Search This Blog

Thursday, April 28, 2022

Class 8 science lesson 3 Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৩ (সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।

Class 8 science lesson 3 Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৩ (সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।
                ☑️ অনুশীলনী : 💕
💕 (১) কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয় ? ব্যাখ্যা কৰা।
উত্তৰ👉👉 কিছুমান আঁহক সাংশ্লেষিক
বুলি কোৱা হয় কাৰণ সেইবোৰ আহ মানুহে পেট্ৰ'লিয়াম জাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদন কৰে । 
             নাইলন , পলিয়েষ্টাৰ আদি কিছুমান সাংশ্লেষিক আঁহ ।



☑️ (২) শুদ্ধ উত্তৰত '√' চিন দিয়া। (৩৩)

                   সাংশ্লেষিক আঁহ সমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো -

👉 (ক) ইয়াৰ এটা ৰেচম-সদৃশ ৰূপ আছে।
👉 (খ) ইয়াক কাঠৰ - মণ্ডৰ পৰা পোৱা যায়।
👉 (গ) প্ৰাকৃতিক আঁহ বোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি।

উত্তৰ👉👉 (খ) ইয়াক কাঠৰ - মণ্ডৰ পৰা পোৱা যায়। 


✅ (৩) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ।
💕 (ক) সাংশ্লেষিক আঁহ বোৰক  ----- বা ----- বুলিও কোৱা হয়। (৩২)
উত্তৰ👉👉 কৃত্ৰিম বা মানৱ সৃষ্ট

💕 (খ)সাংশ্লেষিক আঁহবোৰক ------------ নামৰ কেঁচা মালৰ পৰা সংশ্লেষণ কৰা হয়। (৩৫)
উত্তৰ👉👉 পেট্ৰ'লিয়াম

💕 (গ) সাংশ্লেষিক আঁহ বোৰৰ দৰে প্লাষ্টিকো এবিধ ------------ । (৩৬)
উত্তৰ👉👉 বহুযোগী ।

✅ (৪) নাইলন ৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া ।
উত্তৰ👉👉 নাইলন সূতা বা আঁহবোৰ তীখাৰ তাঁৰ এডালতকৈ বেছি শক্তিশালী । যাৰ ফলত শিলাৰোহণ কৰিবৰ বাবে নাইলনক পেৰাচুত আৰু ৰছী বনাবলৈ ব্যৱহাৰ কৰা হয় ।


💕 (৫) খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বোৰক পছন্দ কৰা হয় কিয় ? (৩৭)
উত্তৰ👉👉 খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বোৰক পছন্দ কৰা হয়। ইয়াৰ কাৰণটো হ'ল প্লাষ্টিকৰ পাত্ৰবোৰৰ ওজন কম, মজবুত আৰু ব্যৱহাৰ কৰিবলৈ অতি সহজ। ধাতুৰ তুলনাত প্লাষ্টিক পাতল হোৱা বাবে এই পাত্ৰবোৰ সহজে লৈ ফুৰিব পাৰি । প্লাষ্টিকত সহজে মামৰে নধৰে আৰু প্লাষ্টিকে বায়ু আৰু পানীৰ লগত বিক্ৰিয়া নকৰে। সেয়েহে সহজতে খাদ্য বস্তু জমা কৰিবলৈ প্লাষ্টিকৰ পাত্ৰ ব্যৱহাৰ কৰা হয়। 

💕 (৬) তাপনমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা প্ৰাথৰ্ক্য ব্যাখ্যা কৰা।(৩৭)
উত্তৰ👉👉তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাথৰ্ক্যসমূহ হ'ল -
(i) তাপনমনীয় প্লাষ্টিক বোৰ তাপ দি সহজে বিকৃত আৰু সহজে ভাজ কৰিব পাৰি।  
         আনহাতে, তাপদৃঢ় প্লাষ্টিকবোৰ এবাৰ আকৃতি দিয়াৰ পিছত পুনৰ তপতালেও কোমলাব আৰু ভাঁজ কৰিব নোৱাৰি।
(ii) তাপনমনীয় প্লাষ্টিক বোৰ পুনৰাবৰ্তন কৰিব পাৰি। আনহাতে, তাপ দৃঢ় প্লাষ্টিক বোৰ পুনৰাবৰ্তন কৰিব নোৱাৰি বা বেলেগ আকাৰলৈ নিব নোৱাৰি।
(iii) তাপনমনীয় প্লাষ্টিকবোৰ তাপৰ সুপৰিবাহী আনহাতে তাপদৃঢ় প্লাষ্টিকবোৰ তাপৰ কু-পৰিবাহী ।


✅ (৭) তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। ব্যাখ্যা কৰা। (37)
💕 (ক) ছছপেনৰ নাল
উত্তৰ👉👉 (ক) ছছপেনৰ নালবিলাক তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় কাৰণ তাপদৃঢ় প্লাষ্টিকৰ মাজেৰে তাপ প্ৰবাহিত নহয় আৰু ফলত ছছপেনৰ নালডাল গলি নাযায় ।


💕(খ)  বিদ্যুতৰ প্লাগ/ চুইচ/ প্লাগবৰ্ড 
উত্তৰ👉👉 তাপদৃঢ় প্লাষ্টিকসমূহ বিদ্যুতৰ কু-পৰিবাহী। সেইবাবে ইয়াক ব্যৱহাৰ কৰি 
বিদ্যুতৰ প্লাগ/ চুইচ/ প্লাগবৰ্ড আদি লগোৱা হয় ।


