Search This Blog

Monday, June 27, 2022

Class 7 Science lesson 7 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৭ (বতৰ, জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 7 Science lesson 7 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৭ (বতৰ, জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
                   🥰অনুশীলনী :✅

✅(১) ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা। 69
উত্তৰ👉👉 ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হৈছে আদ্ৰতা, উষ্ণতা , বতাহৰ গতি, বৰষুণৰ পৰিমাণ, আদি ।

✅(২) দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায় ?70
উত্তৰ👉👉 দিনটোৰ ভিতৰত উচ্চতম উষ্ণতা সাধাৰণতে পিছবেলা আৰু নিম্নতম উষ্ণতা পুৱাৰ ভাগত আশা কৰা যায় ।

✅(৩) খালী ঠাই পূৰ্ণ কৰা : 
💕 (ক) সুদীৰ্য সময় ধৰি লোৱা বতৰৰ গড়ক ----------- বোলে। 71
উত্তৰ👉👉 জলবায়ু

💕 (খ) এখন ঠাই য'ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি, সেই ঠাইৰ জলবায়ু ----------- আৰু ----------- । 
উত্তৰ👉👉 শুকান আৰু গৰম 

💕 (গ) জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ'ল ----------- আৰু ----------- । 77
উত্তৰ👉👉 মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল

✅(৪) তলৰ অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰৰ আভাস দিয়া -
💕 (ক) জম্মু আৰু কাশ্মীৰ ----------- ।
উত্তৰ👉👉 মধ্যমীয়া গৰম আৰু সেমেকা

💕 (খ) কেৰেলা ----------- ।
উত্তৰ👉👉 গৰম সেমেকা

💕 (গ) ৰাজস্থান ----------- ।
উত্তৰ👉👉 গৰম আৰু শুকান

💕 (ঘ) উত্তৰ-পূৱ ভাৰত ----------- ।
উত্তৰ👉👉 সেমেকা

✅(৫) বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয় ?
উত্তৰ👉👉বতৰ আৰু জলবায়ু এই দুটাৰ বতৰ সঘনে সলনি হয় ।


✅(৬) তলত উল্লেখ কৰাবোৰ প্ৰাণীৰ কিছুমান বৈশিষ্ট‍্য : 
(ক) খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল।
(খ) বগা নোমযুক্ত ছাল।
(গ) প্ৰব্ৰজন হ'ব বিচাৰে।
(ঘ) ডাঙৰ মাত।
(ঙ) ভৰিৰ পতাত আঠাজাতীয় আৱৰণ।
(চ) ছালৰ তলত চৰ্বীৰ তৰপ।
(ছ) বহল আৰু ডাঙৰ হাতোৰা।
(জ) উজ্বল ৰং।
(ঝ) শক্তিশালী নেজ।
(ঞ) দীঘল আৰু ডাঙৰ ঠোঁট।
            প্ৰত্যেকটো বৈশিষ্ট্যৰ বাবে সিহঁতৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নিৰ্ণয় কৰা । তোমালোকে এই বৈশিষ্ট্যবোৰৰ কিছুমান দুয়োটা অঞ্চলৰ বাবে অভিযোজন হ'ব পাৰে বুলি ভাবানে ?
উত্তৰ👉👉
💕 (ক) খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল।
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

 (যেনে - বান্দৰ)

💕 (খ) বগা নোমযুক্ত ছাল।
উত্তৰ👉👉 মেৰু অঞ্চলত।

💕 (গ) প্ৰব্ৰজন হ'ব বিচাৰে।
উত্তৰ👉👉 মেৰু অঞ্চলত ।

💕 (ঘ) ডাঙৰ মাত।
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

💕 (ঙ) ভৰিৰ পতাত আঠাজাতীয় আৱৰণ।
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

💕 (চ) ছালৰ তলত চৰ্বীৰ তৰপ।
উত্তৰ👉👉 মেৰু অঞ্চলত।

💕 (ছ) বহল আৰু ডাঙৰ হাতোৰা।
উত্তৰ👉👉 মেৰু অঞ্চলত ।

💕 (জ) উজ্বল ৰং।
উত্তৰ👉👉 মেৰু অঞ্চলত ।

💕 (ঝ) শক্তিশালী নেজ।
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

💕 ঞ) দীঘল আৰু ডাঙৰ ঠোঁট।
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।


✅ (৭) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায়। কিয় এনে হয় বাখ্যা কৰা। 75
উত্তৰ👉👉 গৰম আৰু বৰষুণৰ পৰিমাণ বেছি হোৱাৰ বাবে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলসমূহত বহুতো প্ৰাণীয়ে জীয়াই থকাৰ সুবিধা লাভ কৰে। সেয়ে এই অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায় ।


✅(৮) কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ ? উদাহৰণসহ বৰ্ণনা কৰা।
উত্তৰ👉👉 কোনো এক বিশেষ জলবায়ুত কিছুমান বিশেষ প্ৰকাৰৰ প্ৰাণীহে পোৱা যায় । কাৰণ জলবায়ু অনুযায়ী জীৱবোৰে নিজকে খাপ খুৱাই লয়। গতিকে জলবায়ু অনুযায়ী সেই ঠাইত জীৱ পোৱা যায় । উদাহৰণস্বৰূপে শীতলৰক্তী প্ৰাণীবোৰে শীতল জলবায়ু সম্পন্ন জলবায়ুত থাকিব পাৰে। মেৰু অঞ্চলত থকা প্ৰাণীবোৰৰ গাত বগা নোম, ছালৰ তলত চৰ্বীৰ তৰপ, সাতুৰিবলৈ ভৰিত আহল বহল পতা আদি শাৰীৰিক বৈশিষ্ট্যবোৰ অর্জন কৰি লয় ।

✅(৯) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে ? 76
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে বহুত ধৰণে নিজকে অভ্যস্ত কৰে। হাতীৰ শুৰডাল হাতীয়ে নাকৰ দৰে ব্যৱহাৰ কৰে । সেইবাবে হাতীৰ ঘ্ৰাণ শক্তি সবল । হাতীয়ে 
শুৰডালক আহাৰ সংগ্ৰহ কৰাত ব্যৱহাৰ কৰে । হাতীৰ মুখৰপৰা বাহিৰলৈ ওলোৱা দাঁতবোৰ হৈছে ৰূপান্তৰিত দাঁত। সেই দাঁতকেইটাৰে হাতীয়ে খাই ভালপোৱা গছৰ বাকলি ছিঙিব পাৰে । হাতীৰ কাণ ডাঙৰ হোৱাৰ বাবে অতি সৰু শব্দও শুনিব পাৰে। কাণ দুখনে হাতীক গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ গৰম আৰু আৰ্দ্ৰ জলবায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে ।


☑️ তলত দিয়া প্রশ্নবোৰৰ পৰা কোনটো শুদ্ধ উত্তৰ বাছি উলিওৱা:
✅(১০) শৰীৰত আচ থকা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে । ইয়াক পোৱা যায় -------
(ক) মেৰু অঞ্চলত ।
(খ) মৰুভূমিত ।
(গ) সাগৰত।
(ঘ) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।
উত্তৰ👉👉 (ঘ) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

✅(১১) বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস‌ কৰিব ৰ বাবে কি বৈশিষ্ট্যৰে অভ্যস্ত হয় ?
(ক) বগা নোমাল ছাল, ছালৰ তলৰ চৰ্বী, তীক্ষ্ণ ঘ্ৰাণ শক্তি।
(খ) পাতল ছাল, ডাঙৰ চকু, বগা নোমাল ছাল।
(গ) এডাল দীঘল নেজ, তীক্ষ্ণ আকোৰা নখ, বগা ডাঙৰ হাতোৰা।
(ঘ) বগা শৰীৰ, সাঁতুৰিবলৈ হাতোৰা, উশাহ-নিশাহৰ ফুল।
উত্তৰ👉👉 (ক) বগা নোমাল ছাল, ছালৰ তলৰ চৰ্বী , তীক্ষ্ণ ঘ্ৰাণ শক্তি ।

✅(১২) গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল?
(ক) গৰম আৰু আৰ্দ্ৰ।
(খ) মধ্যমীয়া উঞ্চতা, প্ৰচুৰ বৃষ্টিপাত ।
(গ) ঠাণ্ডা আৰু আৰ্দ্ৰ।
(ঘ) গৰম আৰু শুকান।
উত্তৰ👉👉 (ক) গৰম আৰু আৰ্দ্ৰ ।

Saturday, June 25, 2022

Question answer. Class 6 Assamese 1st Unit Test Question paper discuss Assamese Medium.Class 6 Assamese Question Answer.

