Search This Blog

Monday, July 18, 2022

Class 3 Assam Jatiya vidyalaya, lesson 3 question answerতৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ৫ (আগ-পিছ নভবা গাধ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 3 Assam Jatiya vidyalaya, lesson 3 question answer
তৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ৫ (আগ-পিছ নভবা গাধ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ 
                 ✅অনুশীলনী🥰  

   ✅ ১/ একোটিকৈ বাক্যত উত্তৰ লিখা : 
💕 (ক) গাধটোৰ নাম কি আছিল ? 21
উত্তৰ👉👉 গাধটোৰ নাম লেৰেলা আছিল ।

💕 (খ) গাধই কাৰ সৈতে সখি পাতিছিল ? 21
উত্তৰ👉👉 গাধই শিয়ালৰ লগত সখি পাতিছিল ।

💕 (গ) গাধই ক'ত গান গাইছিল ? 21
উত্তৰ👉👉 গাধটোৱে সৰিয়হতলীত গান গাইছিল ।


✅ ২/ দুই-তিনিটা বাক্যত উত্তৰ লিখা : 
💕 (ক) শিয়ালে গাধক গান গোৱাত কিয় বাধা দিছিল ? 22
উত্তৰ👉👉 শিয়ালে গাধক গান গোৱাত বাধা দিছিল কাৰণ গাধটোৱে জেউৰা ভাঙি সৰিয়হতলীত সোমাইছিল আৰু গাধটোৰ মাত শুনিবলৈ বৰ বেয়া আছিল । গাধটোৰ মাত শুনিলে গৃহস্থই খেদি আহিব পাৰে বুলি ভয়তে শিয়ালটোৱে গাধক গান গোৱাত বাধা দিছিল ।


💕 (খ) গাধৰ শেষ দশা কি হ'ল লিখা ।
উত্তৰ👉👉 শিয়ালটোৱে কোৱা কথাত গুৰুত্ব নিদি গাধটোৱে তাৰ হুঁটা মাতটোৰে 
চকু মুদি আপোনমনে গান গাবলৈ ধৰিলে । গাধটোৰ মাত শুনি কিহেনো সৰিয়হ তলীত শব্দ কৰে বুলি লাঠি-টাঙোন লৈ মানুহবিলাকে খেদি আহি গাধটোক বান্ধি খঙতে গায়ে-মূৰে কোবাবলৈ ধৰিলে। কোবাই কোবাই খং কমাত গৃহস্থই গাধটোক এৰি দিলে । শেষত গাধটোয়ে কোনোমতে লেঙেৰাই লেঙেৰাই ঘৰমুৱা হ'ল ।


✅ ৩/ কোনে কৈছিল, কাক কৈছিল : 
💕 (ক) "মোৰ এটি গান গাবলৈ বৰ মন গৈছে । মই এটি গান গাঁও, তুমি শুনিবা দেই ।" 
উত্তৰ👉👉 ওপৰোক্ত কথাষাৰ লেৰেলা নামৰ গাধটোৱে শিয়ালটোক কৈছিল ।

💕 (খ) "গান গালেই গৃহস্থই তোমাৰ মাতটো শুনি খেদি আহিব । গতিকে তুমি গান গোৱা উচিত নহ'ব ।"
উত্তৰ👉👉 ওপৰোক্ত কথাষাৰ শিয়ালটোয়ে লেৰেলা নামৰ গাধটোক
 কৈছিল ।


💕 ৪/ সাধুটো নিজৰ ভাষাৰে কোৱা ।
উত্তৰ👉👉 

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...