Search This Blog

Thursday, June 16, 2022

Class 6 Social Science 1st Unit Test Solved Question Paper Discuss Assamese Medium.

Class 6 Social Science 1st Unit Test Solved Question Paper Discuss Assamese Medium.


১৷ তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা - ৫                                    
ক) সূৰ্যৰপৰা দূৰত্ব অনুসাৰে চতুৰ্থ স্থানত থকা গ্ৰহটোৰ নাম লিখা ।
উত্তৰ👉👉 মঙ্গল

খ) পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি ?
উত্তৰ👉👉 চন্দ্ৰ

গ) তুমি কোন গোলাৰ্ধৰ বাসিন্দা ?
উত্তৰ👉👉 উত্তৰ গোলাৰ্ধৰ বাসিন্দা ।

YouTube 👉 Learn something অসমীয়াত Class 1-10

ঘ)শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধৰ
 নাম লিখা ।
উত্তৰ👉👉 নাইট্ৰজেন (৭৮%)

ঙ) মানচিত্ৰৰ উপাদান কেইবিধ ?
উত্তৰ👉👉 মানচিত্ৰৰ উপাদান তিনিবিধ । সেইকেইটা হ'ল - দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন। 

২৷ দুই-তিনিটা বাক্যত উত্তৰ দিয়া । ১০                                             
ক) সৌৰজগত বুলিলে কি বুজা ? ১১
উত্তৰ👉👉 সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্য গ্ৰহ, উপগ্ৰহ, ধুমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলে ।


খ) সূৰ্যৰপৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা । ১১
উত্তৰ👉👉 সূৰ্যৰপৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম হ'ল - বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাচ আৰু নেপচুন ।

গ) আহ্নিক গতি আৰু বাৰ্ষিক গতি বুলিলে কি বুজা ? (২৬)
উত্তৰ👉👉 পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি তাকে আহ্নিক গতি বোলে আৰু পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰা যি গতি তাকে বাৰ্ষিক গতি বোলে।



ঘ) কৰ্কট ক্ৰান্তি কাক বোলে ?
উত্তৰ👉👉 পৃথিৱীৰ সোমাজৰ কাল্পনিক বিষুৱ ৰেখাৰ পৰা উত্তৰে ২৩ ১/২° উত্তৰ অক্ষাংশ কাল্পনিক ৰেখাডালকেই কৰ্কট ক্ৰান্তি বোলা হয় ।

ঙ) মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কি দৰে সহায় কৰে ?
উত্তৰ👉👉 সাংকেতিক চিহ্নই মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰে'লপথ, পুখুৰী, কুৱাঁ, খেতি-পথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। এনেদৰে সাংকেতিক চিহ্নবোৰে মানচিত্ৰত সহায় কৰে।


 ৩৷ খালী ঠাই পূৰ কৰা — ৫                                         
ক) পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ'ল —------। (৩৫)
উত্তৰ👉👉 উত্তৰ আমেৰিকা ।

খ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক —--- বোলে ।
উত্তৰ👉👉 কক্ষপথ

গ) সূৰ্যৰপৰা পৃথিৱীৰ অৱস্থান—-- নম্বৰত 
উত্তৰ👉👉 ৩


ঘ) প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক —-- বোলে । (২০)
উত্তৰ👉👉 অক্ষাংশ

ঙ) প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ানা খাতৰ গভীৰতা —--- মিটাৰ ।(৩৪)
উত্তৰ👉👉 ১১০২২ মিটাৰ ।


৪। বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি কি ? (৪০) ২
উত্তৰ👉👉 বায়ুমণ্ডলক চাৰিটা স্তৰত ভাগ কৰা হৈছে। সেই স্তৰকেইটা হ'ল - 
ট্ৰপ'স্ফিয়েৰ, ষ্ট্ৰেট'স্ফিয়েৰ, মেছ'স্ফিয়েৰ আৰু থাৰ্ম'স্ফিয়েৰ ।


