Search This Blog

Tuesday, April 26, 2022

Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (দেউৰীসকলৰ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (দেউৰীসকলৰ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ 

                   ✅ প্ৰশ্নাৱলী 💕

💕 (১)দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল ? (৭৯)
উত্তৰ👉👉 অৰুণাচল প্রদেশৰ লোহিত জিলাৰ অন্তৰ্গত জৈদাম পাহাৰৰ আশে-পাশে দেউৰীসকলৰ আদিম বাসস্থান আছিল ।


💕(২) দেউৰীসকলে সামাজিকভাবে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা। (৭৯)
উত্তৰ 👉👉 দেউৰীসকলে সামাজিকভাৱে চাৰিটা খেলত বিভক্ত। ভাগকেইটা হ’ল - ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা।


💕(৩) শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোনকেইখন জিলাত বাস কৰিবলৈ লৈছিল ? বৰ্তমান অসমৰ কেইখন জিলাত তেওঁলোকে বসবাস কৰি আছে ?(৭৯)
উত্তৰ 👉👉 শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিক্ৰং নদীৰ পাৰত প্ৰথমে বাস কৰিবলৈ লয় ।
                     দেউৰীসকলে বৰ্তমান উজনি অসমৰ ৮ খন জিলাত বসবাস কৰি আছে ।


✅(৪) দেউৰীসকলে নিজকে কি হিচাপে চিনাকি দিয়ে ? (৭৯)
উত্তৰ 👉👉 দেউৰীসকলে নিজকে 'জিম’চঁণায়া' হিচাপে চিনাকি দিয়ে।

✅(৫) দেউৰী ভাষা তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা-পৰিয়ালত অন্তৰ্ভুক্ত ? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে ? (৭৯)
উত্তৰ 👉👉 দেউৰী ভাষা মূলতঃ চীন তিব্বতীয় ভাষাগোষ্ঠীৰ তিব্বত-বৰ্মীয় ভাষা-পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্ভুক্ত ।
                   ২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক 
চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে ।


💕(৬) দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম উল্লেখ কৰা। (৮০)
উত্তৰ 👉👉 দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱ হৈছে—
(i) 'বিবা বচু গিবা মেচ্চু'
(ii) 'চিগাদাগাৰেবা বিচু'
(iii) 'বিচু দাবেবা মেচ্চু' আৰু
(iv) 'মিদি দেৰুবা মেচ্চু'


💕(৭) দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী ?(৭৯)
উত্তৰ 👉👉 দেউৰীসকল 'কুন্দি' ধৰ্মৰ বিশ্বাসী।
             

                  ✅ চমুটোকা লিখা 💕

💕(ক) ভীমবৰ দেউৰী (৮০-৮১)
উত্তৰ 👉👉 ভীমবৰ দেউৰীৰ জন্ম হৈছিল ১৯০৩ চনৰ মে' মাহৰ ১৬ তাৰিখে শিৱসাগৰ জিলাৰ পাণিদিহিং অঞ্চলত । তেওঁৰ দেউতাকৰ নাম আছিল গদৰাম দেউৰী আৰু মাকৰ নাম আছিল বাজতী দেউৰী ।
               ১৯০৮ চনত ৫৭ নং বৰগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষা-জীৱন আৰম্ভ হয় । ১৯২৯ চনত কটন কলেজৰ পৰা 
বি.এ. পাছ কৰে আৰু ১৯৩১ চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হৈ বি.এল. হয় । ১৯৩২ চনত অসম অসামৰিক সেৱা পৰীক্ষাত কৃতকাৰ্য হয় যদিও স্বতন্ত্ৰভাৱে ওকালতি কৰিবলৈ লয় । ওকালতি ব্যৱসায়ে ভীমবৰৰ ৰাজহুৱা জীৱন উন্মুক্ত কৰে । 
                 ১৯৩৩ চনত ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীসমূহ যেনে - দেউৰী,সোণোৱাল, কছাৰী, মটক আদিক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে তেওঁ ট্ৰাইবেল লীগৰ জন্ম দিয়ে। ১৯৩৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত  ট্ৰাইবেল লীগৰ দাবীৰ ভিত্তিত অসম বিধান সভাত ভৈয়াম জনজাতিৰ বাবে ৪ খন আসন সংৰক্ষিত হয় । ১৯৩৯ চনত ভীমবৰ দেউৰী অসম বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত হয় ।
                  ১৯৩৩ চনৰ পৰা ১৯৪৬ চনলৈকে ভীমবৰ দেউৰী অকল জনজাতীয় জনগোষ্ঠীৰেই নহয়, অসম আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে উন্নয়নৰ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰিছিল । এইগৰাকী মহান ব্যক্তিয়ে ১৯৪৭ চনৰ ৩০ নৱেম্বৰত ৪৪ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। 


