Search This Blog

Friday, April 8, 2022

class 8 Science Lesson 1 Additional questions Answer. Class 8 Science Assamese medium Lesson 1 (শস্য উৎপাদন আৰু ব্যৱস্থাপনা)

class 8 Science Lesson 1 Additional questions Answer. Class 8 Science Assamese medium Lesson 1 (শস্য উৎপাদন আৰু ব্যৱস্থাপনা) 

💕(১) খাৰিফ শস্য কাক বোলে ? উদাহৰণৰ সৈতে লিখা । (২)
উত্তৰ👉👉 বাৰিষাকালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বোলে। ভাৰতবৰ্ষত সাধাৰণতে বাৰিষা কাল জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে থাকে । ধান , মাকৈ , ছয়াবিন, বাদাম, কপাহ আদিবোৰ হ'ল খাৰিফ শস্য ।

💕(২) ৰবি শস্য কাক বোলে ? উদাহৰণৰ সৈতে লিখা । (২)
উত্তৰ👉👉 শীতকালত উৎপাদিত শস্যক 
ৰবি শস্য বোলে । সাধাৰণতে ৰবি শস্যৰ সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ থাকে । ৰবি শস্যৰ উদাহৰণ হ'ল - ঘেঁহু, বুট,মটৰ, সৰিয়হ আদি ।


✅(৩) শস্য কাক বোলে ? (২)
উত্তৰ👉👉 একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে , তাক শস্য বুলি কোৱা হয় ।

✅(৪) ভাল বীজবোৰ বেয়া বীজৰ পৰা কেনেদৰে পৃথক কৰিব পাৰি । (৪)
উত্তৰ👉👉 ভাল বীজবোৰ বেয়া বীজৰ পৰা পৃথক কৰিবৰ বাবে আমাক প্ৰয়োজন হ'ব এটা বিকাৰ আৰু অলপমান বীজ (ধান/ঘেঁহু) । প্ৰথমতে বিকাৰটোত আধালৈকে পানী ভৰাই ল'ব লাগিব । তাৰ পিছত বীজ খিনি পাত্ৰটোত ঢালি দি পাত্ৰটো ভালদৰে লৰোৱাৰ পিছত কিছুসময় অপেক্ষা কৰিব লাগিব । তাৰ পিছত আমি দেখা পাম যে পানীৰ ওপৰত কিছুমান বীজ ওপঙি উঠিছে । বেয়া বীজবোৰ সাধাৰণতে ফোপোলা আৰু পাতল , সেইকাৰণে এই বীজবোৰ পানীত ওপঙি উঠে । ভাল বীজবোৰ বেয়া বীজৰ পৰা পৃথক কৰা এইটোৱে ভাল পদ্ধতি ।


✅(৫) সাৰ কেই প্ৰকাৰৰ আৰু কি কি ?(5)
উত্তৰ👉👉 সাৰ দুই প্ৰকাৰৰ - জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ । 

✅(৬) জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ দুটাকৈ উদাহৰণ দিয়া। (6)

       উত্তৰ👉👉

জৈৱিক সাৰ = কেঁচুসাৰ আৰু পচনসাৰ ।
ৰাসায়নিক সাৰ = ইউৰিয়া আৰু পটাছ ।

✅(৭) জলসিঞ্চন মানে কি ? (7)
উত্তৰ👉👉 সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে ।

✅(৮) কৃষি ব্যৱস্থা কেনেদৰে গঢ় লৈ উঠিছিল চমুকৈ বৰ্ণনা কৰা । (১)
উত্তৰ👉👉 খ্ৰীষ্ট পূৰ্ব ১০,০০০ চন মানলৈকে মানুহে অঘৰী জীৱন যাপন কৰিছিল। তেওঁলোকে খাদ্য আৰু আশ্ৰয় বিচাৰি দল বান্ধি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফূৰিছিল। কেঁচা ফল-মূল, শাক-পাচলি আৰু চিকাৰ কৰি পোৱা প্ৰাণীক আহাৰ হিচাপে গ্ৰহণ কৰিছিল। পাছলৈ, লাহে লাহে তেওঁলোকে মাটি চহাবলৈ ল'লে আৰু ধান, ঘেহু আৰু অন্যান্য খাদ্য শস্য উৎপাদন কৰিবলৈ শিকিলে। এনেকৈয়ে কৃষি ব্যৱস্থা গঢ় লৈ উঠিছিল।

