Search This Blog

Friday, May 13, 2022

Class 9 assamese lesson 1 Additional Questions Answer Assamese Medium নৱম শ্ৰেণীৰ অসমীয়া কিতাপখনৰ পাঠ : ১ (শিশুলীলা) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ

Class 9 assamese lesson 1 Assamese Medium নৱম শ্ৰেণীৰ অসমীয়া কিতাপখনৰ পাঠ : ১ (শিশুলীলা) পাঠটোৰ অতিৰিক্ত প্ৰশ্নোত্তৰ
                     ✅ প্ৰশ্নাৱলী :🥰

☑️  অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : 

💕 (১) ৰুক্মিনী হৰণ নাটখন কাৰ ৰচনা ?
উত্তৰ👉👉 ৰুক্মিনী হৰণ নাটখন শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল ।

💕 (২) শংকৰদেৱে ৰচনা কৰা এখন কাব্যৰ নাম লিখা ?
উত্তৰ👉👉 শংকৰদেৱে ৰচনা কৰা দুখন কাব্যৰ নাম হ'ল  'হৰিশ্চন্দ্ৰ উপাখ্যান' ।

💕 (৩) 'মথনিত ধৰিয়া নিষেধি'। ----- 'মথনি' শব্দৰ অৰ্থ কি ?
উত্তৰ👉👉 মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি ।

💕 (৪) শ্ৰী কৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ কিমানখিনি জৰীয়ে নাটিলে ?
উত্তৰ👉👉  শ্ৰী কৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ দুই আঙুল জৰীয়ে নাটিলে ।

💕 (৫) 'শিশুলীলা' কবিতাটিৰ ৰচক কোন ?
উত্তৰ👉👉 'শিশুলীলা' কবিতাটিৰ ৰচক জনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ ।
💕 (৬) 'শিশুলীলা' পাঠত বৰ্ণনা কৰা মতে যশোদাই কি কাম কৰি আছিল ?
উত্তৰ👉👉 শিশুলীলা' পাঠত বৰ্ণনা কৰা মতে যশোদাই কৃষ্ণৰ শৈশৱ কালৰ লীলা স্মৰণ কৰি কৃষ্ণগীত গাই গাই দধি মথি আছিল ।


💕 (৭) মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি ?
উত্তৰ👉👉মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম হ'ল নৱ বৈষ্ণৱ ধৰ্ম ।

💕 (৮) "দশম কামুৰি আতি চাণ্ড" ---- 'দশন কামুৰি' মানে কি ?
উত্তৰ👉👉 'দশন কামুৰি' মানে দাঁত কামুৰি ।

💕 (৯) শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখনৰ নাম লিখা ?
উত্তৰ👉👉শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখনৰ নাম হ'ল 'ভক্তিৰত্নাকৰ' । 


💕 (১০) "ৰুণ ঝুণ কেয়ূৰ কঙ্কণ ।" --- কাৰ কেয়ূৰ কঙ্কণৰ 'ৰুণ ঝুণ' শব্দৰ কথা ইয়াত কোৱা হৈছে ?
উত্তৰ👉👉 ইয়াত শ্ৰীকৃষ্ণৰ মাতৃ যশোদাৰ
কেয়ূৰ কঙ্কণৰ 'ৰুণ ঝুণ' শব্দৰ কথা কোৱা হৈছে ।

💕 (১১) শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱণু চুৰ কৰি আনি কাক দিছিল ?
উত্তৰ👉👉 শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱণু চুৰ কৰি আনি যিমান পাৰে খাইছিল আৰু লগৰীয়া বান্দৰবিলাককো খুৱাইছিল ।

💕 (১২) "কৃষ্ণগীত গাঁৱন্ত সুন্দৰী -" । ---- কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন ?
উত্তৰ👉👉 কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী  হ'ল শ্ৰীকৃষ্ণৰ মাতৃ যশোদা ।


💕 (১৩) দধিভাণ্ড কৃষ্ণই কিহেৰে ভাঙিছিল ?
উত্তৰ👉👉 দধিভাণ্ড কৃষ্ণই শিলেৰে ভাঙিছিল ।

💕 (১৪) "ৰহিল কান্দন্তে মুদি আখি" ---- ইয়াত উল্লিখিত 'আখি' শব্দৰ অৰ্থ কি ?
উত্তৰ👉👉 আখি শব্দৰ অৰ্থ হ'ল - চকু ।