Question answer. Class 6 Assamese 1st Unit Test Question paper discuss Assamese Medium.Class 6 Assamese Question Answer.
১৷ কবিজনাৰ নাম উল্লেখ কৰি "সবাতোকৈ আপোন" কবিতাটিৰ প্ৰথম 
দহশাৰী মুখস্থ লিখা ।         ১০
উত্তৰ👉👉
              সবাতোকৈ আপোন

হয়তো নহ'ব পাৰে     মোৰ আই সবাতো শুৱনি,
            তথাপি আপোন মোৰ আই,
গছ লতা ফুলে ভৰা  এইখন ধুনীয়া ধৰণী
            তেঁৱে মোক দিলেহি চিনাই ।

হয়তো নহ'ব পাৰে     মোৰ দেশ সবাতো চহকী
             তথাপি আপোন মোৰ দেশ,
ইয়াৰ নগৰ গাঁও    জান-জুৰি প্ৰাণৰ চিনাকি
            যাৰ নাই মহিমাৰ শেষ ।

হয়তো নহ'ব পাৰে     মোৰ ভাষা সবাতো সুৰীয়া
            তথাপি আপোন এই ভাষা,

কবিজনাৰ নাম = নৱকান্ত বৰুৱা ।

       
                                                       
২৷ চমু উত্তৰ দিয়া –                                                               ২×৫=১০
(ক) সুবিশাল পৃথিৱীত কাৰ স'তে, কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা 
প্ৰকাশ কৰিছে ?
উত্তৰ👉👉 সুবিশাল পৃথিৱীখনত কবিয়ে একতাৰ ডোলেৰে সকলোৰে লগত হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ।


(খ) ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল ?
উত্তৰ👉👉 ৰাজকন্যাৰ পিতাকে দুমাহ সময় বিচাৰিছিল কাৰণ - তেওঁ অনুমান কৰিছে যে অহা দুমাহ যদি এই হাৰত সম্ৰাটে চিকাৰ কৰি থাকে, তেনেহলে আৰু বিশ-ত্ৰিশখন হাবিৰ পশু-পক্ষী নি:শেষ হ'ব । তেতিয়া দৰাপক্ষক পশু-পক্ষীহীন অৰণ্য দিবলৈ অসুবিধা নহ'ব ।


(গ) অলিখিত বা মৌখিক সাহিত্য মানে কি ?
উত্তৰ👉👉 যিবোৰ সাহিত্য আখৰেৰে লিখা নহয়, বৰং মানুহৰ মুখে মুখেহে প্ৰচলিত হয় তাকে অলিখিত বা মৌখিক সাহিত্য বুলি কোৱা হয় ।


(ঘ) বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে ?
উত্তৰ👉👉 বীৰবলে কোৱা কথাখিনি শুনি আকবৰে উপলব্ধি কৰিলে যে এনেদৰে চিকাৰ কৰি থাকিলে অৰণ্যখনত পশু-পক্ষী নাথাকিব ।


(ঙ) চ'তাই বুলি কবিয়ে কাক কৈছে ?
উত্তৰ👉👉 চ'তাই বুলি কবিয়ে চ'ত মাহক কৈছে ।



৩৷ অসমৰ জাতীয় উৎসৱ বিহুৰ বিষয়ে দহটা বাক্য লিখা ।                 ৬
উত্তৰ👉👉 অসমৰ জাতীয় উৎসৱ বিহু। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত। অসমত পালন কৰা বিহু তিনিটা হ'ল: ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু।



৪৷ অৰ্ধ-তৎসম শব্দ কাক বোলে ? তিনিটা উদাহৰণ দিয়া -         ২+৩=৫
উত্তৰ👉👉 কিছুমান শব্দ সংস্কৃতৰ পৰা আহিলেও অসমীয়া ভাষাৰ উচ্চাৰণ-ৰীতিৰ দ্বাৰা এইবোৰ সৰল হৈ পৰিছে। এনে শব্দবিলাকক অৰ্ধ-তৎসম শব্দ বোলে । 
                     উদাহৰণ - ধৰম, কৰম, মৰম, যঁতৰ, চেনেহ ।



৫৷ শব্দ অৰ্থ লিখা -                                                                          ৫
    মহিমা, সুবিশাল, নিগাজি, উপাদান, বৰ্হমথুৰি
উত্তৰ👉👉
মহিমা = মাহাত্ম্য, প্ৰতাপ, গৌৰৱ
সুবিশাল = বৰ ডাঙৰ , বৰ বহল
নিগাজি = স্থায়ী
উপাদান = কোনো বস্তুৰ মূল পদাৰ্থ
বৰ্হমথুৰি = এবিধ গছ

৬৷ তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া -                       ৫
     প্ৰচলিত, ৰচিত, পৰিৱৰ্তিত, বিকশিত
উত্তৰ👉👉
প্ৰচলিত = প্ৰচলন
ৰচিত = ৰচনা
পৰিৱৰ্তিত = পৰিৱৰ্তন
বিকশিত = বিকাশ


৭৷ অৰ্থপূৰ্ণ বাক্য ৰচনা কৰা -                                                           ৫
     কথা-চহকী, কথা চোবা, সাহিত্য, যুগে যুগে, জেতুকা
উত্তৰ👉👉
কথা-চহকী = ধ্ৰুৱ গোটেই শ্ৰেণীটোৰ ভিতৰতেই কথা-চহকী ।
কথা চোবা = লগৰীয়াৰ লগত কথা চোৱাই থাকোঁতে বিক্ৰমৰ বিদ্যালয়লৈ যাবলৈ পলম হ'ল ।
সাহিত্য = অসমীয়া সাহিত্য জগতত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অৱদান অপৰিসীম ।
যুগে যুগে = যুগে যুগে ধৰ্ম ৰক্ষাৰ বাবে এজন মহাপুৰুষৰ আৱিৰ্ভাৱ হয় ।
জেতুকা = ছোৱালীজনীয়ে নমিতা বাইদেউহঁতৰ পৰা হাতত ৰং লগাবলৈ জেতুকা পাত আনিছে ।


৮৷ এটা শব্দত প্ৰকাশ কৰা -                                                             ২
(ক) যি একেলগে পঢ়ে -
উত্তৰ👉👉 সহপাঠী

(খ) যি সকলো কথা জানে -
উত্তৰ👉👉 সৰ্বজ্ঞানী 


৯৷ সাঁথৰ ভাঙা -                                                                              ২
(ক) নাকত বহি
                কাণত ধৰে
      এনে কি বস্তু 
             ভাল পায় নৰে ?
উত্তৰ👉👉 চচমা


(খ) নকৈ মৰিল কোন ?
উত্তৰ👉👉 জয়মতী

Tuesday, June 21, 2022

Class 7 science lesson 6 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৬ (ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 7 science lesson 6 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৬ (ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
🌖 অনুশীলনী : 

💕 (১) তলৰ প্রক্রিয়াবোৰত জড়িত হোৱা পৰিৱর্তনবোৰে ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন হিচাপে শ্রণীবিভাজন কৰা।
💕 (ক) সালোকসংশ্লেষণ
উত্তৰ👉👉 ৰাসায়নিক পৰিবর্তন 

💕 (খ) পানীত চেনি দ্রৱীভূত কৰাটো
উত্তৰ👉👉 ভৌতিক পৰিৱর্তন

💕 (গ) কয়লাৰ দহন
উত্তৰ👉👉 ৰাসায়নিক পৰিবর্তন

💕 (ঘ) মমৰ গলন ।
উত্তৰ👉👉 ভৌতিক পৰিৱর্তন

💕 (ঙ) এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো।
উত্তৰ👉👉 ভৌতিক পৰিৱর্তন