৫৷ অধিবৰ্ষ বা লিপ্ ইয়েৰ কি ? কোনো এটা বছৰ অধিবৰ্ষ বা লিপ্ ইয়েৰ হয় নে নহয় কেনেদৰে জানিব পাৰি ?(২৯) ৪
উত্তৰ👉👉 পৃথিৱীয়ে নিজ কক্ষ পথেৰে এটা নিৰ্দিষ্ট গতিত সূৰ্য্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ ৩৬৫ দিন আৰু প্ৰায় ৬ ঘণ্টা সময় লাগে । কিন্তু গণনাৰ সুবিধাৰ বাবে ৩৬৫ দিনত এবছৰ ধৰি লোৱা হয় । অৰ্থাৎ প্ৰতিবছৰে আমি ৬ ঘণ্টা সময় বাদ দিওঁ। এই বাদ দিয়া ৬ ঘণ্টা সময়খিনি ৪ বছৰত লগ-লাগি এদিন হয় । সেয়েহে প্ৰতি ৪ বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই ২৮ দিনৰ পৰিবৰ্তে ২৯ দিন গণনা কৰা হয়। এনেদৰে যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটো অধিবৰ্ষ বা লিপ্ ইয়েৰ বোলা হয় । 
                  যিটো খ্ৰীষ্টীয় বছৰ চাৰিৰে হৰণ কৰিলে ভাগশেষ নাথাকে তেনে বছৰকে অধিবৰ্ষ বুলি ধৰা হয় । উদাহৰণ স্বৰূপে ২০২০ বৰ্ষটো অধিবৰ্ষ ।



৬৷ পৃথিৱীৰ উপৰিভাগক কেইটা তাপমণ্ডলত ভাগ কৰা হৈছে আৰু কি কি ?(22) ৪
উত্তৰ👉👉 পৃথিৱীৰ উপৰিভাগক তিনিটা তাপমণ্ডলত ভাগ কৰা হৈছে । সেইকেইটা হ'ল - গ্ৰীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল ।


৭৷ পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন আৰু কি কি ? (৩৫) ৫
উত্তৰ👉👉
পৃথিৱীৰ প্ৰধান মহাদেশ সাতখন । 
                        এই মহাদেশবোৰ হ'ল - এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ ।


৮৷ সত্য নে অসত্য লিখা : ৫                                             
ক) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বুধ ।
উত্তৰ👉👉 অসত্য

খ) ২০০০ চনটো অধিবৰ্ষ ।
উত্তৰ👉👉 সত্য

গ) পৃথিৱীৰ গতি দুটা ।
উত্তৰ👉👉 সত্য

ঘ) পৃথিৱীৰ বাৰ্ষিক গতিৰ সময় ৩৬৬ দিন আৰু প্ৰায় ৬ ঘণ্টা। 
উত্তৰ👉👉 অসত্য

ঙ) পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মহাদেশ হ'ল এছিয়া ।
উত্তৰ👉👉অসত্য


৯৷ চমুটোকা লিখা : (যিকোনো দুটা) ৬                                          
   মহাদেশ, গ্ৰীষ্মমণ্ডল, আহ্নিক গতি , সূৰ্য
উত্তৰ👉👉 
সূৰ্য = সূৰ্য এটা উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ উপৰ অংশৰ উত্তাপ প্ৰায় ৬০০০ ডিগ্ৰী চেলচিয়াছ । সূৰ্যৰ বয়স ৫০০ কোটি বছৰৰ ওচৰা-ওচৰি। সূৰ্য প্ৰচুৰ তাপ আৰু পোহৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱী গ্ৰহত জীৱন-ধাৰণ সম্ভৱ হৈছে । পৃথিৱীত হোৱা দিন-ৰাতি, ঋতু পৰিবৰ্তন, বতৰৰ সাল-সলনি এই সকলোৰে প্ৰধান কাৰণ হৈছে সূৰ্য ।

মহাদেশ = পৃথিৱীৰ প্ৰধান মহাদেশ সাতখন । এই মহাদেশবোৰ হ'ল - এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ । আটাইতকৈ ডাঙৰ মহাদেশখন হ'ল এছিয়া। এছিয়াৰ পাছতেই দ্বিতীয় সৰ্ববৃহৎ মহাদেশ হ'ল আফ্ৰিকা । পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি ছাহাৰা আফ্ৰিকাতেই অৱস্থিত । পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল নদী আফ্ৰিকা মহাদেশতেই অৱস্থিত ।


১০৷ পৃথিৱীৰ তাপমণ্ডলসমূহ চিত্ৰৰ সহায়ত দেখুওৱা । ৪
উত্তৰ👉👉

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...