Search This Blog

Tuesday, May 3, 2022

৩৯৪ টা এটা শব্দত প্ৰকাশ কৰা । Assamese Grammar, Class 10 Assamese Grammar

📌      ✅এটা শব্দত প্ৰকাশ কৰা । Assamese Grammar, Class 10 Assamese Grammar💕

                  
💕(১) যিটো সহজতে লাভ কৰিব পাৰি 👉 সুলভ ।

💕(২) যিটো পাবলৈ টান  👉 আপুৰুগীয়া ।

💕(৩) যি আনৰ তলতীয়া / অধীন নহয় 👉 স্বাধীন ।

💕(৪) তাঁত বোৱাত পাৰ্গত তিৰোতা 👉 শিপিনী ।

💕(৫) যাক বৰ্জন কৰিব নোৱাৰি 👉 অবৰ্জনীয় ।

💕(৬) যাক কোনেও নাজানে 👉 অখ্যাত ।

💕(৭) চোৱাই নোখোৱা কার্য 👉 অচৰ্বণ ।

💕(৮) যি গতি নকৰে 👉 অচৰ ।

💕(৯) যি কথা বিশ্বাস কৰিব নোৱাৰি  👉 অবিশ্বাস্য ।

💕(১০) যি পুৰি নাযায় 👉 অদাহ্য ।

💕(১১) যি লৰচৰ নকৰে 👉 অচল ।

💕(১২) যাৰ আগত জন্ম 👉 অগ্ৰজ ।

💕(১৩) যাৰ পাছত জন্ম 👉 অনুজ ।

💕(১৪) যিটো সহজতে লাভ কৰিব নোৱাৰি 👉 দুৰ্লভ ।

💕(১৫) যাৰ আদি নাই 👉 অনাদি ।

💕(১৬) যাৰ অন্ত নাই 👉 অনন্ত ।

💕(১৭) জুইৰে শোধন কৰা কাৰ্য 👉 অগ্নি সংস্কাৰ ।

💕(১৮) যি কথা জনা নাযায় 👉 অজ্ঞাত ।
💕(১৯) যি কাৰো লগত মিলিব নোৱাৰে 👉 অজীণ-পাতকী ।

💕(২০) যাক লংঘন কৰিব নোৱাৰি 👉 অলংঘ্য ।

💕(২১) গাখীৰৰ ব্যৱসায় কৰোঁতা 👉 গুৱাল ।

💕(২২) যাৰ সীমা আছে 👉 সসীম ।

💕(২৩) যাৰ সীমা নাই 👉 অসীম ।

💕(২৪) কাৰো নাম নধৰাকৈ পৰা গালি  👉 গুৱাল-গালি ।

💕(২৫) দুয়োটা চকুৰে নেদেখা 👉 অন্ধ ।

💕(২৬) এটা চকুৰে নেদেখা 👉 কণা ।

💕(২৭) জন্মৰে পৰা যি নেদেখে 👉 জন্মান্ধ ।

💕(২৮) দিনত নেদেখে যি 👉 দিনকণা ।

💕(২৯) ৰাতি নেদেখে যি 👉 কুকুৰীকণা ।

💕(৩০) যিটো খাবৰ যোগ্য নহয় 👉 অখাদ্য ।

💕(৩১) যাক কল্পনা কৰিব নোৱাৰি 👉 কল্পনাতীত ।

💕(৩২) যি আনৰ ওপৰত নিৰ্ভৰ কৰে 👉 পৰনিৰ্ভৰশীল ।

💕(৩৩) যি আনৰ ওপৰত নিৰ্ভৰ নকৰে  👉 আত্মনির্ভৰশীল ।

💕(৩৪) যি আনৰ অধীন 👉 পৰাধীন ।

💕(৩৫) আনৰ বস্তু বলেৰে নিয়ে যি 👉 ডকাইত ।

💕(৩৬) চুৰ কৰা লোক 👉 চোৰ ।

💕(৩৭) যি কথাৰ অৰ্থ নাই 👉 অৰ্থহীন ।

💕(৩৮) ঈশ্বৰক বিশ্বাস কৰা লোক 👉 আস্তিক ।

💕(৩৯) ঈশ্বৰক বিশ্বাস নকৰা লোক 👉 নাস্তিক ।

💕(৪০) যাৰ ধৰ্মত মতি আছে 👉 ধৰ্মপৰায়ণ ।

💕(৪১) গোটেই জীৱন জুৰি 👉 আজীৱন ।

💕(৪২) গাখীৰৰ ব্যৱসায় কৰোঁতা 👉 গুৱাল ।

💕(৪৩) ঈশ্বৰক বিশ্বাস নকৰা লোক 👉 নাস্তিক ।

💕(৪৪) যাৰ ধৰ্মলৈ ভয় আছে 👉 ধৰ্মভীৰু ।

💕(৪৫) ভিক্ষা কৰে যি 👉 ভীক্ষাৰী ।

💕(৪৬) স্বামী থকা তিৰোতা 👉 সধৱা ।

💕(৪৭) স্বামী নথকা তিৰোতা 👉 বিধৱা ।

💕(৪৮) বেছিকৈ কথা কোৱা লোক 👉 কথাচহকী ।

💕(৪৯) ছালৰ কাম কৰোতা 👉 চৰ্মকাৰ ।

💕(৫০) গৰু ৰখা বা চৰাওঁতা লোক 👉 গৰখীয়া ।


                


