ কুমাৰ বৰ্মণ এগৰাকী শিক্ষক আছিল। ১৯৩০ চনৰ জুন মাহত বৰ্তমানৰ ডিমাহাছাও জিলাৰ সদৰ হাফলঙৰ মিচন স্কুলত তেওঁ শিক্ষক হিচাপে যোগ দিছিল। ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে তেওঁ ব্যাপক অধ্যয়ন কৰিছিল। এই বিষয়ে লিখা তেওঁৰ গ্ৰন্থ খনৰ নাম হ'ল -  'The Queen of Cachar or Herambo and the History of the Cacharis'. ডিমাছা সমাজত শৰাধৰ অত্যাৱশ্যকীয় অংগ হ'ল কীৰ্তন । নলিনীন্দ কুমাৰ বৰ্মণে শৰাধৰ কীৰ্তন পদাৱলীৰ এখন সংকলন প্ৰকাশ কৰিছিল । সেই গ্ৰন্থখনৰ নাম হ'ল 'হৈড়িম্বৰাজ গোবিন্দচন্দ্ৰকৃত হিন্দু শাস্ত্ৰীয় শ্ৰাদ্ধাদিৰ কীৰ্তন গীতিকা।
                      

💕 (ঙ) ইৰুংবম চন্দ্ৰ সিংহ (২৩)
উত্তৰ👉👉 ইৰুংবম চন্দ্ৰ সিংহ মণিপুৰী সমাজৰ প্ৰথম অৰ্থনীতি বিজ্ঞানৰ সান্মাষিক স্নাতক আছিল। গঞা ল'ৰা-ছোৱালীৰ শিক্ষকৰ বাবে তেওঁ নানাবিধ সৰ্দথক প্ৰয়াস কৰিছিল। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ কাৰণে এটা তহবিল গঢ়ি তোলাৰ লগতে তেওঁ এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বৰ্তমানৰ নাম 'খেলম হাইস্কুল' ।

💕 (চ) বিপিন সিংহ (২৩)
উত্তৰ 👉👉 বিপিন সিংহ মণিপুৰী বিষ্ণুপ্ৰিয়া সমাজৰ এজন নৃত্য বিশাৰদ আছিল । নৃত্যকলা চৰ্চাৰ ক্ষেত্ৰত অৱদানৰ বাবে বিপিন সিংহক ১৯৬৬ চনত 'সংগীত নাটক' অকাডেমি বঁটা প্ৰদান কৰা হৈছিল । পৰৱৰ্তী কালত তেখেতে মধ্যপ্ৰদেশ চৰকাৰৰ পৰা 'কালিদাস' সন্মান লাভ কৰিছিল । তেখেতে কলিকতাত 'মণিপুৰী নৰ্তনালয়' নামেৰে নৃত্যকলা শিক্ষাৰ এটা অনুষ্ঠান তেওঁ স্থাপন কৰিছিল ।

Friday, April 29, 2022

General knowledge For Assam police, DHS Exam Assam, DHS/DMS/DHSFW/AYUSH/Assam TET/B.ED/D.EL.ED".

"General knowledge For Assam police, DHS Exam Assam, DHS/DMS/DHSFW/AYUSH/Assam TET/B.ED/D.EL.ED".

💕 (১) আকাশবাণী গুৱাহাটী কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল ?
👉👉 ১ জুলাই, ১৯৪৮ চনত

💕 (২) এগমাৰ্ক (AGMARK) চিহ্ন ক'ত ব্যৱহাৰ কৰা হয় ?
👉👉 কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত

💕 (৩) ভাৰতীয় জীৱন বীমা নিগম কেতিয়া গঠন কৰা হৈছিল ?
👉👉 ১৯৫৬ চনৰ ১ ছেপ্টেম্বৰত

💕 (৪) মানুহৰ হৃদয়ত কিমানটা কোষ থাকে ?
👉👉 ৪ টা

💕 (৫) গাড়ীৰ পিছফালে চাবলৈ কি ধৰণৰ দাপোন ব্যৱহাৰ কৰা হয় ?
👉👉 উত্তল দাপোন

💕 (৬) দক্ষিণ মেৰু কোনে আবিষ্কাৰ কৰিছিল ?
👉👉 এমাণ্ডচেন

💕 (৭) বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগ বহন কৰে ?
👉👉 থাৰ্ম'স্ফিয়েৰ

💕 (৮) গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে পৰিৱেশন কৰা গীতটোৰ নাম কি ?
👉👉 জিলিকাব লুইতৰে পাৰ

💕 (৯) অল ইণ্ডিয়া মুছলিম লীগ কোন চনত নিৰ্ধাৰণ কৰা হৈছিল ?
👉👉 ১৯০৬ চনত

💕 (১০) সিন্ধু সভ্যতা' শব্দটো ব্যৱহাৰ কৰা প্ৰথম পণ্ডিত কোন আছিল ?
👉👉 জন মাৰ্শ্বেল

💕 (১১) ১৮৫৭ চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হয় ?
👉👉 মীৰাট

💕 (১২) ভাৰতলৈ প্ৰথম কোন আহিছিল ?
👉👉 আৰ্যসকল আহিছিল

💕 (১৩) ক্রিকেট খেলৰ জন্ম ক'ত হৈছিল ?
👉👉 ইংলেণ্ড

💕 (১৪) প্ৰবাসী ভাৰতীয় দিৱস কোন তাৰিখে পালন কৰা হয় ?
👉👉 ৯ জানুৱাৰী

💕 (১৫) অলপতে মৃত্যু হোৱা বিখ্যাত বিজ্ঞানী ষ্টিফেন হকিং কোন দেশৰ ?
👉👉 ইংলেণ্ড

💕 (১৬) ছাহাৰা মৰুভূমি কোনখন দেশত আছে ?
👉👉 উত্তৰ আফ্ৰিকা দেশত

💕 (১৭) অসম কৃষি বিশ্ববিদ্যালয় কোন চনত স্থাপন হৈছিল ?
👉👉 ১ এপ্ৰিল, ১৯৬৯

💕 (১৮) সংহতি দিৱস কোন তাৰিখে পালন কৰা হয় ?
👉👉 ১৯ নৱেম্বৰ তাৰিখে

💕 (১৯) ২০২১ চনৰ অক্টোবৰ মাহত কোনে PM গাতি শক্তি মাষ্টাৰ আঁচনি আৰম্ভ কৰিছিল ?
👉👉 ভাৰতৰ প্ৰধানমন্ত্ৰী

💕 (২০) প্ৰথম অসমীয়া ছপা উপন্যাস কোনখন ?
👉👉 লাহৰী

💕 (২১) নৰেন্দ্ৰ মোদী চৰকাৰে কোন তাৰিখে প্ৰচলিত ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰে ?
👉👉 ৮/১১/২০১৬ তাৰিখে

💕 (২২) ভাৰতৰ কোনটো মুদ্ৰাই ইয়াৰ এশ বছৰ পূৰ্ণ কৰিছে ?
👉👉 এটকীয়া নোট

💕 (২৩) আহোম ৰাজবংশই কিমান বছৰ ৰাজত্ব কৰিছিল ?
👉👉 ৬০০ বছৰ

💕 (২৪) ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল কিমান বছৰ ?
👉👉 ৫ বছৰ

💕 (২৫) কোনখন দেশৰ যাত্ৰীবাহী বিমান এখন ইৰাণৰ সেনাবাহিনীয়ে ভূলক্ৰমে গুলীয়াই ধ্বংস কৰি ১৭৬ জন মানুহক হত্যা কৰে ?
👉👉 ইউক্রেইন

💕 (২৬) তাম্র ফলি ব্যৱহাৰ কৰা প্ৰথম ৰজা জনৰ নাম কি ?
👉👉 গদাধৰ সিংহ

💕 (২৭) মহাত্মা গান্ধীৰ "ৰাজনৈতিক গুৰু" কোন আছিল ?
👉👉 গোপাল কৃষ্ণ গোখলে

💕 (২৮) অসমৰ প্ৰথমটো ফিল্ম ষ্টুডিঅ 'জ্যোতিচিত্ৰবন' কেতিয়া মুকলি কৰা হৈছিল ?
👉👉 ১৯৬৮ চনৰ ১৭ জানুৱাৰী

💕 (২৯) কোনখন ৰাজ্যৰ দ্বাৰা মুখ্যমন্ত্ৰী ৰেচন আপকে দ্বাৰ যোজনা আৰম্ভ কৰা হৈছে ?
👉👉 মধ্য প্ৰদেশ

💕 (৩০) কোনখন গ্ৰন্থৰ বাবে অতুল চন্দ্ৰ হাজৰিকাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?
👉👉 মঞ্চলেখা

💕 (৩১) ওজা শব্দটো কি শব্দৰ পৰা ওলাইছে ?
👉👉 উপাধ্যায়

💕 (৩২) কোনখন ৰাজ্যই 'চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা ২০১৭-১৮ ৰ আয়োজন কৰিছে ?
👉👉 অসম

💕 (৩৩) কেবিনেট মিছন ভাৰতলৈ কোন চনত আহে ?
👉👉 ১৯৪৬ চনত

💕 (৩৪) জোনবিল নামে ডাঙৰ বিলখন ক'ত অৱস্থিত ?
👉👉 জাগীৰোড

💕 (৩৫) ১০০০ পইচাত কিমান টকা ?
👉👉 ১০ টকা

💕 (৩৬) দবা খেলৰ উৎপত্তি ক'ত হৈছিল ?
👉👉 ভাৰত

💕 (৩৭) কৰিম কিম্বা মৰিম শ্লোগানটো কোনে দিছিল ?
👉👉 মহাত্মা গান্ধী

💕 (৩৮) কাৰ দিনত দন্দুৱা দোহ হৈছিল ?
👉👉 কমতেশ্বৰ সিংহৰ দিনত

💕 (৩৯) কাৰ দিনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাম আৰম্ভ হৈছিল ?
👉👉 বিষ্ণুৰাম মেধিৰ দিনত

💕 (৪০) শেহতীয়াকৈ অলিম্পিকত মহিলাৰ ১০০ মিটাৰ দৌৰত কোনে স্বৰ্ণ জয় কৰিছে ?
👉👉 এলেইন থম্পচন-হেৰাহ

💕 (৪১) বিষ্ণুপ্ৰসাদ ৰাভাক কোনে' কলাগুৰু' উপাধি প্ৰদান কৰিছিল ?
👉👉 সর্বপল্লী ৰাধাকৃষ্ণন

💕 (৪২) অসমে কিমানখন দেশৰ লগত আন্তৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰিছে ?
👉👉 ২ খন দেশৰ লগত

💕 (৪৩) কোনজন মুখ্যমন্ত্ৰীৰ শাসন কালত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল ?
👉👉 শৰৎ চদ্ৰ সিংহ

💕 (৪৪) ২০১৯ চনত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল ?
👉👉 উদ্ধৱ ভৰালী

💕 (৪৫) অসমৰ আটাইতকৈ ডাঙৰ বিমান বন্দৰটোৰ নাম কি ?
👉👉 বৰঝাৰ 

💕 (৪৬) কাক ভাৰতৰ আইন প্ৰনয়নৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হয় ?
👉👉 সংসদক

💕 (৪৭) আগষ্ট, ২০২১ চনত ভাৰত আৰু চীনৰ মাজত কোন স্থানত "হটলাইন" স্থাপন কৰা হৈছে ?
👉👉 ছিকিম

💕 (৪৮) গোলাম ৰাজবংশৰ প্ৰতিস্থাপক কোন আছিল ?
👉👉 কুতুবুদ্দিন আইবাক

💕 (৪৯) প্ৰথম ভাৰতীয় মহিলা IPS বিষয়া গৰাকী কোন আছিল ?
👉👉 কিৰণ বেদী

💕 (৫০) ভাৰতীয় ৰে'লৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
👉👉 নতুন দিল্লীত অৱস্থিত

💕 (৫১) পঞ্জাৱ কেশৰী কোন ?
👉👉 লালা লাজপত ৰায়

💕 (৫২) কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল ?
👉👉 ১৯০১ চনত

💕 (৫৩) মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল ?
👉👉 বাণ ৰজা

💕 (৫৪) অসম এছ'ছিয়েচন কোন চনত গঠিত হৈছিল ?
👉👉 ১৯০৩ চনত

💕 (৫৫) ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
👉👉 বাঙ্গালোৰত

Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (দেউৰীসকলৰ) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ

Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (দেউৰীসকলৰ) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ
✅(১) দেউৰী জনগোষ্ঠীৰ প্ৰথমজন ৰাজনৈতিক তথা অসম চৰকাৰৰ মন্ত্ৰী কোন আছিল ? (৮১)
উত্তৰ👉👉 দেউৰী জনগোষ্ঠীৰ প্ৰথমজন ৰাজনৈতিক তথা অসম চৰকাৰৰ মন্ত্ৰী আছিল জননেতা ভীমবৰ দেউৰী ।

✅(২) দেউৰীসকলৰ উপাস্য দেৱতা জনৰ নাম কি ? (৭৯)
উত্তৰ👉👉 দেউৰীসকলৰ উপাস্য দেৱতা জনৰ নাম হ'ল - 'কুন্দিমামা' ।

✅(৩) শ্ৰী চন্দ্ৰ সিং দেউৰীৰ দ্বাৰা প্ৰকাশিত চাৰি খন পুথিৰ নাম লিখা । (৮৪)
উত্তৰ👉👉 শ্ৰী চন্দ্ৰ সিং দেউৰীৰ দ্বাৰা প্ৰকাশিত চাৰি খন পুথিৰ নাম হ'ল - 'আৰাও', 'আৰ্চিয় ইবাঁ' , 'আমিবিয়া ইবাঁ', 'বিচু' আদি ।

✅(৪) Assam Backward Plains Tribal League বা ট্ৰাইবেল লীগৰ জন্ম কেতিয়া হয় ? (৮১)
উত্তৰ👉👉 ট্ৰাইবেল লীগৰ জন্ম হয় ১৯৩৩ চনৰ ১৭ এপ্ৰিল তাৰিখে ।

✅(৫) ৰাধাকান্ত দেউৰীৰ ৰচিত এখন পুথিৰ নাম লিখা । (৮২)
উত্তৰ👉👉 ৰাধাকান্ত দেউৰীৰ ৰচিত এখন পুথিৰ নাম হ'ল - দেউৰী শব্দ ভাণ্ডাৰ 

✅(৬) অসমৰ দেউৰী, সোণোৱাল কছাৰী,মটক,মিছিং, বড়ো আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে প্ৰথম অধিৱেশন ক'ত আৰু কেতিয়া অনুষ্ঠিত হয় ? (৮১)
উত্তৰ👉👉 অসমৰ দেউৰী, সোণোৱাল কছাৰী,মটক,মিছিং, বড়ো আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে
১৯৩৩ চনৰ ১৭ এপ্ৰিলত নগাঁৱাৰ ৰহাত
প্ৰথমখন অধিৱেশন অনুষ্ঠিত হয় ।

✅(৭) কিমান চনত অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰী ভাৱে স্বীকৃতি দিয়ে । (৭৯)
উত্তৰ👉👉 ২০০৫ চনৰ জানুৱাৰী মাহৰ ২৮ তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰী ভাৱে স্বীকৃতি দিয়ে ।

✅(৮) দেউৰীসকলে কোন ধৰ্মক বিশ্বাস কৰে ? (৭৯)
উত্তৰ👉👉 দেউৰীসকলে 'কুন্দি' ধৰ্মক বিশ্বাস কৰে ।

✅(৯) 'কুন্দিমামা' শব্দটোৰ অর্থ লিখা ।(৭৯)
উত্তৰ👉👉 'কুন্দিমামা' শব্দটোৰ অর্থ হ'ল - 'কুন্দি' মানে পৰম পুৰুষ পৰমেশ্বৰ আৰু 'মামা' মানে প্ৰকৃতিক বুজাইছে ।

✅(১০) ভীমবৰ দেউৰীৰ মাক দেউতাকৰ নাম কি আছিল ? (৮০)
উত্তৰ👉👉 ভীমবৰ দেউৰীৰ মাক দেউতাকৰ নাম আছিল ক্ৰমে - গদৰাম দেউৰী আৰু বাজতী দেউৰী ।

✅(১১) কিমান চনত ভীমবৰ দেউৰী অসম বিধান সভা পৰিষদৰ সদস্য হিচাপে মনোনীত হয় ? (৮১)
উত্তৰ👉👉 ১৯৩৯ চনত ভীমবৰ দেউৰী অসম বিধান সভা পৰিষদৰ সদস্য হিচাপে মনোনীত হয় ।

