Search This Blog

Friday, June 17, 2022

Class 8 Social Science 1st Unit Test Solved Question Paper Discuss

Class 8 Social Science 1st Unit Test Solved Question Paper Discuss
১৷ উত্তৰ দিয়া : ১×৫=৫
ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো এটা কাৰণ উল্লেখ
কৰা ।
উত্তৰ👉👉 মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ এটা কাৰণ হ'ল - জনসংখ্যা বৃদ্ধি ।

খ) মৰুকৰণ কাক বোলে ? 12
উত্তৰ👉👉প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয় ।

গ) জনপ্ৰবজন কাক বোলে ? 28
উত্তৰ👉👉 মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বোলে । 

ঘ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰ👉👉 শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল।


ঙ) ভক্তিবাদ বুলিলে কি বুজায় ?
উত্তৰ👉👉 ভক্তিবাদ বুলিলে ঈশ্বৰৰ প্ৰতি গভীৰ আনুগত্য আৰু শ্ৰদ্ধাক বুজায় । পূজনীয় সকলৰ প্ৰতি শ্ৰদ্ধা দেখুৱাকো ভক্তি বুলি কোৱা হয়। ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষ সকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ ।

২৷ দুই-তিনিটা বাক্যত উত্তৰ দিয়া : ২×৫=১০
ক) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ লিখা।
উত্তৰ👉👉 গৰাখহনীয়া, ভুস্থলন আদিৰ ফলত ভূমিৰ অৱক্ষয় হয় ।
(i) কৃষিক্ষেত্ৰত অত্যাধিক ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি বেছি পৰিমাণে প্ৰয়োগ কৰাৰ ফলত ।
(ii) খেতিপথাৰত গঢ়ি উঠা ইটা-ভাটাৰ দৰে উদ্যোগবোৰৰ ফলত ।

খ) বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা ।
উত্তৰ👉👉 বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ হ'ল -
(i) পানীৰ উৎসসমূহ প্ৰদূষিত হ'বলৈ ধৰাৰ ফলত ক্ৰমে ব্যৱহাৰযোগ্য পানীৰ অভাৱ হ'বলৈ ধৰিছে ।
(ii) ভূ-তল জলৰ পৰিমাণ দিনক দিনে কমি অহাৰ বাবে ।

গ) জনসংখ্যা বৃদ্ধি মানে কি ? ২১
উত্তৰ👉👉 জনসংখ্যা বৃদ্ধি বুলিলে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনকে বুজায় ।

ঘ) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম
 লিখা ।
উত্তৰ👉👉 উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম হ'ল - তুলসী দাস, ৰামানন্দ, গুৰুনানক আৰু কবীৰ ।

ঙ) কেতিয়া আৰু কোনো অসমত আহোম ৰাজ্য স্থাপন কৰিছিল ?
উত্তৰ👉👉

৩। খালী ঠাই পূৰ কৰা - ১×৪=৪
ক) কয়লা এবিধ — ইন্ধন । ১৬
উত্তৰ👉👉 জীৱাষ্ম

খ) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ — বৃদ্ধিক বুজায় । ১৩
উত্তৰ👉👉 সংখ্যাগত

গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল — ।
উত্তৰ👉👉 বিষ্ণু অৱতাৰ ৰাম ।

ঘ) — শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক ।
উত্তৰ👉👉 ভূঞা


৪৷ চমুটোকা লিখা -                                                                  
ক) জনসংখ্যাৰ বিস্ফোৰণ ১৮
উত্তৰ👉👉 পৃথিৱীত মানুহৰ সৃষ্টিৰ সময়ৰে পৰা জনসংখ্যা ক্ৰমশঃ বাঢ়ি আহি বৰ্তমানৰ অৱস্থা পাইছে । বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱন হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসা ব‍্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ-আজাৰবোৰ উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে । ইয়াৰ ফলত উনবিংশ শতিকাৰ আৰম্ভণি পৰা জনসংখ্যা ক্ষিপ্ৰগতিত বৃদ্ধি হ'বলৈ ধৰে । জনসংখ্যাৰ এনে অভাৱনীয় পৰিবৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হৈছে । বৰ্তমান পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হৈ উঠিছে এই জনসংখ্যা বিস্ফোৰণ । ইয়াৰ ফলতেই পৰিৱেশৰ ভাৰসাম্যতা অৱনতি ঘটাৰ উপৰিও খাদ্যসংকট, অনগ্ৰসৰতা, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবোৰ উদ্ভৱ হৈছে ।



খ) শঙ্কৰাচাৰ্য
উত্তৰ👉👉 আলভাৰচ্ আৰু নায়নাৰসকলৰ সমসাময়িকভাৱে দক্ষিণৰ কেৰেলা ৰাজ্যতো ভক্তিৰ ওপৰত শঙ্কৰাচাৰ্যৰ নেতৃত্বত এক দাৰ্শনিক ধৰ্মীয় মতবাদৰ উত্থান হৈছিল। শঙ্কৰাচাৰ্য আছিল অদ্বৈতবাদ বিশ্বাসী । তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই । মানুহৰ মাজতে ভগৱান বিদ্যমান। সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে। 

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...