Class 3 Assam Jatiya vidyalaya, lesson 3 question answer
তৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ৩ (সোণৰ মোহৰ দিয়া সাপৰ কথা) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ |
🌖 ক্ৰিয়া-কলাপ ✅
১| একোটিকৈ বাক্যত উত্তৰ লিখা :
💕 (ক) বাপুৰাম ক'ত শুইছিল ? ১৪
উত্তৰ👉👉 বাপুৰাম গছ এজোপাৰ ছাঁ-ত শুইছিল ।
💕 (খ) সাপটো ক'ত আছিল ? ১৪
উত্তৰ👉👉 বাপুৰামে শুই থকা গছ-জোপাৰ ওচৰতে এটা উঁইহাফুল আছিল। সেই উঁইহাফুল টোত সাপটো আছিল।
💕 (গ) বাপুৰামে সাপটোক কি খাবলৈ দিছিল ? ১৪
উত্তৰ👉👉 বাপুৰামে সাপটোক এঁৱা গাখীৰ খাবলৈ দিছিল ।
💕 (ঘ) চৰুটোত বাপুৰামে কি বস্তু পাইছিল ? ১৫
উত্তৰ👉👉 চৰুটোত বাপুৰামে এটা সোণৰ মোহৰ পাইছিল।
💕 (ঙ) সাপটোক বাপুৰামে কোন বুলি ভাবিছিল ? ১৪
উত্তৰ👉👉সাপটোক বাপুৰামে পথাৰৰ দেৱতা বুলি ভাবিছিল ।
✅ ২/ দুই-তিনিটা বাক্যত উত্তৰ লিখা :
💕 (ক) সাপটো দেখি বাপুৰামে কি ভাবিছিল ? ১৪
উত্তৰ👉👉 সাপটো দেখি বাপুৰামে মনতে সাপটোক পথাৰৰ দেৱতা বুলি ভাবিছিল আৰু সাপটোক পূজা নকৰাৰ বাবেই কৃষি-কাৰ্য্যত উন্নতি হোৱা নাই বুলি ভাবিছিল ।
💕 (খ) বাপুৰামৰ অৱস্থা কেনেকৈ ভাল হৈছিল ? ১৫
উত্তৰ👉👉 বাপুৰামে প্ৰতিদিনে সাপটোক এঁৱা গাখীৰ খাবলৈ দিছিল আৰু সাপটোৱে বাপুৰামক একোটাকৈ সোণৰ মোহৰ প্ৰতিদিনে দিছিল । এইদৰে বাপুৰামৰ অৱস্থা ভাল হৈছিল ।
💕 (গ) বাপুৰামৰ পুতেকে সাপটোক কিয় মাৰিলে ?
উত্তৰ👉👉বাপুৰামৰ পুতেকে মনতে ভাবিছিল যে - 'এই উঁইহাফুলটো নিশ্চয় সোণৰ মোহৰেৰে ভৰপূৰ হৈ আছে । এই ৰখীয়া সাপটোক মাৰিব পাৰিলে গোটেইবোৰ মোহৰ মই নিব পাৰিম ।' এইবুলি ভাবি বাপুৰামৰ পুতেকে সাপটোক মাৰিছিল ।
✅ ৩। কোনে কৈছিল, কাক কৈছিল :
"হে প্ৰভু, তুমি ইয়াত থকাৰ কথা মই জনা নাছিলোঁ ।" ১৪
উত্তৰ👉👉 বাপুৰাম নামৰ কৃষকজনে সাপটোক কৈছিল ।
✅ ৪| সাধুটো নিজৰ ভাষাৰে কোৱা ।
উত্তৰ👉👉 এখন গাঁৱত এজন বৰ দুখীয়া খেতিয়ক আছিল । জহৰ দিনত পথাৰত কাম কৰি ভাগৰ লগাত নিজৰ পথাৰতে থকা গছ এজোপাৰ ছাঁ-ত তেওঁ কিছুসময় শুই পৰিল । ওচৰতে এটা উঁইহাফলু আছিল । উঁইহাফলুটোত ফণাৰে সৈতে প্ৰকাণ্ড সাপ এটা দেখি তেওঁ জাঁপ মাৰি উঠিল । সাপটো দেখি বাপুৰামে মনতে ভাবিছিল -- 'এওঁ নিশ্চয় পথাৰৰ দেৱতা । মই এওঁক পূজা নকৰাৰ বাবেই কিজানি মোৰ খেতি বহুত বেছি ভাল হোৱা নাই । এওঁক মই পূজা কৰিব লাগিব ।
এনেদৰে ভাবি তেওঁ ওচৰৰে মানুহ এঘৰৰ পৰা এঁৱা গাখীৰ অলপ খুজি আনি চৰু এটাত বাকি দি সাপটোৰ পিনে আগবঢ়াই দি ক'লে, "হে প্ৰভু, তুমি ইয়াত থকা বুলি মই জনা নাছিলোঁ । সেয়ে মই পূজা কৰা নাছিলোঁ। মোক ক্ষমা কৰি দিবা । তাৰ পিছত বাপুৰাম ঘৰলৈ উভতিল ।
পিছদিনাখন ৰাতিপুৱা পথাৰলৈ আহি সাপটোক গাখীৰ দিয়া চৰুটোত এটা সোণৰ মোহৰ দেখিলে । তেওঁৰ প্ৰাৰ্থনা সফল হোৱাত তেওঁ সেই দেৱতাক প্ৰণিপাত জনালে । এইদৰে প্ৰতিদিনে তেওঁ সাপটোক ভক্তিভাৱেৰে এঁৱা গাখীৰ অকণ খাবলৈ দিয়ে আৰু একোটাকৈ সোণৰ মোহৰ পায় । এইদৰে বাপুৰামৰ অৱস্থা ভাললৈ আহিল ।
এদিন বাপুৰাম কোনো কাৰণত ওচৰতে থকা আন এখন গাঁৱলৈ যাবলগীয়া হ'ল । সেইকাৰণে সেইদিনা সাপটোক গাখীৰ দিবলৈ পুতেকক কৈ ওলাই গ'ল । দেউতাকৰ কথামতে পুতেকে গাখীৰখিনি দি থৈ আহিল আৰু পিছদিনা ৰাতিপুৱা পথাৰলৈ যোৱাত সোণৰ মোহৰ এটা পালে । মোহৰটো পাই পুতেকে ভাবিলে -- 'নিশ্চয় এই উঁইহাফলুটো সোণৰ মোহৰেৰে ভৰা । এই ৰখীয়া সাপটোক মাৰিব পাৰিলে গোটেইবোৰ মোহৰ মই নিব পাৰিম ।' এইবুলি ভাবি সি সাপটোক টাঙোনেৰে কোবালে। সাপটোৱে খঙতে বাপুৰামৰ পুতেকক এটা প্ৰচণ্ড খোঁট মাৰিলে । কিছুসময়ৰ পিছত বাপুৰামৰ পুতেকৰ মৃত্যু হ'ল ।
পিছদিনাখন বাপুৰামে ঘূৰি আহি পুতেকৰ মৃত্যু হোৱা বুলি গম পাই হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে । বাপুৰামে সেই দেৱতাক পুতেকৰ কুকৰ্মৰ বাবে ক্ষমা বিচাৰিলে ।
No comments:
Post a Comment