✅(১২) ভীমবৰ দেউৰীৰ মৃত্যু কিমান চনত হয় ? (৮২)
উত্তৰ👉👉 ভীমবৰ দেউৰীৰ মৃত্যু হয় ১৯৪৭ চনৰ ৩০ নৱেম্বৰত ৪৪ বছৰ বয়সত ।

Thursday, April 28, 2022

Class 8 science lesson 3 Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৩ (সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।

Class 8 science lesson 3 Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৩ (সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।
                ☑️ অনুশীলনী : 💕
💕 (১) কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয় ? ব্যাখ্যা কৰা।
উত্তৰ👉👉 কিছুমান আঁহক সাংশ্লেষিক
বুলি কোৱা হয় কাৰণ সেইবোৰ আহ মানুহে পেট্ৰ'লিয়াম জাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদন কৰে । 
             নাইলন , পলিয়েষ্টাৰ আদি কিছুমান সাংশ্লেষিক আঁহ ।



☑️ (২) শুদ্ধ উত্তৰত '√' চিন দিয়া। (৩৩)

                   সাংশ্লেষিক আঁহ সমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো -

👉 (ক) ইয়াৰ এটা ৰেচম-সদৃশ ৰূপ আছে।
👉 (খ) ইয়াক কাঠৰ - মণ্ডৰ পৰা পোৱা যায়।
👉 (গ) প্ৰাকৃতিক আঁহ বোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি।

উত্তৰ👉👉 (খ) ইয়াক কাঠৰ - মণ্ডৰ পৰা পোৱা যায়। 


✅ (৩) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ।
💕 (ক) সাংশ্লেষিক আঁহ বোৰক  ----- বা ----- বুলিও কোৱা হয়। (৩২)
উত্তৰ👉👉 কৃত্ৰিম বা মানৱ সৃষ্ট

💕 (খ)সাংশ্লেষিক আঁহবোৰক ------------ নামৰ কেঁচা মালৰ পৰা সংশ্লেষণ কৰা হয়। (৩৫)
উত্তৰ👉👉 পেট্ৰ'লিয়াম

💕 (গ) সাংশ্লেষিক আঁহ বোৰৰ দৰে প্লাষ্টিকো এবিধ ------------ । (৩৬)
উত্তৰ👉👉 বহুযোগী ।

✅ (৪) নাইলন ৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া ।
উত্তৰ👉👉 নাইলন সূতা বা আঁহবোৰ তীখাৰ তাঁৰ এডালতকৈ বেছি শক্তিশালী । যাৰ ফলত শিলাৰোহণ কৰিবৰ বাবে নাইলনক পেৰাচুত আৰু ৰছী বনাবলৈ ব্যৱহাৰ কৰা হয় ।


💕 (৫) খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বোৰক পছন্দ কৰা হয় কিয় ? (৩৭)
উত্তৰ👉👉 খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বোৰক পছন্দ কৰা হয়। ইয়াৰ কাৰণটো হ'ল প্লাষ্টিকৰ পাত্ৰবোৰৰ ওজন কম, মজবুত আৰু ব্যৱহাৰ কৰিবলৈ অতি সহজ। ধাতুৰ তুলনাত প্লাষ্টিক পাতল হোৱা বাবে এই পাত্ৰবোৰ সহজে লৈ ফুৰিব পাৰি । প্লাষ্টিকত সহজে মামৰে নধৰে আৰু প্লাষ্টিকে বায়ু আৰু পানীৰ লগত বিক্ৰিয়া নকৰে। সেয়েহে সহজতে খাদ্য বস্তু জমা কৰিবলৈ প্লাষ্টিকৰ পাত্ৰ ব্যৱহাৰ কৰা হয়। 

💕 (৬) তাপনমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা প্ৰাথৰ্ক্য ব্যাখ্যা কৰা।(৩৭)
উত্তৰ👉👉তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাথৰ্ক্যসমূহ হ'ল -
(i) তাপনমনীয় প্লাষ্টিক বোৰ তাপ দি সহজে বিকৃত আৰু সহজে ভাজ কৰিব পাৰি।  
         আনহাতে, তাপদৃঢ় প্লাষ্টিকবোৰ এবাৰ আকৃতি দিয়াৰ পিছত পুনৰ তপতালেও কোমলাব আৰু ভাঁজ কৰিব নোৱাৰি।
(ii) তাপনমনীয় প্লাষ্টিক বোৰ পুনৰাবৰ্তন কৰিব পাৰি। আনহাতে, তাপ দৃঢ় প্লাষ্টিক বোৰ পুনৰাবৰ্তন কৰিব নোৱাৰি বা বেলেগ আকাৰলৈ নিব নোৱাৰি।
(iii) তাপনমনীয় প্লাষ্টিকবোৰ তাপৰ সুপৰিবাহী আনহাতে তাপদৃঢ় প্লাষ্টিকবোৰ তাপৰ কু-পৰিবাহী ।


✅ (৭) তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। ব্যাখ্যা কৰা। (37)
💕 (ক) ছছপেনৰ নাল
উত্তৰ👉👉 (ক) ছছপেনৰ নালবিলাক তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় কাৰণ তাপদৃঢ় প্লাষ্টিকৰ মাজেৰে তাপ প্ৰবাহিত নহয় আৰু ফলত ছছপেনৰ নালডাল গলি নাযায় ।


💕(খ)  বিদ্যুতৰ প্লাগ/ চুইচ/ প্লাগবৰ্ড 
উত্তৰ👉👉 তাপদৃঢ় প্লাষ্টিকসমূহ বিদ্যুতৰ কু-পৰিবাহী। সেইবাবে ইয়াক ব্যৱহাৰ কৰি 
বিদ্যুতৰ প্লাগ/ চুইচ/ প্লাগবৰ্ড আদি লগোৱা হয় ।


✅ (৮) তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থবোৰক "পুনৰাৱৰ্তন কৰিব পৰা"আৰু "পুনৰাৱৰ্তন কৰিব নোৱাৰা" হিচাপে শ্ৰেণীভুক্ত কৰা - 
              ( টেলিফোন সা-সৰঞ্জাম, প্লাষ্টিকৰ খেলনা, কুকাৰৰ নাল, কেৰি-বেগ, বল-পইণ্ট পেন, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ, প্লাষ্টিক চকী, বৈদ্যুতিক চুইচ । )

উত্তৰ👉👉 পুনৰাৱৰ্তন কৰিব পৰা = প্লাষ্টিকৰ খেলনা, কেৰি-বেগ, প্লাষ্টিকৰ বাটি, প্লাষ্টিকৰ চকী,বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ,।
               পুনৰাৱৰ্তন কৰিব নোৱাৰা = কুকাৰৰ নাল,  বৈদ্যুতিক চুইচ, টেলিফোন সা-সৰঞ্জাম, বল-পইণ্ট পেন,।


💕 (৯) ৰাণাই গ্ৰীষ্ম কালৰ বাবে  ছাৰ্ট কিনিব খুজিছে। তেওঁ কপাহী  ছাৰ্ট নে সাংশ্লেষিক আঁহেৰে তৈয়াৰি ছাৰ্ট কিনাতো উচিত হব ? কাৰণ দৰ্শাই ৰানাক উপদেশ দিয়া।
উত্তৰ👉👉 গ্ৰীষ্ম কালৰ বাবে ৰাণাই  কপাহী ছাৰ্ট কিনা উচিত কাৰণ কপাহী কাপোৰে আমাৰ দেহৰ পৰা গ্ৰীষ্ম কালত ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে আৰু দেহটো ঠাণ্ডা কৰি ৰাখে ।



💕 (১০) প্ৰাকৃতিকগতভাবে প্লাষ্টিকসমূহ যে অ-ক্ষয়কাৰি তাক দেখুৱাবলৈ উদাহৰণ দিয়া।
উত্তৰ👉👉 প্লাষ্টিকবোৰ অবিক্ৰিয়ক পদাৰ্থ ইয়াক শক্তিশালী ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শত আনিলেও বিক্ৰিয়া নকৰে । উদাহৰণ স্বৰূপে - ক্লিনজিং ; কেমিকেল প্লাষ্টিকৰ বটলত সঞ্চয় কৰা হয় ।


💕 (১১) টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে ? ব্যাখ্যা কৰা।
উত্তৰ👉👉 টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নহয় । টুথ ব্ৰাছ ডালৰ নোমবোৰ সদায় নালতকৈ বেছি কোমল হ'ব লাগে কাৰণ আমি টান হ'লে আমি দাঁতত কষ্ট পাম। সেইবাবে নালৰো নোমবোৰ একে পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা নহয়।


💕 (১২) "পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা" এই পৰামৰ্শৰ ওপৰত মতামত দিয়া।
উত্তৰ👉👉 পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে কাৰণ প্লাষ্টিক পচি নাযায় আৰু প্লাষ্টিক পুৰিলে বিষাক্ত গেছ নিৰ্গত হয় । ইয়াৰ ফলত পানী, মাটি আৰু বায়ু প্ৰদূষিত হয় । 


✅ (১৩) "A" স্তম্ভত  দিয়া শব্দবোৰক "B" স্তম্ভত দিয়া খণ্ড-বাক্যৰ লগত শুদ্ধকৈ মিলোৱা -

      উত্তৰ👉👉       

             A                        B

(i) পলিয়েষ্টাৰ 👉 (d) সহজতে শোটোৰা নপৰা কাপোৰ।
(ii) টেফলন 👉 (c) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা-সৰঞ্জাম বনাবলৈ                ব্যৱহাৰ কৰে হয়।
(iii) ৰেয়ন 👉 (a) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।
(iv) নাইলন 👉 (b) পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয়।               


          
✅ (১৪) "সাংশ্লেষিক আঁহ সমূহৰ উৎপাদনে আচলতে  বন সংৰক্ষণত সহায় কৰি আছে" মতামত দিয়া।  (৩৫)
উত্তৰ👉👉 পেট্ৰ'ৰাসায়নিক বা পেট্ৰ'কেমিকেল বুলি কোৱা পেট্ৰ'লিয়াম উৎসৰ কেঁচামাল ব্যৱহাৰ কৰি নানান প্ৰক্ৰিয়াৰ দ্বাৰা আটাইবোৰ সংশ্লেষিত আঁহ প্ৰস্তুত কৰা হয় । এই সাংশ্লেষিক আঁহ বোৰ প্ৰস্তুত কৰোতে যিহেতু প্ৰাণী আৰু উদ্ভিদৰ ওপৰত কোনো ধৰণৰ ক্ষতিসাধন নহয় সেয়েহে সাংশ্লেষিক আঁহৰ উৎপাদনে বন সংৰক্ষণত সহায় কৰি আছে ।



✅ (১৫) তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কু-পৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা।
উত্তৰ👉👉 এডাল বৈদ্যুতিক তাৰত এটা বাল্ব লগাই লোৱা হল এতিয়া তাৰ ডাল বেটাৰীৰ লগত সংযোগ কৰা হল। আমি দেখিম যে বাল্বটো জ্বলিছে। এতিয়া আমি আকৌ তাৰ ডালত প্লাষ্টিক লগাই বেটাৰীত লগালে দেখিম যে বাল্বতো জ্বলা নাই। ইয়াৰ পৰা প্ৰমাণ হৈ যে তাপ নমনীয় প্লাষ্টিকবোৰ বিদ্যুতৰ কু-পৰিবাহী।

Class 8 science lesson 3 Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৩ (সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ ।

Class 8 science lesson 3 Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৩ (সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ ।
✅(১) আহঁবোৰ কেই প্ৰকাৰৰ আৰু কি কি ? (৩২)
উত্তৰ👉👉 আহঁবোৰ দুই প্ৰকাৰৰ -
(i) প্ৰাকৃতিক আঁহ আৰু 
(ii) সাংশ্লেষিক আঁহ ।

✅(২) পাট পলুৰ পৰা পোৱা পাট বা ৰেচম আঁহ কোন দেশত আবিষ্কাৰ কৰা হৈছিল ? (৩৩)
উত্তৰ👉👉 পাট পলুৰ পৰা পোৱা পাট বা ৰেচম আঁহ চীন দেশত আবিষ্কাৰ কৰা হৈছিল ।

✅(৩) এবিধ সাংশ্লেষিক বা মানৱ সৃষ্ট আঁহৰ উদাহৰণ দিয়া । (৩৩)
উত্তৰ👉👉 এবিধ সাংশ্লেষিক বা মানৱ সৃষ্ট আঁহৰ উদাহৰণ হ'ল - নাইলন ।

✅(৪) ৰেয়ন বা কৃত্ৰিম পাট কাক বোলে ? (৩৩)
উত্তৰ👉👉 কাঠৰ মণ্ডৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা আঁহক ৰেয়ন বা কৃত্ৰিম পাট বোলে ।

✅(৫) PET কি ? (৩৫)
উত্তৰ👉👉 PET হ'ল পলিয়েষ্টাৰৰ এবিধ খুউব পৰিচিত ৰূপ ।

✅(৬) PET ৰ ব্যৱহাৰৰ বিষয়ে লিখা । (৩৫)
উত্তৰ👉👉 PET বটল, বাচন-বৰ্তন, ফিল্ম, তাঁৰ আৰু বহুতো দৰকাৰী সামগ্ৰী বনাবলৈ ব্যৱহাৰ কৰা হয় ।

✅(৭) প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহবিধ কি ? (৩৩)
উত্তৰ👉👉 প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহবিধ হ'ল - নাইলন। 

✅(৮) নাইলনৰ প্ৰস্তুতকৰণৰ বাবে উৎস সমূহ কি ? (৩৩)
উত্তৰ👉👉 কয়লা, পানী আৰু বায়ু ।

✅(৯) নাইলনৰ পৰা তৈয়াৰী চাৰিবিধ সামগ্ৰীৰ নাম লিখা । (৩৩)
উত্তৰ👉👉 নাইলনৰ পৰা তৈয়াৰী চাৰিবিধ সামগ্ৰীৰ নাম হ'ল - মোজা, ৰছী, তম্বু আৰু টুথব্ৰাছ ।

✅(১০) কপাহ এবিধ বহুযোগী যাক ..... বুলি কোৱা হয় । (৩৩)
উত্তৰ👉👉 ছেলুল'জ 

✅(১১) প্ৰাকৃতিক পলিমাৰৰ উদাহৰণ দিয়া । (২০১৬ চনৰ বৃত্তি পৰীক্ষাত এই প্ৰশ্নটো সুধিছিল)
উত্তৰ👉👉 ছেলুল'জ হ'ল প্ৰাকৃতিক পলিমাৰৰ উদাহৰণ ।

✅(১২)POLYMER (পলিমাৰ) শব্দটো কোন ভাষাৰ শব্দ আৰু পলিমাৰ শব্দটোৰ অৰ্থ লিখা । (৩২)
উত্তৰ👉👉 POLYMER (পলিমাৰ) শব্দটো দুটা গ্ৰীক শব্দৰ পৰা আহিছে । 'poly' মানে 'বহুত' আৰু 'mer' মানে অংশ বা গোট ।

✅(১৩) 4 R নীতিটো লিখা  (৩৯)
উত্তৰ👉👉 4 R নীতিটো হৈছে - 
হ্ৰাস কৰা (REDUCE)
পুনৰ্ব‍্যৱহাৰ কৰা (REUSE)
পুনৰৱৰ্তন কৰা (RECYCLE) আৰু 
পুনৰুদ্ধাৰ কৰা । (RECOVER)


✅(১৪) জৈৱ - পচনশীল আৰু জৈৱ অপচনশীল পদাৰ্থ কাক বোলে ? (৩৮)
উত্তৰ👉👉 বেক্টেৰিয়াৰ ক্ৰিয়া-প্ৰক্ৰিয়াৰ দৰে প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যোৱা পদাৰ্থবোৰক জৈৱ - পচনশীল পদাৰ্থ বোলা হয় ।
                 আনহাতে যিবোৰ পদাৰ্থ প্ৰাকৃতিক ক্ৰিয়া-প্ৰক্ৰিয়াৰ দ্বাৰা সহজে পচি নাযায়, সেইবোৰক জৈৱ-অপচনশীল পদাৰ্থ বোলে ।

✅(১৫) অগ্নি-নিৰ্বাপক বাহিনীৰ ইউনিফৰ্মত জুই প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিকবিধৰ নাম লিখা। (৩৮)
উত্তৰ👉👉 অগ্নি-নিৰ্বাপক বাহিনীৰ ইউনিফৰ্মত জুই প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিকবিধৰ নাম হ'ল - মেলামাইন ।


✅(১৬) থাৰ্ম'প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিক কাক বোলে ? (৩৭)
উত্তৰ👉👉 যিবোৰ প্লাষ্টিক তপতালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি তেনে প্লাষ্টিকবোৰক থাৰ্ম'প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিক বোলে ।

