Search This Blog

Wednesday, June 15, 2022

Class 5 Assamese 1st Unit Test Solved Question Paper. Class 5 Assamese book Question Answer

Class 5 Assamese 1st Unit Test Solved Question Paper. Class 5 Assamese book Question Answer
                                                         
১। 'অসম আমাৰ ৰূপহী' কবিতাটোৰ প্ৰথম ৮ শাৰী মুখস্থ লিখি কবিগৰাকীৰ নাম লিখা।                                       ১০
উত্তৰ👉👉
      অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
           ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ।
              গোটেই জীৱন বিচাৰিলেও
                 অলেখ দিৱস ৰাতি 
              অসম দেশৰ দৰে নেপাওঁ
                  ইমান ৰসাল মাটি ।
    চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ
    ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ।

কবিগৰাকীৰ নাম - ড° ভূপেন হাজৰিকা ।


২। উত্তৰ লিখা ।      ৮                                                                                                   
(ক) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায় ?
উত্তৰ👉👉 শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায় ।

(খ) ড° ভূপেন হাজৰিকাই 'আই' বুলি কাক সম্বোধন কৰিছে ?
উত্তৰ👉👉 ড° ভূপেন হাজৰিকাই 'আই' বুলি জন্মভূমি অসম দেশক সম্বোধন কৰিছে ।

(গ) সর্বধনু ৰজাৰ প্রিয় খাদ্য কি আছিল ?
উত্তৰ👉👉 সর্বধনু ৰজাৰ প্রিয় খাদ্য  আছিল চৰাইৰ মঙহ ।


(ঘ) মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি ?
উত্তৰ👉👉 মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম আছিল মাধৱী ।

(ঙ) অৰূপে পঢ়া স্কুলখনৰ নাম কি ?
উত্তৰ👉👉 অৰূপে পঢ়া স্কুলখনৰ নাম হ'ল - নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয় ।

(চ) আৱেদনক আৰু কি বুলি কয় ?
উত্তৰ👉👉 আৱেদনক 'দৰ্খাস্ত' বুলিও কোৱা হয় ।


(ছ) 'পিঠাৰ মেল' পদ্যটোৰ কবিজনাৰ নাম লিখা ।
উত্তৰ👉👉 'পিঠাৰ মেল' পদ্যটোৰ কবিজনাৰ নাম হ'ল - অতুল চন্দ্ৰ হাজৰিকা ।

(জ) খোলাচাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল ?
উত্তৰ👉👉 খোলাচাপৰীয়া পিঠাক চুঙা পিঠাই 'বাই' বুলি সম্বোধন কৰিছিল ।

৩৷ ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা ।        
উত্তৰ👉👉 ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ চিৰ বিনন্দীয়া আৰু সেউজ পৰিৱেশ বুলি কৈছে ।

৪৷ মধুকৰে সর্বধনুক কেনেদৰে সহায় কৰিছিল ?        ৩
উত্তৰ👉👉

৫৷ স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আৱেদন কৰিব লাগে ? ৩                    
উত্তৰ👉👉 স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষক বা শিক্ষয়িত্ৰীৰ জৰিয়তে প্ৰধান শিক্ষক মহোদয়লৈ আৱেদন কৰিব লাগে ।


৬৷ বাক্য ৰচনা কৰা । (যিকোনো পাঁচটা) ৫                                                                          
   কীট-পতংগ, লালন-পালন, পাঁতি, পাটী,     
          বিনন্দীয়া, শ্ৰদ্ধা, সমাৱেশ

উত্তৰ👉👉 
কীট-পতংগ = কীট-পতংগ বিলাকে খেতিডৰা নষ্ট কৰি পেলাইছে ।

লালন-পালন = মধুকৰে ৰজা সৰ্বধনুক চৰাইজাকক ভালদৰে লালন-পালন কৰিবলৈ কৈছিল ।

পাঁতি (শাৰী অৰ্থত) = তামোলৰ পুলিবোৰ পাঁতি পাঁতিকৈ ৰুৱা ।

পাটী (ঢাৰি বা পাটী) = পাটীত বহি কণমইনাই সাধু শুনি আছে ।

বিনন্দীয়া = সেউজীয়া প্ৰকৃতিৰ পৰিৱেশে অসমক বিনন্দীয়া কৰিছে ।

শ্ৰদ্ধা = জ্যেষ্ঠজনক সদায় শ্রদ্ধা আৰু সন্মান কৰিব লাগে ।

সমাৱেশ = অসম দেশৰ দৰে মধুৰ ৰূপৰ সমাৱেশ ক'তো পোৱা নাযায় ।


৭৷ বিপৰীত অৰ্থবোধক শব্দ লিখা ।(যিকোনো পাঁচটা)                          ৫                   
      আৰম্ভণি, ভাল, উচিত, অনুপস্থিত,   
            পুৰস্কাৰ,  বন্ধু, অমংগল
উত্তৰ👉👉 
আৰম্ভণি = শেষ
ভাল = বেয়া
উচিত = অনুচিত
অনুপস্থিত = উপস্থিত
পুৰস্কাৰ = তিৰস্কাৰ
বন্ধু = শত্ৰু
অমংগল = মংগল


৮৷ তলত দিয়া ঠাইবোৰ ক্ৰিয়াপদৰে পুৰোৱা -                                    ৪                              
(ক) যোৱাবেলি আমি বনভোজ খাবলৈ……. ৷
উত্তৰ👉👉 গৈছিলো ।

(খ) আমাৰ লগত ছাৰ বাইদেউ সকলো …… ৷
উত্তৰ👉👉 গৈছিল ।

(গ) বাটত তেখেতসকলে আমাক ভাল ভাল কথা….।
উত্তৰ👉👉 কৈছিল ।

(ঘ) মাজে মাজে আমি গান …….. ৷
উত্তৰ👉👉 গাইছিলো ।


৯৷ যুক্তাক্ষৰ ভাঙি দুটাকৈ শব্দ গঠন কৰা। 
                                                              ৪          
                     ব্জ, গ্ব, ন্ব, ক্ব

উত্তৰ👉👉 

ব্জ = ব + জ = অব্জ, কুব্জ
গ্ব =  গ + ব  = দিগ্বিজয়, দিগ্বিদিগ্
ন্ব = ন + ব    = অন্বেষণ, অন্বেষা
ক্ব = ক + ব  =  পক্বান্ন, পক্ব



১০৷ এটা শব্দত প্ৰকাশ কৰা -            ৪                                                                          
(ক) যি শিক্ষাদান কৰে -
উত্তৰ👉👉 শিক্ষক

(খ) যি ৰোগীক চিকিৎসা কৰে -
উত্তৰ👉👉 চিকিৎসক

(গ) যি ভাষা চৰ্চা কৰে -
উত্তৰ👉👉 ভাষা-বিজ্ঞানী

(ঘ) একে সময়তে হোৱা -
উত্তৰ👉👉 সমসাময়িক

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...