Search This Blog

Wednesday, June 15, 2022

Class 3 Assam Jatiya vidyalaya, Assamese lesson 4 question answer. তৃতীয় শ্ৰেণীৰ, অসমীয়া কিতাপখনৰ পাঠ : ৪ (লৃগাঙৰ আনন্দ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 3 Assam Jatiya vidyalaya, Assamese lesson 4 question answer
তৃতীয় শ্ৰেণীৰ, অসমীয়া কিতাপখনৰ পাঠ : ৪ (লৃগাঙৰ আনন্দ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
                  ক্ৰিয়া-কলাপ 

✅ (১) প্ৰথমে কোৱা, তাৰ পাছত লিখা : 
💕 (ক) মোহনহঁতৰ গাঁওখন অনুপমহঁতৰ গাঁৱৰ পৰা কিমান দূৰৈত ? ২০
উত্তৰ👉👉 মোহনহঁতৰ গাঁওখন অনুপমহঁতৰ গাঁৱৰ পৰা সাত কিল'মিটাৰমান দূৰৈত । 

💕 (খ) আলি-আয়ে-লৃগাং উৎসৱ কেতিয়া পালন কৰা হয় ? ২০
উত্তৰ👉👉 আলি-আয়ে-লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰটোত পালন কৰা হয় ।



💕 (গ) আলি-আয়ে-লৃগাঙত মিছিং ডেকা-গাভৰুৱে পিন্ধা কাপোৰ দুযোৰৰ নাম কি কি ? ২২
উত্তৰ👉👉 আলি-আয়ে-লৃগাং উৎসৱত ডেকাবোৰে মিবুগালুগ আৰু ছোৱালীবোৰে ৰিবিগাছেং পিন্ধে ।

💕 (ঘ) পুৰাং কেনেকৈ ৰান্ধে ? ২৩
উত্তৰ👉👉 তৰাপাতত বৰা চাউল দি পুৰাং ৰান্ধে ।

💕 (ঙ) অনুপমে পুৰাং খাবলৈ কিয় থেৰো-গেঁৰো কৰিছিল ? 
উত্তৰ👉👉 অনুপমে পুৰাং আগতে দেখা আৰু খাই পোৱা নাছিল । সেইবাবে অনুপমে পুৰাং খাবলৈ থেৰো-গেঁৰো কৰিছিল ।



💕 (২) পঢ়া, বুজা আৰু মিলাই লিখা : 
বাথৌ পূজা           মিছিংসকলৰ
পঃৰাগ উৎসৱ      ৰাভাসকলৰ
চমাংকান              বড়োসকলৰ
টুচু পূজা               কাৰ্বিসকলৰ 
ফাৰকান্তি             চাহ-জনগোষ্ঠীৰ
উত্তৰ👉👉 
👉  বাথৌ পূজা  = বড়োসকলৰ  
👉 পঃৰাগ উৎসৱ = মিছিংসকলৰ
👉 চমাংকান  =  কাৰ্বিসকলৰ 
👉 টুচু পূজা =  চাহ-জনগোষ্ঠীৰ          
👉 ফাৰকান্তি  = ৰাভাসকলৰ

💕 (৩) কাক কি বোলে লিখা : 
উত্তৰ👉👉
👉 (ক) মাকৰ সখিয়েক = আমৈ 
👉 (খ) দেউতাকৰ সখিয়েক = তাৱৈ
👉 (গ) দেউতাকৰ ভনীয়েক = পেহী
👉 (ঘ) মাকৰ ভায়েক = মামা
👉 (ঙ) দেউতাকৰ ভায়েক = খুৰা        


💕 (৪) বাক্য ৰচনা কৰা : 
👉 পুৰাং =  তৰাপাতত বৰা চাউল দি পুৰাং ৰন্ধা হয় ।

👉 মিবুগালুগ = আলি-আয়ে-লৃগাং উৎসৱত ডেকাবোৰে মিবুগালুগ নামৰ এযোৰ পৰম্পৰাগত পোছাক পিন্ধে ।

👉 ৰিবিগাছেং = লৃগাং উৎসৱত ছোৱালীবোৰে ৰিবিগাছেং নামৰ এযোৰ ধুনীয়া পোছাক পিন্ধে ।

👉 ঐনিতম = ঐনিতম অসমৰ মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত ।

👉 চাংঘৰ = মোহনহঁতৰ গাঁৱৰ শাৰী শাৰী ধুনীয়া ধুনীয়া চাংঘৰবোৰ দেখি অনুপম অভিভূত হৈছিল ।

👉 গুমৰাগ = গুমৰাগ নৃত্য মিছিংসকলৰ প্ৰধান কৃষিনৃত্য ।




💕 (৫) একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা : 
   বন্ধু                   দেৰি 
  নদী                    ডাঙৰ
  পলম                  পৱন
   বৰ                     মিত্ৰ
   বতাহ                  তটিনী
উত্তৰ👉👉 
 👉 বন্ধু           =          মিত্ৰ
 👉 নদী           =        তটিনী
 👉 পলম        =         দেৰি
 👉 বৰ            =         ডাঙৰ 
 👉 বতাহ        =         পৱন



              ✅ (৬) শুধৰাই লিখা : 
💕 (ক) মিছিংসকলে লৃগাং উৎসৱ চ'ত মাহত পাতে । ২০
উত্তৰ👉👉 মিছিংসকলে লৃগাং উৎসৱ ফাগুন মাহত পাতে ।

💕 (খ) অনুপমে মোহনৰ দেউতাকক খুৰা বুলি মাতিছিল । ২১
উত্তৰ👉👉 অনুপমে মোহনৰ দেউতাকক তাৱৈ বুলি মাতিছিল ।

💕 (গ) মোহনে অনুপমহঁতৰ গাঁৱত থকা বায়েকৰ ঘৰত থাকি পঢ়িছিল । ২০
উত্তৰ👉👉 মোহনে অনুপমহঁতৰ গাঁৱত থকা পেহীয়েকৰ ঘৰত থাকি পঢ়িছিল ।


💕 (৭) ডাঙৰ ডাঙৰকৈ পঢ়া : 
মিছিংসকল অসমৰ এটা প্ৰধান জনজাতি ।
তেওঁলোকে সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি বাস কৰে ।
তেওঁলোক বৰ সহজ-সৰল মানুহ।
মিছিংসকলে খেতি-পথাৰত বেছিকৈ মন দিয়ে ।


🌖 অৰ্থৰ সৈতে চিনাকি হওঁ আহা : 
👉 আদৰৰ = মৰমৰ
👉 আথে-বেথে = বৰ আদৰ-সাদৰকৈ, অতি চেনেহেৰে 
👉 সুৰীয়া = সুৰ লগা 
👉 লিৰিকি-বিদাৰি = ঘনাই চুই লৰাই থকা 
👉 ৰংচঙীয়া = বিবিধ বৰণৰ, বিচিত্ৰ বৰণৰ 
👉 গুমগুম = ঢোল বজালে হোৱা শব্দ 
👉 থেৰো-গেঁৰো = কোনো কাৰ্য্য কৰোঁ-নকৰোঁ অৱস্থা

❤️ পঢ়া আৰু বুজা : 
      নই   ধই      ন্ধ
      সই   কই     স্ক

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...