(1) মানুহৰ জন্মৰ সময়ত দেউতাক-মাকে যি কষ্ট সহে বা কষ্ট পায় , সেই কষ্টৰ ঋণ সন্তানে এশ বছৰতো পৰিশোধ কৰিবলৈ নোৱাৰে ।
(2) তেওঁলোক দুজনৰ অৰ্থাৎ পিতৃ-মাতৃৰ আৰু শিক্ষাগুৰুৰ সদায় প্রিয় কাম কৰাটো উচিত । তেওঁলোক তিনিও তুষ্ট হ'লে আমি কৰা সকলো তপস্যা সম্পূৰ্ণ হয়।
(3)অভিবাদনশীলজনৰ আৰু বৃদ্ধজনক সদায় সেৱা-শুশ্ৰূষা কৰোঁতাজনৰ,
আয়ুস, বিদ্যা, যশস্যা আৰু বল এই চাৰিটা বৃদ্ধি পায় ৷
(4)নুসুধিলে কোনে ব্যক্তি বা মানুহক একো ক’ব নালাগে আৰু অন্যায়েৰে জানিব বিচাৰিলেও ক'ব নালাগে৷
মেধাৱীজনে জানিলেও জড় (বা বোবা) লোকৰ দৰে আচৰণ কৰিব লাগে ।
(5) ভালদৰে চাই-চিতি খোজ কঢ়া উচিত । কাপোৰেৰে চেকা পানী খোৱাটো কৰিব লাগে৷ সত্যশুদ্ধ কথা কোৱা উচিত, মন পৱিত্ৰ হোৱা আচৰণ কৰিব লাগে৷৷
(6) যিটো কাম কৰিলে অন্তৰাত্মাৰ সন্তুষ্টি লাভ হয়, সেয়া যত্ন সহকাৰে কৰিব লাগে কিন্তু বিপৰীতটো পৰিত্যাগ কৰিব লাগে৷৷
(7) পানীৰে শৰীৰ শুদ্ধ হয়, মনটো সত্যৰ দ্বাৰা শুদ্ধ হয় ৷
বিদ্যা আৰু তপস্যাৰ দ্বাৰা জীৱাত্মা, জ্ঞানৰ দ্বাৰা বুদ্ধি শুদ্ধ হয়৷৷
(8) সত্য বা সঁচা কথা ক’ব লাগে, প্ৰিয় কথা ক’ব লাগে; সত্য হ'লেও অপ্ৰিয় সত্য ক'ব নালাগে ৷ প্রিয় হ'লেও অসত্য নক’বা, এয়াই সনাতন ধৰ্ম৷৷
(9) বয়স, কৰ্ম, সম্পত্তি, শাস্ত্ৰজ্ঞান, বংশ মৰ্যাদা অনুসাৰে বেশভূষা বা সাজ-পোছাক, কথা-বতৰা আৰু বুদ্ধিৰ সদুপযোগ বা সদ্ব্যব্যৱহাৰ কৰি এই সংসাৰত বিচৰণ কৰিব লাগে৷
(10) শিশু, বৃদ্ধ বা যুৱক ঘৰলৈ যদি আহে তেওঁক বিধিমতে সেৱা-শুশ্ৰূষা কৰিব লাগে। ঘৰলৈ অহাজন সকলোৰে গুৰু । সদৃশ৷৷
No comments:
Post a Comment