Search This Blog

Tuesday, April 12, 2022

(অতিৰিক্ত প্ৰশ্নোত্তৰ) Class 8 science lesson 2 Additional Question answer. Class 8 Science Question answer Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ অধ্যায় : ২ (অনুজীৱ : মিত্ৰ আৰু শত্ৰু) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ।

(অতিৰিক্ত প্ৰশ্নোত্তৰ) Class 8 science lesson 2 Additional Question answer. Class 8 Science Question answer Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ অধ্যায় : ২ (অনুজীৱ : মিত্ৰ আৰু শত্ৰু) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ ।
✅(১) অণুজীৱ বুলিলে কি বুজা ? (১৭)
উত্তৰ👉👉 সাধাৰণতে চকুৰে মনিব নোৱাৰা আন কিছুমান জীৱও আমাৰ চাৰিওফালে আছে । এইবোৰক অণুজীৱ বুলি কোৱা হয় ।

✅(২) অণুজীৱবোৰক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু কি কি ? (১৭)
উত্তৰ👉👉 অণুজীৱবোৰক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে । এই ভাগবোৰ হৈছে - বেক্টেৰিয়া, শেলাই, ভেঁকুৰ আৰু প্রট'জ'বা ।


☑️( অষ্টম শ্ৰেণীৰ বৃত্তি পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় )💕


✅(৩) ....... অণুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে । (১৯)
উত্তৰ👉👉 লেক্ট'বেচিলাচ

✅(৪) কিণ্বন কোনে আৰু কিমান চনত আৱিষ্কাৰ কৰিছিল ? (২০)
উত্তৰ👉👉 লুই পেষ্টিয়ৰে কিণ্বন ১৮৫৭ চনত আৱিষ্কাৰ কৰিছিল ।

✅(৫) পাষ্টয়ৰি গাখীৰ উতলাই নোলোৱাকৈও কিয় খাব পাৰি ?(২৬)
উত্তৰ👉👉 পাষ্টয়ৰি কৰা গাখীৰ উতলাই নোলোৱাকৈও খাব পাৰি কাৰণ এনে গাখীৰত অনিষ্টকাৰী অণুজীৱ নাথাকে । এনে গাখীৰ ১৫ ৰ পৰা ৩০ চেকেণ্ডলৈ ৭০ ডিগ্ৰী ছেলছিয়াছলৈ উতলোৱা হয় আৰু হঠাতে বৰফ ঠাণ্ডা কৰি জমা কৰা হয় । এনে কৰাৰ ফলত অণুজীৱৰ সৃষ্টি হ'ব নোৱাৰে ।

✅(৬) বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ কিমান ?
উত্তৰ👉👉 বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ হ'ল - ৭৮% ।

✅(৭) এন্টিবায়'টিক কাক বোলে ? (২০)
উত্তৰ👉👉 যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অণুজীৱবোৰক ধ্বংস কৰে বা সিহঁতৰ বৃদ্ধিত বাধা জন্মাই । তেনে ঔষধ বোৰক এন্টিবায়'টিক বোলে ।

✅(৮) কেঁচা আম বা আন ফল কেইদিনমান থৈ দিলে বেয়া হৈ যায় কিন্তু আচাৰ কৰি থ'লে কিয় বহুদিনলৈ ভালে থাকে ?
উত্তৰ👉👉 কেঁচা আম বা আন ফল কেইদিনমান থৈ দিলে বেয়া হৈ যায় কিন্তু আচাৰ কৰি থ'লে বহুদিনলৈ ভালে থাকে কাৰণ - আমি আচাৰ কৰোতে অণুজীৱৰ বৃদ্ধিৰ নিয়ন্ত্ৰণৰ বাবে কিছুমান ৰাসায়নিক দ্ৰৱ‍্য যেনে - নিমখ আৰু খোৱা তেল ব্যৱহাৰ কৰো । সেইকাৰণে আচাৰত অণুজীৱৰ বৃদ্ধি নহয় আৰু বহুদিনলৈ ভালে থাকে ।

✅(৯) প্ৰট'জ'ৱা কি ? প্ৰট'জ'ৱাৰ দ্বাৰা হোৱা দুবিধ ৰোগৰ নাম লিখা ।
উত্তৰ👉👉 এটা কোষেৰে গঠিত চকুৰে মনিব নোৱাৰা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা কিছুমান অণুজীৱ । 
                 প্ৰট'জ'ৱাৰ দ্বাৰা হোৱা দুবিধ ৰোগৰ নাম হ'ল - মেলেৰিয়া, গ্ৰহণী আদি ।

✅(১০) কলেৰা ৰোগ কেনেকৈ বিয়পে ?(২৪)
উত্তৰ👉👉 কলেৰা ৰোগ পানী আৰু খোৱা বস্তুৰ দ্বাৰা বিয়পে ।

✅(১১) মেলেৰিয়া ৰোগৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰি ? (২৪)
উত্তৰ👉👉 মাইকী এন'ফিলিছ মহ হৈছে মেলেৰিয়া ৰোগৰ বাহক । ইয়াৰ পৰা হাত সাৰি থাকিবলৈ আমি আঁঠুৱা তৰিহে শুব লাগে আৰু মহ মৰা ঔষধ ব্যৱহাৰ কৰিব লাগে । মহে কণী পৰা ৰোধ কৰিবলৈ চাৰিওফালে ক'তো পানী গোট খাই থাকিবলৈ দিব নালাগে ।

✅(১২) বসন্ত ৰোগৰ প্ৰতিষেধক ছিটা কোনে আৰু কিমান চনত আৱিষ্কাৰ কৰিছিল ?
উত্তৰ👉👉 বসন্ত ৰোগৰ প্ৰতিষেধক ছিটা  এডৱাৰ্ড জেনাৰে ১৭৯৮ চনত আৱিষ্কাৰ কৰিছিল ।

✅(১৩) ল'ৰা-ছোৱালীক বা শিশুক প্ৰতিষেধক ছিটা কিয় দিয়া হয় ? (২১)
উত্তৰ👉👉 ল'ৰা-ছোৱালীক বা শিশুক প্ৰতিষেধক ছিটা দিয়া হয় কাৰণ - বহুতো ৰোগ প্ৰতিষেধক ছিটা দি প্ৰতিৰোধ কৰিব পাৰি ।

✅(১৪) প্ৰতিষেধক ছিটা কি ?
উত্তৰ👉👉 সুস্থ মানুহৰ শৰীৰত ৰোগৰ বীজাণু প্ৰৱেশ কৰিলে এন্টিবডি সৃষ্টি কৰি সেই ৰোগ প্ৰতিৰোধ কৰিবলৈ যি দৰব ব্যৱহাৰ কৰা হয় তাক প্ৰতিষেধক ছিটা বোলে। 

✅(১৫) সংক্ৰামক ৰোগ কাক বোলে ? (২৩)
উত্তৰ👉👉 অণুজীৱৰ পৰা হোৱা কিছুমান ৰোগ বায়ু, পানী, আহাৰ বা ইজনে সিজনৰ সংস্পৰ্শৰ দ্বাৰা ৰুগীয়া লোকৰ পৰা সুস্থ লোকলৈ বিয়পে । এই ৰোগবোৰক সংক্ৰামক ৰোগ বোলে । কলেৰা, চৰ্দি, মাজু আই আৰু যক্ষ্মা হৈছে এনে ৰোগৰ উদাহৰণ ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...