Search This Blog

Saturday, April 16, 2022

Class 9 Assamese Medium নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (আহোমসকল) পাঠ :১ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 9 Assamese Medium নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (আহোমসকল) পাঠ :১ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।


                ☑️ প্ৰশ্নাৱলী : 💕

💕 (১) আহোমসকল আদিতে কোন জাতিৰ লোক আছিল ? (৮)
উত্তৰ👉👉 আহোমসকল আদিতে টাই জাতিৰ লোক আছিল।

💕 (২) আহোমসকলৰ আদি বাসস্থান ক'ত আছিল ? (৮)
উত্তৰ👉👉 আহোমসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলত, বৰ্তমানৰ ইউনান প্ৰদেশৰ
মুংমাও ৰাজ‍্যত ।

💕 (৩) আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ? (৮)
উত্তৰ👉👉আহোমসকলে প্ৰায় ৬০০ বছৰ অসমত শাসন কৰিছিল।

💕 (৪) আহোমসকলৰ আদিভাষা কি আছিল ? (৮)
উত্তৰ👉👉 আহোমসকলৰ আদিভাষা টাই বা শ্যান আছিল।

💕 (৫) আহোমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা। (৯)
উত্তৰ👉👉আহোমসকলে পালন কৰা কেইটিমান উৎসৱৰ নাম হ'ল - 'মে-ডাম মে-ফী, 'চাইফা, 'ৰিক্ খন, জাচিংফা' 'লাইলুংখাম, আদি।

           ☑️ (৬) চমুটোকা লিখা : 👇

💕 (ক) লাচিত বৰফুকন
💕 (খ) সতী জয়মতী
💕 (গ) টেঙাই মহন
💕 (ঘ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন
💕 (ঙ) কৃষ্ণকান্ত সন্দিকৈ
💕 (চ) পদ্মনাথ গোহাঞি বৰুৱা

             ☑️ (ক) লাচিত বৰফুকন (১০)
উত্তৰ👉👉 লাচিত বৰফুকনৰ জন্ম হৈছিল ১৬১২ খ্ৰীষ্টাব্দত । অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি ক'লে লাচিত বৰফুকনৰ নামেই লোৱা হয় । লাচিত বৰফুকনৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা । লাচিত বৰফুকনে অতি সাধাৰণ অৱস্থাৰ পৰা নিজৰ কৰ্মদক্ষতাৰ বলত আহোমৰ সেনাপতিৰ পদৰ অধিকাৰী হৈছিল। ১৬৬৭ চনৰ ২০ আগষ্টত আহোম-মোগলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত লাচিতৰ নেতৃত্বত অসমে বিজয় সাব্যস্ত কৰিছিল। আহোম আৰু মোগলৰ মাজত সৰ্বশেষ যুদ্ধখনেই হ'ল শৰাইঘাটৰ যুদ্ধ । ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত এই যুদ্ধ সংগঠিত হৈছিল । এই যুদ্ধত লাচিতৰ নেতৃত্বত অসমীয়া সৈন্যই দেখুওৱা বীৰত্বৰ নজিৰ পাবলৈ নাই । আহোম আৰু মোগলৰ মাজত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধ অসম তথা ভাৰতীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা । তদুপৰি এই যুদ্ধত অসমৰ জয়লাভ তাতোকৈ গুৰুত্বপূৰ্ণ ঘটনা আছিল । শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পিছত ১৬৭২ চনত এই গৰাকী অসমবীৰৰ গুৱাহাটীত মৃত্যু হৈছিল ।

💕 (খ) সতী জয়মতী = সতী জয়মতী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী । পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ । সেইসময়ৰ মন্ত্ৰী লালুকসোলাই কু-অভিসন্ধি কৰি কেইবাজনো উপযুক্ত ৰাজকোঁৱৰ থকা স্বত্বেও ছু-লি-ক-ফা বা ল'ৰাৰজাক ৰজা পাতিছিল । সেইকাৰণে কোনোবাজন কোঁৱৰে বিদ্ৰোহ কৰিব বুলি বা স্বৰ্গদেউৰ প্ৰাণ ল'ব বুলি ভয়তে কোঁৱৰ সকলৰ অংগক্ষত কাৰ্য আৰম্ভ কৰিলে । অংগক্ষত কৰিলে কোঁৱৰসকল ৰজা হ'বলৈ নোৱাৰে । সেই কোঁৱৰ সকলৰ ভিতৰত গদাপাণিও আছিল অন্যতম । অংগক্ষতৰ পৰা হাত সাৰিবৰ বাবে জয়মতীৰ অনুৰোধত গদাপাণি নগা পাহাৰলৈ পলাই গৈছিল আৰু নগাৰ বেশ ধৰি নগাপাহাৰৰ মাজলৈ সোমাই গৈছিল ।
                  গদাপাণিক বিচাৰি নাপায়, গদাপাণি ক'ত লুকাই আছে জানিবৰ কাৰণে লালুকসোলাই জয়মতীক জেৰেঙাৰ চাপৰিলে নি নিৰ্জন স্থানত ৰাখি যিকোনো উপায়েৰে জয়মতীৰ মুখৰ পৰা গদাপাণিৰ বাতৰি উলিয়াবলৈ
চাওঁদাঙক আদেশ দিলে । চাওঁদাঙে অনেক ৰকমে বুজাই-বঢ়াই, ফুচলাই, উচতাই,ভয় দেখুৱাই জয়মতীৰ মুখৰ পৰা গদাপাণিৰ বিষয়ে জানিবলৈ বিচাৰিলে কিন্তু জয়মতীয়ে একোকে ন'কলে । গদাপাণিৰ বিষয়ে একো নোকোৱাত চাওঁদাঙে জয়মতীক দুই-এটাকৈ শাস্তি দিবলৈ ধৰিলে তথাপিও কিন্তু জয়মতীয়ে একোকে নকলে । এইদৰে ১৪ দিন নিৰ্জন
জেৰেঙাত শাস্তি ভুগি ইংৰাজী ১৬৭৯ চনৰ অসমীয়া মাহৰ ১৩ চ'তৰ দিনা জয়মতী কুঁৱৰীয়ে নশ্বৰদেহ ত্যাগ কৰে ।