✅(১৭) থাৰ্ম'প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিকৰ উদাহৰণ দিয়া । (৩৭)
উত্তৰ👉👉 থাৰ্ম'প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিকৰ উদাহৰণ হ'ল - পলিথিন আৰু PVC ।

✅(১৮) থাৰ্ম'ছেটিং বা তাপদৃঢ় প্লাষ্টিক কাক বোলে । (৩৭)
উত্তৰ👉👉 কিছুমান প্লাষ্টিক আছে যিবোৰক এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তপতালেও কোমলাব নোৱাৰি । এইবোৰক থাৰ্ম'ছেটিং বা তাপদৃঢ় প্লাষ্টিক বোলে ।

✅(১৯) থাৰ্ম'ছেটিং বা তাপদৃঢ় প্লাষ্টিকৰ উদাহৰণ দিয়া । (৩৭)
উত্তৰ👉👉 থাৰ্ম'ছেটিং বা তাপদৃঢ় প্লাষ্টিকৰ উদাহৰণ হ'ল - বেকেলাইট আৰু মেলামাইন ।

✅(২০) পলিয়েষ্টাৰৰ পৰা বনোৱা কাপোৰৰ সুবিধা কি ? (৩৪)
উত্তৰ👉👉 পলিয়েষ্টাৰৰ পৰা বনোৱা কাপোৰ সহজে শোটোৰা নপৰে । ই খট খটীয়া হৈ থাকে আৰু ধুবলৈও সহজ ।

✅(২১) টেৰিলন কি ? (৩৪)
উত্তৰ👉👉 টেৰিলন হৈছে এবিধ জনপ্ৰিয় আঁহ ।

Wednesday, April 27, 2022

(Part-1) Class 10 Sanskrit Assamese Medium Lesson 1 शिष्टाचारस्तबक: Question answer

(Part-1)Class 10 Sanskrit Lesson 1 शिष्टाचारस्तबक: Question answer 
        🌖 [ অনুশীলনী (Exercise) ] 
(1) তলৰ প্ৰশ্নবোৰৰ সংস্কৃতত উত্তৰ দিয়াঁ।
(1)Answer the following questions in Sanskrit : 
💕 (क) नृणां सम्भवे कौ क्लेशं सहेते ? 
( মানুহৰ জন্মৰ সময়ত কোন দুজনে কষ্ট সহে বা সহিব লগা হয় ? ) (1)
उत्तर👉👉 नृणां सम्भवे मातापितरौ क्लेशं सहेते ।
( মানুহৰ জন্মৰ সময়ত মাক-দেউতাকে বা পিতৃ-মাতৃয়ে কষ্ট সহে )

💕 (ख) कस्य निष्कृतिः कर्तुं न शक्या ?
(কাৰ ঋণ পৰিশোধ কৰাটো সম্ভৱ নহয় ?)(1)
उत्तर👉👉 मातापितरौ नृणां सम्भवे यं क्लेशं सहेते, तस्य निष्कृतिः कर्तुं न शक्या ।
(মানুহৰ জন্মৰ সময়ত মাক-দেউতাকে যি কষ্ট সহ্য কৰিব লগা হয়, তাৰ ঋণ সন্তানে পৰিশোধ কৰিব নোৱাৰে ।)

💕 (ग) केषु तुष्तेषु तपः समाप्यते ? (কোন কোন তুষ্ট হ'লে বা সন্তুষ্ট হ'লে তপস্যা সম্পূৰ্ণ হয় ? ) (2)
उत्तर👉👉 मातापितरौ, आचार्यः च - एतेषु तुष्तेषु तपः समाप्यते ।
(মাক-দেউতাক আৰু আচাৰ্য এই তিনিজন সন্তুষ্ট হ'লে সকলো তপস্যা সম্পূৰ্ণ হয় ।)

         ✅ (घ) ‘चत्वारि तस्य वर्द्धन्ते’ – (3)
              (চাৰিটা তেওঁৰ বৃদ্ধি হয়-)
💕 (i) इत्यत्र ‘कस्य’ चत्वारि वर्द्धन्ते ?
      (উপৰোক্ত বাক্যটোত কাৰ চাৰিটা বৃদ্ধি হয় ?)
उत्तर👉👉 अभिवादनशीलस्य चत्वारि वर्द्धन्ते ।
(সাদৰ-সম্ভাষণ জনোৱাত অভ্যস্তজনৰ চাৰিটা বৃদ্ধি হয়।)

       💕 (ii) तानि चत्वारि कानि ?
             (সেই চাৰিটা কি কি ?)
उत्तर👉👉 तानि चत्वारि यथा – आयुः विद्या यशः वलं च ।
(সেই চাৰিটা হ'ল - আয়ু: , বিদ্যা, যশ আৰু বল)

💕 (ङ) मेधावी कथम् आचरेत् ?(মেধাৱী জনে বা জ্ঞানীসকলে কেনেদৰে আচৰণ কৰে ?) (4)
उत्तर👉👉 मेधावी जडवत् आचरेत् ।
( মেধাৱী জনে বা জ্ঞানীসকলে জড়ৰ দৰে আচৰণ কৰে )


💕 (च) अस्माभिः कीदृशं कर्म करणीयम् ? (আমাৰ দ্বাৰা বা আমি কেনেকুৱা কাম কৰা উচিত।) (6)
उत्तर👉👉 यत् कर्म कुर्वत: अस्माकम् अन्तरात्मनः परितोषः स्यात् अस्माभिः तादृशं कर्म करणीयम्। (যি কাম কৰিলে আমাৰ অন্তৰাত্মাই সন্তুষ্টি লাভ কৰে আমাৰ দ্বাৰা তেনেকুৱা কাম কৰা উচিত।)

💕 (छ) कीदृशं जलं पेयम् ? (কেনেকুৱা পানী খাব লাগে।) (5)
उत्तर👉👉 वस्त्रपूतं जलं पिवेत् । (কাপোৰেৰে চেকা পানী খাব লাগে।)

💕 (ज) केन किं शुद्ध्यति ? (কাৰ দ্বাৰা কি শুদ্ধ হয়?) (7)
उत्तर👉👉 अद्भि: गात्राणि शुद्ध्यन्ति, मनः सत्येन शुद्ध्यति, विद्यातपोभ्याम् भूतात्मा तथा वुद्धि:ज्ञानेन शुद्ध्यति । (পানীৰে শৰীৰ শুদ্ধ হয়, মন সত্যৰ দ্বাৰা শুদ্ধ হয়,বিদ্যা আৰু তপস্যাৰ দ্বাৰা মানুহৰ আত্মা শুদ্ধ হয়, তেনেদৰে জ্ঞানৰ দ্বাৰা বুদ্ধি শুদ্ধ হয় ।)

💕 (झ) सनातन: धर्मः कः ? (সনাতন ধৰ্ম কি ) (8)
उत्तर👉👉 सत्यम् ब्रूयात् प्रियम् ब्रूयात् , अप्रियम् सत्यम् न ब्रूयात् । प्रियम च अनृतम् न ब्रूयात् - एष: सनातन: धर्मः । (অৰ্থাৎ সঁচা কথা কোৱা উচিত, প্রিয় কথা কোৱা উচিত, অপ্ৰিয় সত্য কোৱা অনুচিত, আৰু প্রিয় হ'লেও অসত্য কোৱা অনুচিত । এইয়াই সনাতন ধৰ্ম ।

💕 (ञ) कस्य किम् आचरन् विचरेत् ? (কাৰ কি আচৰণ বিচাৰ কৰিব লাগে ? ) (9)
उत्तर👉👉 वयसः कर्मनोऽर्थस्य श्रुतस्याभिजनस्य च वेश वाग्वुद्धिसारूप्यमाचरण विचरेत् । (বয়স,কৰ্ম,ধন, বিদ্যা আৰু বংশ মৰ্য্যদা বেশ,বাগ, বুদ্ধি, সদব্যৱহাৰ বিচাৰ কৰিব লাগে ।)

💕 (ट) सर्वस्य गुरूः कः ? (সকলোৰে গুৰু কোন ? বা সকলোৰে পূজনীয় কোন ?) (10)
उत्तर👉👉 सर्वस्य गुरू: अभ्यागत: । (সকলোৰে শ্ৰেষ্ঠ বা পূজ্য অভ্যাগতজন।)

💕 (ठ) कस्य पूजा कथम् विधातव्या ? (কাৰ পূজা অৰ্থাৎ কাৰ সেৱা শুশ্ৰূষা কেনেদৰে কৰা উচিত ?)(10)
उत्तर👉👉 वालो वा यदि वा वृद्धो युवा वा गृहमागतः तस्य पूजा विधातव्या। (শিশুৱেই হওঁক, বৃদ্ধাই হওঁক বা যুৱকেই হওঁক ঘৰলৈ অহাজনৰ পূজা কৰিব লাগে ।)

Tuesday, April 26, 2022

Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (দেউৰীসকলৰ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (দেউৰীসকলৰ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ 

                   ✅ প্ৰশ্নাৱলী 💕

💕 (১)দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল ? (৭৯)
উত্তৰ👉👉 অৰুণাচল প্রদেশৰ লোহিত জিলাৰ অন্তৰ্গত জৈদাম পাহাৰৰ আশে-পাশে দেউৰীসকলৰ আদিম বাসস্থান আছিল ।


💕(২) দেউৰীসকলে সামাজিকভাবে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা। (৭৯)
উত্তৰ 👉👉 দেউৰীসকলে সামাজিকভাৱে চাৰিটা খেলত বিভক্ত। ভাগকেইটা হ’ল - ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা।


💕(৩) শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোনকেইখন জিলাত বাস কৰিবলৈ লৈছিল ? বৰ্তমান অসমৰ কেইখন জিলাত তেওঁলোকে বসবাস কৰি আছে ?(৭৯)
উত্তৰ 👉👉 শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিক্ৰং নদীৰ পাৰত প্ৰথমে বাস কৰিবলৈ লয় ।
                     দেউৰীসকলে বৰ্তমান উজনি অসমৰ ৮ খন জিলাত বসবাস কৰি আছে ।


✅(৪) দেউৰীসকলে নিজকে কি হিচাপে চিনাকি দিয়ে ? (৭৯)
উত্তৰ 👉👉 দেউৰীসকলে নিজকে 'জিম’চঁণায়া' হিচাপে চিনাকি দিয়ে।

✅(৫) দেউৰী ভাষা তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা-পৰিয়ালত অন্তৰ্ভুক্ত ? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে ? (৭৯)
উত্তৰ 👉👉 দেউৰী ভাষা মূলতঃ চীন তিব্বতীয় ভাষাগোষ্ঠীৰ তিব্বত-বৰ্মীয় ভাষা-পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্ভুক্ত ।
                   ২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক 
চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে ।


💕(৬) দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম উল্লেখ কৰা। (৮০)
উত্তৰ 👉👉 দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱ হৈছে—
(i) 'বিবা বচু গিবা মেচ্চু'
(ii) 'চিগাদাগাৰেবা বিচু'
(iii) 'বিচু দাবেবা মেচ্চু' আৰু
(iv) 'মিদি দেৰুবা মেচ্চু'


💕(৭) দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী ?(৭৯)
উত্তৰ 👉👉 দেউৰীসকল 'কুন্দি' ধৰ্মৰ বিশ্বাসী।
             

                  ✅ চমুটোকা লিখা 💕

💕(ক) ভীমবৰ দেউৰী (৮০-৮১)
উত্তৰ 👉👉 ভীমবৰ দেউৰীৰ জন্ম হৈছিল ১৯০৩ চনৰ মে' মাহৰ ১৬ তাৰিখে শিৱসাগৰ জিলাৰ পাণিদিহিং অঞ্চলত । তেওঁৰ দেউতাকৰ নাম আছিল গদৰাম দেউৰী আৰু মাকৰ নাম আছিল বাজতী দেউৰী ।
               ১৯০৮ চনত ৫৭ নং বৰগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষা-জীৱন আৰম্ভ হয় । ১৯২৯ চনত কটন কলেজৰ পৰা 
বি.এ. পাছ কৰে আৰু ১৯৩১ চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হৈ বি.এল. হয় । ১৯৩২ চনত অসম অসামৰিক সেৱা পৰীক্ষাত কৃতকাৰ্য হয় যদিও স্বতন্ত্ৰভাৱে ওকালতি কৰিবলৈ লয় । ওকালতি ব্যৱসায়ে ভীমবৰৰ ৰাজহুৱা জীৱন উন্মুক্ত কৰে । 
                 ১৯৩৩ চনত ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীসমূহ যেনে - দেউৰী,সোণোৱাল, কছাৰী, মটক আদিক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে তেওঁ ট্ৰাইবেল লীগৰ জন্ম দিয়ে। ১৯৩৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত  ট্ৰাইবেল লীগৰ দাবীৰ ভিত্তিত অসম বিধান সভাত ভৈয়াম জনজাতিৰ বাবে ৪ খন আসন সংৰক্ষিত হয় । ১৯৩৯ চনত ভীমবৰ দেউৰী অসম বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত হয় ।
                  ১৯৩৩ চনৰ পৰা ১৯৪৬ চনলৈকে ভীমবৰ দেউৰী অকল জনজাতীয় জনগোষ্ঠীৰেই নহয়, অসম আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে উন্নয়নৰ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰিছিল । এইগৰাকী মহান ব্যক্তিয়ে ১৯৪৭ চনৰ ৩০ নৱেম্বৰত ৪৪ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। 


    (খ) 💕ৰাধাকান্ত দেউৰী ✅ (৮২)
উত্তৰ👉👉 লক্ষীমপুৰ জিলাৰ বাহগড়া দেউৰী গাঁৱত ৰাধাকান্ত দেউৰীৰ জন্ম হয় ১৯৩১ চনৰ জুন মাহৰ ১ তাৰিখে । তেওঁৰ দেউতাকৰ নাম আছিল আদিচন দেউৰী আৰু মাকৰ নাম আছিল তাইবা দেউৰী । টকা-পইচাৰ অভাৱত স্কুলত নামভৰ্তি নকৰোৱাকৈ নিজে আনৰ পৰা কিতাপ, ফলি খুজি আনি ১১ নং মৰনৈ প্ৰাথমিক বিদ্যালয়ত ১৯৪২ চনত শিক্ষা জীৱন আৰম্ভ কৰিছিল । 
                   জনগোষ্ঠীয় তথা অসমীয়া ভাষা-সাহিত্যলৈ ৰাধাকান্ত দেউৰীৰ অৱদান অপৰিসীম । তেওঁ এজন 
স্বপ্লভাষী তথা দেউৰী ভাষা-সংস্কৃতিৰ গৱেষক পণ্ডিত আছিল । বিভিন্ন কাগজ- পত্ৰ , আলোচনী আদিত তেওঁৰ লেখ সিঁচৰতি হৈ আছে । দেউৰী ভাষাৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যলৈ অনেক অৱদান আগবঢ়াই থৈ যোৱা দেউৰীদেৱৰ অমূল্য গ্ৰন্থসমূহ হৈছে - 'দেউৰী চ্চুবিঁব' (দেউৰী অভিধান), 'চ্চিবাঁ জিমচাঁয়া চ্চুবিঁব' (আধুনিক দেউৰী শব্দকোষ) । 'দেউৰী শব্দ সম্ভাৰ' তেখেতৰ অন্যতম সংযোজিত পুথি ।


       (গ)  ✅বৰ্গৰাম দেউৰী💕 (৮২-৮৩)
উত্তৰ👉👉 বৰ্গৰাম দেউৰীৰ জন্ম হয় ১৯৩৮ চনৰ ১ আগষ্ট তাৰিখে লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া মৌজাৰ বাঁহগড়া দেউৰী গাঁৱত । ১৯৪৪ চনত বাঁহগড়া দেউৰী এল.পি. স্কুলত নাম ভৰ্তি কৰে আৰু ১৯৫৯ চনত মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তাৰ পিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি.এচ.চি. পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত উদ্ভিদবিজ্ঞান বিষয়ত নাম ভৰ্তি কৰে আৰু একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়তো অধ্যয়ন কৰে । তেওঁ এম.এচ.চি আৰু এল.এল.বি. একে সময়তে সুখ্যাতিৰে পাছ কৰি পিচত পঞ্জাৱ বিশ্ববিদ্যালয়ত হোমিওপেথিক শিক্ষা পঢ়িবলৈ যায় আৰু তাতো তেওঁ সুখ্যাতিৰে সোণৰ মেডেল লৈ ডিগ্ৰী লাভ কৰে ।
                      স্নাতকোত্তৰ শিক্ষাগ্ৰহণৰ সময়তে তেওঁ কামৰূপ একাডেমীত শিক্ষকতা কৰিছিল  ৷ ১৯৭১ চনত লক্ষীমপুৰত ওকালতি কৰিবলৈ লয় ৷ মাজতে ওকালতি বাদ,দি মণিপুৰত প্রবক্তাৰ চাকৰি কৰিছিল যদিও ভাল নলগাত উভতি আহি পুনৰ ওকালতিত ধৰে। ১৯৯১ চনত অসম বিধান সভাৰ সভালৈ নিৰ্বাচিত হৈ তেওঁ অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ উপৰিও ৰেচম আৰু হস্ততাঁত আৰু বয়ন বিভাগৰ কেবিনেট মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰে । দেউৰী ভাষাক দেউৰী ভাষা হিচাবে স্বীকৃতি প্ৰদান আৰু দেউৰী জনগোষ্ঠীৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে দেউৰী স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাত বৰ্গৰাম দেউৰীৰ অৱদান আছিল উল্লেখনীয় । ২০০৪ চনৰ হৃদ ৰোগত আক্রান্ত হৈ গুৱাহাটীত তেওঁৰ মৃত্যু হয়। 