    (খ) 💕ৰাধাকান্ত দেউৰী ✅ (৮২)
উত্তৰ👉👉 লক্ষীমপুৰ জিলাৰ বাহগড়া দেউৰী গাঁৱত ৰাধাকান্ত দেউৰীৰ জন্ম হয় ১৯৩১ চনৰ জুন মাহৰ ১ তাৰিখে । তেওঁৰ দেউতাকৰ নাম আছিল আদিচন দেউৰী আৰু মাকৰ নাম আছিল তাইবা দেউৰী । টকা-পইচাৰ অভাৱত স্কুলত নামভৰ্তি নকৰোৱাকৈ নিজে আনৰ পৰা কিতাপ, ফলি খুজি আনি ১১ নং মৰনৈ প্ৰাথমিক বিদ্যালয়ত ১৯৪২ চনত শিক্ষা জীৱন আৰম্ভ কৰিছিল । 
                   জনগোষ্ঠীয় তথা অসমীয়া ভাষা-সাহিত্যলৈ ৰাধাকান্ত দেউৰীৰ অৱদান অপৰিসীম । তেওঁ এজন 
স্বপ্লভাষী তথা দেউৰী ভাষা-সংস্কৃতিৰ গৱেষক পণ্ডিত আছিল । বিভিন্ন কাগজ- পত্ৰ , আলোচনী আদিত তেওঁৰ লেখ সিঁচৰতি হৈ আছে । দেউৰী ভাষাৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যলৈ অনেক অৱদান আগবঢ়াই থৈ যোৱা দেউৰীদেৱৰ অমূল্য গ্ৰন্থসমূহ হৈছে - 'দেউৰী চ্চুবিঁব' (দেউৰী অভিধান), 'চ্চিবাঁ জিমচাঁয়া চ্চুবিঁব' (আধুনিক দেউৰী শব্দকোষ) । 'দেউৰী শব্দ সম্ভাৰ' তেখেতৰ অন্যতম সংযোজিত পুথি ।


       (গ)  ✅বৰ্গৰাম দেউৰী💕 (৮২-৮৩)
উত্তৰ👉👉 বৰ্গৰাম দেউৰীৰ জন্ম হয় ১৯৩৮ চনৰ ১ আগষ্ট তাৰিখে লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া মৌজাৰ বাঁহগড়া দেউৰী গাঁৱত । ১৯৪৪ চনত বাঁহগড়া দেউৰী এল.পি. স্কুলত নাম ভৰ্তি কৰে আৰু ১৯৫৯ চনত মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তাৰ পিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি.এচ.চি. পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত উদ্ভিদবিজ্ঞান বিষয়ত নাম ভৰ্তি কৰে আৰু একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়তো অধ্যয়ন কৰে । তেওঁ এম.এচ.চি আৰু এল.এল.বি. একে সময়তে সুখ্যাতিৰে পাছ কৰি পিচত পঞ্জাৱ বিশ্ববিদ্যালয়ত হোমিওপেথিক শিক্ষা পঢ়িবলৈ যায় আৰু তাতো তেওঁ সুখ্যাতিৰে সোণৰ মেডেল লৈ ডিগ্ৰী লাভ কৰে ।
                      স্নাতকোত্তৰ শিক্ষাগ্ৰহণৰ সময়তে তেওঁ কামৰূপ একাডেমীত শিক্ষকতা কৰিছিল  ৷ ১৯৭১ চনত লক্ষীমপুৰত ওকালতি কৰিবলৈ লয় ৷ মাজতে ওকালতি বাদ,দি মণিপুৰত প্রবক্তাৰ চাকৰি কৰিছিল যদিও ভাল নলগাত উভতি আহি পুনৰ ওকালতিত ধৰে। ১৯৯১ চনত অসম বিধান সভাৰ সভালৈ নিৰ্বাচিত হৈ তেওঁ অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ উপৰিও ৰেচম আৰু হস্ততাঁত আৰু বয়ন বিভাগৰ কেবিনেট মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰে । দেউৰী ভাষাক দেউৰী ভাষা হিচাবে স্বীকৃতি প্ৰদান আৰু দেউৰী জনগোষ্ঠীৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে দেউৰী স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাত বৰ্গৰাম দেউৰীৰ অৱদান আছিল উল্লেখনীয় । ২০০৪ চনৰ হৃদ ৰোগত আক্রান্ত হৈ গুৱাহাটীত তেওঁৰ মৃত্যু হয়। 


    ✅(ঘ) শ্ৰীচন্দ্ৰ সিং দেউৰী 💕(৮৩-৮৪)
উত্তৰ👉👉শ্ৰীচন্দ্ৰ সিং দেউৰীৰ জন্ম হয় ১৯২৭ চনৰ ২৮ এপ্ৰিলত যোৰহাটত । দেউৰী জনগোষ্ঠীৰ মাজত তেওঁৰ এক সুকীয়া পৰিচয় আছে । দেউৰী এল.পি. স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি যোৰহাট চৰকাৰী হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল যদিও তেওঁ যোৰহাট পলিটেকনিক হাইস্কুলৰ পৰা ১৯৪৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হয় । পিচত তেওঁ ১৯৬২ চনত কলা শাখাত নাম লগাই আৰু কৰ্মজীৱনৰ মাজতে শ্বিলং কলেজৰ পৰা আই.এ. পৰীক্ষাত উত্তীৰ্ণ হয় ।
                     ১৯৫৫ চনৰ এক অক্টোবৰ তাৰিখে ভাৰত চৰকাৰৰ অধীনৰ অনুসূচিত জাতি আৰু জনজাতি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে যোগদান কৰে আৰু ১৯৮৮ চনৰ ৩১ মাৰ্চ তাৰিখে অধীক্ষক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয় । ১৯৫৯ চনৰ দিল্লী গণৰাজ্য দিৱসত তেওঁৰ নেতৃত্বত দেউৰী লোক-গীত আৰু লোক-নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও ১৯৫৯ চনৰ পৰা ১৯৭৫ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰত দেউৰী লোক-গীত পৰিৱেশন কৰে । লেখক হিচাপে তেওঁ ১৯০৩ চনৰ পৰা 'আৰাও', 'আৰ্চিয় ইবাঁ', 'আমিবিয়া ইবাঁ', 'বিচু', 'হিচৰি', 'দেউৰী জনজীৱন' আদি বহুতো পুথি নিজ প্ৰচেষ্টাত প্ৰকাশ কৰি উলিয়ায় ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...