💕(৫১) হাতী ৰখা বা চৰাওঁতা লোক 👉 মাউত ।

💕(৫২) বৰকৈ কথা কোৱা লোক 👉 ভলভলীয়া ।

💕(৫৩) কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা ঠাই  👉 কঁহাৰশাল ।

💕(৫৪) কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক 👉 কঁহাৰ ।

💕(৫৫) খেলা-ধূলা কৰা লোক 👉 খেলুৱৈ ।

💕(৫৬) বহুত ভাষা ক'ব পৰা লোক 👉 বহুভাষী ।

💕(৫৭) চিত্ৰ অঁকাত পাৰ্গত লোক 👉  চিত্ৰকৰ ।

💕(৫৮) কথা কোৱাত পটুলোক 👉 বাগ্মীবৰ ।

💕(৫৯) তাঁত বোৱা পুৰুষ 👉 শিপিনী ।

💕(৬০) ভূত, ভৱিষ্যত আৰু বৰ্তমানৰ কথা জনা লোক 👉 ত্ৰিকালজ্ঞ ।

💕(৬১) কামত পাকৈত 👉 কাজী ।

💕(৬২) ভৱিষ্যত চিন্তা কৰিব পৰা লোক 👉 দূৰদৰ্শী ।

💕(৬৩) কামত অকাজী আৰু অশুৱনী 👉 থুপৰী ।

💕(৬৪) যিটো বিশ্বৰ বাবে মঙ্গল 👉 বিশ্বজনীন ।

💕(৬৫) জলত চৰে যি 👉 জলচৰ ।

💕(৬৬) স্থলত চৰে যি 👉 স্থলচৰ ।

💕(৬৭) জল আৰু স্থলত চৰে যি 👉 উভচৰ ।

💕(৬৮) অনাই-বনাই ঘূৰি ফুৰে যি 👉 যাযাবৰ ।

💕(৬৯) ভূমিত জন্ম 👉 ভূমিজ ।

💕(৭০) যাৰ মাক মৰিছে 👉 মাউৰা ।

💕(৭১) পানীত জন্ম 👉 জলজ ।

💕(৭২) পৰ্বতত জন্ম 👉 গৈৰিক ।

💕(৭৩) দেহ বা শৰীৰৰ পৰা ওপজা 👉 অঙ্গজ ।

💕(৭৪) যাৰ মাক-দেউতাক মৰিছে 👉 ঘাট মাউৰা ।

💕(৭৫) কণীৰ পৰা ওপজা 👉 অণ্ডজ ।

💕(৭৬) মাটি ভেদি ওলোৱা 👉 উদ্ভিদ ।

💕(৭৭) কঁঠালৰ সৰু কলি 👉 মুচি ।

💕(৭৮) খাবলৈ অনা কলপুলি 👉 পচলা ।

💕(৭৯) যি পুৰুষৰ ঘৈণীয়েক মৰিছে 👉 বৰলা ।

💕(৮০) যি ফল পকাও নহয় কেঁচাও নহয় 👉 ডাঁহেচিয়া ।

💕(৮১) যি উপকাৰ কৰে 👉 উপকাৰী ।

💕(৮২) বেছি গৰমো নহয় ঠাণ্ডাও নহয়  👉 কুহুমীয়া ।

💕(৮৩) যি বতৰ গৰমো নহয় ঠাণ্ডাও নহয় 👉 নাতিশীতোষ্ণ ।

💕(৮৪) কোনো বিষয়ে ১ম চেষ্টা কৰোতা 👉 অগ্ৰগামী ।

💕(৮৫) জুইৰ পৰা যাৰ জন্ম 👉 অগ্নিজাত ।

💕(৮৬) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে 👉 কৃতজ্ঞ ।

💕(৮৭) আগেয়ে গমন কৰা 👉 অগ্ৰগামী ।

💕(৮৮) পাছত গমন কৰা 👉 অনুগামী ।

💕(৮৯) দেশক ভালপোৱা লোক 👉 দেশভক্ত 

💕(৯০) যাৰ জন্ম হোৱা নাই 👉 অজাত ।

💕(৯১) দেশৰ অহিতকাৰী লোক 👉 দেশদ্ৰোহী 

💕(৯২) যাৰ কোনো শত্ৰু নাই 👉 অজাতশত্ৰু ।

💕(৯৩) দেশৰ বাবে মৃত্যু বৰণ কৰা লোক 👉 শ্বহীদ ।

💕(৯৪) যি আগতে হোৱা নাই 👉 অভূতপূৰ্ব ।

💕(৯৫) যি আনৰ হিতৰ কথা চিন্তা কৰে 👉 পৰহিতৈষী ।

💕(৯৬) যাক আগেয়ে শুনা নাই 👉 অশ্রুতপূৰ্ব ।

💕(৯৭) যি সকলোৰে মাজত প্রিয় 👉 লোকপ্ৰিয় ।

💕(৯৮) যাক এৰিব নোৱাৰি 👉 অপৰিহাৰ্য ।

💕(৯৯) যি কেৱল নিজৰ কথা ভাবে 👉 স্বাৰ্থপৰ ।

💕(১০০) যাক দমন কৰিব নোৱাৰি 👉 অদমনীয় ।


             