    ✅(ঘ) শ্ৰীচন্দ্ৰ সিং দেউৰী 💕(৮৩-৮৪)
উত্তৰ👉👉শ্ৰীচন্দ্ৰ সিং দেউৰীৰ জন্ম হয় ১৯২৭ চনৰ ২৮ এপ্ৰিলত যোৰহাটত । দেউৰী জনগোষ্ঠীৰ মাজত তেওঁৰ এক সুকীয়া পৰিচয় আছে । দেউৰী এল.পি. স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি যোৰহাট চৰকাৰী হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল যদিও তেওঁ যোৰহাট পলিটেকনিক হাইস্কুলৰ পৰা ১৯৪৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হয় । পিচত তেওঁ ১৯৬২ চনত কলা শাখাত নাম লগাই আৰু কৰ্মজীৱনৰ মাজতে শ্বিলং কলেজৰ পৰা আই.এ. পৰীক্ষাত উত্তীৰ্ণ হয় ।
                     ১৯৫৫ চনৰ এক অক্টোবৰ তাৰিখে ভাৰত চৰকাৰৰ অধীনৰ অনুসূচিত জাতি আৰু জনজাতি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে যোগদান কৰে আৰু ১৯৮৮ চনৰ ৩১ মাৰ্চ তাৰিখে অধীক্ষক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয় । ১৯৫৯ চনৰ দিল্লী গণৰাজ্য দিৱসত তেওঁৰ নেতৃত্বত দেউৰী লোক-গীত আৰু লোক-নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও ১৯৫৯ চনৰ পৰা ১৯৭৫ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰত দেউৰী লোক-গীত পৰিৱেশন কৰে । লেখক হিচাপে তেওঁ ১৯০৩ চনৰ পৰা 'আৰাও', 'আৰ্চিয় ইবাঁ', 'আমিবিয়া ইবাঁ', 'বিচু', 'হিচৰি', 'দেউৰী জনজীৱন' আদি বহুতো পুথি নিজ প্ৰচেষ্টাত প্ৰকাশ কৰি উলিয়ায় ।

Sunday, April 24, 2022

Class 9 Sanskrit Lesson 1 शिष्टाचारस्तबक: Explanation

Class 9 Sanskrit Lesson 1 शिष्टाचारस्तबक: Explanation
(1) মানুহৰ জন্মৰ সময়ত দেউতাক-মাকে যি কষ্ট সহে বা কষ্ট পায় , সেই কষ্টৰ ঋণ সন্তানে এশ বছৰতো পৰিশোধ কৰিবলৈ নোৱাৰে । 

(2) তেওঁলোক দুজনৰ অৰ্থাৎ পিতৃ-মাতৃৰ আৰু শিক্ষাগুৰুৰ সদায় প্রিয় কাম কৰাটো উচিত । তেওঁলোক তিনিও তুষ্ট হ'লে আমি কৰা সকলো তপস্যা সম্পূৰ্ণ হয়। 

(3)অভিবাদনশীলজনৰ আৰু বৃদ্ধজনক সদায় সেৱা-শুশ্ৰূষা কৰোঁতাজনৰ,
 আয়ুস, বিদ্যা, যশস্যা আৰু বল এই চাৰিটা বৃদ্ধি পায় ৷ 

(4)নুসুধিলে কোনে ব্যক্তি বা মানুহক একো ক’ব নালাগে আৰু অন্যায়েৰে জানিব বিচাৰিলেও ক'ব নালাগে৷
                   মেধাৱীজনে জানিলেও জড় (বা বোবা) লোকৰ দৰে আচৰণ কৰিব লাগে ।


(5) ভালদৰে চাই-চিতি খোজ কঢ়া উচিত । কাপোৰেৰে চেকা পানী খোৱাটো কৰিব লাগে৷ সত্যশুদ্ধ কথা কোৱা উচিত, মন পৱিত্ৰ হোৱা আচৰণ কৰিব লাগে৷৷ 

(6) যিটো কাম কৰিলে অন্তৰাত্মাৰ সন্তুষ্টি লাভ হয়, সেয়া যত্ন সহকাৰে কৰিব লাগে কিন্তু বিপৰীতটো পৰিত্যাগ কৰিব লাগে৷৷

(7) পানীৰে শৰীৰ শুদ্ধ হয়, মনটো সত্যৰ দ্বাৰা শুদ্ধ হয় ৷
       বিদ্যা আৰু তপস্যাৰ দ্বাৰা জীৱাত্মা, জ্ঞানৰ দ্বাৰা বুদ্ধি শুদ্ধ হয়৷৷ 

(8) সত্য বা সঁচা কথা ক’ব লাগে, প্ৰিয় কথা ক’ব লাগে; সত্য হ'লেও অপ্ৰিয় সত্য ক'ব নালাগে ৷ প্রিয় হ'লেও অসত্য নক’বা, এয়াই সনাতন ধৰ্ম৷৷

(9) বয়স, কৰ্ম, সম্পত্তি, শাস্ত্ৰজ্ঞান, বংশ মৰ্যাদা অনুসাৰে বেশভূষা বা সাজ-পোছাক, কথা-বতৰা আৰু বুদ্ধিৰ সদুপযোগ বা সদ্ব্যব্যৱহাৰ কৰি এই সংসাৰত বিচৰণ কৰিব লাগে৷

(10) শিশু, বৃদ্ধ বা যুৱক ঘৰলৈ যদি আহে তেওঁক বিধিমতে সেৱা-শুশ্ৰূষা কৰিব লাগে। ঘৰলৈ অহাজন সকলোৰে গুৰু । সদৃশ৷৷

Saturday, April 23, 2022

Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (তিৱাসকল) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ

Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (তিৱাসকল) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ
✅(১) তিৱাসকলৰ কেইবিধমান সাজপাৰৰ নাম লিখা । (৭৫)
উত্তৰ👉👉 তিৱাসকলৰ কেইবিধমান সাজপাৰৰ নাম হ'ল - পুৰুষে থানা, তাগলা, থেনাচ্, ফালি, ফাগা ইত্যাদি । মহিলাসকলে কাছ‍্যং, ফাছ্কাই, নাৰা ইত্যাদি পৰিধান কৰে । 

✅(২) তিৱাসকলে নেতৃত্ব দিয়া অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নামটো লিখাঁ। (৭৪)
উত্তৰ👉👉 ফুলগুৰিৰ ধেৱা হ'ল তিৱাসকলে নেতৃত্ব দিয়া অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম ।

✅(৩) ইন্দ্ৰচিং দেউৰীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ? (৭৬)
উত্তৰ👉👉 ইন্দ্ৰচিং দেউৰীৰ জন্ম হৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল ৰংখৈপৰা গাঁৱত ১৯৩২ চনত ।

✅(৪) পাহাৰৰ তিৱাসকলে ইন্দ্ৰচিং দেউৰীক কি বুলি সম্বোধন কৰে ? (৭৭)
উত্তৰ👉👉পাহাৰৰ তিৱাসকলে ইন্দ্ৰচিং দেউৰীক  জাতিৰ পিতা বুলি সম্বোধন কৰে ।

✅(৫) বলাইৰাম সেনাপতিৰ গীতৰ পুথিখনৰ নাম লিখা । (৭৭)
উত্তৰ👉👉 বলাইৰাম সেনাপতিৰ গীতৰ পুথিখনৰ নাম হ'ল - মুকুল ।

✅(৬) ইন্দ্ৰচিং দেউৰীৰ মৃত্যু কিমান চনত হৈছিল ? (৭৭)
উত্তৰ👉👉 ইন্দ্ৰচিং দেউৰীৰ মৃত্যু ১৯৯৪  চনৰ ২০ আগষ্ট তাৰিখে হৈছিল ।

✅(৭) বলাইৰাম সেনাপতি কোন আছিল ? (৭৭)
উত্তৰ👉👉 বলাইৰাম সেনাপতি অসমৰ সাহিত্য-সংস্কৃতি জগতৰ এগৰাকী সু-প্ৰতিষ্ঠিত লেখক তথা সংস্কৃতিৰ সাধক আছিল ।

✅(৮) বলাইৰাম সেনাপতিৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ? (৭৭)
উত্তৰ👉👉 বলাইৰাম সেনাপতিৰ জন্ম হৈছিল ১৯৩১ চনৰ ৩ মাৰ্চত, নগাঁও জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ বাৰপূজীয়া গাঁৱত ।

✅(৯) তিৱাসকলক বৰ্তমান সময়ত কেইটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু কি কি ? (৭৪)
উত্তৰ👉👉 তিৱাসকলক বৰ্তমান সময়ত ২ শ্ৰেণীত ভাগ কৰা হৈছে । সেয়া হৈছে - পাহাৰীয়া আৰু ভৈয়ামীয়া ।

✅(১০) 'তিৱাচা মিচন' নামৰ সামাজিক অনুষ্ঠানটোৰ জন্ম কোনে আৰু কেতিয়া  দিয়ে ? (৭৬)
উত্তৰ👉👉 ইন্দ্ৰচিং দেউৰীয়ে ১৯৬০ চনত থাৰাখুঞ্জী গাঁৱত 'তিৱাচা মিচন' নামৰ সামাজিক অনুষ্ঠানটোৰ জন্ম দিয়ে ।

✅(১১) পাহাৰীয়া তিৱাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ কি ? (৭৫)
উত্তৰ👉👉 'চামাদি' বা 'ডেকাচাং' পাহাৰীয়া তিৱাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ । 

✅(১২) 'জ্যু' কি ? (৭৫)
উত্তৰ👉👉 তিৱাসকলে পৰম্পৰাগত পদ্ধতিৰে বিশেষভাৱে প্ৰস্তুত কৰি লৈ পান কৰা পানিবিধক 'জ্যু' বোলে ।

✅(১৩) হাৰী কুঁৱৰী কি ? (৭৫)
উত্তৰ👉👉 হাৰী কুঁৱৰী তিৱা সমাজৰ এক সন্মানীয় আৰু মর্যাদাপূৰ্ণ পদবী ।

✅(১৪) তিৱাসকলৰ জাতীয় সংগীত টোৰ নাম কি ? 
উত্তৰ👉👉 তিৱাসকলৰ জাতীয় সংগীত টোৰ নাম হ'ল - 'তিৱা তচিমা'।

✅(১৫) ধৰ্মীয় দিশৰ পৰা তিৱাসকল কিহৰ উপাসক ? (৭৫)
উত্তৰ👉👉 ধৰ্মীয় দিশৰ পৰা তিৱাসকল মূলতঃ জড়বাদী বা জড়োপাসক আৰু পূৰ্বপুৰুষৰ উপাসক ।

✅(১৬)তিৱাসকলৰ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল ? (৭৭)
উত্তৰ👉👉 তিৱাসকলৰ জাতীয় সংগীতটো ইন্দ্ৰচিং দেউৰীয়ে ৰচনা কৰিছিল ।

✅(১৭) অসম চৰকাৰে কিমান চনত বলাইৰাম সেনাপতিক সাহিত্যিক পেঞ্চন আগবঢ়াই ?
উত্তৰ👉👉 সাহিত্যিক ক্ষেত্ৰখনলৈ বলাইৰাম সেনাপতিয়ে আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ স্বীকৃতি হিচাপে ১৯৯১ চনত তেওঁক অসম চৰকাৰে সাহিত্যিক পেঞ্চন আগবঢ়াই ।

✅(১৮) বলাইৰাম সেনাপতিৰ ৰচনা সমগ্ৰ কিমান চনত প্ৰকাশ পায় ? (৭৮)
উত্তৰ👉👉 বলাইৰাম সেনাপতিৰ ৰচনা সমগ্ৰ ২০১৭ চনত প্ৰকাশ পায়। 

✅(১৯) বৰ্তমান তিৱা গোষ্ঠীৰ লোকসকল অসমৰ ক'ত ক'ত সিঁচৰতি হৈ আছে ? (৭৪)
উত্তৰ👉👉 বৰ্তমান তিৱা গোষ্ঠীৰ লোকসকল অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি-আংলং, যোৰহাট, ধেমাজি, লক্ষীমপুৰ, শদিয়া আৰু মেঘালয় ৰাজ্যত সিঁচৰতি হৈ আছে ।

✅(২০) প্ৰাক্ ঐতিহাসিক যুগৰ এজন তিৱা কিংৱদন্তিমূলক ৰজাৰ নাম লিখা । (৭৪)
উত্তৰ👉👉 প্ৰাক্ ঐতিহাসিক যুগৰ এজন তিৱা কিংৱদন্তিমূলক ৰজাৰ নাম হ'ল - তিৱা বীৰ জোঙাল বলহু ।

Thursday, April 21, 2022

Class 10 Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (তিৱাসকল) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।

Class 10 Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (তিৱাসকল) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।


                    ✅ প্ৰশ্নাৱলী : 💕
💕 (১) ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লােক ? (৭৪)
উত্তৰ👉👉 ভাষিক দিশৰ পৰা তিৱাসকল ইন্দো-চীনৰ অন্তৰ্গত তিব্বত বর্মীয় ভাষা-গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ ‘বড়াে’ ঠালৰ লােক ।


💕 (২) তিৱাসকলে তেওঁলােকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্রবােৰ কি কি ? (75)
উত্তৰ👉👉 তিৱাসকলে তেওঁলােকৰ উৎসৱ-পার্বণ বিলাকত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ বিলাকৰ নাম হ’ল - খ্রাম্ (ঢােল) বাৰ, খ্রাম্ খুজুৰা, খ্রাম্ পান্থাই, দুমদিং, দগৰ্, পাতিঢোল আদি চামৰাৰ বাদ্য ; বাঁহৰ পাবেৰে তৈয়াৰী ৱাফাং খ্রাম, থকথৰৰক ;  মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংশী (বাঁহী), থােৰাং, ম’হৰ শিঙৰ পেঁপা, মুহুৰি আৰু খায়াং (তাল) ইত্যাদি ।


💕 (৩) তিৱা সমাজত ‘জেলা‘ বুলি কাক কোৱা হয় ? (75)
উত্তৰ👉👉 তিৱা সমাজত খেলৰ প্রশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত 'জেলা' বুলি কোৱা হয়।       
                          লগতে তিৱা সমাজত পাহাৰ অঞ্চলৰ প্রতিটো পৰিয়ালৰ মুৰব্বীকো 'জেলা' বুলি কোৱা হয়।

💕 (৪) তিৱা সকলৰ কেইটিমান উৎসৱৰ নাম লিখা । (৭৫)
উত্তৰ👉👉 তিৱা সকলৰ কেইটিমান উৎসৱৰ নাম হ'ল - 
(ক) পাহাৰ অঞ্চলৰ পূজা বা উৎসৱ পাৰ্বন:- ৱানছুৱা, ছগ্রা, য়াংলী, মুইনাৰী, কাণ্ঠি, লাংখন্, মাই পথালা, মাই ৰাৱা, খাপলাং ৰাৱানে ফুজা, পান্থাইচ্যৱা ইত্যাদি ।
(খ) ভৈয়াম অঞ্চলৰ পূজা বা উৎসৱ পাৰ্বন:- জোনবিল মেলা, বৰত্, গােসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু, ইত্যাদি।


💕 (৫) ফুলগুৰিৰ ধেঁৱা কি ? (৭৪)
উত্তৰ👉👉 ফুলগুৰিৰ ধেৱা হ’ল ফুলগুৰিত হােৱা অসমৰ প্ৰথমটো কৃষক বিদ্রোহ । অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ 'ফুলগুৰি ধেৱা'ৰ জন্ম আৰু নেতৃত্ব দিছিল তিৱাসকলে ।


              ✅ (৬) চমুটোকা লিখা :

