Search This Blog

Wednesday, May 18, 2022

Class 7 science lesson 5 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৫ ( অম্ল, ক্ষাৰক আৰু লৱণ ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 7 science lesson 5 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৫ ( অম্ল, ক্ষাৰক আৰু লৱণ ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

                    ✅ অনুশীলনী : 💕
✅ (১) অম্ল আৰু ক্ষাৰকৰ মাজৰ পার্থক্য লিখা। (৫৬) 
উত্তৰ👉👉 অম্ল আৰু ক্ষাৰকৰ মাজৰ পার্থক্য হল - 
(ক) অম্লৰ সোৱাদ টেঙা কিন্তু  ক্ষাৰৰ সোৱাদ তিতা ।
(খ) অম্লই নীলা লিটমাছ ৰঙা কৰে । কিন্তু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে।
(গ) অম্লৰ উদাহৰণ - লেক্টিক এছিড আৰু ক্ষাৰকৰ উদাহৰণ - মেগনেছিয়াম হাইড্ৰক্সাইড ।


✅ (২) খিৰিকী পৰিষ্কাৰকৰ নিচিনা বহুতাে ঘৰুৱা বস্তুত এম’নিয়া থাকে । ই ৰঙা লিটমাছ নীলা কৰে । ই কি প্রকৃতিৰ ? (৫৬) 
উত্তৰ👉👉 যিহেতু এম'নিয়াই ৰঙা লিটমাছ নীলা কৰে গতিকে ই 
ক্ষাৰকীয় প্ৰকৃতিৰ ।

✅ (৩) লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা । এই দ্ৰৱৰ ব্যৱহাৰ কি ? (৪৯-৫০)
উত্তৰ👉👉 লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম হ'ল - ছত্ৰক শৈৱাল। কোনো এটা পদাৰ্থ আম্লিক নে ক্ষাৰকীয় সেয়া পৰীক্ষা কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ।


✅ (৪) পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্রশম ? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা ? (৫১) 
উত্তৰ👉👉 পাতিত পানীত নীলা বা ৰঙা লিটমাছৰ কাগজ এখন ডুবাই দিলে লিটমাছৰ ৰং কোনো ধৰণৰ সলনি নহয় গতিকে পাতিত পানী প্ৰশম ।


💕 (৫) এটা উদাহৰণসহ প্রশমন প্রক্রিয়া বর্ণনা কৰা । (৫৫)
উত্তৰ👉👉 অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াক প্ৰশমণ বোলে । এই প্ৰক্ৰিয়াত পানী আৰু লৱন উৎপন্ন হোৱাৰ লগতে তাপো উৎপন্ন হয়। 
অম্ল + ক্ষাৰক ------- 👉 লৱন + পানী (তাপ উৎপন্ন হয়) 

উদাহৰণ👉👉 
হাইড্ৰ'ক্লৰিক এচিড (HCL) + ছ'ডিয়াম হাইড্ৰ'অক্সাইড (NaOH) ----- 👉 ছ'ডিয়াম ক্ল'ৰাইড (NaCl)+ পানী (H২O)  


✅ (৬) তলৰ বাক্যটো শুদ্ধ হ'লে শু আৰু অশুদ্ধ হ'লে অ চিন দিবা।
💕 (ক) নাইট্রিক এছিডে ৰঙা লিটমাছ কাগজ নীলা কৰে । (শু/অ) 
উত্তৰ👉👉 অ

( নাইট্ৰিক এছিড হ'ল অম্ল । আমি জানো যে অম্লই নীলা লিটমাছ ৰঙা কৰে গতিকে বাক্যটো অশুদ্ধ ) 

💕 (খ) ছ'ডিয়াম হাইড্র'ক্সাইডে নীলা লিটমাছ ৰঙা কৰে । (শু/ অ) 
উত্তৰ👉👉  অ

(ছ'ডিয়াম হাইড্র'ক্সাইড হ'ল ক্ষাৰক, ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে গতিকে এই বাক্যটো অশুদ্ধ) 


💕 (গ) ছ'ডিয়াম হাইড্র'ক্সাইড আৰু হাইড্র’ক্লৰিক এছিডে পৰস্পৰে পৰস্পৰক প্রশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে । (শু/অ)
উত্তৰ👉👉 শু

[পৃষ্ঠা- ৫৫] (কাৰণ ই প্ৰশমন বিক্ৰিয়াৰ উদাহৰণ) 


💕 (ঘ) সূচক হ’ল এটা দ্রব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰৱত বেলেগ বেলেগ বৰণ দেখুৱায় । (শু/ অ) 
উত্তৰ👉👉 শু

💕 (ঙ) ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় ৰােগ হয় । (শু/ অ) 
উত্তৰ👉👉 অ

(অম্লৰ উপস্থিতৰ বাবেহে দন্তক্ষয় ৰোগ হয় গতিকে বাক্যটো অশুদ্ধ) 