💕(১০১) যাক নাশ কৰিব নোৱাৰি 👉 অবিনাশ ।

💕(১০২) যি নিজৰ যশস্যা গাই ফুৰে 👉 আপোনযহী ।

💕(১০৩) বহুতো ল'ৰা-ছোৱালীয়ে বিদ্যা শিকাঘৰ 👉 বিদ্যালয়, পঢ়াশালি ।

💕(১০৪) যাক দেখা নাই 👉 অদৃষ্ট ।

💕(১০৫) যাক দেখিবলৈ পোৱা নাযায় 👉 অদৃশ্য ।

💕(১০৬) ধান থোৱা ঘৰ 👉 ভঁৰাল ।

💕(১০৭) যি ঘটা নাই বা ঘটা সম্ভৱ নহয় 👉 অঘটন ।

💕(১০৮) যাৰ কোনো নাই 👉 অনাথ ।

💕(১০৯) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে 👉 কৃতঘ্ন ।

💕(১১০) যাৰ মূল্য বহুত 👉 অমূল্য ।

💕(১১১) যাৰ কুল আৰু জাতি জনা নাযায় 👉 অজ্ঞাত কুলশীল ।

💕(১১২) যি পুৰুষে বিয়া কৰোৱা নাই 👉 অবিবাহিত ।

💕(১১৩) গৰু বন্ধা ঘৰ 👉 গোহালি ।

💕(১১৪) যি মহিলাই বিয়া কৰোৱা নাই 👉 অবিবাহিতা ।

💕(১১৫) ঘোঁৰা বন্ধা ঘৰ 👉 আস্তাবল ।

💕(১১৬) যাৰ বিবেচনা শক্তি নাই 👉 অবিবেচক ।

💕(১১৭) যি অইনফালে মন দিয়ে 👉 অন্যমনস্ক ।

💕(১১৮) যি সহজে জীণ নাযায় 👉 অজীৰ্ণ ।

💕(১১৯) হাতী বন্ধা ঠাই 👉 হাতীশাল ।

💕(১২০) যাক দিব পৰা নাযায় 👉 অদেয় । 

💕(১২১) ম'হৰ যাক ৰখা ঠাই 👉 খুঁটি ।

💕(১২২) যাক বধ কৰিব পৰা নাযায় 👉 অবধ্য ।

💕(১২৩) যাৰ মৰণ নাই 👉 অমৰ ।

💕(১২৪) ঘৰত পোহা জন্তু 👉 ঘৰচীয়া ।

💕(১২৫) বনত (জংঘল) থকা জন্তু 👉 বনৰীয়া ।

💕(১২৬) যাক গণনা কৰিব নোৱাৰি 👉 অগণন ।

💕(১২৭) যিটো প্ৰকাশ কৰিব নোৱাৰি 👉 অপ্ৰকাশ‍্য ।

💕(১২৮) সঁচা কথা কোৱা লোক 👉 সত্যবাদী 

💕(১২৯) যিটো বৰ্ণনাৰ অসাধ্য 👉 অনির্বচনীয় ।

💕(১৩০) মিছা কথা কোৱা লোক 👉 মিছলীয়া ।

💕(১৩১) যাক নিবাৰন কৰিব নোৱাৰি 👉 অনিৰ্বাৰ ।

💕(১৩২) যিটো বৰ্ণনা কৰিব নোৱাৰি 👉 অবৰ্ণনীয় ।

💕(১৩৩) যাৰ ঘৰ-বাৰী নাই 👉 অঘৰী ।

💕(১৩৪) নিজৰ ওপজা ঠাই 👉 জন্মভূমি ।

💕(১৩৫) জ্ঞানৰ বাহীৰত বা সমাজত নচলা 👉 অলৌকিক ।

💕(১৩৬) বস্তু বেচা-কিনা কৰা ঠাই 👉 বজাৰ ।

💕(১৩৭) ক'ব নলগীয়া কথা 👉 অকথ্য ।

💕(১৩৮) খেতি কৰা লোক 👉 খেতিয়ক ।

💕(১৩৯) ফুলেৰে ভৰি থকা ঠাই 👉 ফুলনি ।

💕(১৪০) যিটো শুনিব নোৱাৰি 👉 অশ্ৰাব্য।
 
💕(১৪১) শাকেৰে ভৰি থকা ঠাই 👉 শাকনি ।

💕(১৪২) চিকিৎসা কৰা ঠাই 👉 চিকিৎসালয় ।

💕(১৪৩) দা-কুঠাৰ গঢ়া ঠাই 👉 কমাৰশাল ।

💕(১৪৪) দা-কুঠাৰ গঢ়া লোক 👉 কমাৰ ।

💕(১৪৫) বিদেশৰ পৰা আহে যি 👉 বিদেশী ।

💕(১৪৬) চুলি-দাড়ি কটালোক 👉 নাপিত । 

💕(১৪৭) ৰোগী চোৱা বা চিকিৎসা কৰা লোক 👉 চিকিৎসক ।

💕(১৪৮) মাগি ফুৰে যি 👉 মগনীয়া ।

💕(১৪৯) মাটিৰ বাচন-বর্তন তৈয়াৰ কৰা ঠাই  👉 কুমাৰশাল ।

💕(১৫০) মাটিৰ বাচন-বর্তন তৈয়াৰ কৰা লোক 👉 কুমাৰ ।

