Search This Blog

Saturday, April 23, 2022

Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (তিৱাসকল) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ

Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (তিৱাসকল) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ
✅(১) তিৱাসকলৰ কেইবিধমান সাজপাৰৰ নাম লিখা । (৭৫)
উত্তৰ👉👉 তিৱাসকলৰ কেইবিধমান সাজপাৰৰ নাম হ'ল - পুৰুষে থানা, তাগলা, থেনাচ্, ফালি, ফাগা ইত্যাদি । মহিলাসকলে কাছ‍্যং, ফাছ্কাই, নাৰা ইত্যাদি পৰিধান কৰে । 

✅(২) তিৱাসকলে নেতৃত্ব দিয়া অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নামটো লিখাঁ। (৭৪)
উত্তৰ👉👉 ফুলগুৰিৰ ধেৱা হ'ল তিৱাসকলে নেতৃত্ব দিয়া অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম ।

✅(৩) ইন্দ্ৰচিং দেউৰীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ? (৭৬)
উত্তৰ👉👉 ইন্দ্ৰচিং দেউৰীৰ জন্ম হৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল ৰংখৈপৰা গাঁৱত ১৯৩২ চনত ।

✅(৪) পাহাৰৰ তিৱাসকলে ইন্দ্ৰচিং দেউৰীক কি বুলি সম্বোধন কৰে ? (৭৭)
উত্তৰ👉👉পাহাৰৰ তিৱাসকলে ইন্দ্ৰচিং দেউৰীক  জাতিৰ পিতা বুলি সম্বোধন কৰে ।

✅(৫) বলাইৰাম সেনাপতিৰ গীতৰ পুথিখনৰ নাম লিখা । (৭৭)
উত্তৰ👉👉 বলাইৰাম সেনাপতিৰ গীতৰ পুথিখনৰ নাম হ'ল - মুকুল ।

✅(৬) ইন্দ্ৰচিং দেউৰীৰ মৃত্যু কিমান চনত হৈছিল ? (৭৭)
উত্তৰ👉👉 ইন্দ্ৰচিং দেউৰীৰ মৃত্যু ১৯৯৪  চনৰ ২০ আগষ্ট তাৰিখে হৈছিল ।

✅(৭) বলাইৰাম সেনাপতি কোন আছিল ? (৭৭)
উত্তৰ👉👉 বলাইৰাম সেনাপতি অসমৰ সাহিত্য-সংস্কৃতি জগতৰ এগৰাকী সু-প্ৰতিষ্ঠিত লেখক তথা সংস্কৃতিৰ সাধক আছিল ।

✅(৮) বলাইৰাম সেনাপতিৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ? (৭৭)
উত্তৰ👉👉 বলাইৰাম সেনাপতিৰ জন্ম হৈছিল ১৯৩১ চনৰ ৩ মাৰ্চত, নগাঁও জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ বাৰপূজীয়া গাঁৱত ।

✅(৯) তিৱাসকলক বৰ্তমান সময়ত কেইটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু কি কি ? (৭৪)
উত্তৰ👉👉 তিৱাসকলক বৰ্তমান সময়ত ২ শ্ৰেণীত ভাগ কৰা হৈছে । সেয়া হৈছে - পাহাৰীয়া আৰু ভৈয়ামীয়া ।

✅(১০) 'তিৱাচা মিচন' নামৰ সামাজিক অনুষ্ঠানটোৰ জন্ম কোনে আৰু কেতিয়া  দিয়ে ? (৭৬)
উত্তৰ👉👉 ইন্দ্ৰচিং দেউৰীয়ে ১৯৬০ চনত থাৰাখুঞ্জী গাঁৱত 'তিৱাচা মিচন' নামৰ সামাজিক অনুষ্ঠানটোৰ জন্ম দিয়ে ।

✅(১১) পাহাৰীয়া তিৱাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ কি ? (৭৫)
উত্তৰ👉👉 'চামাদি' বা 'ডেকাচাং' পাহাৰীয়া তিৱাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ । 

✅(১২) 'জ্যু' কি ? (৭৫)
উত্তৰ👉👉 তিৱাসকলে পৰম্পৰাগত পদ্ধতিৰে বিশেষভাৱে প্ৰস্তুত কৰি লৈ পান কৰা পানিবিধক 'জ্যু' বোলে ।

✅(১৩) হাৰী কুঁৱৰী কি ? (৭৫)
উত্তৰ👉👉 হাৰী কুঁৱৰী তিৱা সমাজৰ এক সন্মানীয় আৰু মর্যাদাপূৰ্ণ পদবী ।

✅(১৪) তিৱাসকলৰ জাতীয় সংগীত টোৰ নাম কি ? 
উত্তৰ👉👉 তিৱাসকলৰ জাতীয় সংগীত টোৰ নাম হ'ল - 'তিৱা তচিমা'।

✅(১৫) ধৰ্মীয় দিশৰ পৰা তিৱাসকল কিহৰ উপাসক ? (৭৫)
উত্তৰ👉👉 ধৰ্মীয় দিশৰ পৰা তিৱাসকল মূলতঃ জড়বাদী বা জড়োপাসক আৰু পূৰ্বপুৰুষৰ উপাসক ।

✅(১৬)তিৱাসকলৰ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল ? (৭৭)
উত্তৰ👉👉 তিৱাসকলৰ জাতীয় সংগীতটো ইন্দ্ৰচিং দেউৰীয়ে ৰচনা কৰিছিল ।

✅(১৭) অসম চৰকাৰে কিমান চনত বলাইৰাম সেনাপতিক সাহিত্যিক পেঞ্চন আগবঢ়াই ?
উত্তৰ👉👉 সাহিত্যিক ক্ষেত্ৰখনলৈ বলাইৰাম সেনাপতিয়ে আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ স্বীকৃতি হিচাপে ১৯৯১ চনত তেওঁক অসম চৰকাৰে সাহিত্যিক পেঞ্চন আগবঢ়াই ।

✅(১৮) বলাইৰাম সেনাপতিৰ ৰচনা সমগ্ৰ কিমান চনত প্ৰকাশ পায় ? (৭৮)
উত্তৰ👉👉 বলাইৰাম সেনাপতিৰ ৰচনা সমগ্ৰ ২০১৭ চনত প্ৰকাশ পায়। 

✅(১৯) বৰ্তমান তিৱা গোষ্ঠীৰ লোকসকল অসমৰ ক'ত ক'ত সিঁচৰতি হৈ আছে ? (৭৪)
উত্তৰ👉👉 বৰ্তমান তিৱা গোষ্ঠীৰ লোকসকল অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি-আংলং, যোৰহাট, ধেমাজি, লক্ষীমপুৰ, শদিয়া আৰু মেঘালয় ৰাজ্যত সিঁচৰতি হৈ আছে ।

✅(২০) প্ৰাক্ ঐতিহাসিক যুগৰ এজন তিৱা কিংৱদন্তিমূলক ৰজাৰ নাম লিখা । (৭৪)
উত্তৰ👉👉 প্ৰাক্ ঐতিহাসিক যুগৰ এজন তিৱা কিংৱদন্তিমূলক ৰজাৰ নাম হ'ল - তিৱা বীৰ জোঙাল বলহু ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...