💕 (চ) খাদ্যৰ পাচন ক্রিয়া
উত্তৰ👉👉 ৰাসায়নিক পৰিবর্তন


✅ (২) তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। যদি কোনো উক্তি মিছা হয়, শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা।
💕 (ক) কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিবর্তন। (সঁচা/মিছা)
উত্তৰ👉👉 মিছা

(কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ভৌতিক পৰিবর্তন।)

💕 (খ) পাতৰপৰা সাৰ প্রস্তুত হোৱা প্রক্রিয়াটো এটা ভৌতিক পৰির্বতন। (সঁচা/মিছা)
উত্তৰ👉👉 মিছা ।

(পাতৰপৰা সাৰ প্রস্তুত হোৱা প্রক্রিয়াটো এটা ৰাসায়নিক পৰির্বতন।)

💕 (গ) দস্তালেপিত লোৰ নলীত সহজে মামৰে নধৰে। (সঁচা/মিছা)
উত্তৰ👉👉 সঁচা

💕 (ঘ) লো আৰু মামৰ একেবিধ পদার্থ। (সঁচা/মিছা)
উত্তৰ👉👉 মিছা

(লো আৰু মামৰ দুয়োটা বেলেগ পদাৰ্থ)

💕 (ঙ) জলীত ভাপ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিবর্তন নহয় । (সঁচা/মিছা)
উত্তৰ👉👉 সঁচা


✅ (৩) তলত দিয়া উক্তিবোৰৰ খালী ঠাই পুৰ কৰা।
💕 (ক) চূণ-পানীৰ মাজেদি কার্বন-ডাই-অক্সাইড গেছ যাবলৈ দিলে ---------- প্রস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয়।
উত্তৰ👉👉 কেলছিয়াম কার্বনেট।

💕 (খ) বেকিং ছ’ডাৰ ৰাসায়নিক নাম হ’ল ---------- ।
উত্তৰ👉👉 ছডিয়াম হাইড্রজেন কার্বনেট।

💕 (গ) লোত মামৰে ধৰাটো প্রতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ’ল ---------- আৰু ---------- ।
উত্তৰ👉👉 ৰং সনা আৰু দস্তালেপন।

💕 (ঘ) যিবোৰ পৰিৱর্তনত মাত্র পদার্থৰ ---------- ধর্মৰহে সলনি হয়, সেইবোৰক ভৌতিক পৰিৱর্তন বোলে।
উত্তৰ👉👉 ভৌতিক।

💕 (ঙ) যিবোৰ পৰিৱর্তনত নতুন পদার্থৰ উৎপন্ন হয়, সেইবোৰক ---------- পৰিবর্তন বোলে।
উত্তৰ👉👉 ৰাসায়নিক


💕 (৪) যেতিয়া বেকিং ছ’ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয়, তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে। এইটো কি প্রকাৰৰ পৰিবর্তন ? ব্যাখ্যা কৰা।
উত্তৰ👉👉 যেতিয়া বেকিং ছ’ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয়, তেতিয়া নেমুৰসত থকা ছাইট্ৰিক এছিডৰ লগত ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ৰাসায়নিক বিক্ৰিয়া ঘটি নতুন কাৰ্বনেট পদাৰ্থ আৰু কার্বন ডাই অক্সাইড গেছ ওলাই আহে । সেইকাৰণে এইটো হৈছে এটা ৰাসায়নিক পৰিবর্তন।
                   অৰ্থাৎ ছাইট্ৰিক এছিড + বেকিং ছ'ডা ----- কাৰ্ব'নেট যৌগ+ কাৰ্বন-ডাই-অক্সাইড
                          


💕 (৫) মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনেই সংঘটিত হয় । এই পৰিবর্তনবোৰ চিনাক্ত কৰা। সচৰাচৰ দেখি থকা আন এটা উদাহৰণ দিয়া য’ত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱর্তনেই সংঘটিত হয়।
উত্তৰ👉👉 মমবাতি এডাল জ্বলালে হোৱা পৰিৱৰ্তন সমূহ হ'ল - ভৌতিক পৰিবৰ্তন = গলি যোৱা মমখিনিৰ আকাৰ আৰু আকৃতিৰ পৰিবৰ্তনে হৈছে ভৌতিক পৰিবৰ্তন ।
ৰাসায়নিক পৰিৱৰ্তন = মমডালৰ জ্বলাই দিয়াৰ পিছত কাৰ্বনডাই-অক্সাইড গেছ আৰু পোহৰ উৎপন্ন হয় ।
             আনটো উদাহৰণ হৈছে - তৰলীকৃত পেট্ৰোলিয়াম গেছৰ দহন ।
LPG ৰ ক্ষেত্ৰত ভৌতিক পৰিবৰ্তন হ'ল = চিলিণ্ডাৰৰ পৰা বাহিৰলৈ আহোতে জুলীয়াৰ পৰা গেছিয় অৱস্থালৈ পৰিৱৰ্তন হৈছে । ইয়াত কেৱল অৱস্থাৰ হে পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে ।
ৰাসায়নিক পৰিৱৰ্তন = LPG দহনৰ ফলত নতুন পদাৰ্থৰ সৃষ্টি হয়, যাক পুনৰ আগৰ অৱস্থালৈ ঘুৰাই আনিব নোৱাৰি।


💕 (৬) তুমি কেনেকৈ দেখুৱাবা যে দৈ প্রস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱর্তন।
উত্তৰ👉👉 প্রস্তুত হোৱা দৈ এটা ৰাসায়নিক পৰিবর্তন । গাখীৰৰ পৰা দৈ হোৱাটো এক স্থায়ী পৰিৱৰ্তন । এবাৰ গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱাৰ পিছত পুনৰ গাখীৰলৈ ইয়াক ঘুৰাই পাব নোৱাৰি । 

💕 (৭) কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাক দুটা বেলেগ প্রকাৰৰ পৰিবর্তন বুলি ধৰা হয় কিয় ? ব্যাখ্যা কৰা। 
উত্তৰ👉👉 কাঠ জ্বলালে বা দহন কৰিলে কাঠ পুৰি এঙাৰত পৰিণত হয় আৰু গেছৰ উৎপন্ন হয় । সেয়েহে কাঠৰ দহন এক প্ৰকাৰৰ ৰাসায়নিক পৰিৱৰ্তন ।      
                       আনহাতে কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাৰ পিছত ইয়াৰ আগৰ আকৃতিৰ পৰিবৰ্তন ঘটে । ইয়াত নতুন কোনো পদাৰ্থৰ সৃষ্টি হোৱা নাই কেৱল আকাৰ-আকৃতিৰ পৰিৱৰ্তন হৈছে । গতিকে এই পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন ।


💕 (৮) কপাৰ ছালফেটৰ স্ফটিক কেনেকৈ প্রস্তুত কৰা হয় বর্ণনা কৰা। (৬৪)
উত্তৰ👉👉 স্ফটিকীকৰণ পদ্ধতিৰে কপাৰ ছালফেটৰ স্ফটিক তৈয়াৰ কৰা হয় 
পদ্ধতিটো এনেধৰণৰ -
                প্ৰথমতে এটা বিকাৰত একাপ পানী লৈ তাত কেইটোপালমান পনীয়া ছালফিউৰিক এছিড ঢালি পানীখিনি গৰম কৰি ল'ব লাগিব । পানীখিনি উতলিবলৈ আৰম্ভ কৰাৰ পিছত কপাৰ ছালফেটৰ পাউদাৰ লাহে লাহে একেৰাহে মিহলাই লৰাই থাকিব লাগিব । অধিক পাউদাৰ দ্ৰৱীভূত কৰিব নোৱাৰা অৱস্থালৈকে কপাৰ ছালফেট পাউদাৰ মিহলাই থাকিব লাগিব । তাৰ পিছত দ্ৰৱটো পৰিস্বাৱণ(ফিল্টাৰ) কৰি চেঁচা হ'বলৈ দিব লাগিব আৰু চেঁচা হোৱাৰ সময়ত দ্ৰৱখিনি লৰচৰ নকৰাকৈ থব লাগিব । কিছুসময়ৰ পিছত কপাৰ ছালফেটৰ স্ফটিক পৃথক হোৱা দেখা পোৱা যাব।