     💕 (ক) ইন্দ্রচিং দেউৰী (৭৬-৭৭)
উত্তৰ👉👉 তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্রত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্রাম কৰা অন্যতম ব্যক্তি হ’ল- ইন্দ্রচিং দেউৰী । তেওঁ ১৯৪৯ চনত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পার্টীত যােগদান কৰিছিল। পার্টীত কাম কৰি থকা অৱস্থাত তেওঁ অনুভৱ কৰিছিল তিৱাসকলৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আৰু শৈক্ষিক দিশৰ দুৰৱস্থাৰ কথা । তাৰ পিছত ঘৰুৱা অসুবিধাৰ বাবে তেওঁ ১৯৫১ চনত পশুপালন বিভাগৰ চাকৰিত যােগদান কৰে যদিও জাতিটোৰ প্ৰতি থকা দায়িত্ববােধৰ বাবে ১৯৫৩ চনত  চাকৰি ইস্তফা দি পুনৰ তিৱা জাতিক জাগ্রত কৰাৰ কামত ব্ৰতী হয় । ইন্দ্রচিং      
               ইন্দ্ৰচিং দেউৰী ডাঙৰীয়াই তিৱা সাহিত্য সংস্কৃতিৰ - ভঁৰালকো চহকী কৰি থৈ গৈছে । তেওঁৰ 'তিৱা তচিমা' গীতটো তিৱা জাতীয় সংগীত হিচাবে তিৱাসকলে গ্ৰহণ কৰিছে । তেওঁ একেধাৰে সংগঠক, সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক , গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক আছিল । সেইবাবে পাহাৰৰ তিৱাসকলে ইন্দ্ৰচিং দেউৰী ডাঙৰীয়াক জাতিৰ পিতা বুলি সম্বোধন কৰিছিল । ১৯৯৪ চনৰ ২০ আগষ্ট তাৰিখে তেখেতৰ মৃত্যু হয় ।
                   

 💕 (খ) বলাইৰাম সেনাপতি (৭৭-৭৮)
উত্তৰ👉👉 অসমৰ সাহিত্য- সংস্কৃতি জগতৰ এগৰাকী সু- প্রতিষ্ঠিত লেখক, সংস্কৃতিৰ সাধক হ’ল বলাইৰাম সেনাপতি । বলাইৰাম সেনাপতিৰ জন্ম হৈছিল
নগাঁও জিলাত ১৯৩১ চনৰ ৩ মার্চত। তেওঁৰ মাক-দেউতাকৰ নাম আছিল ক্ৰমে 
বগাৰাম সেনাপতি আৰু পদ্মেশ্বৰী বৰদলৈ । ছাত্ৰাৱস্থাৰে পৰাই তেওঁ সাহিত্য- সংস্কৃতিৰ চৰ্চাৰ প্ৰতি আগ্ৰহী আছিল ।তিৱাসকলৰ গীত-মাত, নৃত্য-বাদ্য এইবোৰৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক পদ্ধতিগত অনুশীলনৰ হকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ কৰা তিৱা লোকগীতৰ স্বৰলিপি ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন। তিৱা ভাষাটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল । তেওঁৰ সৰহসংখ্যক সাহিত্য ৰচনা অসমীয়া ভাষাতে সৃষ্টি হৈছে । ইয়াৰ দ্বাৰা তেওঁ কেৱল তিৱা সাহিত্য-সংস্কৃতিক সমৃদ্ধ কৰাই নহয়, অসমীয়া সাহিত্যৰ ভড়ালো চহকী কৰি থৈ গৈছে । সাহিত্যিক হিচাপে তেওঁৰ উজ্জ্বল নিদৰ্শন হ'ল 'অতীতৰ সন্ধানত', 'পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত', তিৱা সমাজ আৰু সংস্কৃতি এই তিনিখন গ্ৰন্থ। তেওঁ বিভিন্ন কাকত, আলোচনী, স্মৃতিগ্ৰন্থ, মুখপত্ৰত নিয়মিতভাৱে লেখা-মেলা কৰিছিল । তাৰ ভিতৰত ৰামধেনু, আমাৰ প্ৰতিনিধি, সাদিনীয়া অসমীয়া, নৱযুগ, ৰিংছাং, আজিৰ অসম আৰু গৰিয়সী আদি উল্লেখযোগ্য । এই গৰাকী মহান ব্যক্তিৰ ২০১৪ চনৰ ১১ মে'ত মৃত্যু হয় ।

ভাৰতৰ ৰাজ্য , কেন্দ্রীয় শাসিত অঞ্চল আৰু ৰাজধানীৰ নাম, "General knowledge For Assam police, DHS Exam Assam, DHS/DMS/DHSFW/AYUSH/Assam TET/B.ED/D.EL.ED".

ভাৰতৰ ৰাজ্য , কেন্দ্রীয় শাসিত অঞ্চল আৰু ৰাজধানীৰ নাম, "General knowledge For Assam police, DHS Exam Assam, DHS/DMS/DHSFW/AYUSH/Assam TET/B.ED/D.EL.ED".



💕 (১) ছিকিম ৰাজ্যৰ ৰাজধানী কি ?
👉👉 গেংটক 

💕 (২) ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী কি ?
👉👉 আগৰতলা 

💕 (৩) অসম ৰাজ্যৰ ৰাজধানী কি ?
👉👉 দিচপুৰ 

💕 (৪) হাৰিয়ানা ৰাজ্যৰ ৰাজধানী কি ?
👉👉 চণ্ডিগড় 

💕 (৫) বিহাৰ ৰাজ্যৰ ৰাজধানী কি ?
👉👉 পাটনা 

💕 (৬) পুডুচেৰী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী কি ?
👉👉 পুডুচেৰী 

💕 (৭) কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰৰ ৰাজ্যৰ ৰাজধানী কি ?
👉👉 পোৰ্ট ব্লেয়াৰ 

💕 (৮) মণিপুৰ ৰাজ্যৰ ৰাজধানী কি ?
👉👉 ইম্ফল 

💕 (৯) নাগালেণ্ড ৰাজ্যৰ ৰাজধানী কি?
👉👉 কোহিমা 

💕 (১০) পশ্চিম বংগ ৰাজ্যৰ ৰাজধানী কি ?
👉👉 কলকাতা 


💕 (১১) মিজোৰাম ৰাজ্যৰ ৰাজধানী কি ?
👉👉 আইজল 

💕 (১২) উত্তৰ প্ৰদেশ ৰাজ্যৰ ৰাজধানী কি ?
👉👉 লক্ষ্নৌ 

💕 (১৩) অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ ৰাজধানী কি ?
👉👉 অমৰাৱতী 

💕 (১৪) মধ্য প্ৰদেশ ৰাজ্যৰ ৰাজধানী কি ?
👉👉 ভূপাল 

💕 (১৫) পঞ্জাৱ ৰাজ্যৰ ৰাজধানী কি ?
👉👉 চণ্ডিগড় 


💕 (১৬) দমন আৰু দিউ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী কি ?
👉👉 দমন 

💕 (১৭) অৰুণাচল প্ৰদেশ ৰাজ্যৰ ৰাজধানী কি ?
👉👉 ইটানগৰ 

💕 (১৮) উৰিষ্যা ৰাজ্যৰ ৰাজধানী কি ?
👉👉 ভুৱনেশ্বৰ 

💕 (১৯) কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডিগড়ৰ ৰাজধানী কি ?
👉👉 চণ্ডিগড় 

💕 (২০) কেৰালা ৰাজ্যৰ ৰাজধানী কি ?
👉👉 তিৰুৱন্তপুৰম 

💕 (২১) দাদৰা আৰু নগৰ হাভেলী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী কি ?
👉👉 চিলভাচা 

💕 (২২) গোৱা ৰাজ্যৰ ৰাজধানী কি ?
👉👉 পানাজী 

💕 (২৩) কৰ্ণাটক ৰাজ্যৰ ৰাজধানী কি ?
👉👉 বাংগালোৰ 

💕 (২৪) ছত্তীশগড় ৰাজ্যৰ ৰাজধানী কি ?
👉👉 ৰায়পুৰ 

💕 (২৫) ৰাজা বীৰবল উপাধি কাক দিয়া হৈছিল ?
👉👉 মহেশ দাসক 


💕 (২৬) কাশ্মীৰৰ চাৰিমাৰ বাগ স্থাপন কৰোতা কোন ?
👉👉 ছাহজাহান 

💕 (২৭) ছাহজাহানৰ ঘৈণীয়েকৰ নাম কি আছিল ?
👉👉 মমতাজ মহল 

💕 (২৮) গুজৰাট ৰাজ্যৰ ৰাজধানী কি ?
👉👉 গান্ধীনগৰ 

💕 (২৯) লক্ষদ্বীপ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী কি ?
👉👉 কাভাৰাটি 

💕 (৩০) লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী কি ?
👉👉 লেহ 


💕 (৩১) জম্মু-কাশ্মীৰ ৰাজ্যৰ ৰাজধানী কি ?
👉👉 শ্ৰীনগৰ 

💕 (৩২) মেঘালয় ৰাজ্যৰ ৰাজধানী কি ?
👉👉 শ্বিলং 

💕 (৩৩) উত্তৰাখণ্ড ৰাজ্যৰ ৰাজধানী কি ?
👉👉 ডেৰাডুন 

💕 (৩৪) তামিলনাডু ৰাজ্যৰ ৰাজধানী কি ?
👉👉 চেন্নাই 

💕 (৩৫) ঝাৰখণ্ড ৰাজ্যৰ ৰাজধানী কি ?
👉👉 ৰাঁচী


💕 (৩৬) মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী কি ?
👉👉 মুম্বাই 

💕 (৩৭) কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীৰ ৰাজধানী কি ?
👉👉 নতুন দিল্লী 

💕 (৩৮) ৰাজস্থান ৰাজ্যৰ ৰাজধানী কি ?
👉👉 জয়পুৰ 

💕 (৩৯) নাগালেণ্ডক কেতিয়া অসমৰ পৰা পৃথক কৰা হৈছিল ? 
👉👉 ১৯৬৩ চনত 

💕 (৪০) হিমাচল প্ৰদেশ ৰাজ্যৰ ৰাজধানী কি ?
👉👉 চিমলা


Sunday, April 17, 2022

Class 9 Assamese Medium নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (আহোমসকল) পাঠ :১ পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ ।

Class 9 Assamese Medium নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (আহোমসকল) পাঠ :১ পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ ।


✅(১) লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল ? (১০)
উত্তৰ👉👉 লাচিত বৰফুকনৰ ১৬১২ খ্ৰীষ্টাব্দত জন্ম  হৈছিল ।

✅(২) 'লাচিত সামান্য বীৰ নহয়' -- মই একো ঠাইতে ছিদ্ৰ নাপালোঁ । এই কথাষাৰ কোনে কাক কৈছিল ? (১৩)
উত্তৰ👉👉 'লাচিত সামান্য বীৰ নহয়' -- মই একো ঠাইতে ছিদ্ৰ নাপালোঁ । এই কথাষাৰ মোগল সেনাপতি ৰামসিংহই হয়গ্ৰীৱ-মাধৱ মন্দিৰত পূজা কৰি বিদায় লোৱাৰ সময়ত তাত থকা ব্রাহ্মণসকলক  কৈছিল।

✅(৩) শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল ? (১২)
উত্তৰ👉👉 ১৬৭১ চনত মাৰ্চ মাহৰ মাজভাগত শৰাইঘাটৰ যুদ্ধ হৈছিল।

✅(৪) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? (১২)
উত্তৰ👉👉 শৰাইঘাটৰ যুদ্ধ আহোমৰ সেনাপতি লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি ৰামসিংহৰ মাজত হৈছিল ।

✅(৫)টাই-আহোম উন্নয়ন পৰিষদে ২০১২-১৪ চনত চলোৱা সমীক্ষা মতে আহোমসকলৰ জনসংখ্যা কিমান ? (৮)
উত্তৰ👉👉 টাই-আহোম উন্নয়ন পৰিষদে ২০১২-১৪ চনত চলোৱা সমীক্ষা মতে আহোমসকলৰ জনসংখ্যা প্ৰায় ২৫ লাখ ।

✅(৬) আহোমৰ উপৰিও অসমত বাস কৰা পাঁচটা টাই জনগোষ্ঠীয় লোকৰ নাম লিখা। (৮)
উত্তৰ👉👉 আহোমৰ উপৰিও অসমত বাস কৰা পাঁচটা টাই জনগোষ্ঠীয় লোকৰ নাম হ'ল - খামতী, ফাকে, খাময়াং, আইতন আৰু তুকুং ।

✅(৭) আহোমসকলৰ মুখ্য আহাৰ বা প্ৰধান খাদ্য কি ? (৯)
উত্তৰ👉👉 আহোমসকলৰ মুখ্য আহাৰ বা প্ৰধান খাদ্য হ'ল - ভাত ।

✅(৮) আহোমসকলৰ প্ৰধান ধৰ্ম কি আছিল ? (৯)
উত্তৰ👉👉 আহোমসকলে উপৰিপুৰুষৰ অৱস্থিতিত বিশ্বাস কৰে আৰু উপৰিপুৰুষক পূজা-পাতাল কৰাটোৱেই তেওঁলোকৰ প্ৰধান ধৰ্ম আছিল ।

✅(৯) আহোমসকলে কি কি পদ্ধতিৰে বিবাহ সম্পাদন কৰে ? (১০)
উত্তৰ👉👉 আহোমসকলে 'চকলং' আৰু 'দেউবান' এই দুই পদ্ধতিৰে বিবাহ সম্পাদন কৰে।

✅(১০) আহোমসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পানীয় বিধ কি ? (৯)
উত্তৰ👉👉 আহোমসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পানীয় বিধ হ'ল - লাও বা সাজ ।

✅(১১) সতী জয়মতীৰ স্বামীৰ নাম কি আছিল । (১৪)
উত্তৰ👉👉 সতী জয়মতীৰ স্বামীৰ নাম কি আছিল গদাপাণি ।

✅(১২) কিমান চনত সতী জয়মতীৰ মৃত্যু হৈছিল ? (১৫)
উত্তৰ👉👉 ইংৰাজী ১৬৭৯ চনৰ অসমীয়া মাহৰ ১৩ চ'তৰ দিনা সতী জয়মতীৰ মৃত্যু হৈছিল ।

✅(১৩) জয়সাগৰ পুখুৰীটো কোনে আৰু কিয় খন্দাইছিল ? (১৫)
উত্তৰ👉👉 সতী জয়মতীৰ জ্যেষ্ঠ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃদেৱীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে জেৰেঙা পথাৰত ১৬৯৭ চনত সাগৰ সদৃশ বৃহৎ পুখুৰী এটা খন্দাইছিল আৰু সেই পুখুৰীটোৰ নাম দিছিল জয়সাগৰ ।

✅(১৪) টেঙাই মহনৰ মৃত্যু ক'ত আৰু কেতিয়া হৈছিল ? (১৬)
উত্তৰ👉👉 টেঙাই মহনৰ ১৮২৩ চনত ডিব্ৰুগড় জিলাৰ খুৱাঙত মৃত্যু হৈছিল ।

✅(১৫) আহোমসকলৰ মুখ্য জীৱিকা কি ? (৮)
উত্তৰ👉👉 আহোমসকলৰ মুখ্য জীৱিকা হৈছে - শালি ধানৰ খেতি আৰু গৰু-ম'হ, গাহৰি-ছাগলী, হাঁহ-কুকুৰা আদি পালন।

✅(১৬) আহোমসকলৰ বসতি প্ৰধান অঞ্চলবোৰ কি কি ? (৮)
উত্তৰ👉👉 আহোমসকলৰ বসতি প্ৰধান অঞ্চলবোৰ হ'ল - বৰ্তমানৰ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লক্ষীমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলা । তদুপৰি, গুৱাহাটী মহানগৰকে ধৰি অন্য নগৰবিলাকতো বহুতো আহোম লোকে বসবাস কৰি আছে।

✅(১৭) লাচিত বৰফুকনৰ মৃত্যু ক'ত আৰু কেতিয়া হৈছিল ? (১৩)
উত্তৰ👉👉 শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পিছত ১৬৭২ চনত গুৱাহাটীত লাচিত বৰফুকনৰ মৃত্যু হৈছিল । 

General knowledge For Assam police, DHS Exam Assam, DHS/DMS/DHSFW/AYUSH/Assam TET/B.ED/D.EL.ED

General knowledge For Assam police, DHS Exam Assam, DHS/DMS/DHSFW/AYUSH/Assam TET/B.ED/D.EL.ED


💕 (১) নৰেন্দ্ৰ মোডীৰ সম্পূৰ্ণ নামটো কি ?

