Search This Blog

Tuesday, June 21, 2022

Class 7 science lesson 6 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৬ (ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 7 science lesson 6 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৬ (ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
🌖 অনুশীলনী : 

💕 (১) তলৰ প্রক্রিয়াবোৰত জড়িত হোৱা পৰিৱর্তনবোৰে ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন হিচাপে শ্রণীবিভাজন কৰা।
💕 (ক) সালোকসংশ্লেষণ
উত্তৰ👉👉 ৰাসায়নিক পৰিবর্তন 

💕 (খ) পানীত চেনি দ্রৱীভূত কৰাটো
উত্তৰ👉👉 ভৌতিক পৰিৱর্তন

💕 (গ) কয়লাৰ দহন
উত্তৰ👉👉 ৰাসায়নিক পৰিবর্তন

💕 (ঘ) মমৰ গলন ।
উত্তৰ👉👉 ভৌতিক পৰিৱর্তন

💕 (ঙ) এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো।
উত্তৰ👉👉 ভৌতিক পৰিৱর্তন

💕 (চ) খাদ্যৰ পাচন ক্রিয়া
উত্তৰ👉👉 ৰাসায়নিক পৰিবর্তন


✅ (২) তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। যদি কোনো উক্তি মিছা হয়, শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা।
💕 (ক) কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিবর্তন। (সঁচা/মিছা)
উত্তৰ👉👉 মিছা

(কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ভৌতিক পৰিবর্তন।)

💕 (খ) পাতৰপৰা সাৰ প্রস্তুত হোৱা প্রক্রিয়াটো এটা ভৌতিক পৰির্বতন। (সঁচা/মিছা)
উত্তৰ👉👉 মিছা ।

(পাতৰপৰা সাৰ প্রস্তুত হোৱা প্রক্রিয়াটো এটা ৰাসায়নিক পৰির্বতন।)

💕 (গ) দস্তালেপিত লোৰ নলীত সহজে মামৰে নধৰে। (সঁচা/মিছা)
উত্তৰ👉👉 সঁচা

💕 (ঘ) লো আৰু মামৰ একেবিধ পদার্থ। (সঁচা/মিছা)
উত্তৰ👉👉 মিছা

(লো আৰু মামৰ দুয়োটা বেলেগ পদাৰ্থ)

💕 (ঙ) জলীত ভাপ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিবর্তন নহয় । (সঁচা/মিছা)
উত্তৰ👉👉 সঁচা


✅ (৩) তলত দিয়া উক্তিবোৰৰ খালী ঠাই পুৰ কৰা।
💕 (ক) চূণ-পানীৰ মাজেদি কার্বন-ডাই-অক্সাইড গেছ যাবলৈ দিলে ---------- প্রস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয়।
উত্তৰ👉👉 কেলছিয়াম কার্বনেট।

💕 (খ) বেকিং ছ’ডাৰ ৰাসায়নিক নাম হ’ল ---------- ।
উত্তৰ👉👉 ছডিয়াম হাইড্রজেন কার্বনেট।

💕 (গ) লোত মামৰে ধৰাটো প্রতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ’ল ---------- আৰু ---------- ।
উত্তৰ👉👉 ৰং সনা আৰু দস্তালেপন।

💕 (ঘ) যিবোৰ পৰিৱর্তনত মাত্র পদার্থৰ ---------- ধর্মৰহে সলনি হয়, সেইবোৰক ভৌতিক পৰিৱর্তন বোলে।
উত্তৰ👉👉 ভৌতিক।

💕 (ঙ) যিবোৰ পৰিৱর্তনত নতুন পদার্থৰ উৎপন্ন হয়, সেইবোৰক ---------- পৰিবর্তন বোলে।
উত্তৰ👉👉 ৰাসায়নিক


💕 (৪) যেতিয়া বেকিং ছ’ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয়, তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে। এইটো কি প্রকাৰৰ পৰিবর্তন ? ব্যাখ্যা কৰা।
উত্তৰ👉👉 যেতিয়া বেকিং ছ’ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয়, তেতিয়া নেমুৰসত থকা ছাইট্ৰিক এছিডৰ লগত ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ৰাসায়নিক বিক্ৰিয়া ঘটি নতুন কাৰ্বনেট পদাৰ্থ আৰু কার্বন ডাই অক্সাইড গেছ ওলাই আহে । সেইকাৰণে এইটো হৈছে এটা ৰাসায়নিক পৰিবর্তন।
                   অৰ্থাৎ ছাইট্ৰিক এছিড + বেকিং ছ'ডা ----- কাৰ্ব'নেট যৌগ+ কাৰ্বন-ডাই-অক্সাইড
                          


