Search This Blog

Sunday, April 17, 2022

Class 9 Assamese Medium নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (আহোমসকল) পাঠ :১ পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ ।

Class 9 Assamese Medium নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (আহোমসকল) পাঠ :১ পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ ।


✅(১) লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল ? (১০)
উত্তৰ👉👉 লাচিত বৰফুকনৰ ১৬১২ খ্ৰীষ্টাব্দত জন্ম  হৈছিল ।

✅(২) 'লাচিত সামান্য বীৰ নহয়' -- মই একো ঠাইতে ছিদ্ৰ নাপালোঁ । এই কথাষাৰ কোনে কাক কৈছিল ? (১৩)
উত্তৰ👉👉 'লাচিত সামান্য বীৰ নহয়' -- মই একো ঠাইতে ছিদ্ৰ নাপালোঁ । এই কথাষাৰ মোগল সেনাপতি ৰামসিংহই হয়গ্ৰীৱ-মাধৱ মন্দিৰত পূজা কৰি বিদায় লোৱাৰ সময়ত তাত থকা ব্রাহ্মণসকলক  কৈছিল।

✅(৩) শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল ? (১২)
উত্তৰ👉👉 ১৬৭১ চনত মাৰ্চ মাহৰ মাজভাগত শৰাইঘাটৰ যুদ্ধ হৈছিল।

✅(৪) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? (১২)
উত্তৰ👉👉 শৰাইঘাটৰ যুদ্ধ আহোমৰ সেনাপতি লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি ৰামসিংহৰ মাজত হৈছিল ।

✅(৫)টাই-আহোম উন্নয়ন পৰিষদে ২০১২-১৪ চনত চলোৱা সমীক্ষা মতে আহোমসকলৰ জনসংখ্যা কিমান ? (৮)
উত্তৰ👉👉 টাই-আহোম উন্নয়ন পৰিষদে ২০১২-১৪ চনত চলোৱা সমীক্ষা মতে আহোমসকলৰ জনসংখ্যা প্ৰায় ২৫ লাখ ।

✅(৬) আহোমৰ উপৰিও অসমত বাস কৰা পাঁচটা টাই জনগোষ্ঠীয় লোকৰ নাম লিখা। (৮)
উত্তৰ👉👉 আহোমৰ উপৰিও অসমত বাস কৰা পাঁচটা টাই জনগোষ্ঠীয় লোকৰ নাম হ'ল - খামতী, ফাকে, খাময়াং, আইতন আৰু তুকুং ।

✅(৭) আহোমসকলৰ মুখ্য আহাৰ বা প্ৰধান খাদ্য কি ? (৯)
উত্তৰ👉👉 আহোমসকলৰ মুখ্য আহাৰ বা প্ৰধান খাদ্য হ'ল - ভাত ।

✅(৮) আহোমসকলৰ প্ৰধান ধৰ্ম কি আছিল ? (৯)
উত্তৰ👉👉 আহোমসকলে উপৰিপুৰুষৰ অৱস্থিতিত বিশ্বাস কৰে আৰু উপৰিপুৰুষক পূজা-পাতাল কৰাটোৱেই তেওঁলোকৰ প্ৰধান ধৰ্ম আছিল ।

✅(৯) আহোমসকলে কি কি পদ্ধতিৰে বিবাহ সম্পাদন কৰে ? (১০)
উত্তৰ👉👉 আহোমসকলে 'চকলং' আৰু 'দেউবান' এই দুই পদ্ধতিৰে বিবাহ সম্পাদন কৰে।

✅(১০) আহোমসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পানীয় বিধ কি ? (৯)
উত্তৰ👉👉 আহোমসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পানীয় বিধ হ'ল - লাও বা সাজ ।

✅(১১) সতী জয়মতীৰ স্বামীৰ নাম কি আছিল । (১৪)
উত্তৰ👉👉 সতী জয়মতীৰ স্বামীৰ নাম কি আছিল গদাপাণি ।

✅(১২) কিমান চনত সতী জয়মতীৰ মৃত্যু হৈছিল ? (১৫)
উত্তৰ👉👉 ইংৰাজী ১৬৭৯ চনৰ অসমীয়া মাহৰ ১৩ চ'তৰ দিনা সতী জয়মতীৰ মৃত্যু হৈছিল ।

✅(১৩) জয়সাগৰ পুখুৰীটো কোনে আৰু কিয় খন্দাইছিল ? (১৫)
উত্তৰ👉👉 সতী জয়মতীৰ জ্যেষ্ঠ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃদেৱীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে জেৰেঙা পথাৰত ১৬৯৭ চনত সাগৰ সদৃশ বৃহৎ পুখুৰী এটা খন্দাইছিল আৰু সেই পুখুৰীটোৰ নাম দিছিল জয়সাগৰ ।

✅(১৪) টেঙাই মহনৰ মৃত্যু ক'ত আৰু কেতিয়া হৈছিল ? (১৬)
উত্তৰ👉👉 টেঙাই মহনৰ ১৮২৩ চনত ডিব্ৰুগড় জিলাৰ খুৱাঙত মৃত্যু হৈছিল ।

✅(১৫) আহোমসকলৰ মুখ্য জীৱিকা কি ? (৮)
উত্তৰ👉👉 আহোমসকলৰ মুখ্য জীৱিকা হৈছে - শালি ধানৰ খেতি আৰু গৰু-ম'হ, গাহৰি-ছাগলী, হাঁহ-কুকুৰা আদি পালন।

✅(১৬) আহোমসকলৰ বসতি প্ৰধান অঞ্চলবোৰ কি কি ? (৮)
উত্তৰ👉👉 আহোমসকলৰ বসতি প্ৰধান অঞ্চলবোৰ হ'ল - বৰ্তমানৰ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লক্ষীমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলা । তদুপৰি, গুৱাহাটী মহানগৰকে ধৰি অন্য নগৰবিলাকতো বহুতো আহোম লোকে বসবাস কৰি আছে।

✅(১৭) লাচিত বৰফুকনৰ মৃত্যু ক'ত আৰু কেতিয়া হৈছিল ? (১৩)
উত্তৰ👉👉 শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পিছত ১৬৭২ চনত গুৱাহাটীত লাচিত বৰফুকনৰ মৃত্যু হৈছিল । 

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...