💕 (৯) লোৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্রক্রিয়া ৰোধ কৰে, বুজাই লিখা। (৬৪)
উত্তৰ👉👉 পানী, বায়ুত থকা জলীয় বাষ্প আৰু অক্সিজেনৰ সংস্পৰ্শলৈ যেতিয়া লোৰ সামগ্ৰীবোৰ আহে তেতিয়া লোৰ সামগ্ৰীবোৰত মামৰে ধৰে । লোৰ গেট এখনত ৰং কৰিলে এই ৰঙে লোৰ ওপৰত প্ৰলেপ বা আৱৰণৰ দৰে কাম কৰে আৰু গেটখন পানী, বায়ুত থকা জলীয় বাষ্প আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহিবলৈ নিদিয়ে । ইয়াৰ ফলত গেটখনত মামৰে নধৰে । এনেদৰেই ৰং কৰি লোৰ গেট এখন মামৰে ধৰাৰ পৰা ৰোধ কৰিব পাৰি ।


💕 (১০) মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ? ব্যাখ্যা কৰা ।
উত্তৰ👉👉 মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কাৰণ উপকূলীয় অঞ্চলত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি। পানী, বায়ুত থকা জলীয় বাষ্প আৰু অক্সিজেনৰ সংস্পৰ্শলৈ যেতিয়া লোৰ সামগ্ৰীবোৰ আহে তেতিয়া লোৰ সামগ্ৰীবোৰত মামৰে ধৰে । এই পৰিৱেশ মৰুভূমিত পোৱা নাযায়। মৰুভূমিত পানীৰ বাষ্পৰ পৰিমাণ প্ৰায় নাই, বায়ু অতি শুকান । সেইবাবে মৰুভূমিত থকা লোৰ সামগ্ৰীত মামৰে ধৰা কাৰ্য প্ৰায় সংঘটিত নহয় ।

💕 (১১) পাকঘৰত আমি ব্যৱহাৰ কৰা গেছ বিধৰ নাম হ’ল তৰলীকৃত পেট্রলিয়াম গেছ (এল. পি. জি) । চিলিণ্ডাৰত ই জুলীয়া অৱস্থাত থাকে। যেতিয়া চিলিণ্ডাৰৰ পৰা ওলাই তেতিয়া ই, গেছলৈ পৰিবর্তন হয় (পৰিবর্তন-A) আৰু তেতিয়া ই জ্বলে (পৰিবর্তন - B)। এই পৰিবর্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে। শুদ্ধ উক্তিটো বাছি উলিওৱা
👉 (i) প্রক্রিয়া - A এটা ৰাসায়নিক পৰিবর্তন।
👉 (ii) প্রক্রিয়া - B এটা ৰাসায়নিক পৰিবর্তন।
👉 (iii) প্রক্রিয়া - A আৰু B উভয়ে ৰাসায়নিক পৰিবর্তন।
👉 (iv) এইবোৰৰ এটা প্রক্রিয়াও ৰাসায়নিক পৰিবর্তন নহয়।
উত্তৰ👉👉 ইয়াৰ শুদ্ধ উক্তিটো হ'ল - (ii) প্রক্রিয়া- B এটা ৰাসায়নিক পৰিবর্তন।


💕 (১২) অবায়ৱীয় বেক্টেৰিয়াই প্রাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ (Biogas) উৎপন্ন কৰে (পৰিবর্তন - A) । এই জৈৱ গেছ ইন্ধন হিচাপে জ্বলোৱা হয় (পৰিবর্তন - B)। এই পৰিৱর্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে।
শুদ্ধ উক্তিটো বিচাৰি উলিওৱা -
👉 (i) প্রক্রিয়া - A টো কেৱল ৰাসায়নিক পৰিবর্তন।
👉 (ii) প্রক্রিয়া - B টো কেৱল ৰাসায়নিক পৰিবর্তন।
👉 (iii) প্রক্রিয়া - A আৰু B উভয় প্ৰক্ৰিয়া ৰাসায়নিক পৰিবর্তন।
👉 (iv) এইবোৰ প্রক্রিয়াৰ ৰাসায়নিক পৰিবর্তন নহয়।
উত্তৰ👉👉 ইয়াৰ শুদ্ধ উক্তিটো হ'ল - (iii) প্রক্রিয়া - A আৰু B উভয়ে ৰাসায়নিক পৰিবর্তন।

বিপৰীত শব্দ 2022,(300+) 1st Unit Test/Half Yearly & Annual Exam Common. Assamese Grammar Common 2022.