💕 (গ) টেঙাই মহন = টেঙাই মহনৰ জন্ম হৈছিল ১৭১৫ চনত চৰাইদেউত । তেওঁ আছিল অসমৰ প্ৰথমজন অভিধান প্ৰণেতা । তিনিজন ককায়েক-ভায়েকৰ মাজত টেঙাই মহন আছিল সৰু । আহোম ৰাজত্বৰ শেষৰফালে আহোম দৰবাৰত বিভিন্ন কাৰণত আহোম ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাই লাহে লাহে প্ৰসাৰতা লাভ কৰিছিল । আনহাতে আহোম ভাষাই ক্ৰমান্বয়ে অৱহেলিত হোৱাৰ লগতে দৈনন্দিন কথা-বতৰাৰ পৰাও আঁতৰি যাবলৈ ধৰিলে । এনে স্থলত আহোমৰ সচেতন-বুদ্ধিজীৱীসকলে  ভাষা-বৰ্ণ-নিৰ্বিশেষে ভৱিষ্যত প্ৰজন্মই যাতে আহোম ভাষাটো শিকিব পাৰে তাৰ বাবে গুণাগঁথা কৰিবলৈ ধৰে । তাৰ ফলশ্ৰুতিতেই টেঙাই মহনে এখন আহোম অভিধান প্ৰণয়নৰ কাম হাতত লয় । স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বৰ শেষৰফালে ১৭৭৫ চনত টেঙাই মহনে 'বৰ কাকত হু মুং পুথি' নামৰ এখন অভিধান পুথি ৰচনা কৰে । ১৯১২ চনত কোঁচ বিহাৰৰ কৈলাশ চন্দ্ৰ সেন নামৰ ব্যক্তি এজনৰ পৰা হেমচন্দ্ৰ গোস্বামীদেৱে টেঙাই মহনে লিখা 'বৰ কাকত হু মুং' পুথিখন উদ্ধাৰ কৰি 'বুৰঞ্জী আৰু পুৰাতও্ব বিভাগত জমা দিয়ে । ১৮২৩ চনত ডিব্ৰুগড় জিলাৰ খুৱাঙত তেওঁৰ মৃত্যু হয় ।

💕 (ঘ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন = ডম্বৰুধৰ দেওধাই ফুকনদেৱৰ জন্ম হয় ১৯১২ চনত তেতিয়াৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত খালৈঘোগৰা মৌজাৰ অন্তৰ্গত আখৈয়া দেওধাই গাঁৱৰ এটা মধ্যবিত্ত পৰিয়ালত । তেওঁৰ দেউতাকৰ নাম গংগাৰাম ফুকন আৰু মাকৰ নাম চাদৈ ফুকন। ডম্বৰুধৰ ফুকনদেৱে এম. ভি স্কুলৰ পাছত অধিক আগ নাবাঢ়ি টাই ভাষা-সাংস্কৃতিকে খামোচ মাৰি একান্তভাৱে অধ্যয়ন কৰিবলৈ লয়। অতি কম সময়ৰ ভিতৰতে টাই ভাষাত বুৎপত্তি লাভ কৰিবলৈ সক্ষম হোৱা ফুকনদেৱে এজন টাই পণ্ডিত হিচাপে খিয়াতি লাভ কৰিছিল । ফুকন দেৱক অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ মুৰব্বী ড° সূৰ্যকুমাৰ ভূঞাদেৱে ১৯৩১ চনত টাই ভাষাৰ বিশেষজ্ঞ হিচাপে টাই আহোম বুৰঞ্জী অনুবাদৰ বাবে গুৱাহাটীলৈ মাতি নিয়ে। বিভিন্ন আলোচনা চক্ৰত
অংশগ্ৰহণৰ বাবে তেখেতে কেইবাবাৰো অসমৰ বাহিৰলৈ যায় । তেখেতে প্ৰতিষ্ঠা কৰা অনুষ্ঠান সমূহ হৈছে - ১৯৭৫ চনত সদৌ অসম বৌদ্ধ ফ্ৰালুং সংঘ ; ১৯৮১ চনত পূৰ্বাঞ্চল টাই সাহিত্য সভা ইত্যাদি । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টাই ভাষা-সংস্কৃতি বিকাশৰ হকে ঢপলিয়াই ফুৰা মুলুং ডম্বৰু দেওধাই ফুকনদেৱৰ ডিব্ৰুগড় জিলাৰ লেঙেৰীত অনুষ্ঠিত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ দশম অধিৱেশনৰ পাছদিনা ১৫-০২-৯৩ তাৰিখে আবেলি হৃদৰোগত আক্রান্ত হৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত পৰলোক-প্ৰাপ্তি ঘটে ।

