Assam Jatiya Vidyalaya Class 3 পঞ্চতন্ত্রৰ সাধু, গল্প -১, কথা কোৱা গুহা , সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।
✅ [1] একোটিকৈ বাক্যত উত্তৰ লিখা ।
(ক) সিংহটোৰ নাম কি আছিল ? (৭)
উত্তৰ👉👉 সিংহটোৰ নাম মন্দমতি আছিল ।
(খ) সিংহটো ক'ত চোপ লৈ আছিল ?(৭)
উত্তৰ👉👉সিংহটো শিয়ালটোৱে বাস কৰা গুহাটোত চোপ লৈ আছিল ।
(গ) গুহাটোৰ গৰাকী কোন আছিল ?(৭)
উত্তৰ👉👉 গুহাটোৰ গৰাকী আছিল তীখৰ নামৰ এটা শিয়াল ।
✅(2) দুই-তিনিটা বাক্যত উত্তৰ লিখা :
(ক) সিংহটো কিয় গুহাত সোমাইছিল ?
উত্তৰ👉👉 ক'তো আহাৰ খাবলৈ নাপায়
সিংহটোৱে আহাৰ বিচাৰি গৈ গৈ এটা প্ৰকাণ্ড গুহাৰ ওচৰ পালে । তাৰ পিছত
সিংহটোৱে গুহাটোৰ ভিতৰলৈ ভুমুকিয়াই চাই কাকো নেদেখি গুহাটোৰ ভিতৰলৈ সোমাই গৈছিল আৰু মনতে ভাবিছিল, ইয়ালৈ নিশ্চয়কৈ কোনো জন্তু আহিব। যিয়ে এই গুহাটোত সোমাব তাকেই খাব পাৰিব বুলি মনতে ভাবি সিংহটো গুহাত সোমাইছিল ।
(খ) শিয়ালটোৱে কি বুদ্ধি পাঙিছিল আৰু সি কিয় তেনে কৰিছিল ? (৮)
উত্তৰ👉👉 শিয়ালটো বৰ বুধিয়ক আছিল । শিয়ালটোৱে গুহাৰ ভিতৰলৈ সোমোৱাৰ আগতে গুহাটোক মাত লগাইছিল আৰু কৈছিল যে আজিচোন তোমাৰ মাত-বোল নাই। তুমি একো নক'লে ময়ো আজি ভিতৰলৈ নোসোমাওঁ, এনেদৰে কৈ শিয়ালটোৱে বুদ্ধি পাঙিছিল।
শিয়ালটোৱে মাত-বোল নকৰাকৈ ভিতৰলৈ সোমায় গ'লে বিপদ হ'ব পাৰে বুলি ভাবি তেনে কৰিছিল ।
(গ) শিয়ালটোক বুধিয়ক বুলি আমি কিয় ক'ব পাৰো ? (৮)
উত্তৰ👉👉 শিয়ালটোক বুধিয়ক বুলি আমি ক'ব পাৰো কাৰণ শিয়ালটোৱে মাত-বোল নকৰাকৈ ভিতৰত গ'লে বিপদ হ'ব পাৰে বুলি ভিতৰত সোমোৱা নাছিল আৰু বুদ্ধি থকাৰ বাবেই আজি শিয়ালটো সিংহৰ হাতৰ পৰা ৰক্ষা পৰিল ।
(ঘ) সিংহটোৱে শেষত কি ভাবিলে ? (৮)
উত্তৰ👉👉 শিয়ালটোৰ কথা শুনি সিংহটোৱে শেষত ভাবিলে যে - 'এই গুহাটোৱে নিশ্চয় শিয়ালটোক আদৰি মাতে । আজি মোৰ ভয়তহে গুহাটোৱে মতা নাই । ময়ে তাক মাত লগাওঁ, নহ'লে সি গুচি যাবও পাৰে ।
✅(3) কোনে কৈছিল , কেতিয়া কৈছিল ?
" হেৰা গুহা......., হেৰা গুহা ..... । আজিচোন তোমাৰ মাতবোল নাই ।"
উত্তৰ👉👉 উপৰোক্ত কথাষাৰ তীখৰ নামৰ শিয়ালটোৱে কৈছিল । আনদিনাৰ দৰে সিদিনাও শিয়ালটোৱে গুহাটোৰ ভিতৰলৈ সোমোৱাৰ আগত কথাখিনি কৈছিল ।
✅(4) সাধুটো নিজৰ ভাষাৰে কোৱা ।
উত্তৰ👉👉 এখন অৰণ্যত এটা সিংহ আছিল । সিংহটোৰ নাম আছিল মন্দমতি । মন্দমতি নামৰ সিংহটোৱেই আছিল সেই অৰণ্যখনৰ ৰজা । এদিনাখন আহাৰ বিচাৰি গৈ গৈ সিংহটোৱে এটা প্ৰকাণ্ড গুহাৰ ওচৰ পালে । সিংহটোৱে গুহাটোৰ ভিতৰত কোনো জন্তু থকা বুলি ভাবি ভিতৰলৈ ভুমুকিয়াই চালে আৰু কাকো নেদেখি মনতে ভাবিলে যে ইয়াত নিশ্চয় কোনো জন্তু আহিব । যিয়ে এই গুহাটোত সোমাব তাকেই মই আজি খাম । এনেদৰে মনে-মনে সিংহটোৱে কোনো জন্তু গুহাটোলৈ অহালৈ অপেক্ষা কৰি আছিল ।
সন্ধিয়াৰ সময়ত গুহাটোৰ গৰাকী তীখৰ নামৰ শিয়ালটো গুহাটোৰ মুখলৈ আহিল। শিয়ালটো বৰ বুধিয়ক আছিল । আনদিনাৰ দৰে সিদিনাও সি গুহাৰ ভিতৰলৈ সোমোৱাৰ আগত গুহাটোক এনেদৰে মাত লগাইছিল , "হেৰ গুহা....., হেৰ গুহা.... । আজিচোন তোমাৰ মাত-বোল নাই । তুমিয়েই দেখোন কোৱা যে ক'ৰাবলৈ গ'লে বা ক'ৰবাৰ পৰা আহিলে তোমাক মাত লগাব লাগে । ৰাতিপুৱা চোন তুমি বৰ ধুনীয়াকৈ মাতিছিলা, এতিয়ানো কি হ'ল তোমাৰ । জাৰৰ দিনত সন্ধিয়ালৈ ঘূৰি ফুৰা বাবে খং উঠিছে কাৰণে মাত দিয়া নাই নে মোক । তুমি মোক ইমান মৰম কৰা । আজিনো কিয় তুমি এবাৰো মাত দিয়া নাই ? তুমি যদিহে একো নোকোৱা ময়ো আজি ভিতৰলৈ নোসোমাওঁ । আজি ৰাতি মই গাঁততে থাকিম ।"
শিয়ালটোৰ কথা শুনি গুহাৰ ভিতৰত লুকাই থকা সিংহটোৱে মনতে ভাবিলে যে - 'এই গুহাটোৱে নিশ্চয় শিয়ালটোক আদৰি মাতে । আজি মোৰ ভয়তহে গুহাটোৱে মতা নাই । ময়ে তাক মাত লগাওঁ, নহ'লে সি গুচি যাবও পাৰে । এইবুলি সিংহটোৱে শিয়ালটোক মাত লগালে । সিংহটোৰ মাত শুনি শিয়ালটোৱে তাৰ পৰা পলাই পত্ৰং দিলে ।
No comments:
Post a Comment