💕 (৫) মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনেই সংঘটিত হয় । এই পৰিবর্তনবোৰ চিনাক্ত কৰা। সচৰাচৰ দেখি থকা আন এটা উদাহৰণ দিয়া য’ত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱর্তনেই সংঘটিত হয়।
উত্তৰ👉👉 মমবাতি এডাল জ্বলালে হোৱা পৰিৱৰ্তন সমূহ হ'ল - ভৌতিক পৰিবৰ্তন = গলি যোৱা মমখিনিৰ আকাৰ আৰু আকৃতিৰ পৰিবৰ্তনে হৈছে ভৌতিক পৰিবৰ্তন ।
ৰাসায়নিক পৰিৱৰ্তন = মমডালৰ জ্বলাই দিয়াৰ পিছত কাৰ্বনডাই-অক্সাইড গেছ আৰু পোহৰ উৎপন্ন হয় ।
             আনটো উদাহৰণ হৈছে - তৰলীকৃত পেট্ৰোলিয়াম গেছৰ দহন ।
LPG ৰ ক্ষেত্ৰত ভৌতিক পৰিবৰ্তন হ'ল = চিলিণ্ডাৰৰ পৰা বাহিৰলৈ আহোতে জুলীয়াৰ পৰা গেছিয় অৱস্থালৈ পৰিৱৰ্তন হৈছে । ইয়াত কেৱল অৱস্থাৰ হে পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে ।
ৰাসায়নিক পৰিৱৰ্তন = LPG দহনৰ ফলত নতুন পদাৰ্থৰ সৃষ্টি হয়, যাক পুনৰ আগৰ অৱস্থালৈ ঘুৰাই আনিব নোৱাৰি।


💕 (৬) তুমি কেনেকৈ দেখুৱাবা যে দৈ প্রস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱর্তন।
উত্তৰ👉👉 প্রস্তুত হোৱা দৈ এটা ৰাসায়নিক পৰিবর্তন । গাখীৰৰ পৰা দৈ হোৱাটো এক স্থায়ী পৰিৱৰ্তন । এবাৰ গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱাৰ পিছত পুনৰ গাখীৰলৈ ইয়াক ঘুৰাই পাব নোৱাৰি । 

💕 (৭) কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাক দুটা বেলেগ প্রকাৰৰ পৰিবর্তন বুলি ধৰা হয় কিয় ? ব্যাখ্যা কৰা। 
উত্তৰ👉👉 কাঠ জ্বলালে বা দহন কৰিলে কাঠ পুৰি এঙাৰত পৰিণত হয় আৰু গেছৰ উৎপন্ন হয় । সেয়েহে কাঠৰ দহন এক প্ৰকাৰৰ ৰাসায়নিক পৰিৱৰ্তন ।      
                       আনহাতে কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাৰ পিছত ইয়াৰ আগৰ আকৃতিৰ পৰিবৰ্তন ঘটে । ইয়াত নতুন কোনো পদাৰ্থৰ সৃষ্টি হোৱা নাই কেৱল আকাৰ-আকৃতিৰ পৰিৱৰ্তন হৈছে । গতিকে এই পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন ।


💕 (৮) কপাৰ ছালফেটৰ স্ফটিক কেনেকৈ প্রস্তুত কৰা হয় বর্ণনা কৰা। (৬৪)
উত্তৰ👉👉 স্ফটিকীকৰণ পদ্ধতিৰে কপাৰ ছালফেটৰ স্ফটিক তৈয়াৰ কৰা হয় 
পদ্ধতিটো এনেধৰণৰ -
                প্ৰথমতে এটা বিকাৰত একাপ পানী লৈ তাত কেইটোপালমান পনীয়া ছালফিউৰিক এছিড ঢালি পানীখিনি গৰম কৰি ল'ব লাগিব । পানীখিনি উতলিবলৈ আৰম্ভ কৰাৰ পিছত কপাৰ ছালফেটৰ পাউদাৰ লাহে লাহে একেৰাহে মিহলাই লৰাই থাকিব লাগিব । অধিক পাউদাৰ দ্ৰৱীভূত কৰিব নোৱাৰা অৱস্থালৈকে কপাৰ ছালফেট পাউদাৰ মিহলাই থাকিব লাগিব । তাৰ পিছত দ্ৰৱটো পৰিস্বাৱণ(ফিল্টাৰ) কৰি চেঁচা হ'বলৈ দিব লাগিব আৰু চেঁচা হোৱাৰ সময়ত দ্ৰৱখিনি লৰচৰ নকৰাকৈ থব লাগিব । কিছুসময়ৰ পিছত কপাৰ ছালফেটৰ স্ফটিক পৃথক হোৱা দেখা পোৱা যাব।


