Search This Blog

Thursday, April 28, 2022

Class 8 science lesson 3 Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৩ (সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ ।

Class 8 science lesson 3 Assamese Medium অষ্টম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৩ (সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ ।
✅(১) আহঁবোৰ কেই প্ৰকাৰৰ আৰু কি কি ? (৩২)
উত্তৰ👉👉 আহঁবোৰ দুই প্ৰকাৰৰ -
(i) প্ৰাকৃতিক আঁহ আৰু 
(ii) সাংশ্লেষিক আঁহ ।

✅(২) পাট পলুৰ পৰা পোৱা পাট বা ৰেচম আঁহ কোন দেশত আবিষ্কাৰ কৰা হৈছিল ? (৩৩)
উত্তৰ👉👉 পাট পলুৰ পৰা পোৱা পাট বা ৰেচম আঁহ চীন দেশত আবিষ্কাৰ কৰা হৈছিল ।

✅(৩) এবিধ সাংশ্লেষিক বা মানৱ সৃষ্ট আঁহৰ উদাহৰণ দিয়া । (৩৩)
উত্তৰ👉👉 এবিধ সাংশ্লেষিক বা মানৱ সৃষ্ট আঁহৰ উদাহৰণ হ'ল - নাইলন ।

✅(৪) ৰেয়ন বা কৃত্ৰিম পাট কাক বোলে ? (৩৩)
উত্তৰ👉👉 কাঠৰ মণ্ডৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা আঁহক ৰেয়ন বা কৃত্ৰিম পাট বোলে ।

✅(৫) PET কি ? (৩৫)
উত্তৰ👉👉 PET হ'ল পলিয়েষ্টাৰৰ এবিধ খুউব পৰিচিত ৰূপ ।

✅(৬) PET ৰ ব্যৱহাৰৰ বিষয়ে লিখা । (৩৫)
উত্তৰ👉👉 PET বটল, বাচন-বৰ্তন, ফিল্ম, তাঁৰ আৰু বহুতো দৰকাৰী সামগ্ৰী বনাবলৈ ব্যৱহাৰ কৰা হয় ।

✅(৭) প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহবিধ কি ? (৩৩)
উত্তৰ👉👉 প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহবিধ হ'ল - নাইলন। 

✅(৮) নাইলনৰ প্ৰস্তুতকৰণৰ বাবে উৎস সমূহ কি ? (৩৩)
উত্তৰ👉👉 কয়লা, পানী আৰু বায়ু ।

✅(৯) নাইলনৰ পৰা তৈয়াৰী চাৰিবিধ সামগ্ৰীৰ নাম লিখা । (৩৩)
উত্তৰ👉👉 নাইলনৰ পৰা তৈয়াৰী চাৰিবিধ সামগ্ৰীৰ নাম হ'ল - মোজা, ৰছী, তম্বু আৰু টুথব্ৰাছ ।

✅(১০) কপাহ এবিধ বহুযোগী যাক ..... বুলি কোৱা হয় । (৩৩)
উত্তৰ👉👉 ছেলুল'জ 

✅(১১) প্ৰাকৃতিক পলিমাৰৰ উদাহৰণ দিয়া । (২০১৬ চনৰ বৃত্তি পৰীক্ষাত এই প্ৰশ্নটো সুধিছিল)
উত্তৰ👉👉 ছেলুল'জ হ'ল প্ৰাকৃতিক পলিমাৰৰ উদাহৰণ ।

✅(১২)POLYMER (পলিমাৰ) শব্দটো কোন ভাষাৰ শব্দ আৰু পলিমাৰ শব্দটোৰ অৰ্থ লিখা । (৩২)
উত্তৰ👉👉 POLYMER (পলিমাৰ) শব্দটো দুটা গ্ৰীক শব্দৰ পৰা আহিছে । 'poly' মানে 'বহুত' আৰু 'mer' মানে অংশ বা গোট ।

✅(১৩) 4 R নীতিটো লিখা  (৩৯)
উত্তৰ👉👉 4 R নীতিটো হৈছে - 
হ্ৰাস কৰা (REDUCE)
পুনৰ্ব‍্যৱহাৰ কৰা (REUSE)
পুনৰৱৰ্তন কৰা (RECYCLE) আৰু 
পুনৰুদ্ধাৰ কৰা । (RECOVER)


✅(১৪) জৈৱ - পচনশীল আৰু জৈৱ অপচনশীল পদাৰ্থ কাক বোলে ? (৩৮)
উত্তৰ👉👉 বেক্টেৰিয়াৰ ক্ৰিয়া-প্ৰক্ৰিয়াৰ দৰে প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যোৱা পদাৰ্থবোৰক জৈৱ - পচনশীল পদাৰ্থ বোলা হয় ।
                 আনহাতে যিবোৰ পদাৰ্থ প্ৰাকৃতিক ক্ৰিয়া-প্ৰক্ৰিয়াৰ দ্বাৰা সহজে পচি নাযায়, সেইবোৰক জৈৱ-অপচনশীল পদাৰ্থ বোলে ।

✅(১৫) অগ্নি-নিৰ্বাপক বাহিনীৰ ইউনিফৰ্মত জুই প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিকবিধৰ নাম লিখা। (৩৮)
উত্তৰ👉👉 অগ্নি-নিৰ্বাপক বাহিনীৰ ইউনিফৰ্মত জুই প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিকবিধৰ নাম হ'ল - মেলামাইন ।


✅(১৬) থাৰ্ম'প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিক কাক বোলে ? (৩৭)
উত্তৰ👉👉 যিবোৰ প্লাষ্টিক তপতালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি তেনে প্লাষ্টিকবোৰক থাৰ্ম'প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিক বোলে ।

✅(১৭) থাৰ্ম'প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিকৰ উদাহৰণ দিয়া । (৩৭)
উত্তৰ👉👉 থাৰ্ম'প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিকৰ উদাহৰণ হ'ল - পলিথিন আৰু PVC ।

✅(১৮) থাৰ্ম'ছেটিং বা তাপদৃঢ় প্লাষ্টিক কাক বোলে । (৩৭)
উত্তৰ👉👉 কিছুমান প্লাষ্টিক আছে যিবোৰক এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তপতালেও কোমলাব নোৱাৰি । এইবোৰক থাৰ্ম'ছেটিং বা তাপদৃঢ় প্লাষ্টিক বোলে ।

✅(১৯) থাৰ্ম'ছেটিং বা তাপদৃঢ় প্লাষ্টিকৰ উদাহৰণ দিয়া । (৩৭)
উত্তৰ👉👉 থাৰ্ম'ছেটিং বা তাপদৃঢ় প্লাষ্টিকৰ উদাহৰণ হ'ল - বেকেলাইট আৰু মেলামাইন ।

✅(২০) পলিয়েষ্টাৰৰ পৰা বনোৱা কাপোৰৰ সুবিধা কি ? (৩৪)
উত্তৰ👉👉 পলিয়েষ্টাৰৰ পৰা বনোৱা কাপোৰ সহজে শোটোৰা নপৰে । ই খট খটীয়া হৈ থাকে আৰু ধুবলৈও সহজ ।

✅(২১) টেৰিলন কি ? (৩৪)
উত্তৰ👉👉 টেৰিলন হৈছে এবিধ জনপ্ৰিয় আঁহ ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...