Search This Blog

Monday, June 27, 2022

Class 7 Science lesson 7 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৭ (বতৰ, জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 7 Science lesson 7 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৭ (বতৰ, জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
                   🥰অনুশীলনী :✅

✅(১) ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা। 69
উত্তৰ👉👉 ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হৈছে আদ্ৰতা, উষ্ণতা , বতাহৰ গতি, বৰষুণৰ পৰিমাণ, আদি ।

✅(২) দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায় ?70
উত্তৰ👉👉 দিনটোৰ ভিতৰত উচ্চতম উষ্ণতা সাধাৰণতে পিছবেলা আৰু নিম্নতম উষ্ণতা পুৱাৰ ভাগত আশা কৰা যায় ।

✅(৩) খালী ঠাই পূৰ্ণ কৰা : 
💕 (ক) সুদীৰ্য সময় ধৰি লোৱা বতৰৰ গড়ক ----------- বোলে। 71
উত্তৰ👉👉 জলবায়ু

💕 (খ) এখন ঠাই য'ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি, সেই ঠাইৰ জলবায়ু ----------- আৰু ----------- । 
উত্তৰ👉👉 শুকান আৰু গৰম 

💕 (গ) জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ'ল ----------- আৰু ----------- । 77
উত্তৰ👉👉 মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল

✅(৪) তলৰ অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰৰ আভাস দিয়া -
💕 (ক) জম্মু আৰু কাশ্মীৰ ----------- ।
উত্তৰ👉👉 মধ্যমীয়া গৰম আৰু সেমেকা

💕 (খ) কেৰেলা ----------- ।
উত্তৰ👉👉 গৰম সেমেকা

💕 (গ) ৰাজস্থান ----------- ।
উত্তৰ👉👉 গৰম আৰু শুকান

💕 (ঘ) উত্তৰ-পূৱ ভাৰত ----------- ।
উত্তৰ👉👉 সেমেকা

✅(৫) বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয় ?
উত্তৰ👉👉বতৰ আৰু জলবায়ু এই দুটাৰ বতৰ সঘনে সলনি হয় ।


✅(৬) তলত উল্লেখ কৰাবোৰ প্ৰাণীৰ কিছুমান বৈশিষ্ট‍্য : 
(ক) খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল।
(খ) বগা নোমযুক্ত ছাল।
(গ) প্ৰব্ৰজন হ'ব বিচাৰে।
(ঘ) ডাঙৰ মাত।
(ঙ) ভৰিৰ পতাত আঠাজাতীয় আৱৰণ।
(চ) ছালৰ তলত চৰ্বীৰ তৰপ।
(ছ) বহল আৰু ডাঙৰ হাতোৰা।
(জ) উজ্বল ৰং।
(ঝ) শক্তিশালী নেজ।
(ঞ) দীঘল আৰু ডাঙৰ ঠোঁট।
            প্ৰত্যেকটো বৈশিষ্ট্যৰ বাবে সিহঁতৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নিৰ্ণয় কৰা । তোমালোকে এই বৈশিষ্ট্যবোৰৰ কিছুমান দুয়োটা অঞ্চলৰ বাবে অভিযোজন হ'ব পাৰে বুলি ভাবানে ?
উত্তৰ👉👉
💕 (ক) খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল।
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

 (যেনে - বান্দৰ)

💕 (খ) বগা নোমযুক্ত ছাল।
উত্তৰ👉👉 মেৰু অঞ্চলত।

💕 (গ) প্ৰব্ৰজন হ'ব বিচাৰে।
উত্তৰ👉👉 মেৰু অঞ্চলত ।

💕 (ঘ) ডাঙৰ মাত।
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

💕 (ঙ) ভৰিৰ পতাত আঠাজাতীয় আৱৰণ।
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

💕 (চ) ছালৰ তলত চৰ্বীৰ তৰপ।
উত্তৰ👉👉 মেৰু অঞ্চলত।

💕 (ছ) বহল আৰু ডাঙৰ হাতোৰা।
উত্তৰ👉👉 মেৰু অঞ্চলত ।

💕 (জ) উজ্বল ৰং।
উত্তৰ👉👉 মেৰু অঞ্চলত ।

💕 (ঝ) শক্তিশালী নেজ।
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।

💕 ঞ) দীঘল আৰু ডাঙৰ ঠোঁট।
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।


✅ (৭) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায়। কিয় এনে হয় বাখ্যা কৰা। 75
উত্তৰ👉👉 গৰম আৰু বৰষুণৰ পৰিমাণ বেছি হোৱাৰ বাবে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলসমূহত বহুতো প্ৰাণীয়ে জীয়াই থকাৰ সুবিধা লাভ কৰে। সেয়ে এই অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায় ।