বিপৰীত শব্দ 2022, 1st Unit Test/Half Yearly & Annual Exam Common. Assamese Grammar Common 2022.
💕 নিৰ্দোষী = দোষী
💕 নিৰ্ধনী = ধনী
💕 নিৰ্বংশ = বংশ
💕 নিৰ্বল = সবল
💕 দ্বৈধ = অদ্বৈধ
💕 ধনৱন্ত = ধনহীন
💕 ধনাত্মক = ঋণাত্মক
💕 ধনুৱা = নিধনুৱা
💕 ধন্য = অকৃতাৰ্থ
💕 ধৰুৱা = নিধৰুৱা
💕 ধৰ্ম = অধৰ্ম
💕 ধৰ্মী = অধৰ্মী
💕 ধৱল = শ‍্যামল 
💕 ধাতৱ = অধাতৱ
💕 তাকৰীয়া = সৰহীয়া 
💕 তাকৰীয়াকৈ = সৰহীয়াকৈ 
💕 তাজা = নিস্তেজ 
💕 তাত = ইয়াত
💕 নিচাত্মক = উচ্চাত্মক
💕 নীচাত্মিকা = উচ্চত্মিকা
💕 নীতি = অনীতি
💕 নীতিপৰায়ণ = অনীতিপৰায়ণ
💕 নেতিবাচক = ইতিবাচক
💕 নেদেখা = দেখা
💕 নৈতিক = অনৈতিক
💕 নৈতিকতা = অনৈতিকতা
💕 নৈশ = দিন 
💕 নৈষ্ঠিক = অনৈষ্ঠিক
💕 নৈসৰ্গিক = কৃত্ৰিম 
💕 ন‍্যায় = অন‍্যায়
💕 তাত্ত্বিক = প্ৰায়োগিক 
💕  তাদৃশ = ইদৃশ
💕 তাপ = শীত
💕 তামসিক = ৰাজসিক 
💕 তামসী = জোনাক 
💕 তাৰল‍্য = কাঠিন‍্য 
💕 তাৰুণ্য = বার্ধক্য 
💕 তালাক = নিকাহ 
💕 তিক্ত = মধুৰ
💕  তিতা = শুকান
💕 তিমিৰ = আলোক 
💕 তিমিৰাচ্ছন্ন = জ্যোতিৰ্ময় 
💕 তিৰস্কাৰ = পুৰস্কাৰ
💕 তিৰোতা = পুৰুষ
💕 থিয় = এঢলীয়া
💕 থিয়কৈ = পথালিকৈ
💕 থিয়চকুৱা = পথালিচকুৱা
💕 থিয় হ = বহ
💕 থিৰ = অথিৰ
💕 থূপ খা = সিঁচৰতি হ
💕 থেপাথেপি = সেৰেঙা 
💕 থেপাথেপিকৈ = সেৰেঙাকৈ 
💕 দ = বাম
💕 দ-কৈ = বামকৈ
💕 দগ্ধ = অদগ্ধ
💕 দণ্ড = পুৰস্কাৰ
💕 দঁতাল = মখনা
💕 দধি = এঁৱা
💕 দমনীয় = অদমনীয়
💕 দম্য = অদম্য
💕 দৰকাৰ = অদৰকাৰ 
💕 দৰকাৰী = অদৰকাৰী
💕 দৰদী = নিৰ্দয় 
💕 দৰা = কইনা
💕 দৰিদ্ৰ = চহকী
💕 দলীয় = নিৰ্দলীয় 
💕 দয়া = হিংসা
💕 দয়ালু = নিৰ্দয়
💕 দক্ষিণ = উত্তৰ
💕 দক্ষিণায়ন = উত্তৰায়ন 
💕 দাতা = গ্ৰহীতা
💕 দান = গ্ৰহণ
💕 দানৱ = দেৱতা
💕 দানৱীয় = মানৱীয়
💕 দাম্ভিক = বিনয়ী 
💕 দাৰিদ্ৰ = আঢ্য
💕 দাস = প্ৰভু
💕 দাসত্ব = প্ৰভুত্ব
💕 দাহ্য = অদাহ্য
💕 দিক = বিদিক
💕 দিঠক = সপোন
💕 দিন = ৰাতি
💕 দিবাকৰ = নিশাকৰ
💕 দিৱস = ৰজনী
💕 দিয়া = লোৱা
💕  ঢাক = উদঙা 
💕 ঢিলা = টান
💕 ঢেৰ = তাকৰ
💕 ঢেলঢেলীয়া = সতেজ
💕 তই = মই
💕 ত'ত = অ'ত 
💕 ততা-তৈয়া = লেহেম 
💕 ততা-তৈয়াকৈ = লেহেমকৈ 
💕 পৰজীৱী = স্বজীৱী
💕 পৰনিৰ্ভৰ = স্বনিৰ্ভৰ
💕 পৰনিৰ্ভৰতা = স্বনিৰ্ভৰতা
💕 পৰনিৰ্ভৰশীল = স্বনিৰ্ভৰশীল
💕পৰনিৰ্ভৰশীলতা = স্বনিৰ্ভৰশীলতা
💕 পৰলোক = ইহলোক
💕 পৰাজয় = জয়
💕 পৰাধীন = স্বাধীন
💕 পৰাধীনতা = স্বাধীনতা
💕 তপত = চেঁচা
💕 তমসা = জ্যোতি
💕 তমসাচ্ছন্ন =  জাজ্বল‍্যমান 
💕 তৰল = ঘন
💕 তৰ্ক = মীমাংসা
💕 তৰাং = গভীৰ
💕 তৰুণ = বৃদ্ধ
💕 তল = ওপৰ
💕 তস্কৰ = সাধু
💕 তাকৰ = সৰহ
💕 দীঘ = প্ৰস্থ
💕 দীঘল = চুটি
💕 দীপ্ত = ম্লান
💕 দীৰ্ঘ = হ্ৰস্ব
💕 দীৰ্ঘম‍্যাদী = হ্ৰস্বম‍্যাদী
💕 দীৰ্ঘায়ু = স্বল্পায়ু
💕 দুখ = সুখ
💕 দুখী = সুখী
💕 দুখীয়া = ধনী
💕 ধ্বংসকাৰী = সৃষ্টিকাৰী
💕 ধ্বংসাত্মক = সৃজনাত্মক
💕 ধ্বংসমুখী = সৃষ্টিমুখী
💕 ন = পুৰণি
💕 নগদ = বাকী
💕 নগৰ = গাঁও
💕 নগৰাঞ্চল = গ্ৰামাঞ্চল
💕 নগৰীয়া = গাঁৱলীয়া
💕 নগ্ন = আবৃত
💕 নতুন = পুৰণা
💕 নবীন = প্ৰৱীণ
💕 নমা = উঠা
💕 দুপৰীয়া = দোভাগনিশা
💕 দুঃখবৰ = সুখবৰ
💕 দুঃশাসন = সুশাসন
💕 দুঃসংবাদ = সুসংবাদ
💕 দুঃসময় = সুসময়
💕 দুঃসাধ‍্য = সুসাধ‍্য
💕 দুখানুভূতি = সুখানুভূতি
💕 দুখীয়া = চহকী
💕 দুৰ্গন্ধ = সুগন্ধ
💕 দুৰ্গম = সুগম
💕 নিৰ্বাক = সবাক
💕 নির্বিকল্প = সৰ্বিকল্প
💕 নির্বিঘ্ন = বিঘ্ন
💕 নিৰ্বিবাদ = বিবাদ
💕 নির্বিৰোধ = বিৰোধ
💕 নির্বিশেষ = বিশেষ
💕 নিৰ্বুদ্ধি = বুদ্ধি
💕 নিৰ্বোধ = বোধ
💕 দুৰ্বাসনা = সুবাসনা 
💕 দুৰ্বিনীত = সুবিনীত 
💕 দুৰ্বুদ্ধি = সুবুদ্ধি
💕 দুৰ্বোধ্য = সহজবোধ্য
💕 দুৰ্জন = সুজন
💕 দূৰ্জ্ঞেয় = জ্ঞেয়
💕 দুৰ্দিন = সুদিন
💕 দুৰ্নাম = সুনাম 
💕 দুৰ্নীতি = সুনীতি 
💕 দুৰ্নীতি পৰায়ন = সুনীতি পৰায়ন
💕 দুৰ্বচন = সুবচন 
💕 দুৰ্বল = সবল
💕 দুর্বলী = শক্তিমান
💕 নম্রতা = উগ্ৰতা
💕 নৰক = সৰগ
💕 নৰম = চৰম
💕 নৰমপন্থী = চৰমপন্থী
💕 নশ্বৰ = অবিনশ্বৰ
💕 নাই = আছে
💕 নাকচ = মঞ্জুৰ
💕 নাবালক = সাবালক
💕 দুৰ্ব‍্যব্যৱহাৰ = সৎব্যৱহাৰ
💕 দুৰ্ভাগা = সুভগা
💕 দুৰ্ভাগ্য = সৌভাগ্য 
💕 দুর্ভাগ্যৱান = সৌভাগ্যৱান 
💕 দুৰ্ভেদ্য = সুভেদ্য 
💕 দুৰ্যশ = সুযশ 
💕 দুৰ্লভ = সুলভ
💕 দুৰ্লক্ষণ = সুলক্ষণ 
💕 দুশ্চৰিত্ৰ = সৎচৰিত্ৰ
💕 দুষ্কৰ = সুসাধ‍্য
💕 দুষ্কৰ্ম = সুকৰ্ম
💕 দুষ্কৃতি = সুকৃতি
💕 ধাতৱীয় = অধাতৱীয়
💕 ধাতু = অধাতু
💕 ধাৰ্মিক = অধাৰ্মিক
💕 ধীৰ = অধীৰ
💕 ধুনীয়া = কৎচিত 
💕 ধূৰ্ত = বুদ্ধিহীন 
💕 ধৃত = মুক্ত
💕 ধৈৰ্য = অধৈৰ্য
💕 ধৈৰ্যশীল = ধৈৰ্যহীন 
💕 ধোঁৱাখুলীয়া = মিতব্যয়ী
💕 ধ্বংস = সৃষ্টি
💕 দুষ্প্ৰাপ্য = সুলভ
💕 দূৰ = ওচৰ
💕 দূৰদৰ্শিতা = অদূৰদৰ্শিতা
💕 দূৰদৰ্শী = অদূৰদৰ্শী
💕 দূৰৱৰ্তী = নিকটৱৰ্তী 
💕 দৃঢ় = শিথিল
💕 দৃঢ়তা = শিথিলতা
💕 দৃশ্য = অদৃশ্য
💕 দৃশ্যমান = অদৃশ্যমান
💕 দৃষ্ট = অদৃষ্ট
💕 দৃষ্টি = অদৃষ্টি
💕 দৃষ্টিহীন = দৃষ্টিক্ষম
💕 দেখ = নেদেখ
💕 দেনা = পাওনা
💕 দেয় = অদেয়
💕 ন‍্যূনতম = সৰ্বোচ্চ
💕 পকনি = শুকনি
💕 পকা = কেঁচা
