Assam Jatiya vidyalaya class 5 Assamese 1st Unit test Question Paper answer
প্ৰথম গোট পৰীক্ষা 2022
বিষয় - অসমীয়া
শ্ৰেণী - পঞ্চম
সময় - ১ ঘন্টা মুঠ নম্বৰ =25
(১) চমুকৈ উত্তৰ দিয়া -: (৫ × ২ = ১০)
(ক) লাহে লাহে কবিতাটিৰ কবিজনাৰ নাম লিখা । (২)
উত্তৰ👉👉 লাহে লাহে কবিতাটিৰ কবিজনাৰ নাম হ'ল নবীন চন্দ্ৰ বৰদলৈ ।
(খ) জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল ? ৭)
উত্তৰ👉👉 জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম আছিল জেৰেঙা পথাৰ ।
(গ) ৰমলা পেহীয়েকে পখীৰ লগত খেলা খেলবিধৰ নাম কি আছিল ? (১১)
উত্তৰ👉👉 ৰমলা পেহীয়েকে পখীৰ লগত খেলা খেলবিধৰ নাম হেতালি আছিল।
(ঘ) ভোগালী বিহু কবিতাটোৰ কবি শৈলধৰ ৰাজখোৱাদেৱৰ জন্ম ক'ত হয় ?(১৯)
উত্তৰ👉👉 ভোগালী বিহু কবিতাটোৰ কবি শৈলধৰ ৰাজখোৱাদেৱৰ জন্ম হয় ১৮৯০ চনত ডিব্ৰুগড়ত ।
(ঙ) জয়মতী কুঁৱৰীৰ পতিৰ নাম কি আছিল ? (৭)
উত্তৰ👉👉 জয়মতী কুঁৱৰীৰ পতিৰ নাম
আছিল গদাপাণি কোঁৱৰ ।
(২) খালী ঠাই পূৰ কৰা -: (৩ × ১ = ৩)
(ক) শৈলধৰ ৰাজখোৱাদেৱক ……. কবি বুলি কোৱা হয় ।
উত্তৰ👉👉 নিজৰাৰ
(খ) নঙলা মুখত বাঁহেৰে বৈ দিয়া বেৰ……..।
উত্তৰ👉👉 জপনামুখ
(গ) ধান থোৱা ঘৰ …………..।
উত্তৰ👉👉 ভঁৰাল
(৩) বাক্য ৰচনা কৰা । (৫ × ১ = ৫)
উচ্চস্বৰে, অকলশৰীয়া, বাটে-ঘাটে, মাহ-প্ৰসাদ, চিৰকাল
উত্তৰ👉👉
উচ্চস্বৰে = উচ্চস্বৰে শ্ৰেণীকোঠাত কথা পাতি থকাৰ বাবে শিক্ষকজনৰ খং উঠিছিল ।
অকলশৰীয়া = মা-দেউতাহঁত মামাহঁতৰ ঘৰলৈ যোৱাৰ পিছত মই বৰ অকলশৰীয়া অনুভৱ কৰিছিলো ।
বাটে-ঘাটে = প্ৰতিদিনে বাটে-ঘাটে আমি বহুতো মানুহ লগ পাওঁ ।
মাহ-প্ৰসাদ = প্ৰত্যেক বৃহস্পতিবাৰে মা আৰু মই নামঘৰলৈ গৈ মাহ-প্ৰসাদ আগবঢ়াই আৰু নাম কীৰ্ত্তন কৰো ।
চিৰকাল = দুৰ্ঘটনাটোত বিক্ৰম চিৰকাললৈ ঘূণীয়া হ'ল ।
(৪) বিপৰীত অর্থ বুজোৱা শব্দবোৰ মিলাই লিখা ।। (৫ × ১ = ৫)
আজি সুখ
দুখ কান্দোন
হাঁহি কালি
আনন্দ ভাল
বেয়া বেজাৰ
উত্তৰ👉👉
আজি কালি
দুখ বেজাৰ
হাঁহি কান্দোন
আনন্দ বেজাৰ
বেয়া ভাল
(৫) চমুটোকা লিখা । (২×১=২)
স্বৰ্গদেউ চুলিকফা
উত্তৰ👉👉 ল'ৰাকালতে ৰজা হৈছিল বাবে স্বৰ্গদেউ চুলিকফাক ল'ৰাৰজা বোলা হৈছিল । ৰাজপাটত বহি চুলিকফাই হিন্দু ধৰ্মমতে ৰত্নধ্বজ সিংহ নাম লয় । আহোম ৰাজতন্ত্রৰ নিয়মমতে অংগক্ষত থকা বা ঘূণীয়া ৰাজকোঁৱৰ সিংহাসনত বহিব নোৱাৰে । এই নিয়মেৰে আলম লৈ স্বৰ্গদেউ চুলিকফাই লালুকসোলাৰ পৰামৰ্শমতে নিজৰ সিংহাসন নিষ্কণ্টক কৰিবলৈ সিংহাসনত বহাৰ সম্ভাৱনা থকা অসংখ্য ৰাজকোঁৱৰক অংগক্ষত কৰিছিল ।
No comments:
Post a Comment