👉👉 নৰেন্দ্ৰ দামোদৰ দাস মোডী

💕 (২) মোহন বাৰি বিমান বন্দৰ ক'ত আছে ?
👉👉 ডিব্ৰুগড়

💕 (৩) " কেতেকী" গ্ৰন্থখনৰ লেখক কোন ?
👉👉 ৰঘুনাথ চৌধাৰী

💕 (৪) বৰ ৰজা উপাধি প্ৰথমে কাক দিয়া হৈছিল ?
👉👉 ফুলেশ্বৰীক

💕 (৫) অসমত মুঠ কেইটা চাহপাত প্ৰস্তুত কৰা কাৰখানা আছে ?
👉👉 ৫৯৮ টা

 ৰাষ্ট্ৰপতি কোন আছিল ?

👉👉 প্ৰতিভা দেৱী সিং পাটিল

💕 (৭) লোকটক হ্ৰদ ক'ত আছে ?
👉👉 মণিপুৰ

💕 (৮) শালনীবাৰী বিমান বন্দৰ ক'ত আছে ?
👉👉 তেজপুৰ

💕 (৯) ছৈয়দ শ্বাহ মিলানৰ অসমত জনপ্ৰিয় নাম কি আছিল ?
👉👉 আজান ফকিৰ

💕 (১০) গোবিন্দ সাগৰ হ্ৰদ ক'ত অৱস্থিত ?
👉👉 হিমাচল প্ৰদেশ


💕 (১১) সৰস্বতী সন্মান লাভ কৰা একমাত্র অসমীয়া জন কোন ?
👉👉 লক্ষ্মীনন্দন বৰা

💕 (১২) অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান ক'ত পোৱা গৈছিল ?
👉👉 ১৮৮৬ চনত

💕 (১৩) ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকী কোন ?
👉👉 ইন্দিৰা গান্ধী

💕 (১৪) টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল ?
👉👉 দুতিৰাম হাজৰিকা

💕 (১৫) প্ৰবাসী ভাৰতীয় দিৱস কোন তাৰিখে পালন কৰা হয় ?
👉👉 ৯ জানুৱাৰী


💕 (১৬) কোলেৰু হ্ৰদ ক'ত আছে ?
👉👉 অন্ধ্ৰ প্ৰদেশ

💕 (১৭) গজেন্দ্ৰ উপাখ্যান কাৰ দ্বাৰা ৰচিত ?
👉👉 শংকৰদেৱ

💕 (১৮) মেঘালয়ক স্বতন্ত্ৰ ৰাজ্য হিচাপে কোনে ঘোষণা কৰিছিল ?
👉👉 ডঃ সুনীতি কুমাৰ চেটাৰজি

💕 (১৯) বিজ্ঞান জনপ্ৰিয় কৰণৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন ?
👉👉 দীনেশ চন্দ্ৰ গোস্বামী

💕 (২০) বৰ্তমান নিৰ্বাচন আয়োগত কিমান জন সদস্য আছে ?
👉👉 ৩ জন


💕 (২১) ভাৰতত শেষ ইংৰাজ ভাইচৰয়জন কোন আছিল ?
👉👉 লৰ্ড মাউন্টবেটেন

💕 (২২) ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি ?
👉👉 ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

💕 (২৩) কোনজন শাখকে 'বিক্ৰমাদিত‍্য' উপাধি লৈছিল ?
👉👉 চন্দ্ৰগুপ্ত দ্বিতীয়ই

💕 (২৪) ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ প্ৰাকৃতিক হ্ৰদটোৰ নাম কি ?
👉👉 উলাৰ হ্ৰদ

💕 (২৫) "কিউপিড আৰু চাইকী" ৰ ৰচক কোন ?
👉👉 হেম বৰুৱা


💕 (২৬) বুদ্ধই জ্ঞানপ্ৰাপ্তি ক'ত লাভ কৰিছিল ?
👉👉 বুদ্ধগয়াত

💕 (২৭) ডাক টিকটত ছবি প্ৰকাশ পোৱা প্ৰথম অসমীয়া সাহিত্যিক গৰাকী কোন ?
👉👉 লক্ষ্মীনাথ বেজবৰুৱা

💕 (২৮) ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা দ্বিতীয়জন অসমীয়া কোন ?
👉👉 মামণি ৰয়চম গোস্বামী

💕 (২৯) পানীপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল ?
👉👉 ১৫২৬ চনত


💕 (৩১) ভাৰতবৰ্ষত কেতিয়া চৰকাৰী ভাষা আয়োগ গঠন কৰা হৈছিল ?
👉👉 ৭ জুন, ১৯৫৫ চনত

💕 (৩২) ভাৰতৰ প্ৰথম এয়াৰ চীফ মাৰ্শ্বাল কোন আছিল ?
👉👉 সুব্ৰত মুখাৰ্জী

💕 (৩৩) লালা লাজপত ৰায়ৰ প্ৰচেষ্টাত কোনটো বেংক গঠন কৰা হৈছিল ?
👉👉 PUNJAB NATIONAL BANK

💕 (৩৪) আনন্দৰাম বৰুৱা বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন ?
👉👉 ৰজনীকান্ত দেৱশৰ্মা

💕 (৩৫) হেমবৰুৱা কোন যুগৰ কবি ?
👉👉 আধুনিক যুগৰ


💕 (৩৬) কাৰ শাসন কালত গুহাবোৰ নিৰ্মাণ কৰা হৈছিল ?
👉👉 গুপ্ত সকলৰ

💕 (৩৭) "সোণালী জাহাজ" গ্ৰন্থখনৰ লেখক কোন ?
👉👉 ভবেন বৰুৱা

💕 (৩৮) কলিকতাত ভিক্ট'ৰিয়া মেম'ৰিয়েল কাৰ সময়ত নিৰ্মাণ কৰা হৈছিল ?
👉👉 লৰ্ড কাৰ্জনৰ সময়ত

💕 (৩৯) "সোণৰ খাৰু নালাগে মোক" নামৰ উপন্যাস খনৰ লেখক কোন ?
👉👉 ধীৰেণ বৰুৱা


💕 (৪০) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমজন বড়ো সাহিত্যিক কোন আছিল ?
👉👉 মংগলসিং হাজোৱাৰী

💕 (৪১) থৰ মৰুভূমি কোন দেশত অৱস্থিত ?
👉👉 ভাৰত

💕 (৪২) কাশ্মীৰৰ চাৰিমাৰ বাগ স্থাপন কৰোতা জন কোন ?
👉👉 ছাহজাহান

💕 (৪৩) বৰ্তমান গুৱাহাটী উচ্চ ন‍্যায়ালয়ৰ মুখ্য ন‍্যায়াধীশ গৰাকী কোন ?
👉👉 সুধানখু ধুলীয়া

💕 (৪৪) "সেন্দুৰ" গ্ৰন্থখনৰ লেখক কোন ?
👉👉 ভবেন্দ্ৰনাথ শইকীয়া

💕 (৪৫) সৰ্বমুঠ মাতৃভাষা কিমানটা ?
👉👉 ১,৬৫২


💕 (৪৬) মূল্যাঙ্কনৰ দ্বাৰা কোনটো পৰীক্ষণ কৰা নহয় ?
👉👉 আচৰণ

💕 (৪৭) আটাইতকৈ ডাঙৰ উপগ্ৰহ ?
👉👉 ট্ৰাই টান

💕 (৪৮) ভাৰতৰ সৰ্বমুঠ জিলা কেইখন ?
👉👉 ৭০৭ খন

💕 (৪৯) নৰ্থ ইষ্ট পুলিচ একাডেমী ক'ত অৱস্থিত ?
👉👉 শ্বিলং

💕 (৫০) এছিয়াৰ সৰ্ববৃহৎ মিঠা পানীৰ কৃত্ৰিম হ্ৰদটো ক'ত আছে ?
👉👉 উদয়পুৰ, ধেবৰ হ্ৰদ


💕 (৫১) ৰঘুনাথ চৌধাৰীৰ ৰচিত কবিতা পুথি খনৰ নাম কি ?
👉👉 নৱমল্লিকা

💕 (৫২) "গোলাম" গ্ৰন্থখনৰ লেখক কোন ?
👉👉 সৌৰভ কুমাৰ চলিহা

💕 (৫৩) কোনে বাবৰক ভাৰত আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল ?
👉👉 দৌলত খান লোধি

💕 (৫৪) গুৱাহাটী পুলিচৰ প্ৰথম আয়ুক্ত কোন আছিল ?
👉👉 জ্যোতিৰ্ময় চক্ৰবৰ্তী

💕 (৫৫) অসমীয়া সাহিত্যত বাস্তৱতা প্ৰকাশ কেতিয়া আহে ?
👉👉 মহাযুদ্ধোত্তৰ কালৰ পিছত


💕 (৫৬) সূৰ্য্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?
👉👉 নেপচুন

💕 (৫৭) পৃথিৱীৰ বৃহত্তম যাদুঘৰটো ক'ত অৱস্থিত ?
👉👉 লণ্ডন

💕 (৫৮) পৃথিৱীৰ ভিতৰত কোনখন দেশত আটাইতকৈ বেছি মৰাপাট উৎপাদন হয় ?
👉👉 বাংলাদেশ

💕 (৫৯) অসমৰ' গীতিকবি' বুলি কাক আখ্যা দিয়া হয় ?
👉👉 পাৰ্বতী প্ৰসাদ বৰুৱা

💕 (৬০) অসমৰ প্ৰাচীন তম নামটো কি আছিল ?
👉👉 প্ৰাগজ্যোতিষ


💕 (৬১) কাক অসমীয়া ব্যাস বুলি কোৱা হয় ?
👉👉 ৰাম সৰস্বতী

💕 (৬২) জ্যোতিপ্ৰসাদ আগৰৱালাই  নিৰ্মাণ কৰা চিনেমা হলটোৰ নাম কি ?
👉👉 জোনাকী

💕 (৬৩) "বাঘে টাপুৰ ৰাতি" গ্ৰন্থখনৰ লেখক কোন ?
👉👉 অপূৰ্ব শৰ্মা

💕 (৬৪) অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
👉👉 যোৰহাট

💕 (৬৫) বৈদৰ গড়' কোনে নিৰ্মাণ কৰিছিল ?
👉👉 বৈদ্যদেৱ


💕 (৬৬) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা "বনকুঁৱৰী"ৰ ৰচয়িতা কোন ?
👉👉 চন্দ্ৰকুমাৰ আগৰৱালা

💕 (৬৭) চিকিৎসক দিৱস কোন তাৰিখে পালন কৰা হয় ?
👉👉 ১ জুলাই

💕 (৬৮) কোনখন দেশে টকিয় অলিম্পিকত সৰ্বাধিক পদক জিকিলে ?
👉👉 আমেৰিকা যুক্তৰাষ্ট্ৰ

💕 (৬৯) 'নীপকো' কাৰ্য্যালয় ক'ত আছে ?
👉👉 উমৰাংচুত আছে ।

💕 (৭০) উলাৰ হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত আছে ?
👉👉 জম্মু আৰু কাশ্মীৰ


💕 (৭১) প্ৰথম অসমীয়া ব্যঙ্গ আলোচনী "কাৰ্টুন"ৰ সম্পাদক কোন আছিল ?
👉👉 পুলক গগৈ

💕 (৭২) "অসমৰ লোক সংস্কৃতি" গ্ৰন্থখনৰ লেখক কোন ?
👉👉 বিৰিঞ্চি কুমাৰ বৰুৱা

💕 (৭৩) প্ৰথম শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা কোনে লাভ কৰিছে ?
👉👉 দি আছাম ট্ৰিবিউন

💕 (৭৪) সাত টাল হ্ৰদ ক'ত অবস্থিত ?
👉👉 উত্তৰাখণ্ড

💕 (৭৫) অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল ?
👉👉 চন্দ্ৰধৰ বৰুৱা


💕 (৭৬) অলিম্পিকত দুটা পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন ?
👉👉 পি ভি চিন্দু

💕 (৭৭) ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?
👉👉 সুচেতা কৃপালিনী

💕 (৭৮) 'সম্ভাৰ হ্ৰদ কোন ৰাজ্যত আছে ?
👉👉 ৰাজস্থান

💕 (৭৯) প্ৰথম অসমীয়া ৰঙীন ছবি "ভাইটি" কোন চনত মুক্তি পাইছিল ?
👉👉 ১৯৭২ চনত

💕 (৮০) "মহাৰথী" গ্ৰন্থখনৰ লেখক কোন ?
👉👉 চন্দ্ৰকুমাৰ আগৰৱালা


💕 (৮১) চোলামু হ্ৰদ ক'ত অৱস্থিত ?
👉👉 উত্তৰ ছিকিম

💕 (৮২) সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধান হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে ?
👉👉 সঞ্জয় অৰোৰা

💕 (৮৩) আগ্নেয়গিৰিৰ বিস্ফোৰণেৰে নিৰ্মিত ক্ৰেটাৰ হ্ৰদটোৰ নাম কি ?
👉👉 লোনাৰ

💕 (৮৪) কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকত খনৰ নাম কি ?
👉👉 উৰুলি

💕 (৮৫) 'কীৰ্তন ঘোষা' ৰ ৰচক কোন ?
👉👉 শ্ৰীমন্ত শংকৰদেৱ


💕 (৮৬) ২০২২ বৰ্ষৰ 'ৰংবং তেৰাং সমন্বয় বঁটা' কাক প্ৰদান কৰা হয় ?
👉👉 ডঃ পীতাম্বৰ দেৱ গোস্বামী

💕 (৮৭) "কেতেকী" গ্ৰন্থখনৰ লেখক কোন ?
👉👉 ৰঘুনাথ চৌধাৰী

💕 (৮৮) লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কোন চনত 'ৰসৰাজ' উপাধি প্ৰদান কৰিছিল ?
👉👉 ১৯৩১ চনত

💕 (৮৯) জিলা এখনৰ মুখ্য পুলিচ বিষয়া গৰাকী কোন ?
👉👉 আৰক্ষী অধীক্ষক (SP)

💕 (৯০) বোম্বাই কোনখন মহানগৰৰ নাম আছিল ?
👉👉 মুম্বাই


💕 (৯১) অসম বিধান সভাৰ প্ৰথম খন অধিবেশন কেতিয়া অনুষ্ঠিত হৈছিল ?
👉👉 ১৯৩৭ চনৰ ৭ এপ্ৰিলত

💕 (৯২) ভাৰতৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ বেছি ?
👉👉 কেৰালা

💕 (৯৩) 'অসম ছাত্ৰ সন্মিলনী' কেতিয়া গঠন হৈছিল ?
👉👉 ১৯১৬ চনত

💕 (৯৪) অসমত মুঠ মহুকুমা কেইটা (২০২০) ৰ তালিকা মতে ?
👉👉 ৮০ টা

💕 (৯৫) লোকসভাৰ প্ৰথম অধ‍্যক্ষ কোন আছিল ?
👉👉 গণেশ বাসুদেৱ মালংকাৰ


💕 (৯৬) ভাৰতৰ সংবিধান খন সৰ্বপ্ৰথম কেতিয়া সংশোধন কৰা হৈছিল ?
👉👉 ১৯৫১ চনত

💕 (৯৭) ভাৰতত কেতিয়া বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ?
👉👉 ১৯৬৯ চনত

please subscribe our YouTube channel 👇👇 


💕 (৯৮) ভাঙনি কোঁৱৰ বুলি কাক জনা যায় ?
👉👉 আনন্দচন্দ্ৰ আগৰৱালা

💕 (৯৯) ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?
👉👉 ড° ৰাজেন্দ্ৰ প্ৰসাদ

💕 (১০০) ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে ?
👉👉 প্ৰধান ন‍্যায়াধীশ

YouTube 👉 Learn something New In Assamese

💕 (১০১) বুঢ়া চাপৰি অভয়াৰণ্য ক'ত আছে ?
👉👉 শোণিতপুৰ

💕 (১০২) ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি জনৰ নাম কি ?
👉👉 ৰামনাথ কোবিন্দ



Saturday, April 16, 2022

Class 9 Assamese Medium নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (আহোমসকল) পাঠ :১ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 9 Assamese Medium নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (আহোমসকল) পাঠ :১ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।


                ☑️ প্ৰশ্নাৱলী : 💕

💕 (১) আহোমসকল আদিতে কোন জাতিৰ লোক আছিল ? (৮)
উত্তৰ👉👉 আহোমসকল আদিতে টাই জাতিৰ লোক আছিল।

💕 (২) আহোমসকলৰ আদি বাসস্থান ক'ত আছিল ? (৮)
উত্তৰ👉👉 আহোমসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলত, বৰ্তমানৰ ইউনান প্ৰদেশৰ
মুংমাও ৰাজ‍্যত ।