💕 পছন্দ = অপছন্দ
💕 পশ্চিম = পূব
💕 পঠন = লিখন
💕 পণ্ডিত = মূৰ্খ
💕 নিঘুণীয়া = ঘুণীয়া
💕 নিজ = পৰ
💕 নিজগৰ = জগৰ
💕 নিজান = কোলাহল
💕 নিত্য = অনিত্য
💕 নিত্যতা = অনিত্যতা
💕 নিথৰ = থৰ
💕 নিদ্ৰা = অনিদ্ৰা
💕 নিৰ্ধনী = ধনী
💕 নিধৰুৱা = ধৰুৱা
💕 নিন্দনীয় = প্ৰশংসনীয়
💕 নিন্দা = প্ৰশংসা
💕 পতন = উত্থান
💕 পদস্ত = অপদস্ত
💕 পথ = বিপথ
💕 পথালি = দীঘল
💕 পথ্য = অপথ্য
💕 নিধনুৱা = ধনুৱা
💕 নিধৰুৱা = ধৰুৱা
💕 নিন্দনীয় = প্ৰশংসনীয়
💕 নিন্দা = প্ৰশংসা
💕 নিপুণ = অকামিলা
💕 নিমন্ত্ৰিত = অনিমন্ত্ৰিত
💕 নিম্ন = উচ্চ
💕 নিম্নচাপ = ঊৰ্ধ্বচাপ
💕 নিম্নতা = উচ্চতা
💕 নিম্নলিখিত = উল্লিখিত
💕 নিমাওমাও = কোঢ়ালপূৰ্ণ
💕 পদকীয়া = গোচৰীয়া
💕 পদত্যাগ = পদগ্ৰহণ
💕 পদাৰ্থ = অপদাৰ্থ
💕 দেৱ = অসুৰ
💕 দেৱতা = দৈত্য
💕 দেৱত্ব = অসুৰত্ব
💕 দেৱানী = ফৌজদাৰী 
💕 দেশদ্ৰোহ = দেশপ্ৰেম
💕 দেশহিতৈশী = দেশদ্ৰোহী
💕 দেশী = বিদেশী
💕 তিৰোধান = আবিৰ্ভাৱ
💕 তীব্ৰ = মৃদু
💕 তুংগ = অতুংগ
💕 তুচ্ছ = উচ্চ
💕 তুলনাবিহীন = তুলনীয়
💕 তুলনীয় = অতুলনীয়
💕 তুল‍্য = অতুল‍্য
💕 তুষ্ট = বিতুষ্ট
💕 নিৰুদ্যম = উদ্যম 
💕 নিৰুদ্বিগ্ন = উদ্বিগ্ন
💕 নিৰুপদ্ৰৱ = উপদ্ৰৱ
💕 নিৰুপায় = উপায়
💕 নিৰূপ = ৰূপ
💕 নিৰোগ = ৰোগ
💕 নির্গন্ধ = সুগন্ধ
💕 নিৰ্জন = সজল
💕 নিৰ্জীৱ = সজীৱ
💕 নিৰ্জু = দুষ্ট
💕 নিৰ্দয় = সদয়
💕 নিৰ্দিষ্ট = অনিৰ্দিষ্ট
💕 তৃপ্ত = অতৃপ্ত
💕 তৃপ্তি = অতৃপ্তি
💕 তেনে = এনে
💕 তোল = নমা
💕 ত‍্যক্ত = গৃহীত
💕 ত্যাগ = গ্ৰহণ
💕 ত‍্যাজ্য = গ্ৰাহ্য
💕 থকা = নথকা
💕 থৰ = নিঠৰ
💕 থলুৱা = বাহিৰাগত
💕 থাক = নাথাক
💕 দৈ = এঁৱা
💕 দৈহিক = মানসিক
💕 দোভাগনিশা = দুপৰীয়া
💕 দোষ = গুণ
💕 দোষী = নিৰ্দোষী
💕 দ‍্যুলোক = ভূলোক
💕 দ্ৰৱ = অদ্ৰৱ
💕 নিৰ্লোভ = লোভ
💕 নিলগ = ওচৰ
💕 নিশব্দ = সশব্দ
💕 নিশাহ = উশাহ
💕 নিশ্চয় = অনিশ্চয়
💕 নিশ্চিত = অনিশ্চিত
💕 নিশ্বাস = প্ৰশ্বাস
💕 নিষ্কর্মা = কৰ্মী
💕 নিষ্কাম = সকাম
💕 নিষ্ক্ৰিয় = সক্ৰিয়
💕 নিষ্ঠুৰ = দয়ালু
💕 নিষ্ফল = সফল
💕 নিস্তব্ধ = কোলাহল 
💕 নিস্তব্ধতা = হাহাকাৰ
💕 নিস্তেজ = সতেজ
💕 নিয়ম = অনিয়ম
💕 নিয়মিত = অনিয়মিত
💕 দ্ৰৱণীয় = অদ্ৰৱণীয়
💕 দ্ৰৱীভূত = অদ্ৰৱীভূত
💕 দ্ৰুত = ধীৰ
💕 দ্বিধা = নীৰ্দ্বিধা
💕 দ্বিধাগ্ৰস্ত = দ্বিধাহীন
💕 দ্বিধাগ্ৰস্ততা = দ্বিধাহীনতা 
💕 দ্বৈত = অদ্বৈত
💕 নামঞ্জুৰ = মঞ্জুৰ
💕 নামনি = উজনি
💕 নামী = অনামী
💕 নাৰী = পুৰুষ
💕 নাশ = সৃষ্টি
💕 নায়ক = খলনায়ক
💕 নাস্তিক = আস্তিক
💕 নিকট = আঁতৰ
💕 নিকটৱৰ্তী = দূৰৱৰ্তি
💕 নিকটলুৱা = কটলুৱা
💕 নিকৰুণ = কৰুণ
💕 নিকা = লেতেৰা
💕 নিকৃষ্ট = উৎকৃষ্ট
💕 নিখৰচী = খৰচী
💕 নিখৰ্ব = খৰ্ব
💕 নিখুঁত = খুঁত
💕 পৰিচ্ছিন্ন = অপৰিচ্ছিন্ন
💕 পৰিণত = অপৰিণত
💕 পৰিতুষ্ট = অপৰিতুষ্ট
💕 পৰিতৃপ্ত = অপৰিতৃপ্ত
💕 পৰিত‍্যক্ত = অপৰিত‍্যক্ত
💕 পৰিত্যাগ = গ্ৰহণ
💕 নিৰ্ভীক = ভীৰু
💕 নির্ভুল = ভুল
💕 নিৰ্মল = মলিন
💕 নিৰ্মিত = অনিৰ্মিত
💕 নিৰ্মেঘ = মেঘাচ্ছন্ন
💕 নিৰ্লজ্জ = সলজ্জ
💕 নিৰ্লিপ্ত = লিপ্ত
💕 নিঃশব্দ = সশব্দ
💕 নিয়োগ = বৰ্খাস্ত
💕 নীচ = উচ্চ
💕 পৰিত্যাজ্য = অপৰিত্যাজ্য
💕 পৰিধান = অপৰিধান
💕 পৰিপক্ক = অপৰিপক্ক
💕 পৰিপাটি = অপৰিপাটি
💕 পৰিপুষ্ট = অপৰিপুষ্ট
💕 পৰিপুষ্টি = অপৰিপুষ্টি
💕 পৰিবৃত = অনাবৃত
💕 পৰিমিত = অপৰিমিত
💕 পৰিশোধিত = অপৰিশোধিত
💕 পৰিশ্ৰম = আৰাম
💕 পৰিশ্ৰমী = অপৰিশ্ৰমী
💕 পৰিষ্কাৰ = অপৰিষ্কাৰ
💕 পৰোপকাকাৰী = অপকাৰী
💕 পৰোক্ষ = প্ৰত্যক্ষ
💕 পৰোক্ষভাৱে = প্ৰত্যক্ষভাৱে
💕 পৱিত্ৰ = অপৱিত্ৰ
💕 পৱিত্ৰতা = অপৱিত্ৰতা
💕 পশ্চ = অগ্ৰ
💕 নিখোজ = খোজ
💕 নিগাজী = অস্থায়ী
💕 ধনাত্মক = ঋণাত্মক
💕 ধনুৱা = নিধনুৱা
💕 ধন্য = অকৃতাৰ্থ
💕 ধৰুৱা = নিধৰুৱা
💕 ধৰ্ম = অধৰ্ম
💕 ধৰ্মী = অধৰ্মী
💕 ধৱল = শ‍্যামল 
💕 ধাতৱ = অধাতৱ
💕 নিপীড়ন = পীড়ন
💕 নিপুণ = অকামিলা
💕 নিভজুৱা = ভজুৱা
💕 নিবুকা = কথাচহকী
💕 নিমন্ত্ৰিত = অনিমন্ত্ৰিত
💕 নিমৰমিয়াল = মৰমিয়াল
💕 নিম্ন = উচ্চ
💕 নিম্নচাপ = ঊৰ্ধ্বচাপ
💕 নিম্নতা = উচ্চতা
💕 নিম্নলিখিত = উল্লিখিত
💕 নিমাওমাও = কোঢ়ালপূৰ্ণ
💕 নিযুক্তি = বৰ্খাস্ত
💕 নিৰভিমানী = অভিমানী
💕 নিৰৱ = সৰৱ
💕 নিৰস = সৰস
💕 নিৰৰ্থক = সদৰ্থক
💕 নিৰক্ষৰ = সাক্ষৰ
💕 নিৰক্ষৰতা = সাক্ষৰতা
💕 নিৰস্ত্ৰ = সশস্ত্ৰ
💕 নিৰাকাৰ = সাকাৰ
💕 নিৰাশা = আশা
💕 পদ্য = গদ্য
💕 পনীয়া = গোটা
💕 পৱিত্ৰ = অপৱিত্ৰ
💕 আপোন = পৰ
💕 পৰ = আপোন
💕 পৰকাল = ইহকাল
💕 পৰকীয় = স্বকীয়
💕 পৰাৰ্থ = স্বাৰ্থ
💕 পৰাশ্রয়ী = স্বাশ্রয়ী
💕 পৰাহ্ন = পূৱা
💕 পৰিকল্পিত = অপৰিকল্পিত
💕 পৰিচয় = অপৰিচয়
💕 পৰিচিত = অপৰিচিত
💕 নিৰানন্দ = আনন্দ
💕 নিৰাপদ = বিপদজনক
💕 নিৰামিষ = আমিষ
💕 নিৰামিষাহাৰী = আমিষাহাৰী
💕 নিৰুৎসাহ = উৎসাহ
💕 নিৰুৎসাহিত = উৎসাহিত
💕 নিৰুৎসাহী = উৎসাহী
💕 নিৰুৎসুক = উৎসুক
💕 নিৰুদ্দিষ্ট = উদ্দিষ্ট
💕 নিৰুদ্দেশ = উদ্দেশ
💕 নিৰুদ্ধ = ৰুদ্ধ
💕 নিৰ্দেশক = অনিৰ্দেশক
💕 নিৰ্দোষ = দোষ
💕 নিৰ্দোষী = দোষী
💕 নিৰ্ধনী = ধনী
💕 নিৰ্বংশ = বংশ
💕 নিৰ্বল = সবল
💕 দ্বৈধ = অদ্বৈধ
💕 ধনৱন্ত = ধনহীন

