Search This Blog

Saturday, June 25, 2022

Question answer. Class 6 Assamese 1st Unit Test Question paper discuss Assamese Medium.Class 6 Assamese Question Answer.

Question answer. Class 6 Assamese 1st Unit Test Question paper discuss Assamese Medium.Class 6 Assamese Question Answer.
১৷ কবিজনাৰ নাম উল্লেখ কৰি "সবাতোকৈ আপোন" কবিতাটিৰ প্ৰথম 
দহশাৰী মুখস্থ লিখা ।         ১০
উত্তৰ👉👉
              সবাতোকৈ আপোন

হয়তো নহ'ব পাৰে     মোৰ আই সবাতো শুৱনি,
            তথাপি আপোন মোৰ আই,
গছ লতা ফুলে ভৰা  এইখন ধুনীয়া ধৰণী
            তেঁৱে মোক দিলেহি চিনাই ।

হয়তো নহ'ব পাৰে     মোৰ দেশ সবাতো চহকী
             তথাপি আপোন মোৰ দেশ,
ইয়াৰ নগৰ গাঁও    জান-জুৰি প্ৰাণৰ চিনাকি
            যাৰ নাই মহিমাৰ শেষ ।

হয়তো নহ'ব পাৰে     মোৰ ভাষা সবাতো সুৰীয়া
            তথাপি আপোন এই ভাষা,

কবিজনাৰ নাম = নৱকান্ত বৰুৱা ।

       
                                                       
২৷ চমু উত্তৰ দিয়া –                                                               ২×৫=১০
(ক) সুবিশাল পৃথিৱীত কাৰ স'তে, কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা 
প্ৰকাশ কৰিছে ?
উত্তৰ👉👉 সুবিশাল পৃথিৱীখনত কবিয়ে একতাৰ ডোলেৰে সকলোৰে লগত হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ।


(খ) ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল ?
উত্তৰ👉👉 ৰাজকন্যাৰ পিতাকে দুমাহ সময় বিচাৰিছিল কাৰণ - তেওঁ অনুমান কৰিছে যে অহা দুমাহ যদি এই হাৰত সম্ৰাটে চিকাৰ কৰি থাকে, তেনেহলে আৰু বিশ-ত্ৰিশখন হাবিৰ পশু-পক্ষী নি:শেষ হ'ব । তেতিয়া দৰাপক্ষক পশু-পক্ষীহীন অৰণ্য দিবলৈ অসুবিধা নহ'ব ।


(গ) অলিখিত বা মৌখিক সাহিত্য মানে কি ?
উত্তৰ👉👉 যিবোৰ সাহিত্য আখৰেৰে লিখা নহয়, বৰং মানুহৰ মুখে মুখেহে প্ৰচলিত হয় তাকে অলিখিত বা মৌখিক সাহিত্য বুলি কোৱা হয় ।


(ঘ) বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে ?
উত্তৰ👉👉 বীৰবলে কোৱা কথাখিনি শুনি আকবৰে উপলব্ধি কৰিলে যে এনেদৰে চিকাৰ কৰি থাকিলে অৰণ্যখনত পশু-পক্ষী নাথাকিব ।


(ঙ) চ'তাই বুলি কবিয়ে কাক কৈছে ?
উত্তৰ👉👉 চ'তাই বুলি কবিয়ে চ'ত মাহক কৈছে ।



৩৷ অসমৰ জাতীয় উৎসৱ বিহুৰ বিষয়ে দহটা বাক্য লিখা ।                 ৬
উত্তৰ👉👉 অসমৰ জাতীয় উৎসৱ বিহু। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত। অসমত পালন কৰা বিহু তিনিটা হ'ল: ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু।



৪৷ অৰ্ধ-তৎসম শব্দ কাক বোলে ? তিনিটা উদাহৰণ দিয়া -         ২+৩=৫
উত্তৰ👉👉 কিছুমান শব্দ সংস্কৃতৰ পৰা আহিলেও অসমীয়া ভাষাৰ উচ্চাৰণ-ৰীতিৰ দ্বাৰা এইবোৰ সৰল হৈ পৰিছে। এনে শব্দবিলাকক অৰ্ধ-তৎসম শব্দ বোলে । 
                     উদাহৰণ - ধৰম, কৰম, মৰম, যঁতৰ, চেনেহ ।



৫৷ শব্দ অৰ্থ লিখা -                                                                          ৫
    মহিমা, সুবিশাল, নিগাজি, উপাদান, বৰ্হমথুৰি
উত্তৰ👉👉
মহিমা = মাহাত্ম্য, প্ৰতাপ, গৌৰৱ
সুবিশাল = বৰ ডাঙৰ , বৰ বহল
নিগাজি = স্থায়ী
উপাদান = কোনো বস্তুৰ মূল পদাৰ্থ
বৰ্হমথুৰি = এবিধ গছ

৬৷ তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া -                       ৫
     প্ৰচলিত, ৰচিত, পৰিৱৰ্তিত, বিকশিত
উত্তৰ👉👉
প্ৰচলিত = প্ৰচলন
ৰচিত = ৰচনা
পৰিৱৰ্তিত = পৰিৱৰ্তন
বিকশিত = বিকাশ


৭৷ অৰ্থপূৰ্ণ বাক্য ৰচনা কৰা -                                                           ৫
     কথা-চহকী, কথা চোবা, সাহিত্য, যুগে যুগে, জেতুকা
উত্তৰ👉👉
কথা-চহকী = ধ্ৰুৱ গোটেই শ্ৰেণীটোৰ ভিতৰতেই কথা-চহকী ।
কথা চোবা = লগৰীয়াৰ লগত কথা চোৱাই থাকোঁতে বিক্ৰমৰ বিদ্যালয়লৈ যাবলৈ পলম হ'ল ।
সাহিত্য = অসমীয়া সাহিত্য জগতত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অৱদান অপৰিসীম ।
যুগে যুগে = যুগে যুগে ধৰ্ম ৰক্ষাৰ বাবে এজন মহাপুৰুষৰ আৱিৰ্ভাৱ হয় ।
জেতুকা = ছোৱালীজনীয়ে নমিতা বাইদেউহঁতৰ পৰা হাতত ৰং লগাবলৈ জেতুকা পাত আনিছে ।


৮৷ এটা শব্দত প্ৰকাশ কৰা -                                                             ২
(ক) যি একেলগে পঢ়ে -
উত্তৰ👉👉 সহপাঠী

(খ) যি সকলো কথা জানে -
উত্তৰ👉👉 সৰ্বজ্ঞানী 


৯৷ সাঁথৰ ভাঙা -                                                                              ২
(ক) নাকত বহি
                কাণত ধৰে
      এনে কি বস্তু 
             ভাল পায় নৰে ?
উত্তৰ👉👉 চচমা


(খ) নকৈ মৰিল কোন ?
উত্তৰ👉👉 জয়মতী

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...