💕 (৩) আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ? (৮)
উত্তৰ👉👉আহোমসকলে প্ৰায় ৬০০ বছৰ অসমত শাসন কৰিছিল।

💕 (৪) আহোমসকলৰ আদিভাষা কি আছিল ? (৮)
উত্তৰ👉👉 আহোমসকলৰ আদিভাষা টাই বা শ্যান আছিল।

💕 (৫) আহোমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা। (৯)
উত্তৰ👉👉আহোমসকলে পালন কৰা কেইটিমান উৎসৱৰ নাম হ'ল - 'মে-ডাম মে-ফী, 'চাইফা, 'ৰিক্ খন, জাচিংফা' 'লাইলুংখাম, আদি।

           ☑️ (৬) চমুটোকা লিখা : 👇

💕 (ক) লাচিত বৰফুকন
💕 (খ) সতী জয়মতী
💕 (গ) টেঙাই মহন
💕 (ঘ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন
💕 (ঙ) কৃষ্ণকান্ত সন্দিকৈ
💕 (চ) পদ্মনাথ গোহাঞি বৰুৱা

             ☑️ (ক) লাচিত বৰফুকন (১০)
উত্তৰ👉👉 লাচিত বৰফুকনৰ জন্ম হৈছিল ১৬১২ খ্ৰীষ্টাব্দত । অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি ক'লে লাচিত বৰফুকনৰ নামেই লোৱা হয় । লাচিত বৰফুকনৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা । লাচিত বৰফুকনে অতি সাধাৰণ অৱস্থাৰ পৰা নিজৰ কৰ্মদক্ষতাৰ বলত আহোমৰ সেনাপতিৰ পদৰ অধিকাৰী হৈছিল। ১৬৬৭ চনৰ ২০ আগষ্টত আহোম-মোগলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত লাচিতৰ নেতৃত্বত অসমে বিজয় সাব্যস্ত কৰিছিল। আহোম আৰু মোগলৰ মাজত সৰ্বশেষ যুদ্ধখনেই হ'ল শৰাইঘাটৰ যুদ্ধ । ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত এই যুদ্ধ সংগঠিত হৈছিল । এই যুদ্ধত লাচিতৰ নেতৃত্বত অসমীয়া সৈন্যই দেখুওৱা বীৰত্বৰ নজিৰ পাবলৈ নাই । আহোম আৰু মোগলৰ মাজত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধ অসম তথা ভাৰতীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা । তদুপৰি এই যুদ্ধত অসমৰ জয়লাভ তাতোকৈ গুৰুত্বপূৰ্ণ ঘটনা আছিল । শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পিছত ১৬৭২ চনত এই গৰাকী অসমবীৰৰ গুৱাহাটীত মৃত্যু হৈছিল ।

💕 (খ) সতী জয়মতী = সতী জয়মতী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী । পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ । সেইসময়ৰ মন্ত্ৰী লালুকসোলাই কু-অভিসন্ধি কৰি কেইবাজনো উপযুক্ত ৰাজকোঁৱৰ থকা স্বত্বেও ছু-লি-ক-ফা বা ল'ৰাৰজাক ৰজা পাতিছিল । সেইকাৰণে কোনোবাজন কোঁৱৰে বিদ্ৰোহ কৰিব বুলি বা স্বৰ্গদেউৰ প্ৰাণ ল'ব বুলি ভয়তে কোঁৱৰ সকলৰ অংগক্ষত কাৰ্য আৰম্ভ কৰিলে । অংগক্ষত কৰিলে কোঁৱৰসকল ৰজা হ'বলৈ নোৱাৰে । সেই কোঁৱৰ সকলৰ ভিতৰত গদাপাণিও আছিল অন্যতম । অংগক্ষতৰ পৰা হাত সাৰিবৰ বাবে জয়মতীৰ অনুৰোধত গদাপাণি নগা পাহাৰলৈ পলাই গৈছিল আৰু নগাৰ বেশ ধৰি নগাপাহাৰৰ মাজলৈ সোমাই গৈছিল ।
                  গদাপাণিক বিচাৰি নাপায়, গদাপাণি ক'ত লুকাই আছে জানিবৰ কাৰণে লালুকসোলাই জয়মতীক জেৰেঙাৰ চাপৰিলে নি নিৰ্জন স্থানত ৰাখি যিকোনো উপায়েৰে জয়মতীৰ মুখৰ পৰা গদাপাণিৰ বাতৰি উলিয়াবলৈ
চাওঁদাঙক আদেশ দিলে । চাওঁদাঙে অনেক ৰকমে বুজাই-বঢ়াই, ফুচলাই, উচতাই,ভয় দেখুৱাই জয়মতীৰ মুখৰ পৰা গদাপাণিৰ বিষয়ে জানিবলৈ বিচাৰিলে কিন্তু জয়মতীয়ে একোকে ন'কলে । গদাপাণিৰ বিষয়ে একো নোকোৱাত চাওঁদাঙে জয়মতীক দুই-এটাকৈ শাস্তি দিবলৈ ধৰিলে তথাপিও কিন্তু জয়মতীয়ে একোকে নকলে । এইদৰে ১৪ দিন নিৰ্জন
জেৰেঙাত শাস্তি ভুগি ইংৰাজী ১৬৭৯ চনৰ অসমীয়া মাহৰ ১৩ চ'তৰ দিনা জয়মতী কুঁৱৰীয়ে নশ্বৰদেহ ত্যাগ কৰে ।

💕 (গ) টেঙাই মহন = টেঙাই মহনৰ জন্ম হৈছিল ১৭১৫ চনত চৰাইদেউত । তেওঁ আছিল অসমৰ প্ৰথমজন অভিধান প্ৰণেতা । তিনিজন ককায়েক-ভায়েকৰ মাজত টেঙাই মহন আছিল সৰু । আহোম ৰাজত্বৰ শেষৰফালে আহোম দৰবাৰত বিভিন্ন কাৰণত আহোম ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাই লাহে লাহে প্ৰসাৰতা লাভ কৰিছিল । আনহাতে আহোম ভাষাই ক্ৰমান্বয়ে অৱহেলিত হোৱাৰ লগতে দৈনন্দিন কথা-বতৰাৰ পৰাও আঁতৰি যাবলৈ ধৰিলে । এনে স্থলত আহোমৰ সচেতন-বুদ্ধিজীৱীসকলে  ভাষা-বৰ্ণ-নিৰ্বিশেষে ভৱিষ্যত প্ৰজন্মই যাতে আহোম ভাষাটো শিকিব পাৰে তাৰ বাবে গুণাগঁথা কৰিবলৈ ধৰে । তাৰ ফলশ্ৰুতিতেই টেঙাই মহনে এখন আহোম অভিধান প্ৰণয়নৰ কাম হাতত লয় । স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বৰ শেষৰফালে ১৭৭৫ চনত টেঙাই মহনে 'বৰ কাকত হু মুং পুথি' নামৰ এখন অভিধান পুথি ৰচনা কৰে । ১৯১২ চনত কোঁচ বিহাৰৰ কৈলাশ চন্দ্ৰ সেন নামৰ ব্যক্তি এজনৰ পৰা হেমচন্দ্ৰ গোস্বামীদেৱে টেঙাই মহনে লিখা 'বৰ কাকত হু মুং' পুথিখন উদ্ধাৰ কৰি 'বুৰঞ্জী আৰু পুৰাতও্ব বিভাগত জমা দিয়ে । ১৮২৩ চনত ডিব্ৰুগড় জিলাৰ খুৱাঙত তেওঁৰ মৃত্যু হয় ।

💕 (ঘ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন = ডম্বৰুধৰ দেওধাই ফুকনদেৱৰ জন্ম হয় ১৯১২ চনত তেতিয়াৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত খালৈঘোগৰা মৌজাৰ অন্তৰ্গত আখৈয়া দেওধাই গাঁৱৰ এটা মধ্যবিত্ত পৰিয়ালত । তেওঁৰ দেউতাকৰ নাম গংগাৰাম ফুকন আৰু মাকৰ নাম চাদৈ ফুকন। ডম্বৰুধৰ ফুকনদেৱে এম. ভি স্কুলৰ পাছত অধিক আগ নাবাঢ়ি টাই ভাষা-সাংস্কৃতিকে খামোচ মাৰি একান্তভাৱে অধ্যয়ন কৰিবলৈ লয়। অতি কম সময়ৰ ভিতৰতে টাই ভাষাত বুৎপত্তি লাভ কৰিবলৈ সক্ষম হোৱা ফুকনদেৱে এজন টাই পণ্ডিত হিচাপে খিয়াতি লাভ কৰিছিল । ফুকন দেৱক অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ মুৰব্বী ড° সূৰ্যকুমাৰ ভূঞাদেৱে ১৯৩১ চনত টাই ভাষাৰ বিশেষজ্ঞ হিচাপে টাই আহোম বুৰঞ্জী অনুবাদৰ বাবে গুৱাহাটীলৈ মাতি নিয়ে। বিভিন্ন আলোচনা চক্ৰত
অংশগ্ৰহণৰ বাবে তেখেতে কেইবাবাৰো অসমৰ বাহিৰলৈ যায় । তেখেতে প্ৰতিষ্ঠা কৰা অনুষ্ঠান সমূহ হৈছে - ১৯৭৫ চনত সদৌ অসম বৌদ্ধ ফ্ৰালুং সংঘ ; ১৯৮১ চনত পূৰ্বাঞ্চল টাই সাহিত্য সভা ইত্যাদি । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টাই ভাষা-সংস্কৃতি বিকাশৰ হকে ঢপলিয়াই ফুৰা মুলুং ডম্বৰু দেওধাই ফুকনদেৱৰ ডিব্ৰুগড় জিলাৰ লেঙেৰীত অনুষ্ঠিত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ দশম অধিৱেশনৰ পাছদিনা ১৫-০২-৯৩ তাৰিখে আবেলি হৃদৰোগত আক্রান্ত হৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত পৰলোক-প্ৰাপ্তি ঘটে ।

💕 (ঙ) কৃষ্ণকান্ত সন্দিকৈ =   কৃষ্ণকান্ত সন্দিকৈদেৱৰ জন্ম হয় ১৮৯৮ চনত যোৰহাটত । তেওঁৰ দেউতাকৰ নাম আছিল ৰাধাকান্ত সন্দিকৈ আৰু মাকৰ নাম আছিল নাৰায়ণী সন্দিকৈ । কৃষ্ণকান্ত সন্দিকৈ আছিল অসমৰ এজন বিদগ্ধ পণ্ডিত । তেওঁৰ প্ৰকাশিত ইংৰাজী গ্ৰন্থ তিনিখন - শ্ৰীহৰ্ষৰ নৈষধ চৰিতৰ ইংৰাজী অনুবাদ আৰু টীকা সম্বলিত পুথি 'নৈষধ চৰিত', সোমদেৱৰ যশস্তিলকৰ ভিত্তিত ৰচিত পুথি 'যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ' আৰু মাৰাঠী লেখক প্ৰবৰসেনৰ প্ৰকৃত পুথি সেতুবন্ধনৰ ভাষ্য 'সেতুবন্ধন' । ইয়াৰ উপৰিও বিভিন্ন গৱেষণা আলোচনীত ভাৰততও্ব সম্পৰ্কে ভালেমান প্ৰবন্ধ লিখিছিল । ১৯৫১ চনত বহা অখিল ভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলনৰ লক্ষ্ণৌ অধিবেশনৰ সভাপতিত্ব কৰিছিল। ১৯৫৩ চনত ৱালটেয়াৰত বহা আন্তঃ বিশ্ববিদ্যালয় সমিতিৰো সভাপ্ৰতি আছিল। বাঁহী, মিলন, আৱাহন , চেতনা, আলোচনী আদি কাকতত প্ৰবন্ধ পাতি লিখিছিল । তেওঁ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰো সভাপতি আছিল । কৃষ্ণকান্ত সন্দিকৈদেৱক ভাৰত চৰকাৰে ১৯৫৫ চনত পদ্মশ্ৰী আৰু ১৯৬৭ চনত পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল ।মৃত্যুৰ আগে আগে তেওঁ নিজৰ  ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়লৈ দান কৰি যায়। ১৯৮২ চনৰ ৭ জুনত এইগৰাকী পণ্ডিতৰ মৃত্যু হয় ।

💕 (চ) পদ্মনাথ গোহাঞি বৰুৱা = অসমৰ এজন স্বনামধন্য সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ জন্ম হয় ১৮৭১ চনৰ ২৪ অক্টোবৰত উত্তৰ লক্ষীমপুৰৰ নকাৰি গাঁৱত । তেওঁৰ দেউতাকৰ নাম আছিল ঘিণাৰাম আৰু মাকৰ নাম লক্ষ্মীদেৱী । শিক্ষা জীৱন সমাপ্ত কৰি তেওঁ প্ৰথমে কহিমা মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে আৰু পাছত যোৰহাটত কিছুকাল শিক্ষকতা কৰি ১৮৯৩ চনত তেজপুৰ নৰ্মাল স্কুললৈ আহে আৰু তাতে স্থায়ীভাৱে বসবাস কৰে । তেওঁ বহুতো কবিতা পুথি, বুৰঞ্জীমূলক নাটক, উপন্যাস, ধর্মমূলক গ্ৰন্থ আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে । তেওঁ শিৱসাগৰত বহা অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল । লগতে তেওঁ বিভিন্ন সাহিত্যিক আৰু সামাজিক অনুষ্ঠানৰ অধিবেশনত সভাপতিত্ব কৰিছিল । এইজনা সাহিত্যিকৰ ১৯৪৬ চনৰ ৭ এপ্ৰিল তাৰিখে পৰলোক প্ৰাপ্তি হয় ।

Thursday, April 14, 2022

class 5 Assam Jatiya vidyalaya english, lesson -1পঞ্চম শ্ৰেণীৰ, ইংৰাজী কিতাপখনৰ পাঠ-১, (Holi, the Festival of Colour) সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 5 Assam Jatiya vidyalaya english, lesson -1পঞ্চম শ্ৰেণীৰ, ইংৰাজী কিতাপখনৰ পাঠ-১, (Holi, the Festival of Colour) সম্পূৰ্ণ প্ৰশ্নোত্তৰ

               🌖 Comprehension :
☑️ (1) Answer the following questions in complete sentences.
( তলত দিয়া প্ৰশ্নকেইটাৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া )

💕 (a) Who are talking about their holidays ? (কোনে কোনে বন্ধৰ দিনৰ বিষয়ে কথা পাতি আছিল ) 
Ans👉👉 Ridhi, Beli and Arki are talking about their holidays.

💕 (b) Who has planned to go to Shillong during the holidays for Holi ? (হোলিৰ বন্ধত কোনে শ্বিলং লৈ যাবলৈ পৰিকল্পনা কৰিছিল ?)
Ans👉👉 Riddhi has planned to go to Shillong during the holidays for Holi.

💕 (c) With whom does Arki like to enjoy Holi ? (কাৰ সৈতে আৰ্কিয়ে হোলি উপভোগ কৰি ভাল পায় ।
Ans👉👉 Arki like to enjoy Holi with her Friends. 

💕 (d) For how many days is Doul celebrated  in Barpeta ? ( বৰপেটাত কিমান দিনলৈ দৌল উৎসৱ পালন কৰা হয় ? )
Ans👉👉 Doul is celebrated for three to five days in Barpeta.

💕 (e) What is the air Barpeta filled with during Holi ?
Ans👉👉 The air Barpeta is filled with Holi geet during Holi.

💕 (f) What is performed at night during Holi ? (হোলিৰ সময়ত ৰাতি কি সম্পাদন কৰা হয় ? ) 
Ans👉👉 In Barpeta Bhaona is performed at night during Holi .

💕 (g) What is Suweri ? (সুৱেৰী কি ?)
Ans👉👉 The last day of Doul is called Suweri .