Friday, June 17, 2022

Class 7 1st Unit Test Social Science Question Paper Discuss Assamese Medium.

Class 7 1st Unit Test Social Science Question Paper Discuss Assamese Medium

Class 8 Social Science 1st Unit Test Solved Question Paper Discuss

Class 8 Social Science 1st Unit Test Solved Question Paper Discuss
১৷ উত্তৰ দিয়া : ১×৫=৫
ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো এটা কাৰণ উল্লেখ
কৰা ।
উত্তৰ👉👉 মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ এটা কাৰণ হ'ল - জনসংখ্যা বৃদ্ধি ।

খ) মৰুকৰণ কাক বোলে ? 12
উত্তৰ👉👉প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয় ।

গ) জনপ্ৰবজন কাক বোলে ? 28
উত্তৰ👉👉 মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বোলে । 

ঘ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰ👉👉 শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল।


ঙ) ভক্তিবাদ বুলিলে কি বুজায় ?
উত্তৰ👉👉 ভক্তিবাদ বুলিলে ঈশ্বৰৰ প্ৰতি গভীৰ আনুগত্য আৰু শ্ৰদ্ধাক বুজায় । পূজনীয় সকলৰ প্ৰতি শ্ৰদ্ধা দেখুৱাকো ভক্তি বুলি কোৱা হয়। ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষ সকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ ।

২৷ দুই-তিনিটা বাক্যত উত্তৰ দিয়া : ২×৫=১০
ক) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ লিখা।
উত্তৰ👉👉 গৰাখহনীয়া, ভুস্থলন আদিৰ ফলত ভূমিৰ অৱক্ষয় হয় ।
(i) কৃষিক্ষেত্ৰত অত্যাধিক ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি বেছি পৰিমাণে প্ৰয়োগ কৰাৰ ফলত ।
(ii) খেতিপথাৰত গঢ়ি উঠা ইটা-ভাটাৰ দৰে উদ্যোগবোৰৰ ফলত ।

খ) বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা ।
উত্তৰ👉👉 বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ হ'ল -
(i) পানীৰ উৎসসমূহ প্ৰদূষিত হ'বলৈ ধৰাৰ ফলত ক্ৰমে ব্যৱহাৰযোগ্য পানীৰ অভাৱ হ'বলৈ ধৰিছে ।
(ii) ভূ-তল জলৰ পৰিমাণ দিনক দিনে কমি অহাৰ বাবে ।

গ) জনসংখ্যা বৃদ্ধি মানে কি ? ২১
উত্তৰ👉👉 জনসংখ্যা বৃদ্ধি বুলিলে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনকে বুজায় ।

ঘ) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম
 লিখা ।
উত্তৰ👉👉 উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম হ'ল - তুলসী দাস, ৰামানন্দ, গুৰুনানক আৰু কবীৰ ।

ঙ) কেতিয়া আৰু কোনো অসমত আহোম ৰাজ্য স্থাপন কৰিছিল ?
উত্তৰ👉👉

৩। খালী ঠাই পূৰ কৰা - ১×৪=৪
ক) কয়লা এবিধ — ইন্ধন । ১৬
উত্তৰ👉👉 জীৱাষ্ম

খ) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ — বৃদ্ধিক বুজায় । ১৩
উত্তৰ👉👉 সংখ্যাগত

গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল — ।
উত্তৰ👉👉 বিষ্ণু অৱতাৰ ৰাম ।

ঘ) — শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক ।
উত্তৰ👉👉 ভূঞা


৪৷ চমুটোকা লিখা -                                                                  
ক) জনসংখ্যাৰ বিস্ফোৰণ ১৮
উত্তৰ👉👉 পৃথিৱীত মানুহৰ সৃষ্টিৰ সময়ৰে পৰা জনসংখ্যা ক্ৰমশঃ বাঢ়ি আহি বৰ্তমানৰ অৱস্থা পাইছে । বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱন হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসা ব‍্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ-আজাৰবোৰ উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে । ইয়াৰ ফলত উনবিংশ শতিকাৰ আৰম্ভণি পৰা জনসংখ্যা ক্ষিপ্ৰগতিত বৃদ্ধি হ'বলৈ ধৰে । জনসংখ্যাৰ এনে অভাৱনীয় পৰিবৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হৈছে । বৰ্তমান পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হৈ উঠিছে এই জনসংখ্যা বিস্ফোৰণ । ইয়াৰ ফলতেই পৰিৱেশৰ ভাৰসাম্যতা অৱনতি ঘটাৰ উপৰিও খাদ্যসংকট, অনগ্ৰসৰতা, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবোৰ উদ্ভৱ হৈছে ।



খ) শঙ্কৰাচাৰ্য
উত্তৰ👉👉 আলভাৰচ্ আৰু নায়নাৰসকলৰ সমসাময়িকভাৱে দক্ষিণৰ কেৰেলা ৰাজ্যতো ভক্তিৰ ওপৰত শঙ্কৰাচাৰ্যৰ নেতৃত্বত এক দাৰ্শনিক ধৰ্মীয় মতবাদৰ উত্থান হৈছিল। শঙ্কৰাচাৰ্য আছিল অদ্বৈতবাদ বিশ্বাসী । তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই । মানুহৰ মাজতে ভগৱান বিদ্যমান। সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে। 

Thursday, June 16, 2022

Class 6 Social Science 1st Unit Test Solved Question Paper Discuss Assamese Medium.

Class 6 Social Science 1st Unit Test Solved Question Paper Discuss Assamese Medium.


