Search This Blog

Wednesday, May 18, 2022

Class 7 science lesson 4 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৪ (তাপ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 7 science lesson 4 Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ : ৪ (তাপ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
                    ✅ অনুশীলনী : 💕

💕 (১) পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ সাদৃশ্য আৰু পার্থক্যসমূহ উল্লেখ কৰা । (৩৬-৩৮) 
উত্তৰ👉👉 পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ সাদৃশ্যসমূহ - 
(ক) দুয়োটা তাপমেতা কাঁচেৰে নিৰ্মাণ কৰা হয় ।
(খ) পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ বাল্বটোত পাৰা থাকে ।
(গ) দুয়োটাতে ছেলছিয়াছ স্কেলৰ দাগ কটা হয়। 
                      পাৰ্থক্যসমূহ হ'ল - 
(ক) জ্বৰ জোখা তাপমেতাৰ সহায়ত মানুহৰ শৰীৰৰ উষ্ণতা জোখা হয় কিন্তু পৰীক্ষাগাৰৰ তাপমেতাৰ সহায়ত পৰীক্ষাগাৰ সমূহত বিভিন্ন উষ্ণতা জোখা হয়।
(খ) জ্বৰ জোখা তাপমেতাৰ সহায়ত ৩৫°C ৰ পৰা ৪২°C লৈ উষ্ণতা জুখিব পাৰি । কিন্তু পৰীক্ষা গাৰৰ তাপমেতাৰ সহায়ত - ১০°C ৰ পৰা ১১০°C লৈ উষ্ণতা জুখিব পাৰি ।


💕 (২) তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া । (৪১) 
উত্তৰ👉👉 তাপৰ পৰিবাহী = এলুমিনিয়াম, লো আৰু তাম 
👉 তাপৰ অপৰিবাহী = প্লাষ্টিক আৰু কাঠ 


           ✅ (৩) খালী ঠাই পূৰ কৰা :  
💕 (ক) কোনাে এটা বস্তুৰ উত্তাপ ইয়াৰ ------------ দ্বাৰা নির্ণয় কৰা হয় । (৩৬)
উত্তৰ👉👉 উষ্ণতাৰ

💕 (খ) উতলা পানীৰ উষ্ণতা ----------- তাপমেতাৰে জুখিব নােৱাৰি । (৩৬)
উত্তৰ👉👉 জ্বৰজোখা 

(উতলা পানীৰ উষ্ণতা জ্বৰজোখা তাপমেতাৰে জুখিব নােৱাৰি কাৰণ জ্বৰ জোখা তাপমেতাৰ দ্বাৰা ৩৫ ℃ ৰ পৰা ৪২ ℃ লৈ উষ্ণতা জুখিব পাৰি ।)


💕 (গ) ডিগ্ৰী --------- এককত উষ্ণতা জোখা হয় । (৩৭) 
উত্তৰ👉👉 ছেলছিয়াছ

💕 (ঘ) ----------- প্রক্রিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়ােজন নহয় । (৪৫) 
উত্তৰ👉👉 বিকিৰণ

💕 (ঙ) এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে । ই ----------- প্রক্রিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে । 
উত্তৰ👉👉 পৰিবহণ

💕 (চ) পাতল ৰঙৰ বস্ত্ৰতকৈ ----------- ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে । (৪৫) 
উত্তৰ👉👉 গাঢ় 


        ✅ (৪) তলৰ বাক্যবোৰ মিলোৱা :  
উত্তৰ👉👉
(ক) স্থলবতাহ বলে 👉 (ঘ) ৰাতি   
(খ) জলবতাহ বলে 👉 (গ) দিনত  
(গ) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় 👉 (খ) শীতকালত 
(ঘ) পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় 👉 (ক) গ্ৰীষ্মকালত  


✅ (৫) শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় বেছি গৰম হৈ থাকে আলোচনা কৰা।
উত্তৰ👉👉 শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে কাপোৰৰ তৰপ বিলাকৰ মাজত বায়ুৰো তৰপৰ সৃষ্টি হয়। যিহেতু আমি জানো যে বায়ু হ'ল তাপৰ কুপৰিবাহী । যাৰ ফলত আমাৰ শৰীৰৰ উষ্ণতা বায়ুৰ তৰপ সমূহ পাৰ হৈ বাহিৰৰ শীতল অঞ্চললৈ ওলাই যাবই নোৱাৰে। সেইবাবে আমাৰ শৰীৰটো একাধিক তৰপৰ কাপোৰ পিন্ধিলে গৰম হৈ থাকে।

💕 (৬) তলৰ চিত্ৰ ৪.১৩ টো লক্ষ্য কৰা। পৰিবহন, পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰা । 
উত্তৰ👉👉 (চিত্ৰ ৪.১৩) পৃষ্ঠা - ৪৬ ত কিতাপখনত দিয়া আছে চাই পেলাই স্থানবোৰ চিহ্নিত কৰি ল'বা।

💕 (৭) উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয়। বাখ্যা কৰা।
উত্তৰ👉👉 উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয় কাৰণ বগা ৰঙে তাপ শোষণ নকৰে। বৰঞ্চ তাক প্ৰতিফলিতহে কৰে। ফলত ঘৰৰ ভিতৰৰ উষ্ণতা অত্যধিক বৃদ্ধি নাপায় ।

💕 (৮) ৩০°C ত থকা এক লিটাৰ পানী ৫০°C ত থকা এক লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল। মিশ্রণৰ উষ্ণতা হ’ব - 
(ক) ৮০°C
(খ) ৫০°C ত কৈ বেছি কিন্তু ৮০°C তকৈ কম
(গ) ২০°C 
(ঘ) ৩০°C আৰু ৫০°C ৰ মাজত
উত্তৰ👉👉 (ঘ) ৩০°C আৰু ৫০° C ৰ মাজত


💕 (৯) মগ এটাত থকা ৪০°C উষ্ণতাৰ পানীত ৪০°C উষ্ণতাৰ লোৰ বল এটা ডুবাই দিয়া হ’ল । তাপ - 
(ক) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত হ’ব ।
(খ) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লােৰ বললৈ সঞ্চালিত নহয় ।
(গ) পানীৰ পৰা লােৰ বললৈ সঞ্চালিত হ'ব ।
(ঘ) দুয়ােৰে উষ্ণতা বৃদ্ধি হ'ব ।
উত্তৰ👉👉 (খ) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লােৰ বললৈ সঞ্চালিত নহয় ।

💕 (১০) আইছ ক্রীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থােৱা হৈছে । চামুচখনৰ আনটো মূৰ - 
(ক) পৰিবহণ প্রক্রিয়াৰে চেঁচা হ’ব । 
(খ) পৰিচলন প্রক্রিয়াৰে চেঁচা হ’ব । 
(গ) বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হয় । 
(ঘ) চেঁচা নহয় ।
উত্তৰ👉👉 (ঘ) চেঁচা নহয় ।

💕 (১১) নিষ্কলংক তীখা (stainless steel) ৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নির্মিত হয় । ইয়াৰ কাৰণ হৈছে -
(ক) তামৰ তলিয়ে কেৰাহীৰ আয়ুস বঢ়ায়। 
(খ) কেৰাহীটো দেখাত ৰং বিৰঙৰ হয় ।
(গ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী ।
(ঘ) নিষ্কলংক তীখাতকৈ তাম চাফা কৰা সুবিধাজনক ।
উত্তৰ👉👉 (গ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...