💕(১৫১) বাটেদি যোৱা লোক 👉 বাটৰুৱা ।

💕(১৫২) গাঁৱত থাকে যি 👉 গাঁৱলীয়া ।

💕(১৫৩) নগৰত থাকে যি 👉 নগৰীয়া ।

💕(১৫৪) বিদেশত থাকে যি 👉 প্ৰবাসী ।

💕(১৫৫) বস্তু বেচা-কিনা কৰা ঠাই 👉 বজাৰ ।

💕(১৫৬) যাৰ মাক পিতাক মৰিছে 👉 মাউৰা ।

💕(১৫৭) বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰ 👉 পঢ়াশালি ।

💕(১৫৮) স্বামী থকা তিৰোতা 👉 সধৱা ।

💕(১৫৯) নাম গোৱা তিৰোতা 👉 নামতী ।

💕(১৬০) বিদ্যা শিক্ষা কৰা ঘৰ 👉 বিদ্যালয় ।

💕(১৬১) বিহুৰ আগ দিনা 👉 উৰুকা।

💕(১৬২) যাৰ আশ্ৰয় নাই 👉 নিৰাশ্ৰয় ।

💕(১৬৩) যি দিনত নেদেখে 👉 দিনকণা ।

💕(১৬৪) যি কথা লগাই ফুৰে 👉 খলুৱা ।

💕(১৬৫) যি ৰাতি নেদেখে 👉 কুকুৰীকণা । 

💕(১৬৬) দুই ঘৰৰ মাজৰ ঠাই 👉 দোঘোৰা ।

💕(১৬৭) যি পৰিণাম চিন্তা কৰি কাম কৰে 👉 পৰিণামদৰ্শী ।

💕(১৬৮) ঘৰৰ চালৰ পানী পৰা ঠাই 👉 পানী পচা ।

💕(১৬৯) যি দুই হাত সমানে চলাব পাৰে 👉 সব্যসাচী ।

💕(১৭০) এবাৰ ফল দি মৰা গছ = ঔষধি ।

💕(১৭১) যি মাটিৰ উৎপাদিকা শক্তি নাই 👉 অনুৰ্বৰ ।

💕(১৭২) দুই বছৰৰ মূৰত পোৱালি দিয়া গাই 👉 দুৰচী ।

👉(১৭৩) পনিয়া গাখীৰ দিয়া গাই 👉 জলাহী ।

💕(১৭৪) যি নিজে নিজে হয় 👉 স্বয়ম্ভু ।

💕(১৭৫) শিং নথকা গৰু 👉 লাওমূৰা ।

💕(১৭৬) যাৰ পূৰ্বজন্মৰ কথা মনত আছে 👉 জাতিম্বৰ ।

💕(১৭৭) হাল বোৱা গৰু 👉 বলধ ।

💕(১৭৮) যাৰ কথাৰ লাগ বান্ধ নাই = লপা, চেলেপু ।

💕(১৭৯) ঠেং নথকা ভেকুলীৰ পোৱালী 👉 লালুকী ।

💕(১৮০) যি আনৰ মুখলৈ চাই থাকে 👉 পৰমুখাপেক্ষী ।

💕(১৮১) কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক 👉 কঁহাৰ ।

💕(১৮২) স্মৰণ কৰিবলগীয়া 👉 স্মৰণীয় ।

💕(১৮৩) যাৰ বিবেচনা শক্তি নাই 👉 অবিবেচক ।

💕(১৮৪) সকলোকে সমানভাৱে দেখা 👉  সমদৰ্শী  ।

💕(১৮৫) সহজে যি জীণ যায় 👉 লঘুপাকী ।

💕(১৮৬) বিপদৰ সময়ত ওলোৱা বুদ্ধি 👉 প্ৰত্যুৎপন্নমতি ।

💕(১৮৭) যাৰ কূল আৰু শীল জনা নাযায় 👉 অজ্ঞাতকুলশীল ।

💕(১৮৮) যি জানিবলৈ ইচ্ছা কৰে 👉 জিজ্ঞাসু ।

💕(১৮৯) সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক 👉 সোণাৰী ।

💕(১৯০) যি বাঢ়িবলৈ ধৰে 👉 বৰ্ধিষ্ণু ।

💕(১৯১) জীভাৰে চেলেকি চাব পৰা বস্তু 👉 লেহ্য ।

💕(১৯২)👍🏽 গাঁৱৰ মুখিয়াল ব্যক্তি 👉 গাওঁবুঢ়া ।

💕(১৯৩) যি শুনাও নাপায়, কথাও ক'ব নোৱাৰে 👉 মুকবধিৰ ।

💕(১৯৪) জন্তুৰ নিচিনা যি 👉 জান্তব ।

💕(১৯৫) যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে  =😘 কিংকৰ্তব্যবিমূঢ় ।