✅(৮) কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ ? উদাহৰণসহ বৰ্ণনা কৰা।
উত্তৰ👉👉 কোনো এক বিশেষ জলবায়ুত কিছুমান বিশেষ প্ৰকাৰৰ প্ৰাণীহে পোৱা যায় । কাৰণ জলবায়ু অনুযায়ী জীৱবোৰে নিজকে খাপ খুৱাই লয়। গতিকে জলবায়ু অনুযায়ী সেই ঠাইত জীৱ পোৱা যায় । উদাহৰণস্বৰূপে শীতলৰক্তী প্ৰাণীবোৰে শীতল জলবায়ু সম্পন্ন জলবায়ুত থাকিব পাৰে। মেৰু অঞ্চলত থকা প্ৰাণীবোৰৰ গাত বগা নোম, ছালৰ তলত চৰ্বীৰ তৰপ, সাতুৰিবলৈ ভৰিত আহল বহল পতা আদি শাৰীৰিক বৈশিষ্ট্যবোৰ অর্জন কৰি লয় ।

✅(৯) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে ? 76
উত্তৰ👉👉 গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে বহুত ধৰণে নিজকে অভ্যস্ত কৰে। হাতীৰ শুৰডাল হাতীয়ে নাকৰ দৰে ব্যৱহাৰ কৰে । সেইবাবে হাতীৰ ঘ্ৰাণ শক্তি সবল । হাতীয়ে 
শুৰডালক আহাৰ সংগ্ৰহ কৰাত ব্যৱহাৰ কৰে । হাতীৰ মুখৰপৰা বাহিৰলৈ ওলোৱা দাঁতবোৰ হৈছে ৰূপান্তৰিত দাঁত। সেই দাঁতকেইটাৰে হাতীয়ে খাই ভালপোৱা গছৰ বাকলি ছিঙিব পাৰে । হাতীৰ কাণ ডাঙৰ হোৱাৰ বাবে অতি সৰু শব্দও শুনিব পাৰে। কাণ দুখনে হাতীক গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ গৰম আৰু আৰ্দ্ৰ জলবায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে ।


☑️ তলত দিয়া প্রশ্নবোৰৰ পৰা কোনটো শুদ্ধ উত্তৰ বাছি উলিওৱা:
✅(১০) শৰীৰত আচ থকা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে । ইয়াক পোৱা যায় -------
(ক) মেৰু অঞ্চলত ।
(খ) মৰুভূমিত ।
(গ) সাগৰত।
(ঘ) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।
উত্তৰ👉👉 (ঘ) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।

✅(১১) বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস‌ কৰিব ৰ বাবে কি বৈশিষ্ট্যৰে অভ্যস্ত হয় ?
(ক) বগা নোমাল ছাল, ছালৰ তলৰ চৰ্বী, তীক্ষ্ণ ঘ্ৰাণ শক্তি।
(খ) পাতল ছাল, ডাঙৰ চকু, বগা নোমাল ছাল।
(গ) এডাল দীঘল নেজ, তীক্ষ্ণ আকোৰা নখ, বগা ডাঙৰ হাতোৰা।
(ঘ) বগা শৰীৰ, সাঁতুৰিবলৈ হাতোৰা, উশাহ-নিশাহৰ ফুল।
উত্তৰ👉👉 (ক) বগা নোমাল ছাল, ছালৰ তলৰ চৰ্বী , তীক্ষ্ণ ঘ্ৰাণ শক্তি ।

✅(১২) গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল?
(ক) গৰম আৰু আৰ্দ্ৰ।
(খ) মধ্যমীয়া উঞ্চতা, প্ৰচুৰ বৃষ্টিপাত ।
(গ) ঠাণ্ডা আৰু আৰ্দ্ৰ।
(ঘ) গৰম আৰু শুকান।
উত্তৰ👉👉 (ক) গৰম আৰু আৰ্দ্ৰ ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...