✅ (৮) তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থবোৰক "পুনৰাৱৰ্তন কৰিব পৰা"আৰু "পুনৰাৱৰ্তন কৰিব নোৱাৰা" হিচাপে শ্ৰেণীভুক্ত কৰা - 
              ( টেলিফোন সা-সৰঞ্জাম, প্লাষ্টিকৰ খেলনা, কুকাৰৰ নাল, কেৰি-বেগ, বল-পইণ্ট পেন, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ, প্লাষ্টিক চকী, বৈদ্যুতিক চুইচ । )

উত্তৰ👉👉 পুনৰাৱৰ্তন কৰিব পৰা = প্লাষ্টিকৰ খেলনা, কেৰি-বেগ, প্লাষ্টিকৰ বাটি, প্লাষ্টিকৰ চকী,বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ,।
               পুনৰাৱৰ্তন কৰিব নোৱাৰা = কুকাৰৰ নাল,  বৈদ্যুতিক চুইচ, টেলিফোন সা-সৰঞ্জাম, বল-পইণ্ট পেন,।


💕 (৯) ৰাণাই গ্ৰীষ্ম কালৰ বাবে  ছাৰ্ট কিনিব খুজিছে। তেওঁ কপাহী  ছাৰ্ট নে সাংশ্লেষিক আঁহেৰে তৈয়াৰি ছাৰ্ট কিনাতো উচিত হব ? কাৰণ দৰ্শাই ৰানাক উপদেশ দিয়া।
উত্তৰ👉👉 গ্ৰীষ্ম কালৰ বাবে ৰাণাই  কপাহী ছাৰ্ট কিনা উচিত কাৰণ কপাহী কাপোৰে আমাৰ দেহৰ পৰা গ্ৰীষ্ম কালত ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে আৰু দেহটো ঠাণ্ডা কৰি ৰাখে ।



💕 (১০) প্ৰাকৃতিকগতভাবে প্লাষ্টিকসমূহ যে অ-ক্ষয়কাৰি তাক দেখুৱাবলৈ উদাহৰণ দিয়া।
উত্তৰ👉👉 প্লাষ্টিকবোৰ অবিক্ৰিয়ক পদাৰ্থ ইয়াক শক্তিশালী ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শত আনিলেও বিক্ৰিয়া নকৰে । উদাহৰণ স্বৰূপে - ক্লিনজিং ; কেমিকেল প্লাষ্টিকৰ বটলত সঞ্চয় কৰা হয় ।


💕 (১১) টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে ? ব্যাখ্যা কৰা।
উত্তৰ👉👉 টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নহয় । টুথ ব্ৰাছ ডালৰ নোমবোৰ সদায় নালতকৈ বেছি কোমল হ'ব লাগে কাৰণ আমি টান হ'লে আমি দাঁতত কষ্ট পাম। সেইবাবে নালৰো নোমবোৰ একে পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা নহয়।


💕 (১২) "পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা" এই পৰামৰ্শৰ ওপৰত মতামত দিয়া।
উত্তৰ👉👉 পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে কাৰণ প্লাষ্টিক পচি নাযায় আৰু প্লাষ্টিক পুৰিলে বিষাক্ত গেছ নিৰ্গত হয় । ইয়াৰ ফলত পানী, মাটি আৰু বায়ু প্ৰদূষিত হয় । 


✅ (১৩) "A" স্তম্ভত  দিয়া শব্দবোৰক "B" স্তম্ভত দিয়া খণ্ড-বাক্যৰ লগত শুদ্ধকৈ মিলোৱা -

      উত্তৰ👉👉       

             A                        B

(i) পলিয়েষ্টাৰ 👉 (d) সহজতে শোটোৰা নপৰা কাপোৰ।
(ii) টেফলন 👉 (c) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা-সৰঞ্জাম বনাবলৈ                ব্যৱহাৰ কৰে হয়।
(iii) ৰেয়ন 👉 (a) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।
(iv) নাইলন 👉 (b) পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয়।               


          
✅ (১৪) "সাংশ্লেষিক আঁহ সমূহৰ উৎপাদনে আচলতে  বন সংৰক্ষণত সহায় কৰি আছে" মতামত দিয়া।  (৩৫)
উত্তৰ👉👉 পেট্ৰ'ৰাসায়নিক বা পেট্ৰ'কেমিকেল বুলি কোৱা পেট্ৰ'লিয়াম উৎসৰ কেঁচামাল ব্যৱহাৰ কৰি নানান প্ৰক্ৰিয়াৰ দ্বাৰা আটাইবোৰ সংশ্লেষিত আঁহ প্ৰস্তুত কৰা হয় । এই সাংশ্লেষিক আঁহ বোৰ প্ৰস্তুত কৰোতে যিহেতু প্ৰাণী আৰু উদ্ভিদৰ ওপৰত কোনো ধৰণৰ ক্ষতিসাধন নহয় সেয়েহে সাংশ্লেষিক আঁহৰ উৎপাদনে বন সংৰক্ষণত সহায় কৰি আছে ।



✅ (১৫) তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কু-পৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা।
উত্তৰ👉👉 এডাল বৈদ্যুতিক তাৰত এটা বাল্ব লগাই লোৱা হল এতিয়া তাৰ ডাল বেটাৰীৰ লগত সংযোগ কৰা হল। আমি দেখিম যে বাল্বটো জ্বলিছে। এতিয়া আমি আকৌ তাৰ ডালত প্লাষ্টিক লগাই বেটাৰীত লগালে দেখিম যে বাল্বতো জ্বলা নাই। ইয়াৰ পৰা প্ৰমাণ হৈ যে তাপ নমনীয় প্লাষ্টিকবোৰ বিদ্যুতৰ কু-পৰিবাহী।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...