Search This Blog

Tuesday, May 10, 2022

Class 7 science lesson 3 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ ৩ (আঁহৰ পৰা কাপোৰলৈ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 7 science lesson 3 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ ৩ (আঁহৰ পৰা কাপোৰলৈ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ


                    ✅ অনুশীলনী : 💕

💕 (১) তোমালোকে তলত দিয়া প্রাক-প্রাথমিক শ্রেণীৰ পদ্যটোৰ লগত বোধ হয় পৰিচিত।
(i) Baa-Baa black sheep, have you any wool.

(ii) Mary had a little lamb, whose fleece was white as snow.

     ✅  তলত দিয়া সমূহৰ উত্তৰ দিয়া।
💕 (ক) Black sheep ৰ কোনটো অংশত ঊণ আছে ?
উত্তৰ👉👉 Black sheep ৰ ছালখনত থকা নোম বিলাকত ঊণ আছে।

💕 (খ) ভেড়াৰ পোৱালিৰ বগা নোমবোৰে কি বুজায় ?
উত্তৰ👉👉 ভেড়া পোৱালিৰ গাত থকা বগা চুলিবোৰক বুজায়।


         ✅ (২) পাটপলু মানে এটা 
(ক) কেটাৰপিলাৰ (Caterpillar), 
(খ) লাৰভা (larva) 
এতিয়া তলৰ কোনটো শুদ্ধ ?
👉 (i)  ক)
👉 (ii) খ)
👉 (iii) ক আৰু খ দুয়োটা
👉 (iv) ক আৰু খ এটাও নহয়।
উত্তৰ👉👉 (iii) ক আৰু খ দুয়োটা


💕 (৩) তলত দিয়া কোনটোৱে ঊণ নিদিয়ে।
(i) য়াক
(ii) উট
(iii) ছাগলী
(iv) নোমাল কুকুৰ।
উত্তৰ👉👉 (iv) নোমাল কুকুৰ।

💕 (৪) তলত দিয়া শব্দবোৰে কি বুজায় ?
👉 (i) ৰিয়েৰিং (rearing) বা পালন  
উত্তৰ👉👉 অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কিছুমান প্ৰাণীক বিজ্ঞান সন্মতভাৱে পোহপালন দি তাৰ পৰা বংশবৃদ্ধি ঘটোৱাকে ৰিয়েৰিং বোলে ।

👉 (ii) শ্বীয়েৰিং (Shearing) বা নোম খুৰোৱা (২৬)
 উত্তৰ👉👉ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক মুণ্ডন (Shearing) বা প্রাণীৰ নোম খুৰোৱা বুলি কোৱা হয়। নোম খুৰাবলৈ নাপিতে ব্যৱহাৰ কৰা সঁজুলিৰ দৰে যন্ত্ৰ ব্যৱহাৰ কৰা হয় ।


👉 (iii) ৰেচম বা পাট শিল্প (Sericulture) (২৮)
উত্তৰ👉👉 পাটপলুৰ পৰা পাটৰ আঁহবোৰ পোৱা যায়। পাট সূতা পাবলৈ পাটপলু প্ৰতিপালন কৰা বা পোহাক ৰেচম বা পাটশিল্প বোলে। (Sericulture) ।


✅ (৫) তলত দিয়া সমূহ হৈছে ঊণ তৈযাৰ কৰা প্রণালীৰ স্তৰবোৰ। নথকা স্তৰবোৰ বাছি লিখা। (২৬-২৭) 
👉 স্বীয়েৰিং বা নোম খুৰোৱা, -------------, চৰ্টিং বা ভাগ কৰা, -------------, -------------, -------------,
উত্তৰ👉👉 স্কাউৰিং বা নিঘর্ষণ, ভোবোৰা নোম বা বাৰ্চ আঁতৰোৱা, ৰং কৰা, ফণিওয়া ।


✅ (৬) পাট চকৰীৰ জীৱন চক্রৰ দুটা অৱস্থাৰ চিত্র আঁকা যিবোৰ পাট উৎপাদনত পোনপটীয়াকৈ জড়িত।
উত্তৰ👉👉 কিতাপখনৰ পৃষ্ঠা ২৮ ত ছবিটো দিয়া আছে চাই ল'বা।

✅ (৭) তলত দিয়াবোৰৰ কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত।
                 [ ৰেচম শিল্প, (Sericulture) 
পুষ্পোদ্যান বিজ্ঞান (floriculture),
নুনীগছৰ খেতি, (moriculture)
মৌ-পালন, (apiculture)
বৃক্ষবিজ্ঞান (Silviculture) ]

       👉👉 ইংগিত : 👇👇
(i) পাটৰ উৎপাদন নুনীগছৰ খেতি আৰু পাটপলু পালনৰ লগত জড়িত ।
(ii) নুনীগছৰ বৈজ্ঞানিক নাম মৰাচ আলবা (Morus alba) 

উত্তৰ👉👉 ৰেচম শিল্প (Sericulture), 
নুনীগছৰ খেতি (Moriculture) 


💕 (৮) ‘ক’ অংশৰ সৈতে ‘খ’ অংশ মিলোৱা
উত্তৰ👉👉 
       👇 ক অংশ              খ অংশ👇

(১) স্কাউৰিং বা নির্ঘর্ষণ - ঙ)ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ
(২) নুনী গছৰ পাত - গ) পাট পলুৰ খাদ্য।
(৩) য়াক - (খ) ঊন উৎপাদন কৰা প্ৰাণী
(৪) লেটাগুটি -   (ক) পাটৰ সূতা উৎপাদন কৰে।


✅ (৯) পাঠৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখল দিয়া হৈছে। শব্দবোৰৰ কাৰণে ইংগিতৰ সহায়ত খালী ঠাইবোৰ বৰ্ণৰে পূৰ কৰা।
উত্তৰ👉👉 
তললৈ
(২) এখন ঠাই য'ত য়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয় । 👉 লাডাখত
(৩) ৰেচম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ । 👉 চীন
৫) পাটৰ আন এটি নাম 👉 ৰেচম

পথালিকৈ
১) পাট পলুৰ জীৱন চক্ৰত কণীৰ পিছৰ স্তৰ। 👉 কেটাৰপিলাৰ
৪) কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰ হোৱাৰ সময়ত নিঃসৰণ কৰা উপাদান। 👉 প্রটিন
৬) পাট পলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰ। 👉 চকৰী
৭) ভেড়া, য়াক আদি জন্তুৰ ছালৰ এক অংশ য'ৰ পৰা আঁহ পোৱা যায়। 👉 নোম

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...