Search This Blog

Friday, May 13, 2022

Class 7 science lesson 3 additional Question answer Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ ৩ (আঁহৰ পৰা কাপোৰলৈ) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ

Class 7 science lesson 3 Question answer Assamese Medium সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ পাঠ ৩ (আঁহৰ পৰা কাপোৰলৈ) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ


✅(১) ঊণ উৎপাদন কৰা কিছুমান প্ৰাণীৰ নাম লিখা । (25)
উত্তৰ👉👉 ঊণ উৎপাদন কৰা কিছুমান প্ৰাণীৰ নাম হ'ল - ভেড়া, য়াক, উট, লামা, আলপাকা, ছাগলী আদি ।

✅(২) নিৰ্বাচিত প্ৰজনন কি ? (24)
উত্তৰ👉👉 মিহি অধঃস্থ নোম থকা পূৰ্ণ ভেড়া পোৱালী জন্ম দিবলৈ মতা-মাইকী ভেড়া বাছনি কৰা পদ্ধতিটোক নিৰ্বাচিত প্ৰজনন বুলি কোৱা হয় ।

✅(৩) পাটপলু বা কেটাৰপিলাৰ কি ? (28)
উত্তৰ👉👉 মাইকী চকৰীৰ কণীৰ পৰা ওলোৱা পোৱালীবোৰক পাটপলু বা কেটাৰপিলাৰ বোলে ।

✅(৪) য়াক ক'ত পোৱা যায় ? (24)
উত্তৰ👉👉 সাধাৰণতে তিব্বত আৰু লাডাখত য়াক পোৱা যায় ।

✅(৫) এংগোৰা ছাগলী ক'ত পোৱা যায় ?(25)
উত্তৰ👉👉 এংগোৰা ছাগলী জম্মু আৰু কাশ্মীৰৰ নিচিনা পাহাৰীয়া অঞ্চলবোৰত পোৱা যায় ।

✅(৬) পাটৰ আঁহবোৰ কিহেৰে গঠিত ? (29)
উত্তৰ👉👉 পাটৰ আঁহবোৰ প্ৰটিনেৰে গঠিত ।

✅(৭) দুবিধ প্ৰাকৃতিক আঁহৰ নাম লিখা ।(24)
উত্তৰ👉👉 দুবিধ প্ৰাকৃতিক আঁহৰ নাম হ'ল পাট আৰু ঊণ ।

✅(৮) কাশ্মিৰী ছাগলীৰ নোমবোৰ কেনেকুৱা ? (25)
উত্তৰ👉👉 কাশ্মিৰী ছাগলীৰ নোমবোৰ কোমল আৰু মিহি ।

✅(৯) কাশ্মিৰী ছাগলীৰ নোমেৰে বোৱা শ্বলবোৰক কি বুলি কোৱা হয় ? (25)
উত্তৰ👉👉 কাশ্মিৰী ছাগলীৰ নোমেৰে বোৱা শ্বলবোৰক পছমিনা শ্বল বুলি কোৱা হয় ।

✅(১০) পাট আহৰণৰ প্ৰণালীটো লিখা ।(31)
উত্তৰ👉👉 পাটসূতা আহৰণৰ কাৰণে এদম লেটাগুটি লোৱা হয় । লেটাগুটি বোৰ অলপ সময় ৰ'দত ৰখা হয় বা সিজোৱা হয় । এনে কৰিলে পাটৰ সূতাবোৰ পৃথক হৈ পৰে । লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীটোক মহুৰা ফুৰা বুলি কোৱা হয় । এই কাৰ্যত লেটা গুটিৰ পৰা আঁহ বা সূতাখিনি খোল খাই যায় । এই আঁহবোৰ পিছত সূতালৈ পৰিণত কৰা হয় ।

✅(১১) লামা আৰু আলপাকা নামৰ ঊণ উৎপাদনকাৰী প্ৰাণীকেইবিধ ক'ত পোৱা যায় ? (25)
উত্তৰ👉👉 লামা আৰু আলপাকা নামৰ ঊণ উৎপাদনকাৰী প্ৰাণীকেইবিধ দক্ষিণ আমেৰিকাত পোৱা যায় ।

✅(১২) আঁহৰ পৰা ঊণ উৎপাদন কৰাৰ স্তৰসমূহ লিখা। (26 - 27)
উত্তৰ👉👉 আঁহৰ পৰা ঊণ উৎপাদন কৰাৰ বিভিন্ন স্তৰসমূহ হ'ল -
(i) প্ৰথম স্তৰ : মুণ্ডন বা প্ৰাণীৰ নোম খুৰোৱা
                ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয় । এই পদ্ধতিটোক মুণ্ডন (Shearing) বা প্ৰাণীৰ নোম খুৰোৱা বুলি কোৱা হয় ।
(ii) দ্বিতীয় স্তৰ : নিৰ্ঘৰ্ষন বা পৰিষ্কাৰকৰণ বা স্কাউৰিং
                    ছালৰ সৈতে কাটি লোৱা নোমবোৰ চৌবাচ্চাত ভালদৰে ধুই তেল, ধূলি আৰু ময়লাবোৰ আঁতৰাই লোৱা হয় ইয়াক নিৰ্ঘৰ্ষন বা পৰিষ্কাৰকৰণ বা স্কাউৰিং (Scouring) বোলা হয় ।
(iii) তৃতীয় স্তৰ : বৰ্গীকৰণ
                    পৰিষ্কাৰ কৰাৰ পিছত বৰ্গীকৰণ কৰা হয়। নোম থকা ছালবোৰ কাৰখানালৈ পঠোৱা হয় । ইয়াত ভিন ভিন মসৃণতাৰ ওপৰত ভিত্তি কৰি নোমবোৰ পৃথক কৰা হয় ।
(iv) চতুৰ্থ স্তৰ : বাৰচ আঁতৰোৱা 
                         শুং থকা সৰু ভোবোৰা নোমবোৰ যাক 'বাৰচ' বোলা হয়, সেইবোৰ নোমবোৰৰ পৰা আঁতৰাই পেলোৱা হয় । 
(v) পঞ্চম স্তৰ : ৰং কৰা 
                           ভেড়া আৰু ছাগলীৰ প্ৰাকৃতিক নোমবোৰ সাধাৰণতে ক'লা, মুগা বা বগা ৰঙৰ । সেইকাৰণে এইটো খাপত আঁহবোৰত বিভিন্ন ৰঙত ৰং দিয়া হয় ।
(vi) ষষ্ঠ স্তৰ : পকোৱা সূতালৈ ৰূপান্তৰ 
                        এই স্তৰত আঁহবোৰ পোন কৰা হয়, ফণিওৱা হয় আৰু পকোৱা সূতালৈ ৰূপান্তৰ কৰা হয় ।

✅(১৩) মহুৰা ফুৰা কি ? (31)
উত্তৰ👉👉 লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীটোক মহুৰা ফুৰা বুলি কোৱা হয় ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...