💕(১৯৬) চিকিৎসা কৰা লোক 👉 চিকিৎসক ।

💕(১৯৭) যি গৰমো নহয় ঠাণ্ডাও নহয় 👉 কুহুমীয়া ।

💕(১৯৮) যি উপকাৰ কৰে 👉 উপকাৰী ।

💕(১৯৯) যি মাতৃৰ এটি মাত্ৰ সন্তান 👉 কাকবন্ধ‍্যা ।

💕(২০০) যি বতৰ শীতো নহয় উষ্ণও নহয় 👉 নীতিশীতোষ্ণ ।


               


💕(২০১) উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক 👉 কৃতজ্ঞ ।

💕(২০২) মাৰ ভনীয়েক 👉 মাহী ।

💕(২০৩) যি এই লোকৰ নহয় 👉 অলৌকিক ।

💕(২০৪) দেউতাৰ ভনীয়েক 👉 পেহী ।

💕(২০৫) দেৱতাৰ গুণ সমৃদ্ধ 👉 দৈৱীয় ।

💕(২০৬) আনৰ দোষ দেখা স্বভাৱ 👉অসূয়া ।

💕(২০৭) ৰ'দত শুকোৱা সৰিয়হৰ শুকান বঁটা 👉 কাহুঁদি ।

💕(২০৮) যি পুৰুষে বিয়া কৰোৱা নাই 👉 অবিবাহিত ।

💕(২০৯) যাৰ জন্ম নাই 👉 অজ ।

💕(২১০) যি নিজকে পণ্ডিত বুলি ভাৱে 👉 পণ্ডিতমন্য ।

💕(২১১) ফুল নুফুলাকৈ গুটি হোৱা গছ 👉 বনস্পতি ।

💕(২১২) শত্ৰুক জয় কৰে যি 👉 শত্রুঞ্জয় ।
 
💕(২১৩) মাটিৰে তৈয়াৰী শিল্পকৰ্ম 👉 মৃৎশিল্প ।

💕(২১৪) যাৰ আগত জন্ম 👉 অগ্ৰজ ।

💕(২১৫) ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা 👉 পোহাৰী ।

💕(২১৬) ৰিপুক জয় কৰে যি 👉 ৰিপুঞ্জয় ।

💕(২১৭) নোহোৱা বস্তু সৃষ্টি কৰা 👉 উদ্ভাৱন ।

💕(২১৮) যাৰ পিছত জন্ম 👉 অনুজ ।

💕(২১৯) যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে 👉 একাহাৰী ।

💕(২২০) আগে আগে গমন কৰে যি 👉 অগ্ৰগামী ।

💕(২২১) যি কম কথা কয় 👉 মিতভাষী ।

💕(২২২) পিছে পিছে গমন কৰে যি 👉 অনুগামী ।

💕(২২৩) উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক 👉 অকৃতজ্ঞ ।

💕(২২৪) মাৰ সতিনীয়েক 👉 মাহীমা ।

💕(২২৫) যি মাটিৰে নিৰ্মাণ কৰা হয় 👉 মৃণ্ময় ।

💕(২২৬) য'ত কোনো মানুহ নাই 👉 নিৰ্জন ।

💕(২২৭) ককাৰ দেউতাক 👉 আজোককা ।

💕(২২৭) যাৰ মৰো মৰো অৱস্থা 👉 মুমূৰ্ষ ।

💕(২২৮) বৰষুণ নোহোৱা বতৰ 👉 খৰাং ।

💕(২২৯) কঁঠালৰ সৰু কলি 👉 মুচি ।

💕(২৩০) যাৰ কোনো নাই 👉 অনাথ ।

💕(২৩১) যি অনাই বনাই ঘূৰি ফুৰে 👉 যাযাবৰ ।

💕(২৩২) নাম নধৰাকৈ দিয়া গালি 👉 গুৱালগালি ।

💕(২৩৩) ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য 👉 প্ৰাতঃ স্মৰণীয় ।