💕 (ঙ) কৃষ্ণকান্ত সন্দিকৈ =   কৃষ্ণকান্ত সন্দিকৈদেৱৰ জন্ম হয় ১৮৯৮ চনত যোৰহাটত । তেওঁৰ দেউতাকৰ নাম আছিল ৰাধাকান্ত সন্দিকৈ আৰু মাকৰ নাম আছিল নাৰায়ণী সন্দিকৈ । কৃষ্ণকান্ত সন্দিকৈ আছিল অসমৰ এজন বিদগ্ধ পণ্ডিত । তেওঁৰ প্ৰকাশিত ইংৰাজী গ্ৰন্থ তিনিখন - শ্ৰীহৰ্ষৰ নৈষধ চৰিতৰ ইংৰাজী অনুবাদ আৰু টীকা সম্বলিত পুথি 'নৈষধ চৰিত', সোমদেৱৰ যশস্তিলকৰ ভিত্তিত ৰচিত পুথি 'যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ' আৰু মাৰাঠী লেখক প্ৰবৰসেনৰ প্ৰকৃত পুথি সেতুবন্ধনৰ ভাষ্য 'সেতুবন্ধন' । ইয়াৰ উপৰিও বিভিন্ন গৱেষণা আলোচনীত ভাৰততও্ব সম্পৰ্কে ভালেমান প্ৰবন্ধ লিখিছিল । ১৯৫১ চনত বহা অখিল ভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলনৰ লক্ষ্ণৌ অধিবেশনৰ সভাপতিত্ব কৰিছিল। ১৯৫৩ চনত ৱালটেয়াৰত বহা আন্তঃ বিশ্ববিদ্যালয় সমিতিৰো সভাপ্ৰতি আছিল। বাঁহী, মিলন, আৱাহন , চেতনা, আলোচনী আদি কাকতত প্ৰবন্ধ পাতি লিখিছিল । তেওঁ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰো সভাপতি আছিল । কৃষ্ণকান্ত সন্দিকৈদেৱক ভাৰত চৰকাৰে ১৯৫৫ চনত পদ্মশ্ৰী আৰু ১৯৬৭ চনত পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল ।মৃত্যুৰ আগে আগে তেওঁ নিজৰ  ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়লৈ দান কৰি যায়। ১৯৮২ চনৰ ৭ জুনত এইগৰাকী পণ্ডিতৰ মৃত্যু হয় ।

💕 (চ) পদ্মনাথ গোহাঞি বৰুৱা = অসমৰ এজন স্বনামধন্য সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ জন্ম হয় ১৮৭১ চনৰ ২৪ অক্টোবৰত উত্তৰ লক্ষীমপুৰৰ নকাৰি গাঁৱত । তেওঁৰ দেউতাকৰ নাম আছিল ঘিণাৰাম আৰু মাকৰ নাম লক্ষ্মীদেৱী । শিক্ষা জীৱন সমাপ্ত কৰি তেওঁ প্ৰথমে কহিমা মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে আৰু পাছত যোৰহাটত কিছুকাল শিক্ষকতা কৰি ১৮৯৩ চনত তেজপুৰ নৰ্মাল স্কুললৈ আহে আৰু তাতে স্থায়ীভাৱে বসবাস কৰে । তেওঁ বহুতো কবিতা পুথি, বুৰঞ্জীমূলক নাটক, উপন্যাস, ধর্মমূলক গ্ৰন্থ আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে । তেওঁ শিৱসাগৰত বহা অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল । লগতে তেওঁ বিভিন্ন সাহিত্যিক আৰু সামাজিক অনুষ্ঠানৰ অধিবেশনত সভাপতিত্ব কৰিছিল । এইজনা সাহিত্যিকৰ ১৯৪৬ চনৰ ৭ এপ্ৰিল তাৰিখে পৰলোক প্ৰাপ্তি হয় ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...