Search This Blog

Friday, April 29, 2022

Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (দেউৰীসকলৰ) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ

Assamese Medium দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (দেউৰীসকলৰ) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ
✅(১) দেউৰী জনগোষ্ঠীৰ প্ৰথমজন ৰাজনৈতিক তথা অসম চৰকাৰৰ মন্ত্ৰী কোন আছিল ? (৮১)
উত্তৰ👉👉 দেউৰী জনগোষ্ঠীৰ প্ৰথমজন ৰাজনৈতিক তথা অসম চৰকাৰৰ মন্ত্ৰী আছিল জননেতা ভীমবৰ দেউৰী ।

✅(২) দেউৰীসকলৰ উপাস্য দেৱতা জনৰ নাম কি ? (৭৯)
উত্তৰ👉👉 দেউৰীসকলৰ উপাস্য দেৱতা জনৰ নাম হ'ল - 'কুন্দিমামা' ।

✅(৩) শ্ৰী চন্দ্ৰ সিং দেউৰীৰ দ্বাৰা প্ৰকাশিত চাৰি খন পুথিৰ নাম লিখা । (৮৪)
উত্তৰ👉👉 শ্ৰী চন্দ্ৰ সিং দেউৰীৰ দ্বাৰা প্ৰকাশিত চাৰি খন পুথিৰ নাম হ'ল - 'আৰাও', 'আৰ্চিয় ইবাঁ' , 'আমিবিয়া ইবাঁ', 'বিচু' আদি ।

✅(৪) Assam Backward Plains Tribal League বা ট্ৰাইবেল লীগৰ জন্ম কেতিয়া হয় ? (৮১)
উত্তৰ👉👉 ট্ৰাইবেল লীগৰ জন্ম হয় ১৯৩৩ চনৰ ১৭ এপ্ৰিল তাৰিখে ।

✅(৫) ৰাধাকান্ত দেউৰীৰ ৰচিত এখন পুথিৰ নাম লিখা । (৮২)
উত্তৰ👉👉 ৰাধাকান্ত দেউৰীৰ ৰচিত এখন পুথিৰ নাম হ'ল - দেউৰী শব্দ ভাণ্ডাৰ 

✅(৬) অসমৰ দেউৰী, সোণোৱাল কছাৰী,মটক,মিছিং, বড়ো আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে প্ৰথম অধিৱেশন ক'ত আৰু কেতিয়া অনুষ্ঠিত হয় ? (৮১)
উত্তৰ👉👉 অসমৰ দেউৰী, সোণোৱাল কছাৰী,মটক,মিছিং, বড়ো আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে
১৯৩৩ চনৰ ১৭ এপ্ৰিলত নগাঁৱাৰ ৰহাত
প্ৰথমখন অধিৱেশন অনুষ্ঠিত হয় ।

✅(৭) কিমান চনত অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰী ভাৱে স্বীকৃতি দিয়ে । (৭৯)
উত্তৰ👉👉 ২০০৫ চনৰ জানুৱাৰী মাহৰ ২৮ তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰী ভাৱে স্বীকৃতি দিয়ে ।

✅(৮) দেউৰীসকলে কোন ধৰ্মক বিশ্বাস কৰে ? (৭৯)
উত্তৰ👉👉 দেউৰীসকলে 'কুন্দি' ধৰ্মক বিশ্বাস কৰে ।

✅(৯) 'কুন্দিমামা' শব্দটোৰ অর্থ লিখা ।(৭৯)
উত্তৰ👉👉 'কুন্দিমামা' শব্দটোৰ অর্থ হ'ল - 'কুন্দি' মানে পৰম পুৰুষ পৰমেশ্বৰ আৰু 'মামা' মানে প্ৰকৃতিক বুজাইছে ।

✅(১০) ভীমবৰ দেউৰীৰ মাক দেউতাকৰ নাম কি আছিল ? (৮০)
উত্তৰ👉👉 ভীমবৰ দেউৰীৰ মাক দেউতাকৰ নাম আছিল ক্ৰমে - গদৰাম দেউৰী আৰু বাজতী দেউৰী ।

✅(১১) কিমান চনত ভীমবৰ দেউৰী অসম বিধান সভা পৰিষদৰ সদস্য হিচাপে মনোনীত হয় ? (৮১)
উত্তৰ👉👉 ১৯৩৯ চনত ভীমবৰ দেউৰী অসম বিধান সভা পৰিষদৰ সদস্য হিচাপে মনোনীত হয় ।

✅(১২) ভীমবৰ দেউৰীৰ মৃত্যু কিমান চনত হয় ? (৮২)
উত্তৰ👉👉 ভীমবৰ দেউৰীৰ মৃত্যু হয় ১৯৪৭ চনৰ ৩০ নৱেম্বৰত ৪৪ বছৰ বয়সত ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...