১৷ তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা - ৫                                    
ক) সূৰ্যৰপৰা দূৰত্ব অনুসাৰে চতুৰ্থ স্থানত থকা গ্ৰহটোৰ নাম লিখা ।
উত্তৰ👉👉 মঙ্গল

খ) পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি ?
উত্তৰ👉👉 চন্দ্ৰ

গ) তুমি কোন গোলাৰ্ধৰ বাসিন্দা ?
উত্তৰ👉👉 উত্তৰ গোলাৰ্ধৰ বাসিন্দা ।

YouTube 👉 Learn something অসমীয়াত Class 1-10

ঘ)শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধৰ
 নাম লিখা ।
উত্তৰ👉👉 নাইট্ৰজেন (৭৮%)

ঙ) মানচিত্ৰৰ উপাদান কেইবিধ ?
উত্তৰ👉👉 মানচিত্ৰৰ উপাদান তিনিবিধ । সেইকেইটা হ'ল - দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন। 

২৷ দুই-তিনিটা বাক্যত উত্তৰ দিয়া । ১০                                             
ক) সৌৰজগত বুলিলে কি বুজা ? ১১
উত্তৰ👉👉 সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্য গ্ৰহ, উপগ্ৰহ, ধুমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলে ।


খ) সূৰ্যৰপৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা । ১১
উত্তৰ👉👉 সূৰ্যৰপৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম হ'ল - বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাচ আৰু নেপচুন ।

গ) আহ্নিক গতি আৰু বাৰ্ষিক গতি বুলিলে কি বুজা ? (২৬)
উত্তৰ👉👉 পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি তাকে আহ্নিক গতি বোলে আৰু পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰা যি গতি তাকে বাৰ্ষিক গতি বোলে।



ঘ) কৰ্কট ক্ৰান্তি কাক বোলে ?
উত্তৰ👉👉 পৃথিৱীৰ সোমাজৰ কাল্পনিক বিষুৱ ৰেখাৰ পৰা উত্তৰে ২৩ ১/২° উত্তৰ অক্ষাংশ কাল্পনিক ৰেখাডালকেই কৰ্কট ক্ৰান্তি বোলা হয় ।

ঙ) মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কি দৰে সহায় কৰে ?
উত্তৰ👉👉 সাংকেতিক চিহ্নই মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰে'লপথ, পুখুৰী, কুৱাঁ, খেতি-পথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। এনেদৰে সাংকেতিক চিহ্নবোৰে মানচিত্ৰত সহায় কৰে।


 ৩৷ খালী ঠাই পূৰ কৰা — ৫                                         
ক) পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ'ল —------। (৩৫)
উত্তৰ👉👉 উত্তৰ আমেৰিকা ।

খ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক —--- বোলে ।
উত্তৰ👉👉 কক্ষপথ

গ) সূৰ্যৰপৰা পৃথিৱীৰ অৱস্থান—-- নম্বৰত 
উত্তৰ👉👉 ৩


ঘ) প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক —-- বোলে । (২০)
উত্তৰ👉👉 অক্ষাংশ

ঙ) প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ানা খাতৰ গভীৰতা —--- মিটাৰ ।(৩৪)
উত্তৰ👉👉 ১১০২২ মিটাৰ ।


৪। বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি কি ? (৪০) ২
উত্তৰ👉👉 বায়ুমণ্ডলক চাৰিটা স্তৰত ভাগ কৰা হৈছে। সেই স্তৰকেইটা হ'ল - 
ট্ৰপ'স্ফিয়েৰ, ষ্ট্ৰেট'স্ফিয়েৰ, মেছ'স্ফিয়েৰ আৰু থাৰ্ম'স্ফিয়েৰ ।


৫৷ অধিবৰ্ষ বা লিপ্ ইয়েৰ কি ? কোনো এটা বছৰ অধিবৰ্ষ বা লিপ্ ইয়েৰ হয় নে নহয় কেনেদৰে জানিব পাৰি ?(২৯) ৪
উত্তৰ👉👉 পৃথিৱীয়ে নিজ কক্ষ পথেৰে এটা নিৰ্দিষ্ট গতিত সূৰ্য্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ ৩৬৫ দিন আৰু প্ৰায় ৬ ঘণ্টা সময় লাগে । কিন্তু গণনাৰ সুবিধাৰ বাবে ৩৬৫ দিনত এবছৰ ধৰি লোৱা হয় । অৰ্থাৎ প্ৰতিবছৰে আমি ৬ ঘণ্টা সময় বাদ দিওঁ। এই বাদ দিয়া ৬ ঘণ্টা সময়খিনি ৪ বছৰত লগ-লাগি এদিন হয় । সেয়েহে প্ৰতি ৪ বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই ২৮ দিনৰ পৰিবৰ্তে ২৯ দিন গণনা কৰা হয়। এনেদৰে যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটো অধিবৰ্ষ বা লিপ্ ইয়েৰ বোলা হয় । 
                  যিটো খ্ৰীষ্টীয় বছৰ চাৰিৰে হৰণ কৰিলে ভাগশেষ নাথাকে তেনে বছৰকে অধিবৰ্ষ বুলি ধৰা হয় । উদাহৰণ স্বৰূপে ২০২০ বৰ্ষটো অধিবৰ্ষ ।



৬৷ পৃথিৱীৰ উপৰিভাগক কেইটা তাপমণ্ডলত ভাগ কৰা হৈছে আৰু কি কি ?(22) ৪
উত্তৰ👉👉 পৃথিৱীৰ উপৰিভাগক তিনিটা তাপমণ্ডলত ভাগ কৰা হৈছে । সেইকেইটা হ'ল - গ্ৰীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল ।


৭৷ পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন আৰু কি কি ? (৩৫) ৫
উত্তৰ👉👉
পৃথিৱীৰ প্ৰধান মহাদেশ সাতখন । 
                        এই মহাদেশবোৰ হ'ল - এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ ।


৮৷ সত্য নে অসত্য লিখা : ৫                                             
ক) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বুধ ।
উত্তৰ👉👉 অসত্য

খ) ২০০০ চনটো অধিবৰ্ষ ।
উত্তৰ👉👉 সত্য

গ) পৃথিৱীৰ গতি দুটা ।
উত্তৰ👉👉 সত্য

ঘ) পৃথিৱীৰ বাৰ্ষিক গতিৰ সময় ৩৬৬ দিন আৰু প্ৰায় ৬ ঘণ্টা। 
উত্তৰ👉👉 অসত্য

ঙ) পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মহাদেশ হ'ল এছিয়া ।
উত্তৰ👉👉অসত্য


৯৷ চমুটোকা লিখা : (যিকোনো দুটা) ৬                                          
   মহাদেশ, গ্ৰীষ্মমণ্ডল, আহ্নিক গতি , সূৰ্য
উত্তৰ👉👉 
সূৰ্য = সূৰ্য এটা উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ উপৰ অংশৰ উত্তাপ প্ৰায় ৬০০০ ডিগ্ৰী চেলচিয়াছ । সূৰ্যৰ বয়স ৫০০ কোটি বছৰৰ ওচৰা-ওচৰি। সূৰ্য প্ৰচুৰ তাপ আৰু পোহৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱী গ্ৰহত জীৱন-ধাৰণ সম্ভৱ হৈছে । পৃথিৱীত হোৱা দিন-ৰাতি, ঋতু পৰিবৰ্তন, বতৰৰ সাল-সলনি এই সকলোৰে প্ৰধান কাৰণ হৈছে সূৰ্য ।

মহাদেশ = পৃথিৱীৰ প্ৰধান মহাদেশ সাতখন । এই মহাদেশবোৰ হ'ল - এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ । আটাইতকৈ ডাঙৰ মহাদেশখন হ'ল এছিয়া। এছিয়াৰ পাছতেই দ্বিতীয় সৰ্ববৃহৎ মহাদেশ হ'ল আফ্ৰিকা । পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি ছাহাৰা আফ্ৰিকাতেই অৱস্থিত । পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল নদী আফ্ৰিকা মহাদেশতেই অৱস্থিত ।


১০৷ পৃথিৱীৰ তাপমণ্ডলসমূহ চিত্ৰৰ সহায়ত দেখুওৱা । ৪
উত্তৰ👉👉

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...