Search This Blog

Thursday, May 26, 2022

অসম জাতীয় বিদ্যালয়, তৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ২ (নিগনি আৰু হাতী) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 3 Assam Jatiya vidyalaya, পঞ্চতন্ত্ৰৰ সাধু, lesson 2 question answer
তৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ২ (নিগনি আৰু হাতী) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ 
                🥰 ক্ৰিয়া-কলাপ ✅
✅ (১) একোটিকৈ বাক্যত উত্তৰ লিখা : 
💕 (ক) হাতীবোৰ ক'লৈ পানী খাবলৈ যায় ? (১০)
উত্তৰ👉👉 হাতীবোৰে ওচৰতে থকা সৰোবৰটোলৈ পানী খাবলৈ যায় ।

💕 (খ) সভাত কোনে উপায় চিন্তা কৰিছিল ? (১০)
উত্তৰ👉👉 সভাত সকলোতকৈ বয়সস্থ নিগনিটোৱে উপায় চিন্তা কৰিছিল।

💕 (গ) গজৰাজ কোন ? 
উত্তৰ👉👉 গজৰাজ হৈছে বনৰীয়া হাতীৰ পালটোৰ মুখিয়াল ।

💕 (ঘ) হাতী ধৰিবলৈ ৰজাই কাক আদেশ দিলে ? (১১)
উত্তৰ👉👉 হাতী ধৰিবলৈ ৰজাই সেই দেশৰ ফান্দী সকলক আদেশ দিছিল ।

💕 (ঙ) নিগনিবোৰক কোনে হাতীবোৰৰ বিপদৰ কথা জনালে ? 
উত্তৰ👉👉 নিগনিবোৰক হাতীবন্ধা ঠাই ডোখৰৰ ওচৰতে ইফাল-সিফাল কৰি থকা মাইকী হাতীটোৱে হাতীবোৰৰ বিপদৰ কথা জনালে ।

✅ (২) দুই-তিনিটা বাক্যত উত্তৰ লিখা : 
💕 (ক) নিগনিবোৰৰ কিয় আলৈ-আথানি হৈছিল ? (১০)
উত্তৰ👉👉 হাতীবোৰে পানী খাবলৈ যোৱা বাটটোতে আছিল কেইকুৰিমান নিগনিৰ গাঁত । হাতীবোৰ পানী খাবলৈ আহোঁতে-যাওঁতে নিগনীবোৰ গচকত পৰি মৰিছিল সেইবাবে নিগনিবোৰৰ আলৈ-আথানি হৈছিল ।


💕 (খ) নিগনিবোৰে গজৰাজক কি ক'লেগৈ ? (১১)
উত্তৰ👉👉 নিগনিবোৰে গজৰাজক প্ৰণাম জনাই কৈছিল, মহাৰাজ !  আপোনালোকে পানী খাবলৈ অহা-যোৱা কৰা বাটত আমাৰ অসংখ্য গাঁত আছে । আপোনালোকৰ গচকত আমাৰ বহুতো নিগনিৰ মৃত্যু হৈছে । আমাক দয়া কৰক ।আপোনালোকে আন এটা বাট বিচাৰি লওক । ভৱিষ্যতে আমিও আপোনালোকৰ উপকাৰ কৰিম ।

💕 (গ) হাতী ধৰিবলৈ ফান্দীহঁতে কি ব্যৱস্থা কৰিছিল ? (১১)
উত্তৰ👉👉 ৰজাৰ আদেশ পোৱাৰ পিছত ফান্দীসকলে হাতীবোৰে পানী খাবলৈ যোৱা বাটটোতে ডাঙৰকৈ গাঁত খান্দি পানীৰে ভৰালে আৰু ওপৰত ঘাঁহ-বন জাপি দিয়াৰ ব্যৱস্থা কৰিছিল। যাতে পানী খাবলৈ আহিলে হাতীবোৰ গাঁতত পৰে ।

💕 (ঘ) হাতীবোৰে কেনেকৈ মুক্তি পালে ?(১২) 
উত্তৰ👉👉 নিগনিবোৰে  হাতীবোৰৰ বিপদৰ কথা গম পাই গজৰাজ আৰু বাকী হাতীকেইটাক বান্ধি থোৱা ৰচীবোৰ এফালৰ পৰা কুটিবলৈ ধৰিলে । এনেকৈয়ে হাতীকেইটা মুকলি হ'ল ।


    ✅(৩) কোনে কৈছিল, কাক কৈছিল : 
💕 (ক) "মই বুঢ়া হৈছোঁ, হাতীৰ খোজত মৰিলেও দুখ নাই ।" (১০)
উত্তৰ👉👉 কথাষাৰ সকলোতকৈ বয়সস্থ নিগনিটোৱে আন নিগনিবোৰক কৈছিল ।