💕 (১৫) "যাক যোগী নপাৱে ধ‍্যানত ।
           হেন হৰি পলান্ত ভয়ত ।।"
---- ইয়াত কোনে, কিয় পলাইছে বুজাই লিখা ।
উত্তৰ👉👉 যিজন কৃষ্ণক ডাঙৰ ডাঙৰ যোগী-তপস্যী  সকলেও বহু তপস্যা বা আৰধনা বা ধ্যান কৰি তেওঁৰ মহিমা বিচাৰি নাপায়, সেই কৃষ্ণই কিন্তু মাকৰ ভয়ত পলাবলৈ ধৰিছে ।
                    ইয়াত শ্ৰীকৃষ্ণই মাকৰ ভয়ত পলাইছে ।

💕 (১৬) 'বদন' নাইবা 'দশন' শব্দৰ অৰ্থ লিখা ।
উত্তৰ👉👉 বদন শব্দৰ অৰ্থ হ'ল মুখ আৰু দশন শব্দৰ অৰ্থ হ'ল দাঁত ।


💕 (১৭) "মহাকোপে কোঠা পশিলন্ত
          সিঞ্চিৰাই লৱণু ভূঞ্জন্ত ।।
 ----- কোনে অতি খঙত কোঠাত সোমাইছিলহি ? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা ।
উত্তৰ👉👉  মাকৰ গাখীৰ খাবলৈ নাপায় শ্ৰী কৃষ্ণই অতি খঙত কোঠাত সোমাইছিলহি আৰু লৱণুবোৰ চাৰিওফালে ছটিয়াইছিল ।


💕 (১৮)  শব্দাৰ্থ লিখা : 
                           [  মহাত্ৰাস, মথনি, আখি, দশন, আউৰ, কঙ্কণ, চাণ্ড, কোপে, ডৰে, নন্দজায়া, পশিলন্ত, বদন, ভূঞ্জন্ত, দোলে, বসি, সিঞ্চিৰাই, স্ৰৱৈ,  প্ৰয়াসি ।]
উত্তৰ👉👉 

👉 মহাত্ৰাস = খুব বেছি ভয় খোৱা
👉 মথনি = গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি ।
👉 আখি = চকু 
👉 দশন = দাঁত
👉 আউৰ = আৰু 
👉 কঙ্কণ =খাৰু 
👉  চাণ্ড =জোৰকৈ 
👉 কোপে = খঙত
👉 ডৰে = ভয়তে 
👉 নন্দজায়া = নন্দৰজাৰ পত্নী 
👉 পশিলন্ত = সোমালহি 
👉 বদন = মুখ
👉 ভূঞ্জন্ত = খালে
👉 দোলে = দুলি থাকে; লৰে 
👉 বসি = বহি 
👉 সিঞ্চিৰাই = সিঁচি দি 
👉 স্ৰৱৈ = বৈ থকা 
👉 প্ৰয়াসি = যত্ন কৰি


✅(১৯) শ্রীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰ👉👉 শ্রীমন্ত শংকৰদেৱৰ জন্ম ১৪৪৯ চনত হৈছিল ।

✅(২০) শ্রীমন্ত শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল ?
উত্তৰ👉👉 শ্রীমন্ত শংকৰদেৱৰ মৃত্যু ১৫৬৮ চনত হৈছিল ।

✅(২১) শ্রীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল ?
উত্তৰ👉👉 শ্রীমন্ত শংকৰদেৱৰ জন্ম   হৈছিল নগাঁৱৰ আলিপুখুৰীত ।

✅(২২) শিশুলীলা পাঠটিৰ ৰচক কোন ?
উত্তৰ👉👉 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ।

✅(২৩) মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ?
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম হ'ল - নৱ বৈষ্ণৱ ধৰ্ম ।

✅(২৪) 'নন্দজায়া' কোন ?
উত্তৰ👉👉 'নন্দজায়া' হ'ল শ্ৰী কৃষ্ণৰ মাতৃ যশোদা ।

✅(২৫) পুত্ৰক খেদন্ত মহাসতী । ইয়াত মহাসতী বুলি কাক কৈছে ?
উত্তৰ👉👉 পুত্ৰক খেদন্ত মহাসতী । ইয়াত মহাসতী বুলি শ্ৰী কৃষ্ণৰ মাতৃ যশোদাৰ কথা কৈছে ।

✅(২৬) 'মথনি' শব্দৰ অৰ্থ কি ?
উত্তৰ👉👉 'মথনি' শব্দৰ অৰ্থ হ'ল - গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি ।

✅(২৭) "যাক যোগী নাপাৱৈ ধ্যানত" - ইয়াত কাৰ কথা কৈছে ।
উত্তৰ👉👉 ইয়াত শ্ৰী কৃষ্ণৰ কথা কৈছে ।

✅(২৮) মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল - 'কীৰ্ত্তন-ঘোষা' ।

✅(২৯) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখা দুখন অংকীয়া নাটৰ নাম লিখাঁ ।
উত্তৰ👉👉 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখা দুখন অংকীয়া নাটৰ নাম হ'ল - 'ৰুক্মিণীহৰণ', 'পাৰিজাত হৰণ',   'কেলিগোপাল', 'কালিদমন',  'ৰামবিজয়' আদি ।