💕(২৩৪) দেউতাকৰ সখীয়েক 👉 তাৱৈ ।

💕(২৩৫) যি একো নাজানে 👉 অজ্ঞ ।

💕(২৩৬) খাবলৈ অনা সৰু কলপুলি 👉 পচলা ।

💕(২৩৭) তাৱৈৰ ঘৈণীয়েক 👉 আমৈ ।

💕(২৩৮) যাৰ হাত আঁঠুলৈ আহে 👉 অজানুলম্বিত ।

💕(২৩৯) যি আনৰ অধীন নহয় 👉 স্বাধীন ।

💕(২৪০) যি আনৰ অধীন 👉পৰাধীন ।

💕(২৪১) গৰু বন্ধা ঘৰ  👉গোহালি ।

💕(২৪২) যি সকলো জানে👉  সৰ্বজ্ঞ ।

💕(২৪৩) দাঁত ওলোৱা হাতী 👉 দঁতাল ।

💕(২৪৪) ঘোঁৰা বন্ধা ঘৰ 👉 অস্তাবল ।

💕(২৪৫) দেশক ভাল পোৱা মানুহ 👉 দেশভক্ত ।

💕(২৪৬) যি পথৰ পৰা বিচলিত 👉 পথভ্ৰষ্ঠ ।

💕(২৪৭) দেশৰ অপকাৰ কৰা মানুহ 👉 দেশদ্ৰোহী ।

💕(২৪৮) যি কথাৰ অৰ্থ নাই 👉 অৰ্থহীন, নিৰৰ্থক ।

💕(২৪৯) মাছ ধৰা লোক 👉 মাছুৱৈ ।

💕(২৫০) গৰু চৰোৱা লোক 👉 গৰখীয়া ।


                


