Search This Blog

Saturday, April 30, 2022

Class (ix) Assamese Medium Lesson : 2 নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (কাছাৰৰ জনগোষ্ঠীসকল) পাঠ : ২ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।

Class (ix) Assamese Medium Lesson : 2 নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (কাছাৰ জনগোষ্ঠীসকল) পাঠ : ২ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।

                       ✅প্ৰশ্নাৱলী : 🥰

💕 (১) নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে ? (২০)
উত্তৰ👉👉 বেলেগ বেলেগ ভাষা আৰু সংস্কৃতিৰ মানুহৰ সহবস্থানৰ কাৰণে নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক Anthropological garden অৰ্থাৎ 'নৃত্বত্তৰ বাগিছা' বুলি অভিহিত কৰিছে ।


💕 (২) বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ কি কি ? (২০-২১)
উত্তৰ👉👉 বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ নাম  হ'ল - বঙ্গীয় সমাজ, মণিপুৰী, মণিপুৰী বিষ্ণুপ্ৰিয়া, ভোজপুৰী, অসমীয়া, ৰাজবংশী, ৰাজস্থানী, বৰ্মন(ডিমাছা), ৰংমাই নাগা, মাৰ, কাৰ্বি, ৰিয়াং, খাচিয়া, ভেইকেই, কুকি, পৈতে, মিজো, সিমতে, গাংতে, চাকমা, চিৰু, চৰৈ,ৰাংখল, শাকচেপ নেপালি আদি ।

💕 (৩) বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি ? (২১)
উত্তৰ👉👉 বৰাক উপত্যকাৰ মানুহে সাধাৰণতে তিনি ধৰণেৰে জীৱিকা নিৰ্বাহ কৰে - খেতি-বাতি, ব্যৱসায় আৰু চাকৰি ।

💕 (৪) 'The background of Assamese Culture' গ্ৰন্থখন কোনে ৰচনা কৰিছিল ? (২২)
উত্তৰ👉👉 'The background of Assamese Culture' গ্ৰন্থখন ৰাজমোহন নাথে ৰচনা কৰিছিল।

💕 (৫) হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ কোন আছিল ? (২১)
উত্তৰ👉👉 হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ সুনীল মোহন আছে।


             ✅(৬) চমুটোকা লিখা :💕
💕 (ক) ৰাজমোহন নাথ (২২)
উত্তৰ👉👉 প্ৰসিদ্ধ অভিযন্তা, সাহিত্যিক , গৱেষক পণ্ডিত ৰাজমোহন নাথৰ সাহিত্য ক্ষেত্ৰত অমূল্য অৱদান আছে । এইগৰাকী ব্যক্তিয়ে বৰাকৰ বিভিন্ন গোষ্ঠীসমূহৰ মাজত বহুতো জনহিতকৰ কামত অগ্ৰসৰ হৈছিল । তেওঁ ৰচনা কৰা উল্লেখযোগ্য গ্ৰন্থখনৰ নাম হ'ল 'The background of Assamese Culture'. এই গ্ৰন্থখন প্ৰকাশিত হৈছিল ১৯৪৮ চনত । শ্রীমন্ত শংকৰদেৱৰ সাহিত্য আৰু দৰ্শনৰ বিষয়েও ৰাজমোহন নাথে চৰ্চা কৰিছিল । তিনিচুকীয়া চহৰত ১৯৫৮ চনত অনুষ্ঠিত 'অসম সাহিত্য সভা'ৰ ত্ৰয়োদশ অধিবেশনত তেওঁ বুৰঞ্জী শাখাৰ সভাপতি আছিল । 


💕 (খ) কমালুদ্দীন আহমদ (২২)
উত্তৰ👉 বুৰঞ্জীবিদ কামালুদ্দীন আহমদ আছিল কৰিমগঞ্জ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যপক । পৰৱৰ্তী সময়ত তেওঁ অধ্যক্ষ হৈছিল । কামালুদ্দীন আহমদে সাহিত্য চৰ্চাও কৰিছিল ।কামালুদ্দীন আহমদে সম্পাদিত কৰা সাহিত্য পত্ৰখনৰ নাম 'দিগ্বলয়'। ১৯৯৪ চনত কামালুদ্দীন আহমদ অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা গন্থ খনৰ নাম 'the art and architecture of Assam'।  
কামালুদ্দীন আহমদ শতাধিক গৱেষণা- নিৱন্ধৰ লগতে উপন্যাস আৰু সৃজনশীল সাহিত্যও ৰচনা কৰিছিল।