✅(৩০) 'চিহ্নযাত্ৰা' কি ?
উত্তৰ👉👉 'চিহ্নযাত্ৰা' হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা এখন সংলাপবিহীন নাট ।

✅(৩১) মহাপুৰুষ শংকৰদেৱৰ সাহিত্য ৰচনাৰ মূল উদ্দেশ্য কি আছিল ।
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱৰ সাহিত্য ৰচনাৰ মূল উদ্দেশ্য আছিল ধৰ্ম প্ৰচাৰ ।

✅(৩২) শ্ৰী কৃষ্ণই কাক লৱণু খাবলৈ দিছিল ?
উত্তৰ👉👉 শ্ৰী কৃষ্ণই তেওঁৰ লগৰীয়া বান্দৰবোৰক লৱণু খাবলৈ দিছিল ।

✅(৩৩) ক্ষৌম বস্ত্ৰ শব্দৰ অৰ্থ কি ?
উত্তৰ👉👉 ক্ষৌম বস্ত্ৰ শব্দৰ অৰ্থ হৈছে - পাটৰ কাপোৰ ।

✅(৩৪) মহাপুৰুষ শংকৰদেৱৰ গীতসমূহক কি গীত বোলা হয় ?
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱৰ গীতসমূহক বৰগীত বোলা হয় ।

✅(৩৫) বান্ধন্ত কৃষ্ণক আনি ধৰি - কোনে কৃষ্ণক ধৰি আনি বান্ধিছিল ?
উত্তৰ👉👉 মাক যশোদাই কৃষ্ণক ধৰি আনি বান্ধিছিল ।

✅(৩৬) মহাপুৰুষ শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল ?
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱৰ মৃত্যু  হৈছিল ভেলা মধুপুৰত ।

✅(৩৭) মহাপুৰুষ শংকৰদেৱৰ আটাইতকৈ প্রিয় শিষ্য কোন আছিল ?
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱৰ আটাইতকৈ প্রিয় শিষ্য আছিল মাধৱদেৱ ।

✅(৩৮) মহাপুৰুষ শংকৰদেৱে লিখা দুখন কাব্য গ্ৰন্থৰ নাম লিখা ।
উত্তৰ👉👉 মহাপুৰুষ শংকৰদেৱে লিখা দুখন কাব্য গ্ৰন্থৰ নাম হ'ল - 'ৰুক্মিণীহৰণ' আৰু 'পাৰিজাত হৰণ' ।

 ✅(৩৯) শ্ৰী কৃষ্ণৰ আন এটা নাম ?
উত্তৰ👉👉শ্ৰী কৃষ্ণৰ আন এটা নাম হৈছে - গোবিন্দ ।

✅(৪০) শ্ৰী কৃষ্ণৰ মাকৰ নাম কি আছিল ?
উত্তৰ👉👉 নন্দ আৰু যশোদাই কৃষ্ণক কেৱল লালন-পালন হে কৰিছিল । শ্ৰী কৃষ্ণৰ প্ৰকৃত পিতৃ-মাতৃৰ নাম আছিল দৈৱকী আৰু বসুদেৱ ।

✅(৪১) 'প্রয়াসি' শব্দৰ অৰ্থ কি ?
উত্তৰ👉👉 প্রয়াসি' শব্দৰ অৰ্থ হৈছে যত্ন কৰি ।

✅(৪২) দধি মথোতে যশোদাই কি কাপোৰ পিন্ধি আছিল ?
উত্তৰ👉👉 দধি মথোতে যশোদাই পাটৰ কাপোৰ পিন্ধি আছিল। 

✅(৪৩) মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ👉👉 মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনত নগাঁৱৰ আলিপুখুৰীত । তেওঁ অকল ধৰ্মগুৰুৱেই নহয় , অসমীয়া সাহিত্যৰ গুৰি ধৰোঁতাও আছিল । শংকৰদেৱ অসমীয়া সাহিত্যৰ এগৰাকী যুগস্ৰষ্টা কবি তথা সাহিত্যিক । তেওঁ অসমীয়া জাতিৰ সংগঠক, সংস্কাৰক । শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল 'কীৰ্ত্তন-ঘোষা' । 'ৰুক্মিণীহৰণ', 'হৰিশ্চন্দ্ৰ উপাখ্যান' আদি কাব্য ৰচনা কৰাৰ লগতে বহুতো বৰগীত ৰচনা কৰিছিল । 'ভক্তিৰত্নাকৰ' শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্বমূলক গ্ৰন্থ । এইজনা মহাপুৰুষৰ মৃত্যু হয় ১৫৬৮ চনত ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...