💕(২৫১) যি আনৰ ওপৰত নিৰ্ভৰ কৰে 👉 পৰনিৰ্ভৰশীল ।

💕(২৫২) যি জলত চৰে 👉 জলচৰ ।

💕(২৫৩) দেশৰ বাবে মৃত্যুবৰণ কৰা লোক👉  শ্বহীদ ।

💕(২৫৪) যি নিজৰ ওপৰত নিৰ্ভৰ কৰে 👉 আত্মনিৰ্ভৰশীল ।

💕(২৫৫) যি স্থলত চৰে 👉 স্থলচৰ ।

💕(২৫৬) হাতী চৰোৱা লোক👉 মাউত ।

💕(২৫৭) যাক কল্পনা কৰিব নোৱাৰি 👉 কল্পনাতীত ।

💕(২৫৮) যি আগতে হোৱা নাই বা ঘটা নাই 👉অভূতপূৰ্ব ।

💕(২৫৯) জল আৰু স্থল উভয়তে চৰে যি 👉 উভচৰ ।

💕(২৬০) যাৰ আদি নাই = 👉অনাদি ।

💕(২৬১) যি আগতে হৈছে বা ঘটিছে 👉ভূতপূৰ্ব ।

💕(২৬২) যাৰ অন্ত নাই 👉 অনন্ত ।

💕(২৬৩) যি আনৰ হিতৰ কথা ভাৱে 👉 পৰহিতৈষী ।

💕(২৬৪) যাৰ সীমা নাই 👉 অসীম ।

💕(২৬৫) যাক বৰ্ণনা কৰিব নোৱাৰি 👉 অবৰ্ণনীয় ।

💕(২৬৬) যি কেৱল নিজৰ কথা ভাৱে 👉 স্বাৰ্থপৰ ।

💕(২৬৭) যাক বাৰণ কৰিব নোৱাৰি 👉 অনিবাৰ্য ।

💕(২৬৮) যাক লংঘন কৰিব নোৱাৰি 👉 অলংঘ্য ।

💕(২৬৯) যি সকলোৰে মাজত প্রিয় 👉 লোকপ্ৰিয় ।

💕(২৭০) যাক দেখা নাযায় 👉অদৃশ্য ।

💕(২৭১) যি কণীৰ পৰা জন্মে 👉 অণ্ডজ ।

💕(২৭২) যাক সকলোৱে জানে 👉 বিখ্যাত ।

💕(২৭৩) ঈশ্বৰক বিশ্বাস কৰা লোক 👉 আস্তিক ।

💕(২৭৪) যাক কোনেও নাজানে 👉 অখ‍্যাত ।

💕(২৭৫)ঈশ্বৰক বিশ্বাস নকৰা লোক 👉 নাস্তিক ।

💕(২৭৬) গান গোৱা লোক 👉 গায়ক ।

💕(২৭৭) খেলা ধূলা কৰা লোক 👉 খেলুৱৈ ।

💕(২৭৮) কব নলগীয়া কথা, যাক কব নোৱাৰি 👉 অবাচ্য ।

💕(২৭৯) যাক শুনিব নোৱাৰি 👉 অশ্ৰাব্য ।

💕(২৮০) যাৰ জ্ঞান আছে 👉 জ্ঞানী ।

💕(২৮১) যাৰ ধন আছে 👉 ধনী ।

💕(২৮২) যাৰ মান আছে 👉 মানী ।

💕(২৮৩) যাৰ ঋণ আছে 👉 ঋণী ।

💕(২৮৪) যাৰ ঘৰ-বাৰী নাই 👉অঘৰী ।

💕(২৮৫) যাৰ একো নাই 👉 নিঃস্ব ।

💕(২৮৬) য'ত যাব নোৱাৰি 👉 দুৰ্গম ।

💕(২৮৭) য'ত যাব পাৰি 👉 সুগম ।

💕(২৮৮) যি বহুত কথা কয় 👉 বহুবল্কী ।

💕(২৮৯) যি কথা ক'ব জানে, কথা সজাই ক'ব পৰা লোক 👉 কথাচহকী ।

💕(২৯০)যাৰ মৰণ নাই 👉 অমৰ ।

💕(২৯১) যাৰ ভয় আছে 👉 ভয়াতুৰ ।

💕(২৯২) স্কুলত পঢ়া ল'ৰা ছোৱালী 👉 ছাত্ৰ-ছাত্ৰী ।

💕(২৯৩) যাৰ শত্ৰু নাই 👉 অজাতশত্ৰু ।

💕(২৯৪) যি ইন্দ্ৰিয়ক দমন কৰিছে 👉 জিতেন্দ্ৰিয় ।

💕(২৯৫) যাৰ সীমা আছে 👉 সসীম ।

💕(২৯৬) শাক-পাচলি কৰা ঠাই 👉 শাকনি ।

💕(২৯৭) যাক পৰিহাৰ কৰিব নোৱাৰি 👉অপৰিহাৰ্য ।

💕(২৯৮) ধান খেতি কৰা ঠাই 👉ধাননি ।

💕(২৯৯) যাক সহজে লাভ কৰিব নোৱাৰি 👉 দুৰ্লভ ।

💕(৩০০) যাৰ ধাৰ আছে 👉 ধৰুৱা ।


                   

💕(৩০১) যাক আগতে শুনা নাই =👉 অশ্ৰুতপূৰ্ব ।

💕(৩০২) যাৰ নাম নাই = 👉অনামী ।

💕(৩০৩) যাক সহজে পোৱা যায় 👉= সুলভ ।

💕(৩০৪) যি অলপতে শুনে = শহাকণীয়া ।

💕(৩০৫) যাক গণনা কৰিব নোৱাৰি = অগণন ।

💕(৩০৬) যি কাৰো পক্ষত নাথাকে = নিৰপেক্ষ ।

💕(৩০৭) যি নিশা চৰে = নিশাচৰ ।

💕(৩০৮) যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি = অনিৰ্বচনীয় ।

💕(৩০৯) যি সহ্য কৰিব পাৰে = সহনশীল ।

💕(৩১০) যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী ।

💕(৩১১) ভিক্ষা কৰে যি = ভিক্ষাৰী ।

💕(৩১২) যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য ।

💕(৩১৩) যি খুজি মাগি খায় = খোজনীয়া, মগনীয়া ।

💕(৩১৪) যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত ।

💕(৩১৫) যি কাম কৰা উচিত = কৰ্তব্য ।

💕(৩১৬) যি কথা জনা নাযায় = অজ্ঞাত । 

💕(৩১৭) যি কাৰো লগত মিলিব নোৱাৰে = অজীন-পাতকী ।

💕(৩১৮) যি পুৰি নাযায় = অদাহ্য ।

💕(৩১৯) দুটা মাহৰ মাজৰ দিন = দোমাহী বা সংক্ৰান্তি ।

💕(৩২০) যি নিয়মমতে খৰচ কৰে = মিতব্যয়ী ।

💕(৩২১) জুই ধৰি ৰখা ঠাই = জুহাল ।

💕(৩২২) যি সঁচা কথা কয় = সত্যবাদী ।

💕(৩২৩) যি মাটি ফুটি ওলায় = উদ্ভিদ ।

💕(৩২৪) যি মিছা কথা কয় = মিছলীয়া ।

💕(৩২৫) যি বিদ্যালাভ কৰিছে = কৃতবিদ্যা ।

💕(৩২৬) যি ঘৰত ওপজে = ঘৰ-ওপজা ।

💕(৩২৭) যি নগৰত থাকে = নগৰীয়া ।

💕(৩২৮) যি বনত ওপজে = বনজ ।

💕(৩২৯) বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ ।

💕(৩৩০) যি গাঁৱত থাকে = গাঁৱলীয়া ।

💕(৩৩১) যি বিদেশত থাকে = প্ৰবাসী ।

💕(৩৩২) যাক দিব পৰা নাযায় = অদেয় । 

💕(৩৩৩) বিদেশৰ পৰা অহা লোক = বিদেশী ।

💕(৩৩৪) যি ভয় নকৰে = নিৰ্ভীক ।

💕(৩৩৫) যাক বধ কৰিব পৰা নাযায় = অবধ্য ।

💕(৩৩৬) আনৰ ভাল দেখিব নোৱৰা = চকুচৰহা, পৰশ্ৰীকাতৰ ।

💕(৩৩৭) একে গুৰুৰ শিষ্য = সতীৰ্থ ।

💕(৩৩৮) যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ ।

💕(৩৩৯) একে শ্ৰেণীত পঢ়া = সহপাঠী ।

💕(৩৪০) যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গৰ ।

💕(৩৪১) একে মাকৰ সন্তান = সহোদৰ ।

💕(৩৪২) গোটেই জীৱন জুৰি = আজীৱন ।

💕(৩৪৩) যাৰ ধৰ্মত মতি আছে = ধৰ্মপৰায়ণ ।

💕(৩৪৪) মাগিলেও ভিক্ষা নোপোৱা সময় = দূৰ্ভিক্ষ ।

💕(৩৪৫) জন্মৰ পৰা অন্ধ যি = জন্মান্ধ ।

💕(৩৪৬) বিষ্ণুক উপাসনা কৰা লোক = বৈষ্ণৱ ।

💕(৩৪৭) যি এটা চকুৰে নেদেখে = কণা ।

💕(৩৪৮) শিৱক উপাসনা কৰা লোক = শৈৱ ।

💕(৩৪৯) দুয়োটা চকুৰে নেদেখা লোক = অন্ধ ।

💕(৩৫০) শক্তিক উপাসনা কৰা লোক = শাক্ত ।

            

