Class 7 1st Unit Test General Science Fully Solved Question Paper. Class 7 Science Question Answer Assamese Medium
1st Unit Test 2022
Sub : G. Science
Class - VII
Time - 1 hours Full Marks : 25
1.খালী ঠাই পূৰ কৰা : ১×৭=৭
i) সেউজীয়া উদ্ভিদক ……… বোলা হয়, যিহেতুকে সিহঁতে নিজৰ আহাৰ
নিজে প্ৰস্তুত কৰে।
উত্তৰ 👉👉 স্বপোষী
ii) উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ…….. হিচাপে সঞ্চিত হৈ থাকে ।
উত্তৰ 👉👉 শ্বেতসাৰ
iii) অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াক…..বোলে ।
উত্তৰ 👉👉 প্ৰশমন
iv) এমিবাৰ খাদ্য …… ত হজম হয় ।
উত্তৰ 👉👉 খাদ্য-ৰিক্তিকা
v) বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল....।
উত্তৰ 👉👉 ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট
vi) সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক ….. বোলে ।
উত্তৰ 👉👉 জলবায়ু
vii) যিবোৰ পৰিবৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয়, সেইবোৰক ……..
পৰিবৰ্তন বোলে ।
উত্তৰ 👉👉 ৰাসায়নিক
2. ১ নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱা । ৫
১ নং স্তম্ভ ২ নং স্তম্ভ
পত্ৰহৰিৎ বেক্টেৰিয়া
নাইট্ৰ'জেন পৰপুষ্ট জীৱ
অমৰলতা কলচী উদ্ভিদ
প্ৰাণী পাত
পোক-পতংগ পৰজীৱী
উত্তৰ👉👉
পত্ৰহৰিৎ - পাত
নাইট্ৰ'জেন - বেক্টেৰিয়া
অমৰলতা - পৰজীৱী
প্ৰাণী - পৰপুষ্ট জীৱ
পোক-পতংগ - কলচী উদ্ভিদ
3. তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া । ২
উত্তৰ👉👉 তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ হ'ল -
তাপৰ পৰিবাহী = এলুমিনিয়াম আৰু লো
তাপৰ অপৰিবাহী = প্লাষ্টিক আৰু কাঠ
4.পাৰ্থক্য লিখা — ৪
(i) পৰজীৱী আৰু মৃতজীৱী ।
উত্তৰ👉👉
পৰজীৱী = পৰজীৱীবোৰে জীৱিত উদ্ভিদ বা প্ৰাণীৰ পৰা খাদ্য আহৰণ কৰে। উদাহৰণ - অমৰলতা ।
মৃতজীৱী = মৃতজীৱীবোৰে মৃত, গেলি-পচি যোৱা সামগ্ৰীৰ পৰা পৰিপুষ্টি গ্ৰহণ কৰে । যেনে - ভেঁকুৰ ।
(ii) সাংশ্লেষিক আঁহ আৰু প্ৰাকৃতিক আঁহ
উত্তৰ👉👉
সাংশ্লেষিক আঁহ = সাংশ্লেষিক আঁহবোৰ মানুহে নিজে প্ৰস্তুত কৰি লয় । উদাহৰণ - নাইলন আৰু পলিয়েষ্টাৰ ।
প্ৰাকৃতিক আঁহ = প্ৰাকৃতিক আঁহবোৰ উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা যায় । উদাহৰণ - কপাহ ।
5. উষ্ণ জলবায়ু অঞ্চলৰ ঘৰবোৰৰ বহি:বেৰত বগা ৰং দিবলৈ পৰামৰ্শ
দিয়া হয় । ব্যাখ্যা কৰা । ৩
উত্তৰ👉👉 উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহি:বেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয় কাৰণ বগা ৰঙে তাপ শোষণ নকৰে । বৰঞ্চ তাক প্ৰতিফলিতহে কৰে । ফলত ঘৰৰ ভিতৰৰ উষ্ণতা অত্যাধিক বৃদ্ধি নাপায় ।
6. পাটচকৰীৰ জীৱন চক্ৰৰ দুটা অৱস্থাৰ চিত্ৰ আঁকা যিবোৰ পাট উৎপাদনত
পোনপটীয়াকৈ জড়িত । ৪
No comments:
Post a Comment