☑️ (2) Write whether the following statements are true or false. ( তলত দিয়া বাক্য কেইটা শুদ্ধ নে অশুদ্ধ লিখা )

💕 (a) Arki is planning to go to Shillong during her holidays  for Holi. (আৰ্কিয়ে হোলিৰ বন্ধত শ্বিলংলৈ যাবলৈ পৰিকল্পনা কৰিছিল)
Ans👉👉 False

(অশুদ্ধ কাৰণ , ৰিদ্ধিয়ে শ্বিলংলৈ যাবলৈ পৰিকল্পনা কৰিছিল ।)

💕 (b) Doul is celebrated for three to five days in Barpeta . ( দৌল উৎসৱ বৰপেটাত ৩-৫ দিনলৈ পালন কৰা হয় ।)
Ans👉👉 True

💕 (c) Kirtan Ghar is in Barpeta.(কীৰ্তন ঘৰ বৰপেটাত আছে)
Ans👉👉 True

💕 (d) People of Borpeta play with Phaku during all the days of Holi. 
Ans👉👉 False


                  ☑️ Activity 1💕

✅ Some naming word  are given in the box. Fill in the blank using these words. ( কিছুমান নাম বুজোৱা শব্দ তলৰ বাকচটোত দিয়া হৈছে, সেই শব্দবোৰ ব্যৱহাৰ কৰি তলৰ খালী ঠাই খিনি পূৰ কৰা। )
          
       [ butcher, novelist, plumber, journalist, fishmonger, postman,               greengrocer, confectioner, poet      tailor, barber, florist ]

     Ans👉👉

(a) A ...... sells fish.
Ans👉👉 fishmonger

(b) A ..... stitches clothes.
Ans👉👉 tailor

(c) A ..... writes novels.
Ans👉👉 novelist

(d) A ..... mends taps and pipes.
Ans👉👉 plumber

(e)  A ..... writes for the newspaper.
Ans👉👉 journalist

(f)  A ..... sells sweet and pastries.
Ans👉👉 confectioner

(g)  A ..... sells vegetables.
Ans👉👉 greengrocer

(h)  A ..... cuts hair.
Ans👉👉 barber

(i)  A ..... writes poem.
Ans👉👉 poet

(j)  A ..... sells flowers.
Ans👉👉 florist

(k)  A ..... sells meat.
Ans👉👉 butcher

(l)  A ..... delivers letters.
Ans👉👉 postman

Tuesday, April 12, 2022

(অতিৰিক্ত প্ৰশ্নোত্তৰ) Class 8 science lesson 2 Additional Question answer. Class 8 Science Question answer Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ অধ্যায় : ২ (অনুজীৱ : মিত্ৰ আৰু শত্ৰু) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ।

(অতিৰিক্ত প্ৰশ্নোত্তৰ) Class 8 science lesson 2 Additional Question answer. Class 8 Science Question answer Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ অধ্যায় : ২ (অনুজীৱ : মিত্ৰ আৰু শত্ৰু) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ ।
✅(১) অণুজীৱ বুলিলে কি বুজা ? (১৭)
উত্তৰ👉👉 সাধাৰণতে চকুৰে মনিব নোৱাৰা আন কিছুমান জীৱও আমাৰ চাৰিওফালে আছে । এইবোৰক অণুজীৱ বুলি কোৱা হয় ।

✅(২) অণুজীৱবোৰক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু কি কি ? (১৭)
উত্তৰ👉👉 অণুজীৱবোৰক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে । এই ভাগবোৰ হৈছে - বেক্টেৰিয়া, শেলাই, ভেঁকুৰ আৰু প্রট'জ'বা ।


☑️( অষ্টম শ্ৰেণীৰ বৃত্তি পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় )💕


✅(৩) ....... অণুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে । (১৯)
উত্তৰ👉👉 লেক্ট'বেচিলাচ

✅(৪) কিণ্বন কোনে আৰু কিমান চনত আৱিষ্কাৰ কৰিছিল ? (২০)
উত্তৰ👉👉 লুই পেষ্টিয়ৰে কিণ্বন ১৮৫৭ চনত আৱিষ্কাৰ কৰিছিল ।

✅(৫) পাষ্টয়ৰি গাখীৰ উতলাই নোলোৱাকৈও কিয় খাব পাৰি ?(২৬)
উত্তৰ👉👉 পাষ্টয়ৰি কৰা গাখীৰ উতলাই নোলোৱাকৈও খাব পাৰি কাৰণ এনে গাখীৰত অনিষ্টকাৰী অণুজীৱ নাথাকে । এনে গাখীৰ ১৫ ৰ পৰা ৩০ চেকেণ্ডলৈ ৭০ ডিগ্ৰী ছেলছিয়াছলৈ উতলোৱা হয় আৰু হঠাতে বৰফ ঠাণ্ডা কৰি জমা কৰা হয় । এনে কৰাৰ ফলত অণুজীৱৰ সৃষ্টি হ'ব নোৱাৰে ।

✅(৬) বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ কিমান ?
উত্তৰ👉👉 বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ হ'ল - ৭৮% ।

✅(৭) এন্টিবায়'টিক কাক বোলে ? (২০)
উত্তৰ👉👉 যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অণুজীৱবোৰক ধ্বংস কৰে বা সিহঁতৰ বৃদ্ধিত বাধা জন্মাই । তেনে ঔষধ বোৰক এন্টিবায়'টিক বোলে ।

✅(৮) কেঁচা আম বা আন ফল কেইদিনমান থৈ দিলে বেয়া হৈ যায় কিন্তু আচাৰ কৰি থ'লে কিয় বহুদিনলৈ ভালে থাকে ?
উত্তৰ👉👉 কেঁচা আম বা আন ফল কেইদিনমান থৈ দিলে বেয়া হৈ যায় কিন্তু আচাৰ কৰি থ'লে বহুদিনলৈ ভালে থাকে কাৰণ - আমি আচাৰ কৰোতে অণুজীৱৰ বৃদ্ধিৰ নিয়ন্ত্ৰণৰ বাবে কিছুমান ৰাসায়নিক দ্ৰৱ‍্য যেনে - নিমখ আৰু খোৱা তেল ব্যৱহাৰ কৰো । সেইকাৰণে আচাৰত অণুজীৱৰ বৃদ্ধি নহয় আৰু বহুদিনলৈ ভালে থাকে ।

✅(৯) প্ৰট'জ'ৱা কি ? প্ৰট'জ'ৱাৰ দ্বাৰা হোৱা দুবিধ ৰোগৰ নাম লিখা ।
উত্তৰ👉👉 এটা কোষেৰে গঠিত চকুৰে মনিব নোৱাৰা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা কিছুমান অণুজীৱ । 
                 প্ৰট'জ'ৱাৰ দ্বাৰা হোৱা দুবিধ ৰোগৰ নাম হ'ল - মেলেৰিয়া, গ্ৰহণী আদি ।

✅(১০) কলেৰা ৰোগ কেনেকৈ বিয়পে ?(২৪)
উত্তৰ👉👉 কলেৰা ৰোগ পানী আৰু খোৱা বস্তুৰ দ্বাৰা বিয়পে ।

✅(১১) মেলেৰিয়া ৰোগৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰি ? (২৪)
উত্তৰ👉👉 মাইকী এন'ফিলিছ মহ হৈছে মেলেৰিয়া ৰোগৰ বাহক । ইয়াৰ পৰা হাত সাৰি থাকিবলৈ আমি আঁঠুৱা তৰিহে শুব লাগে আৰু মহ মৰা ঔষধ ব্যৱহাৰ কৰিব লাগে । মহে কণী পৰা ৰোধ কৰিবলৈ চাৰিওফালে ক'তো পানী গোট খাই থাকিবলৈ দিব নালাগে ।

✅(১২) বসন্ত ৰোগৰ প্ৰতিষেধক ছিটা কোনে আৰু কিমান চনত আৱিষ্কাৰ কৰিছিল ?
উত্তৰ👉👉 বসন্ত ৰোগৰ প্ৰতিষেধক ছিটা  এডৱাৰ্ড জেনাৰে ১৭৯৮ চনত আৱিষ্কাৰ কৰিছিল ।

✅(১৩) ল'ৰা-ছোৱালীক বা শিশুক প্ৰতিষেধক ছিটা কিয় দিয়া হয় ? (২১)
উত্তৰ👉👉 ল'ৰা-ছোৱালীক বা শিশুক প্ৰতিষেধক ছিটা দিয়া হয় কাৰণ - বহুতো ৰোগ প্ৰতিষেধক ছিটা দি প্ৰতিৰোধ কৰিব পাৰি ।

✅(১৪) প্ৰতিষেধক ছিটা কি ?
উত্তৰ👉👉 সুস্থ মানুহৰ শৰীৰত ৰোগৰ বীজাণু প্ৰৱেশ কৰিলে এন্টিবডি সৃষ্টি কৰি সেই ৰোগ প্ৰতিৰোধ কৰিবলৈ যি দৰব ব্যৱহাৰ কৰা হয় তাক প্ৰতিষেধক ছিটা বোলে। 

✅(১৫) সংক্ৰামক ৰোগ কাক বোলে ? (২৩)
উত্তৰ👉👉 অণুজীৱৰ পৰা হোৱা কিছুমান ৰোগ বায়ু, পানী, আহাৰ বা ইজনে সিজনৰ সংস্পৰ্শৰ দ্বাৰা ৰুগীয়া লোকৰ পৰা সুস্থ লোকলৈ বিয়পে । এই ৰোগবোৰক সংক্ৰামক ৰোগ বোলে । কলেৰা, চৰ্দি, মাজু আই আৰু যক্ষ্মা হৈছে এনে ৰোগৰ উদাহৰণ ।

Friday, April 8, 2022

class 8 Science Lesson 1 Additional questions Answer. Class 8 Science Assamese medium Lesson 1 (শস্য উৎপাদন আৰু ব্যৱস্থাপনা)

class 8 Science Lesson 1 Additional questions Answer. Class 8 Science Assamese medium Lesson 1 (শস্য উৎপাদন আৰু ব্যৱস্থাপনা) 

💕(১) খাৰিফ শস্য কাক বোলে ? উদাহৰণৰ সৈতে লিখা । (২)
উত্তৰ👉👉 বাৰিষাকালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বোলে। ভাৰতবৰ্ষত সাধাৰণতে বাৰিষা কাল জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে থাকে । ধান , মাকৈ , ছয়াবিন, বাদাম, কপাহ আদিবোৰ হ'ল খাৰিফ শস্য ।

💕(২) ৰবি শস্য কাক বোলে ? উদাহৰণৰ সৈতে লিখা । (২)
উত্তৰ👉👉 শীতকালত উৎপাদিত শস্যক 
ৰবি শস্য বোলে । সাধাৰণতে ৰবি শস্যৰ সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ থাকে । ৰবি শস্যৰ উদাহৰণ হ'ল - ঘেঁহু, বুট,মটৰ, সৰিয়হ আদি ।


✅(৩) শস্য কাক বোলে ? (২)
উত্তৰ👉👉 একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে , তাক শস্য বুলি কোৱা হয় ।

✅(৪) ভাল বীজবোৰ বেয়া বীজৰ পৰা কেনেদৰে পৃথক কৰিব পাৰি । (৪)
উত্তৰ👉👉 ভাল বীজবোৰ বেয়া বীজৰ পৰা পৃথক কৰিবৰ বাবে আমাক প্ৰয়োজন হ'ব এটা বিকাৰ আৰু অলপমান বীজ (ধান/ঘেঁহু) । প্ৰথমতে বিকাৰটোত আধালৈকে পানী ভৰাই ল'ব লাগিব । তাৰ পিছত বীজ খিনি পাত্ৰটোত ঢালি দি পাত্ৰটো ভালদৰে লৰোৱাৰ পিছত কিছুসময় অপেক্ষা কৰিব লাগিব । তাৰ পিছত আমি দেখা পাম যে পানীৰ ওপৰত কিছুমান বীজ ওপঙি উঠিছে । বেয়া বীজবোৰ সাধাৰণতে ফোপোলা আৰু পাতল , সেইকাৰণে এই বীজবোৰ পানীত ওপঙি উঠে । ভাল বীজবোৰ বেয়া বীজৰ পৰা পৃথক কৰা এইটোৱে ভাল পদ্ধতি ।


✅(৫) সাৰ কেই প্ৰকাৰৰ আৰু কি কি ?(5)
উত্তৰ👉👉 সাৰ দুই প্ৰকাৰৰ - জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ । 

✅(৬) জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ দুটাকৈ উদাহৰণ দিয়া। (6)

       উত্তৰ👉👉

জৈৱিক সাৰ = কেঁচুসাৰ আৰু পচনসাৰ ।
ৰাসায়নিক সাৰ = ইউৰিয়া আৰু পটাছ ।

✅(৭) জলসিঞ্চন মানে কি ? (7)
উত্তৰ👉👉 সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে ।

✅(৮) কৃষি ব্যৱস্থা কেনেদৰে গঢ় লৈ উঠিছিল চমুকৈ বৰ্ণনা কৰা । (১)
উত্তৰ👉👉 খ্ৰীষ্ট পূৰ্ব ১০,০০০ চন মানলৈকে মানুহে অঘৰী জীৱন যাপন কৰিছিল। তেওঁলোকে খাদ্য আৰু আশ্ৰয় বিচাৰি দল বান্ধি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফূৰিছিল। কেঁচা ফল-মূল, শাক-পাচলি আৰু চিকাৰ কৰি পোৱা প্ৰাণীক আহাৰ হিচাপে গ্ৰহণ কৰিছিল। পাছলৈ, লাহে লাহে তেওঁলোকে মাটি চহাবলৈ ল'লে আৰু ধান, ঘেহু আৰু অন্যান্য খাদ্য শস্য উৎপাদন কৰিবলৈ শিকিলে। এনেকৈয়ে কৃষি ব্যৱস্থা গঢ় লৈ উঠিছিল।

✅(৯) খেতি কৰাৰ আগতে মাটিখিনি কিয় চহোৱা হয় ? (২)
উত্তৰ👉👉 খেতি কৰাৰ আগতে মাটিখিনি চহোৱা হয় কাৰণ ঢিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে । গছৰ শিপাই ঢিলা মাটিত তললৈ গ'লেও অতি সহজে উশাহ ল'ব পাৰে। লগতে ঢিলা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে । এই কেঁচু আৰু অণুজীৱসমূহ খেতিয়কৰ পৰম বন্ধু। কিয়নো সিহঁতে মাটিক কোমল কৰাৰ লগতে মাটিখিনিত হিউমাছৰ পৰিমাণ বঢ়াই ।

✅(১০)বতৰ অনুযায়ী শস্যক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?
উত্তৰ👉👉  বতৰ অনুযায়ী শস্যক 
দুভাগত ভগাব পাৰি - (ক) খাৰিফ শস্য আৰু (খ) ৰবি শস্য।

✅(১১) সাৰ কাক বোলে ? (৫)
উত্তৰ👉👉 উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ'বৰ বাবে যিবোৰ পোষক দ্ৰব্য হিচাপে মাটিত প্ৰয়োগ কৰা হয়, তাকে সাৰ বোলে ।

✅(১২) মাহজাতীয় উদ্ভিদৰ শিপাত টেমুনা আকৃতিত থকা বেক্টেৰিয়া বিধৰ নাম কি ? (৬)
উত্তৰ👉👉 মাহজাতীয় উদ্ভিদৰ শিপাত টেমুনা আকৃতিত থকা বেক্টেৰিয়া বিধৰ নাম হ'ল - ৰাইজ'বিয়াম ।

✅(১৩) মৰণা মৰা কাক বোলে ? (১০)
উত্তৰ👉👉 চপোৱা শস্যৰ বীজবোৰ শীহ্ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে । 

✅(১৪) শস্য চপোৱা কাক বোলে?
উত্তৰ👉👉 পৈণত শস্য কাতি, উঘালি অনাকে শস্য চপোৱা বোলে।

✅(১৫) মাহজাতীয় শস্যৰ ভঁৰাল ঘৰত নিমপাত কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰ👉👉 মাহজাতীয় শস্যৰ ভঁৰাল ঘৰত নিমপাত ব্যৱহাৰ কৰা হয় কাৰণ অপকাৰী কীট আৰু অণুজীৱৰ পৰা শস্য খিনি ৰক্ষা কৰিবলৈ ।

✅(১৬) বনবাত নিৰোৱা বুলিলে কি বুজা ? (১৩)
উত্তৰ👉👉 খেতিত গজা অলাগতিয়াল উদ্ভিদক অপতৃণ বোলে আৰু ইয়াক আঁতৰ কৰাক বনবাত নিৰোৱা বুলি কোৱা হয়। 

✅(১৭) উদ্ভিদৰ দেহত কিমান শতাংশ পানী থাকে ? (৭)
উত্তৰ👉👉 উদ্ভিদৰ দেহত ৯০ % পানী থাকে।

✅(১৮) জৈৱিক সাৰ ৰাসায়নিক সাৰতকৈ বেছি উৎকৃষ্ট কিয় ? (৭)
উত্তৰ👉👉 জৈৱিক সাৰ ৰাসায়নিক সাৰতকৈ বেছি উৎকৃষ্ট কাৰণ -
(i) জৈৱিক সাৰে মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে ।
(ii) জৈৱিক সাৰে মাটি ৰন্ধযুক্ত কৰি তোলে, ফলত বায়ুৰ চলাচল সূচল হয় ।
(iii) জৈৱিক সাৰে উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধিত সহায় কৰে ।
(iv) জৈৱিক সাৰে মাটিৰ গুণ বৃদ্ধি কৰে ।

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...