✅ (৭) ডেকাৰ ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে । কিন্তু দুর্ভাগ্যবশতঃ এইবােৰত লেবেল নাই। এই পানীয় বিলাক তেওঁ গ্রাহকৰ চাহিদা অনুযায়ী যােগান ধৰিব লাগে। এজন গ্রাহকক আম্লিক, আন এজনক ক্ষাৰকীয়, আৰু তৃতীয়জনক প্রশম পানী লাগে। কোনজনক কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিব ?
উত্তৰ👉👉 লিটমাছ কাগজৰ সহায় লৈ 
কোনজনক কোনটো পানীয় বটল দিব থিৰাং কৰিব পৰা যাব ।
                          যি পানীয় ৰঙা লিটমাছ কাগজ নীলা কৰিব, সেই পানীয় খিনি হ'ব ক্ষাৰকীয় । যি পানীয় নীলা লিটমাছ কাগজ ৰঙা  কৰিব, সেই পানীয় খিনি হ'ব আম্লিক । যি পানীয় নীলা বা ৰঙা লিটমাছৰ ৰং সলনি নকৰে, সেই পানীয়খিনি হ'ব প্ৰশম ।


         ✅(৮) কাৰণ ব্যাখ্যা কৰা । (Important)
💕 (ক) এছিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খােবা । (৫৫) 
উত্তৰ👉👉 এছিডিটিত ভুগিলে  আমি অম্লনাশক টেবলেট খাওঁ - কাৰণ ইয়াত মেগনেছিয়াম হাইড্ৰ'ক্সাইড থাকে আৰু ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে ।

💕 (খ) পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয় । (৫৫)
উত্তৰ👉👉 পৰুৱাৰ শুঙত ফৰ্মিক এছিড থাকে । পৰুৱাই যেতিয়া কামোৰে তেতিয়া ছালৰ ভিতৰলৈ অম্ল সুমুৱাই দিয়ে । ফলত আমাৰ দেশত বিষ অনুভৱ হয়। সেমেকা ব্ৰেকিং ছডা বা জিংক কাৰ্বনেট থকা কেলামাইন দ্ৰৱ্য ঘঁহি পৰুৱাৰ শুঙত থকা ফৰ্মিক এছিডৰ প্ৰভাৱ প্রশমিত কৰিব পাৰি ।


💕 (গ) কাৰখানাৰ আৱৰ্জনাবােৰ জলাশয়ত পেলােৱাৰ আগতে প্রশমিত কৰা হয় । (৫৫) 
উত্তৰ👉👉 কাৰখানাৰ আৱৰ্জনাবােৰত অম্ল থাকে । যদি এই আৱৰ্জনা সমূহ জলাশয়লৈ বৈ যাবলৈ দিয়া হয়, তেনেহ'লে এই অম্লই পানীত থকা মাছ আৰু অন্য জীৱ ধ্বংস কৰে । সেয়েহে, কাৰখানাৰ আৱৰ্জনা সমূহ ক্ষাৰকীয় দ্ৰৱ মিহলাই প্ৰশমিত কৰা হয় । 


✅ (৯) তােমাক তিনিটা জুলীয়া পদার্থ দিয়া হৈছে । এটা হাইড্র’ক্ল'ৰিক এছিড, আনটো ছডিয়াম হাইড্রক্সাইড আৰু তৃতীয়টো হ’ল চেনিৰ দ্ৰৱ। তুমি এইবােৰক কেনেকৈ চিনাক্ত কৰিবা ? তােমাৰ কেৱল হালধিৰ সূচকহে আছে।
উত্তৰ👉👉 হালধিৰ সূচকৰে এনেধৰণে দ্ৰব তিনিবিধ চিনাক্ত কৰিব পৰা যাব -
                      হাইড্ৰ'ক্ল'ৰিক এছিড হালধিৰ সংস্পৰ্শলৈ আহিলে হালধিৰ ৰং নীলা হ'ব । ছ'ডিয়াম হাইড্ৰ'ক্সাইড হালধিৰ সংস্পৰ্শলৈ আহিলে হালধিৰ ৰং ৰঙা হ'ব । চেনিৰ দ্ৰৱ হালধিৰ সংস্পৰ্শলৈ আহিলে হালধিৰ ৰং একে থাকিব। 

✅ (১০) এখন নীলা লিটমাছ কাগজ এটা দ্রৱত ডুবাই দিয়া হ'ল । কাগজখন নীলা হৈয়ে থাকিল । দ্ৰৱটোৰ প্রকৃতি কেনেকুৱা ব্যাখ্যা কৰা।
উত্তৰ👉👉 দ্ৰব্যটো ক্ষাৰকীয় দ্ৰব হ'ব । কাৰণ কাগজখন নীলা হৈয়ে থাকিল, দ্ৰবটোৱে নীলা লিটমাছৰ ৰং সলনি কৰিব নোৱাৰিলে গতিকে ই এছিড হ'ব নোৱাৰে । 

✅ (১১) তলৰ বাক্যকেইটা পঢ়ি চোৱা ।
💕 (ক) অম্ল আৰু ক্ষাৰক দুয়ােটাই সকলােবােৰ সূচকৰ ৰং সলনি কৰে । 
💕 (খ) যদি এটা সূচকৰ ৰং অম্লত সলনি হয়, তেনেহ'লে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয় । 
💕 (গ) যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয়, তেনেহ'লে ইয়াৰ ৰং অম্লত সলনি নহয়।
💕 (ঘ) অম্ল আৰু ক্ষাৰকত ৰং সলনি হােৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। 

             উক্তিবােৰৰ কোনবােৰ শুদ্ধ ? 
👉 (i) চাৰিওটা    
👉 (ii) ‘ক’ আৰু ‘ঘ’
👉 (iii) ‘খ’ আৰু ‘গ’ 
👉 (iv) কেৱল ‘ঘ’।
উত্তৰ👉👉 (ii) ‘ ক’আৰু ‘ঘ’ শুদ্ধ ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...