Class 10 Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (তিৱাসকল) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।
✅ প্ৰশ্নাৱলী : 💕
💕 (১) ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লােক ? (৭৪)
উত্তৰ👉👉 ভাষিক দিশৰ পৰা তিৱাসকল ইন্দো-চীনৰ অন্তৰ্গত তিব্বত বর্মীয় ভাষা-গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ ‘বড়াে’ ঠালৰ লােক ।
💕 (২) তিৱাসকলে তেওঁলােকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্রবােৰ কি কি ? (75)
উত্তৰ👉👉 তিৱাসকলে তেওঁলােকৰ উৎসৱ-পার্বণ বিলাকত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ বিলাকৰ নাম হ’ল - খ্রাম্ (ঢােল) বাৰ, খ্রাম্ খুজুৰা, খ্রাম্ পান্থাই, দুমদিং, দগৰ্, পাতিঢোল আদি চামৰাৰ বাদ্য ; বাঁহৰ পাবেৰে তৈয়াৰী ৱাফাং খ্রাম, থকথৰৰক ; মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংশী (বাঁহী), থােৰাং, ম’হৰ শিঙৰ পেঁপা, মুহুৰি আৰু খায়াং (তাল) ইত্যাদি ।
💕 (৩) তিৱা সমাজত ‘জেলা‘ বুলি কাক কোৱা হয় ? (75)
উত্তৰ👉👉 তিৱা সমাজত খেলৰ প্রশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত 'জেলা' বুলি কোৱা হয়।
লগতে তিৱা সমাজত পাহাৰ অঞ্চলৰ প্রতিটো পৰিয়ালৰ মুৰব্বীকো 'জেলা' বুলি কোৱা হয়।
💕 (৪) তিৱা সকলৰ কেইটিমান উৎসৱৰ নাম লিখা । (৭৫)
উত্তৰ👉👉 তিৱা সকলৰ কেইটিমান উৎসৱৰ নাম হ'ল -
(ক) পাহাৰ অঞ্চলৰ পূজা বা উৎসৱ পাৰ্বন:- ৱানছুৱা, ছগ্রা, য়াংলী, মুইনাৰী, কাণ্ঠি, লাংখন্, মাই পথালা, মাই ৰাৱা, খাপলাং ৰাৱানে ফুজা, পান্থাইচ্যৱা ইত্যাদি ।
(খ) ভৈয়াম অঞ্চলৰ পূজা বা উৎসৱ পাৰ্বন:- জোনবিল মেলা, বৰত্, গােসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু, ইত্যাদি।
💕 (৫) ফুলগুৰিৰ ধেঁৱা কি ? (৭৪)
উত্তৰ👉👉 ফুলগুৰিৰ ধেৱা হ’ল ফুলগুৰিত হােৱা অসমৰ প্ৰথমটো কৃষক বিদ্রোহ । অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ 'ফুলগুৰি ধেৱা'ৰ জন্ম আৰু নেতৃত্ব দিছিল তিৱাসকলে ।
✅ (৬) চমুটোকা লিখা :
💕 (ক) ইন্দ্রচিং দেউৰী (৭৬-৭৭)
উত্তৰ👉👉 তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্রত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্রাম কৰা অন্যতম ব্যক্তি হ’ল- ইন্দ্রচিং দেউৰী । তেওঁ ১৯৪৯ চনত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পার্টীত যােগদান কৰিছিল। পার্টীত কাম কৰি থকা অৱস্থাত তেওঁ অনুভৱ কৰিছিল তিৱাসকলৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আৰু শৈক্ষিক দিশৰ দুৰৱস্থাৰ কথা । তাৰ পিছত ঘৰুৱা অসুবিধাৰ বাবে তেওঁ ১৯৫১ চনত পশুপালন বিভাগৰ চাকৰিত যােগদান কৰে যদিও জাতিটোৰ প্ৰতি থকা দায়িত্ববােধৰ বাবে ১৯৫৩ চনত চাকৰি ইস্তফা দি পুনৰ তিৱা জাতিক জাগ্রত কৰাৰ কামত ব্ৰতী হয় । ইন্দ্রচিং
ইন্দ্ৰচিং দেউৰী ডাঙৰীয়াই তিৱা সাহিত্য সংস্কৃতিৰ - ভঁৰালকো চহকী কৰি থৈ গৈছে । তেওঁৰ 'তিৱা তচিমা' গীতটো তিৱা জাতীয় সংগীত হিচাবে তিৱাসকলে গ্ৰহণ কৰিছে । তেওঁ একেধাৰে সংগঠক, সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক , গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক আছিল । সেইবাবে পাহাৰৰ তিৱাসকলে ইন্দ্ৰচিং দেউৰী ডাঙৰীয়াক জাতিৰ পিতা বুলি সম্বোধন কৰিছিল । ১৯৯৪ চনৰ ২০ আগষ্ট তাৰিখে তেখেতৰ মৃত্যু হয় ।
💕 (খ) বলাইৰাম সেনাপতি (৭৭-৭৮)
উত্তৰ👉👉 অসমৰ সাহিত্য- সংস্কৃতি জগতৰ এগৰাকী সু- প্রতিষ্ঠিত লেখক, সংস্কৃতিৰ সাধক হ’ল বলাইৰাম সেনাপতি । বলাইৰাম সেনাপতিৰ জন্ম হৈছিল
নগাঁও জিলাত ১৯৩১ চনৰ ৩ মার্চত। তেওঁৰ মাক-দেউতাকৰ নাম আছিল ক্ৰমে
বগাৰাম সেনাপতি আৰু পদ্মেশ্বৰী বৰদলৈ । ছাত্ৰাৱস্থাৰে পৰাই তেওঁ সাহিত্য- সংস্কৃতিৰ চৰ্চাৰ প্ৰতি আগ্ৰহী আছিল ।তিৱাসকলৰ গীত-মাত, নৃত্য-বাদ্য এইবোৰৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক পদ্ধতিগত অনুশীলনৰ হকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ কৰা তিৱা লোকগীতৰ স্বৰলিপি ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন। তিৱা ভাষাটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল । তেওঁৰ সৰহসংখ্যক সাহিত্য ৰচনা অসমীয়া ভাষাতে সৃষ্টি হৈছে । ইয়াৰ দ্বাৰা তেওঁ কেৱল তিৱা সাহিত্য-সংস্কৃতিক সমৃদ্ধ কৰাই নহয়, অসমীয়া সাহিত্যৰ ভড়ালো চহকী কৰি থৈ গৈছে । সাহিত্যিক হিচাপে তেওঁৰ উজ্জ্বল নিদৰ্শন হ'ল 'অতীতৰ সন্ধানত', 'পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত', তিৱা সমাজ আৰু সংস্কৃতি এই তিনিখন গ্ৰন্থ। তেওঁ বিভিন্ন কাকত, আলোচনী, স্মৃতিগ্ৰন্থ, মুখপত্ৰত নিয়মিতভাৱে লেখা-মেলা কৰিছিল । তাৰ ভিতৰত ৰামধেনু, আমাৰ প্ৰতিনিধি, সাদিনীয়া অসমীয়া, নৱযুগ, ৰিংছাং, আজিৰ অসম আৰু গৰিয়সী আদি উল্লেখযোগ্য । এই গৰাকী মহান ব্যক্তিৰ ২০১৪ চনৰ ১১ মে'ত মৃত্যু হয় ।
No comments:
Post a Comment