💕 (গ) নন্দলাল বৰ্মণ (২২)
উত্তৰ👉👉 সমাজসেৱক আৰু প্ৰতিপত্তিশালী ব্যৱসায়ী নন্দলাল বৰ্মন আছিল এজন শিক্ষানুৰাগী ব্যক্তি । বৰ্মণ সমাজৰ মানুহে তেওঁক 'মিলাউ' আৰু   আন সমাজৰ মানুহে 'মহাজন' বুলি সম্বোধন কৰিছিল। শিক্ষানুৰাগী নন্দলাল বৰ্মণে গঞা ল'ৰা-ছোৱালীৰ শিক্ষাৰ কাৰণে ১৯০১ চনত কাছাৰ জিলাৰ বৰখলাত এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বৰ্তমানৰ নাম 'ৰাজা গোবিন্দ চন্দ্ৰ মেমোৰিয়েল স্কুল'।

     💕 (ঘ) নলিনীন্দ্ৰ কুমাৰ বৰ্মণ (২২)
উত্তৰ👉👉 নলিনীন্দ্ৰ কুমাৰ বৰ্মণ এগৰাকী শিক্ষক আছিল। ১৯৩০ চনৰ জুন মাহত বৰ্তমানৰ ডিমাহাছাও জিলাৰ সদৰ হাফলঙৰ মিচন স্কুলত তেওঁ শিক্ষক হিচাপে যোগ দিছিল। ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে তেওঁ ব্যাপক অধ্যয়ন কৰিছিল। এই বিষয়ে লিখা তেওঁৰ গ্ৰন্থ খনৰ নাম হ'ল -  'The Queen of Cachar or Herambo and the History of the Cacharis'. ডিমাছা সমাজত শৰাধৰ অত্যাৱশ্যকীয় অংগ হ'ল কীৰ্তন । নলিনীন্দ কুমাৰ বৰ্মণে শৰাধৰ কীৰ্তন পদাৱলীৰ এখন সংকলন প্ৰকাশ কৰিছিল । সেই গ্ৰন্থখনৰ নাম হ'ল 'হৈড়িম্বৰাজ গোবিন্দচন্দ্ৰকৃত হিন্দু শাস্ত্ৰীয় শ্ৰাদ্ধাদিৰ কীৰ্তন গীতিকা।
                      

💕 (ঙ) ইৰুংবম চন্দ্ৰ সিংহ (২৩)
উত্তৰ👉👉 ইৰুংবম চন্দ্ৰ সিংহ মণিপুৰী সমাজৰ প্ৰথম অৰ্থনীতি বিজ্ঞানৰ সান্মাষিক স্নাতক আছিল। গঞা ল'ৰা-ছোৱালীৰ শিক্ষকৰ বাবে তেওঁ নানাবিধ সৰ্দথক প্ৰয়াস কৰিছিল। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ কাৰণে এটা তহবিল গঢ়ি তোলাৰ লগতে তেওঁ এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বৰ্তমানৰ নাম 'খেলম হাইস্কুল' ।

💕 (চ) বিপিন সিংহ (২৩)
উত্তৰ 👉👉 বিপিন সিংহ মণিপুৰী বিষ্ণুপ্ৰিয়া সমাজৰ এজন নৃত্য বিশাৰদ আছিল । নৃত্যকলা চৰ্চাৰ ক্ষেত্ৰত অৱদানৰ বাবে বিপিন সিংহক ১৯৬৬ চনত 'সংগীত নাটক' অকাডেমি বঁটা প্ৰদান কৰা হৈছিল । পৰৱৰ্তী কালত তেখেতে মধ্যপ্ৰদেশ চৰকাৰৰ পৰা 'কালিদাস' সন্মান লাভ কৰিছিল । তেখেতে কলিকতাত 'মণিপুৰী নৰ্তনালয়' নামেৰে নৃত্যকলা শিক্ষাৰ এটা অনুষ্ঠান তেওঁ স্থাপন কৰিছিল ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...