💕 (৯) লোৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্রক্রিয়া ৰোধ কৰে, বুজাই লিখা। (৬৪)
উত্তৰ👉👉 পানী, বায়ুত থকা জলীয় বাষ্প আৰু অক্সিজেনৰ সংস্পৰ্শলৈ যেতিয়া লোৰ সামগ্ৰীবোৰ আহে তেতিয়া লোৰ সামগ্ৰীবোৰত মামৰে ধৰে । লোৰ গেট এখনত ৰং কৰিলে এই ৰঙে লোৰ ওপৰত প্ৰলেপ বা আৱৰণৰ দৰে কাম কৰে আৰু গেটখন পানী, বায়ুত থকা জলীয় বাষ্প আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহিবলৈ নিদিয়ে । ইয়াৰ ফলত গেটখনত মামৰে নধৰে । এনেদৰেই ৰং কৰি লোৰ গেট এখন মামৰে ধৰাৰ পৰা ৰোধ কৰিব পাৰি ।


💕 (১০) মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ? ব্যাখ্যা কৰা ।
উত্তৰ👉👉 মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কাৰণ উপকূলীয় অঞ্চলত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি। পানী, বায়ুত থকা জলীয় বাষ্প আৰু অক্সিজেনৰ সংস্পৰ্শলৈ যেতিয়া লোৰ সামগ্ৰীবোৰ আহে তেতিয়া লোৰ সামগ্ৰীবোৰত মামৰে ধৰে । এই পৰিৱেশ মৰুভূমিত পোৱা নাযায়। মৰুভূমিত পানীৰ বাষ্পৰ পৰিমাণ প্ৰায় নাই, বায়ু অতি শুকান । সেইবাবে মৰুভূমিত থকা লোৰ সামগ্ৰীত মামৰে ধৰা কাৰ্য প্ৰায় সংঘটিত নহয় ।

💕 (১১) পাকঘৰত আমি ব্যৱহাৰ কৰা গেছ বিধৰ নাম হ’ল তৰলীকৃত পেট্রলিয়াম গেছ (এল. পি. জি) । চিলিণ্ডাৰত ই জুলীয়া অৱস্থাত থাকে। যেতিয়া চিলিণ্ডাৰৰ পৰা ওলাই তেতিয়া ই, গেছলৈ পৰিবর্তন হয় (পৰিবর্তন-A) আৰু তেতিয়া ই জ্বলে (পৰিবর্তন - B)। এই পৰিবর্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে। শুদ্ধ উক্তিটো বাছি উলিওৱা
👉 (i) প্রক্রিয়া - A এটা ৰাসায়নিক পৰিবর্তন।
👉 (ii) প্রক্রিয়া - B এটা ৰাসায়নিক পৰিবর্তন।
👉 (iii) প্রক্রিয়া - A আৰু B উভয়ে ৰাসায়নিক পৰিবর্তন।
👉 (iv) এইবোৰৰ এটা প্রক্রিয়াও ৰাসায়নিক পৰিবর্তন নহয়।
উত্তৰ👉👉 ইয়াৰ শুদ্ধ উক্তিটো হ'ল - (ii) প্রক্রিয়া- B এটা ৰাসায়নিক পৰিবর্তন।


💕 (১২) অবায়ৱীয় বেক্টেৰিয়াই প্রাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ (Biogas) উৎপন্ন কৰে (পৰিবর্তন - A) । এই জৈৱ গেছ ইন্ধন হিচাপে জ্বলোৱা হয় (পৰিবর্তন - B)। এই পৰিৱর্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে।
শুদ্ধ উক্তিটো বিচাৰি উলিওৱা -
👉 (i) প্রক্রিয়া - A টো কেৱল ৰাসায়নিক পৰিবর্তন।
👉 (ii) প্রক্রিয়া - B টো কেৱল ৰাসায়নিক পৰিবর্তন।
👉 (iii) প্রক্রিয়া - A আৰু B উভয় প্ৰক্ৰিয়া ৰাসায়নিক পৰিবর্তন।
👉 (iv) এইবোৰ প্রক্রিয়াৰ ৰাসায়নিক পৰিবর্তন নহয়।
উত্তৰ👉👉 ইয়াৰ শুদ্ধ উক্তিটো হ'ল - (iii) প্রক্রিয়া - A আৰু B উভয়ে ৰাসায়নিক পৰিবর্তন।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...