💕(৩৫১) তাঁত বোৱাত পাৰ্গত তিৰোতা 👉 শিপিনী ।

💕(৩৫২) যাক বৰ্জন কৰিব নোৱাৰি 👉 অবৰ্জনীয় ।

💕(৩৫৩) যাক কোনেও নাজানে 👉 অখ্যাত ।

💕(৩৫৪) চোৱাই নোখোৱা কার্য 👉 অচৰ্বণ ।

💕(৩৫৫) যি গতি নকৰে 👉 অচৰ ।

💕(৩৫৬) যি কথা বিশ্বাস কৰিব নোৱাৰি  👉 অবিশ্বাস্য ।

💕(৩৫৭) যি পুৰি নাযায় 👉 অদাহ্য ।

💕(৩৫৮) যাৰ মাক-দেউতাক মৰিছে 👉 ঘাট মাউৰা ।

💕(৩৫৯) কণীৰ পৰা ওপজা 👉 অণ্ডজ ।

💕(৩৬০) মাটি ভেদি ওলোৱা 👉 উদ্ভিদ ।

💕(৩৬১) কঁঠালৰ সৰু কলি 👉 মুচি ।

💕(৩৬২) যাৰ কোনো নাই 👉 অনাথ ।

💕(৩৬৩) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে 👉 কৃতঘ্ন ।

💕(৩৬৪) যাৰ মূল্য বহুত 👉 অমূল্য ।

💕(৩৬৫) যাৰ কুল আৰু জাতি জনা নাযায় 👉 অজ্ঞাত কুলশীল ।

💕(৩৬৬) পনিয়া গাখীৰ দিয়া গাই 👉 জলাহী ।

💕(৩৬৭) যি নিজে নিজে হয় 👉 স্বয়ম্ভু ।

💕(৩৬৮) যি কথা কব নোৱাৰে 👉 মুক, বোবা ।

💕(৩৬৯) যি সহজে জীণ নাযায় 👉 অজীৰ্ণ ।

💕(৩৭০) শাৰীৰিক ভাবে অক্ষম যি 👉 প্ৰতিবন্ধী ।

💕(৩৭১) যি অইন ফালে মন দিয়ে 👉 অন্যমনস্ক ।

💕(৩৭২) শৰৎ কালত হোৱা 👉 শাৰদীয় ।

💕(৩৭৩) যি গুণীৰ গুণ বুজে 👉 গুণগ্ৰাহী ।

💕(৩৭৪) বাটে বাটে যোৱা মানুহ 👉 বাটৰুৱা ।

💕(৩৭৫) যাৰ ধৰ্মলৈ ভয় আছে 👉 ধৰ্মভীৰু 

💕(৩৭৬) কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা 👉 কৃতসংকল্প 

💕(৩৭৭) অশেষ মূল্য যাৰ 👉 অমূল্য 

💕(৩৭৮) দৰমহা নোলোৱাকৈ কৰা কাম 👉 অবৈতনিক ।

💕(৩৭৯) যোৱাৰ উচিত বা যোগ্য 👉 গন্তব্য ।

💕(৩৮০) কাপোৰ বব জনা তিৰোতা 👉 শিপীনী ।

💕(৩৮১) একে সময়তে হোৱা 👉 সমসাময়িক ।

💕(৩৮২) ভৱিষ্যত চিন্তা কৰিব পৰা লোক 👉 দূৰদৰ্শী ।

💕(৩৮৩) পি খোৱা বস্তু 👉 পেয় ।

💕(৩৮৪) বুকুৰে বগাই যোৱা প্ৰাণী 👉 সৰীসৃপ ।

💕(৩৮৫) যি বিশ্বজনৰ বাবে ভাল 👉 বিশ্বজনীন ।

💕(৩৮৬) দেশৰ অপকাৰ কৰা মানুহ 👉 দেশদ্ৰোহী ।

💕(৩৮৭) যি কথাৰ অৰ্থ নাই 👉 অৰ্থহীন, নিৰৰ্থক ।

💕(৩৮৮) মাছ ধৰা লোক 👉 মাছুৱৈ ।

💕(৩৮৯) যি সর্বাংগ ব্যাপি আছে 👉 সৰ্বাংগীণ ।

💕(৩৯০) ফুল থোৱা পাত্ৰ 👉 ফুলদানি ।

💕(৩৯১) যি কথা কোৱা উচিত  👉 বচনীয় ।

💕(৩৯২) নিজৰ ওপজা ঠাই  👉 জন্মভূমি

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...