Search This Blog

Monday, July 11, 2022

Class 3 Assam Jatiya vidyalaya, Assamese lesson 5 question answer.তৃতীয় শ্ৰেণীৰ, অসমীয়া কিতাপখনৰ পাঠ : ৫ (মাহবোৰৰ গীত) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 3 Assam Jatiya vidyalaya, Assamese lesson 5 question answer.
তৃতীয় শ্ৰেণীৰ, অসমীয়া কিতাপখনৰ পাঠ : ৫ (মাহবোৰৰ গীত) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
               ✅ ক্ৰিয়া-কলাপ ☑️

  ✅ (১) প্ৰথমে কোৱা, তাৰ পিছত লিখা : 
💕 (ক) গছৰ ডালত কপৌফুল কেতিয়া ফুলে ? ২৬
উত্তৰ👉👉 গছৰ ডালত ব'হাগ মাহত কপৌফুল ফুলে ।

💕 (খ) জেঠমাহত ৰ'দৰ তাপত শৰীৰৰ অৱস্থা কেনেকুৱা হয় ? ২৬
উত্তৰ👉👉 জেঠমাহত ৰ'দৰ তাপত শৰীৰৰ অৱস্থা বিয়াকুল হয় ।

💕 (গ) আম, কঁঠাল, জাম কেতিয়া পকে ? ২৬
উত্তৰ👉👉 আম, কঁঠাল, জাম আহাৰ মাহত পকে ।

💕 (ঘ) মহাপুৰুষ দুজনাৰ তিথি কোন মাহত হয় ? ২৬
উত্তৰ👉👉 মহাপুৰুষ দুজনাৰ তিথি ভাদ মাহত হয় ।

💕 (ঙ) মহাপুৰুষ দুজনা কোন কোন ? 
উত্তৰ👉👉 মহাপুৰুষ দুজনাৰ নাম হ'ল - (i) মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু
(ii) মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ।

💕 (চ) আঘোণ মাহত পথাৰ কিহেৰে ভৰি পৰে ? ২৭
উত্তৰ👉👉 আঘোণ মাহত সোণালী ধানেৰে পথাৰ ভৰি পৰে ।

💕 (ছ) মাঘ মাহক আৰু কি নামেৰে জনা যায় ? ২৭
উত্তৰ👉👉 মাঘ মাহক ভোগালী মাহ নামেৰে জনা যায় ।

💕 (জ) পলাশ ফুল কেতিয়া ফুলে ? 
উত্তৰ👉👉 পলাশ ফুল ফাগুন মাহত ফুলে ।


💕 (২) কবিতাটিত উল্লেখ থকা মাহবোৰৰ নাম একাদিক্ৰমে লিখা।
উত্তৰ👉👉 ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত ।


        💕(৩) বাক্য ৰচনা কৰা : ✅
👉 মহাপুৰুষ =মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিত কৰিছিল।

👉 সোণালী = আঘোণ মাহত সোণালী ধানেৰে পথাৰ ভৰি থাকে ।

👉 নিহালি = নিহালিখন নোলোৱা বাবে বিক্ৰমে জাৰত কঁপি আছে ।

👉 পছোৱা = ফাগুনৰ মলয়া পছোৱা বতাহ জাকে দেহ-মন চুই থৈ গ'ল ।

👉 ভোগালী = মাঘ বিহুক আমি ভোগালী বিহু নামেৰেও জানোঁ ।


💕 (৪) বুজা আৰু লিখা : 
👉 চ'ত-ব'হাগ = 
👉 জেঠ-আহাৰ = 
👉 শাওণ-ভাদ = 
👉 আহিন-কাতি =
👉 আঘোণ-পুহ =
👉মাঘ-ফাগুন = 
উত্তৰ👉👉 
👉 চ'ত-ব'হাগ = 
👉 জেঠ-আহাৰ = 
👉 শাওণ-ভাদ =
👉 আহিন-কাতি = 
👉 আঘোণ-পুহ = 
👉মাঘ-ফাগুন = 


💕 (৫) ভাবা আৰু উত্তৰ উলিওৱা : 
 চৰায়ো নহয় মই 
 জন্তুও নহয় 
 নিশাচৰ বুলিলে মানুহে 
 মোৰ কথাই কয়।
উত্তৰ👉👉 


🌖 অৰ্থৰ সৈতে চিনাকি হওঁ আহা : 
👉 বিয়াকুল = ব্যাকুল, অতিশয় আকুল, উৎকণ্ঠিত
👉 হিম = নিয়ৰ, বায়ুৰ লগত মিহলি হৈ থকা বায়ুৰ ভাপ 
👉 আকাশ বন্তি = কাতি মাহত দীঘল বাঁহ পুতি তাৰ ওপৰত লগোৱা চাকি 
👉 নিহালি = বাহিৰত কাপোৰ, ভিতৰত বহলাই তুলা মেলি শোওঁতে গাত লোৱা জাৰ-কাপোৰ, লেপ
👉 তিথি = কোনো মহাপুৰুষৰ জন্ম বা মৃত্যুৰ দিন

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...