💕 (খ) "ভৱিষ্যতে আমিও আপোনলোকৰ উপকাৰ কৰিম ।"
উত্তৰ👉👉 এইবুলি নিগনি সকলে গজৰাজক কৈছিল ।


   ✅(৪) সাধুটো নিজৰ ভাষাৰে কোৱা ।
উত্তৰ👉👉 এখন হাবিত বহুকেইটা বনৰীয়া হাতী আছিল । হাতীবিলাকে ওচৰতে থকা সৰোবৰ এটাত সদায় পানী খাবলৈ গৈছিল । হাতীবিলাকে নদীত পানী খাবলৈ যোৱা পথটোতে নিগনিৰ বহুকেইটা গাঁত আছিল । হাতিবিলাকে পানী খাবলৈ সৰোবৰটোলৈ অহা-যোৱা কঁৰোতে বহুকেইটা নিগনি হাতীৰ গচকত পৰি মৰিছিল । 
                   পৰিস্থিতি বিষম দেখি এদিনাখন নিগনীবোৰে এখন সভা পাতিলে । সভাখনত সকলোতকৈ বুঢ়া নিগনিটোৱে আনবোৰ নিগনিক ক'লে, " মই এতিয়া বুঢ়া হৈছোঁ, হাতীৰ খোজত মৰিলেও মোৰ অকণো দুখ নাই । কিন্তু সৰু সৰু পোৱালিবোৰৰ মৃত্যু হোৱা দেখিবলৈ পালে মোৰ মনত বৰ দুখ লাগে । সেইকাৰণে মই এটা উপায় চিন্তা কৰিছোঁ । এদিন আমি সকলোৱে গৈ গজৰাজক আমাৰ অসুবিধাৰ কথা জনাব লাগিব। তেওঁ নিশ্চয় আমাক সহায় কৰিব । বয়সস্থ নিগণিটোৰ কথাত সকলোৱে হয় ভৰ দিলে । 
                পিছদিনাখন সকলোবোৰ নিগনিয়ে গজৰাজক প্ৰণাম জনাই ক'লে, "মহাৰাজ ! আপোনালোকে সৰোবৰটোলৈ পানী খাবলৈ অহা-যোৱা কৰা বাটত আমাৰ অসংখ্য গাঁত আছে । যাৰ ফলত আমাৰ বহুতো সৰু-বৰ নিগনিৰ মৃত্যু হৈছে। আমাক দয়া কৰক। আপোনালোকে অন্য এটা বাট বিচাৰি লওঁক । ভৱিষ্যতে আমিও আপোনালোকৰ উপকাৰ কৰিম ।
                      গজৰাজে নিগনিবোৰৰ বিপদৰ কথা শুনাৰ পাছত সেইদিনাৰ পৰা হাতীবিলাকে অন্য এটা পথৰে যাবলৈ আৰম্ভ কৰিছিল । কিছুদিনৰ পিছত সেই দেশখনৰ ৰজাই ফান্দীসকলক হাতী ধৰিবলৈ আদেশ দিছিল । ৰজাৰ আদেশ পোৱাৰ পিছত ফান্দীসকলে হাতীবোৰে পানী খাবলৈ অহা-যোৱা কৰা বাটটোত ডাঙৰকৈ গাঁত খান্দি পানীৰে ভৰালে আৰু ওপৰত বহুতো ঘাঁহ-বন জাপি দিলে । কিছুসময়ৰ পিছত হাতীৰ পালটো পানী খাবলৈ আহিল আৰু গজৰাজৰ লগতে আন কেইটামান হাতী ফান্দীসকলে খান্দি থোৱা গাঁতটোত পৰিল । পিছদিনাখন হাতীবোৰক প্ৰকাণ্ড ৰছীৰে গাঁতৰ বাহিৰলৈ উলিয়াই আনি ওচৰতে থকা ডাঙৰ ডাঙৰ গছ কেইজোপামানত বান্ধি থৈ গ'ল।
                   হাতীবন্ধা ঠাইডোখৰৰ ওচৰলৈ এজনী মাইকী হাতী বান্ধি থোৱা হাতীকেইটাৰ খবৰ ল'বলৈ আহিছিল । গজৰাজে মাইকী হাতীজনীক ওচৰলৈ মাতি আনি হাতীবোৰৰ বিপদৰ কথা নিগনীবোৰক জনাবলৈ ক'লে । গজৰাজৰ আজ্ঞা পালন কৰি মাইকী হাতীজনীয়ে নিগনীবোৰক সকলো কথা ক'লে।
                   নিগনীবোৰে হাতীবোৰৰ বিপদৰ কথা জানিবলৈ পোৱাৰ লগে লগে হাতীবন্ধা ঠাইডোখৰৰ ওচৰলৈ গৈ হাতীকেইটাক বান্ধি থোৱা ৰছীবোৰ এফালৰ পৰা কুটিবলৈ ধৰিলে । এনেকৈয়ে হাতীকেইটা মুকলি হ'ল ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...