✅(৯) খেতি কৰাৰ আগতে মাটিখিনি কিয় চহোৱা হয় ? (২)
উত্তৰ👉👉 খেতি কৰাৰ আগতে মাটিখিনি চহোৱা হয় কাৰণ ঢিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে । গছৰ শিপাই ঢিলা মাটিত তললৈ গ'লেও অতি সহজে উশাহ ল'ব পাৰে। লগতে ঢিলা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে । এই কেঁচু আৰু অণুজীৱসমূহ খেতিয়কৰ পৰম বন্ধু। কিয়নো সিহঁতে মাটিক কোমল কৰাৰ লগতে মাটিখিনিত হিউমাছৰ পৰিমাণ বঢ়াই ।

✅(১০)বতৰ অনুযায়ী শস্যক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?
উত্তৰ👉👉  বতৰ অনুযায়ী শস্যক 
দুভাগত ভগাব পাৰি - (ক) খাৰিফ শস্য আৰু (খ) ৰবি শস্য।

✅(১১) সাৰ কাক বোলে ? (৫)
উত্তৰ👉👉 উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ'বৰ বাবে যিবোৰ পোষক দ্ৰব্য হিচাপে মাটিত প্ৰয়োগ কৰা হয়, তাকে সাৰ বোলে ।

✅(১২) মাহজাতীয় উদ্ভিদৰ শিপাত টেমুনা আকৃতিত থকা বেক্টেৰিয়া বিধৰ নাম কি ? (৬)
উত্তৰ👉👉 মাহজাতীয় উদ্ভিদৰ শিপাত টেমুনা আকৃতিত থকা বেক্টেৰিয়া বিধৰ নাম হ'ল - ৰাইজ'বিয়াম ।

✅(১৩) মৰণা মৰা কাক বোলে ? (১০)
উত্তৰ👉👉 চপোৱা শস্যৰ বীজবোৰ শীহ্ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে । 

✅(১৪) শস্য চপোৱা কাক বোলে?
উত্তৰ👉👉 পৈণত শস্য কাতি, উঘালি অনাকে শস্য চপোৱা বোলে।

✅(১৫) মাহজাতীয় শস্যৰ ভঁৰাল ঘৰত নিমপাত কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰ👉👉 মাহজাতীয় শস্যৰ ভঁৰাল ঘৰত নিমপাত ব্যৱহাৰ কৰা হয় কাৰণ অপকাৰী কীট আৰু অণুজীৱৰ পৰা শস্য খিনি ৰক্ষা কৰিবলৈ ।

✅(১৬) বনবাত নিৰোৱা বুলিলে কি বুজা ? (১৩)
উত্তৰ👉👉 খেতিত গজা অলাগতিয়াল উদ্ভিদক অপতৃণ বোলে আৰু ইয়াক আঁতৰ কৰাক বনবাত নিৰোৱা বুলি কোৱা হয়। 

✅(১৭) উদ্ভিদৰ দেহত কিমান শতাংশ পানী থাকে ? (৭)
উত্তৰ👉👉 উদ্ভিদৰ দেহত ৯০ % পানী থাকে।

✅(১৮) জৈৱিক সাৰ ৰাসায়নিক সাৰতকৈ বেছি উৎকৃষ্ট কিয় ? (৭)
উত্তৰ👉👉 জৈৱিক সাৰ ৰাসায়নিক সাৰতকৈ বেছি উৎকৃষ্ট কাৰণ -
(i) জৈৱিক সাৰে মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে ।
(ii) জৈৱিক সাৰে মাটি ৰন্ধযুক্ত কৰি তোলে, ফলত বায়ুৰ চলাচল সূচল হয় ।
(iii) জৈৱিক সাৰে উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধিত সহায় কৰে ।
(iv) জৈৱিক সাৰে মাটিৰ গুণ বৃদ্ধি কৰে ।

3 comments:

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...